মূল পৃষ্ঠা / স্বাস্থ্য / ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান / কৰ্কট ৰোগ প্ৰতিৰোধৰ চৰকাৰী আঁচনি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৰ্কট ৰোগ প্ৰতিৰোধৰ চৰকাৰী আঁচনি :

কৰ্কট ৰোগ প্ৰতিৰোধৰ চৰকাৰী আঁচনিৰ বিষয়ে লিখা হৈছে ।

 

কৰ্কট ৰোগ হৈছে কোষৰ বেমাৰ। আমাৰ ৰাজ্যখনৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত এই ৰোগৰ প্ৰাদূৰ্ভাৱ তুলনামূলকভাৱে বেছি।

সকলো প্ৰকাৰৰ কৰ্কট ৰোগেই আৰোগ্য হ’ব পাৰে, যদিহে ৰোগ প্ৰাৰম্ভিক অৱস্থাতে ধৰা পেলাই উপযুক্ত চিকিৎসা কৰা হয়।

বিভিন্ন কাৰণত কাৰ্কট ৰোগ হ’ব পাৰে। বৰ্তমান বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে এই ৰোগ নিৰ্মূল কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।

অটল অমৃত অভিযানৰ অধীনত কৰ্কট ৰোগকে আদি কৰি ৬ টা জটিল ৰোগৰ চিকিৎসাৰ বাবে দুই লাখ পৰ্যন্ত আৰ্থিক সাহায্য আগবঢ়োৱা হয়।

দৰিদ্ৰ শ্ৰেণীৰ তলৰ/ওপৰৰ সকলো শ্ৰেণীৰ লোকেই এই সাহায্য লাভ কৰে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে টাটা ট্ৰাষ্টৰ সৈতে লগ লাগি ৰাজ্যখনত ১৯ খন কৰ্কট ৰোগ চিকিৎসালয়ৰ ভূমিপূজনৰ জৰিয়তে নিৰ্মাণৰ কাম আৰম্ভ কৰিছে।

অহা দুবছৰৰ ভিতৰত চিকিৎসালয়কেইখন নিৰ্মাণ হৈ উঠিব আৰু ই ৰাজ্যৰ কৰ্কট ৰোগীসকলৰ বাবে হৈ পৰিব আশীৰ্বাদস্বৰূপ।

অসম চৰকাৰৰ অনুসূচিত জাতি উন্নয়ন সঞ্চালকালতৰ তৰফৰ পৰা এক নতুন আঁচনি ৰূপায়ণ কৰা হৈছে।

উক্ত আঁচনিৰ অধীনত কৰ্কট ৰোগ তথা অন্য জটিল ৰোগত আক্ৰান্ত অনুসূচিত জাতিৰ অন্তৰ্গত কোনো ৰোগীক ৫০ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

এই উদ্দেশ্যে অনুসূচিত জাতিৰ অন্তৰ্গত ব্যক্তিৰ পৰা আৱেদনপত্ৰ বিচৰা হৈছে। আৱেদন পত্ৰৰ বাবে মহকুমা অনুসূচিত জাতি উন্নয়ন পৰিষদৰ কাৰ্যালয়ত যোগাযোগ কৰক।

আৱেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ ২০ জুলাই। আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ অসম চৰকাৰৰ অনুসূচীত জাতি উন্নয়ন সঞ্চালকালয়, ছহিদ দিলীপ হুজুৰী পথ, সৰুমটৰীয়া, দিছপুৰ-০৬ ৰ লগত যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

3.14285714286
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top