অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কন্যা শিশুৰ বাবে মাজনী আঁচনি :

কন্যা শিশুৰ বাবে মাজনী আঁচনিৰ বিষয়ে লিখা হৈছে ।

 

কন্যা শিশুসকলৰ উজ্জ্বল ভৱিষ্যতৰ কথা চিন্তা কৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত মাজনী আঁচনি ৰূপায়ণ কৰি আহিছে। এই আঁচনিৰ অধীনত নৱজাতক কন্যা শিশুৰ নামত ৫০০০ টকা ফিক্সড ডিপ’জিট কৰা হয়। জন্ম হোৱাৰ দিনাই ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই বিত্তীয় সাহায্য ডিপ’জিট কৰি দিয়া হয়। ইয়াৰ উপৰি এই মাজনী আঁচনিৰ অধীনত কন্যা শিশুটিৰ মাতৃগৰাকীক ১০০০ টকা বিত্তীয় সাহায্য প্ৰদান কৰা হয়। মাতৃগৰাকীক প্ৰথম দুবাৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত ৫০০ টকাকৈ সাহায্য প্ৰদান কৰা হয়। এই মাজনী আঁচনিখনৰ মুখ্য উদ্দেশ্য হ’ল মহিলা সবলীকৰণত গুৰুত্ব প্ৰদান কৰা। কন্যা শিশুটিয়ে ১৮ বছৰত ভৰি দিয়াৰ লগে লগে এই মাজনী আঁচনিৰ অন্তৰ্গত ধন লাভ কৰে। এই ধনৰ সহায়ত যুৱতীগৰাকীয়ে কলেজত নামভৰ্তিৰ সুবিধা ল’ব পাৰে।

এগৰাকী কন্যা শিশুয়ে এই কল্যাণকামী আঁচনিৰ সুবিধা ভোগ কৰিবলৈ হ’লে-

*কন্যা শিশুগৰাকী চৰকাৰী চিকিৎসালয়ত জন্ম হ’ব লাগিব।

*এই আঁচনিৰ সুবিধা দুটা সন্তান থকা পৰিয়ালেহে ল’ব পাৰিব।

*যদি দুয়োগৰাকী কন্যা সন্তান হয় তেন্তে দুয়োগৰাকী কন্যায়েও এই আঁচনিৰ সুবিধা লাভ কৰিব।

*যদি পৰিয়ালটোত এজনী ছোৱালী বা এটা ল’ৰা আছে। তেন্তে ছোৱালীজনীয়েহে আঁচনিখনৰ সুবিধা অৰ্জন কৰিব।

*জন্ম হোৱা কন্যা শিশুটিৰ নাম পঞ্জীয়ন কৰাটো জৰুৰী।

*কন্যা শিশুটিয়ে যদি ১৮ বছৰত ভৰি দিয়াৰ আগতেই বিবাহপাশত আবদ্ধ হয় তেন্তে এই আঁচনিৰ অন্তৰ্গত ফিক্স ডিপ’জিটৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হ’ব। এই আঁচনিৰ অন্তৰ্গত সুবিধা লাভ কৰিবলৈ তলত দিয়া নথি-পত্ৰসমূহৰ প্ৰয়োজন হয়-

১)কন্যা শিশুটিৰ জন্মৰ প্ৰমাণপত্ৰ য’ত শিশুটিয়ে জন্মলাভ কৰে।

২)অৰ্হতাসম্পন্ন বিশেষজ্ঞই প্ৰদান কৰা শিশুটিৰ পঞ্জীয়নকৃত জন্মৰ প্ৰমাণপত্ৰ।

৩)পিতৃ-মাতৃৰ স্বাক্ষৰিত ফটোকপি(দুটা ছেট) এটা ছেট আবেদন পত্ৰৰ লগত গাঠি দিব লাগিব।

৪)আধাৰ কাৰ্ড, বেংকৰ সবিশেষ আবেদন পত্ৰৰ লগত গাঠি দিব লাগিব(একাউন্ট নম্বৰ/আই এফ এছ চি ক’ড)। আপুনি যদি কন্যা সন্তানৰ পিতৃ বা মাতৃ হৈছে তেন্তে এই মাজনি আঁচনিৰ সুবিধা গ্ৰহণ কৰি কন্যা শিশুটিৰ ভৱিষ্যৎ গঢ় দিয়ক।

মাজনী আঁচনিৰ আবেদন পত্ৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যাল্য, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু চৰকাৰী চিকিৎসালয়ত উপলব্ধ। বিতং তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে-

Head office: Office of the Mission Director

National Heath Mission(NHM), Assam

Saikia Commercial Complex, Srinagar Path

Christanbasti, G.S Road, Guwahati- 781005

3.0
দশমী মিশ্ৰ Aug 05, 2019 03:34 PM

মাজনী আঁচনি বৰ্তমান বন্ধ হোৱা বুলি মোক জনাইছে
আমাৰ আশাকৰ্মী তথা কাউলী প্ৰাথমিক চৰকাৰী স্বাস্ত্য কেন্দ্ৰ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top