অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঘৰত ল’ব পৰা নৱজাতকৰ যত্নঃ

ঘৰত ল’ব পৰা নৱজাতকৰ যত্নৰ বিষয়ে লিখা হৈছে

 

আশাৰ বাবে নিৰ্দেশনাঃ

 

-অনুগ্ৰহ কৰি মাতৃ আৰু শিশুটিক আগতে ঠিক কৰি থোৱা দিনটোতেই সাক্ষাৎ কৰে যেন।

- শিশু আৰু মাতৃক পৰীক্ষা কৰাৰ পিছত HBNC ফৰ্মখন পূৰাব লাগে।

- মাকক ভাউচাৰৰ কুপনত চহী কৰিবলৈ দিব লাগে আৰু প্ৰতিটো সাক্ষাততেই মাকে চহী কৰা কুপনৰ ASHA আৰু BPHC কপি দুটা সংগ্ৰহ কৰিব লাগে।

-প্ৰতিটো সাক্ষাতত সংগ্ৰহ কৰা কুপন HBNC ফৰ্মৰ লগত গাঁঠি দি ব্লকত জমা দিব লাগে।

-নিৰ্দ্ধাৰিত ৬-৭টা সাক্ষাৎ সম্পূৰ্ণ হোৱাৰ পিছত আৰু HBNC ফৰ্মখন জমা দিয়াৰ পিছতহে আশাক উদগনিমূলক টকা দিয়া হ’ব।

মাকৰ বাবে নিৰ্দেশনাঃ

 

-  আশা কৰ্মীয়ে নিম্নলিখিত কামখিনি সম্পূৰ্ণ কৰাটো নৱজাতকৰ মাক গৰাকীয়ে নিশ্চিত কৰিব-

১. শিশুটোৰ ওজন লোৱা

২. শিশুটোৰ দৈৰ্ঘ্য জোখা

৩. শিশুটোৰ কিবা অসুখৰ লক্ষণ যেনে- খৰকৈ উশাহ লোৱা, বুকু ঘেৰঘেৰোৱা, ছালত বা নাভিত ফোঁহা বা ঘাঁ হোৱা আদি পৰ্যবেক্ষণ কৰা।

-  আপোনাৰ শিশুটিৰ ওপৰোক্ত অসুখৰ লক্ষণবোৰ দেখা দিলে বা স্তনপান কৰাত অসুবিধা পালে, অতি শীঘ্ৰেই আশাক খবৰ দিয়ক।

-  আশা কৰ্মীয়ে উপৰোক্ত কামখিনি সম্পূৰ্ণ কৰি HBNC ফৰ্মখন পূৰণ কৰাৰ পিছত মাক গৰাকীয়ে এই বহীখনৰ কুপনবোৰৰ তিনিটা ভাগতেই চহী কৰিব। মাকৰ প্ৰতিলিপিটো নিজৰ লগত ৰাখি বাকী কুপন (ASHA  আৰু BPHC কপি) আশাক দিব।

জননী শিশু সুৰক্ষা কাৰ্যসূচীঃ

 

এই আঁচনিৰ অধীনত গৰ্ভৱতী মহিলা আৰু জন্মৰ পৰা এবছৰ বয়সলৈ প্ৰতিটো শিশুৰ বাবে স্বাস্থ্যসেৱাৰ সুবিধা সকলো চৰকাৰী চিকিৎসালয়ত বিনামূলীয়াকৈ উপলব্ধ।

গৰ্ভৱতী মহিলাই প্ৰসৱপূৰ্বক, প্ৰসৱকালীন আৰু প্ৰসৱৰ পিছত ছয় সপ্তাহলৈ সকলো ধৰণৰ চিকিৎসাসেৱা বিনামূলীয়াকৈ পাব।

  • গৰ্ভৱতী মহিলাক কৰাবলগীয়া তেজ পৰীক্ষা, প্ৰস্ৰাৱ পৰীক্ষা, চনোগ্ৰাফী, এক্স-ৰে আৰু চিটি স্কেন আদি পৰীক্ষাসমূহ বিনামূলীয়াকৈ কৰা হ’ব।
  • ঘৰৰ পৰা চিকিৎসালয়লৈ বিনামূলীয়া যাতায়তৰ সুবিধা।
  • সম্পূৰ্ণ বিনামূলীয়া ঔষধ আৰু প্ৰসৱত ব্যৱহৃত সামগ্ৰী।
  • চিকিৎসালয়ত থকাৰ সময়ত বিনামূলীয়া পথ্য।
  • গৰ্ভৱতী মাতৃৰ তেজ যোগানৰ ক্ষেত্ৰত তেজৰ যাৱতীয় পৰীক্ষাৰ বাবদ হোৱা খৰছ বিনামূলীয়া।
  • সম্পূৰ্ণ বিনামূলীয়া সাধাৰণ আৰু চিজাৰিয়ান প্ৰসৱ।
  • ৰেফাৰ কৰাৰ ক্ষেত্ৰত এখন চিকিৎসালয়ৰ পৰা আন এখন চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে বিনামূলীয়া যাতায়তৰ সুবিধা।
  • ৪৮ ঘণ্টা থকাৰ পিছত চিকিৎসালয়ৰ পৰা ঘৰলৈ বিনামূলীয়া যাতায়তৰ সুবিধা।
  • আন আনুসংগিক চিকিৎসা খৰছৰ পৰা সম্পূৰ্ণ ৰেহাই।

নৱজাতক আৰু শিশুৱে জন্মৰ পিছৰ পৰা এবছৰলৈ পাবলগীয়া সুবিধাসমূহঃ

 

  • সম্পূৰ্ণ বিনামূলীয়া চিকিৎসাসেৱা।
  • সম্পূৰ্ণ বিনামূলীয়া ঔষধ আৰু চিকিৎসা সামগ্ৰী।
  • বিনামূলীয়া ৰোগ নিৰ্ধাৰণ।
  • বিনামূলীয়া তেজৰ যোগান।
  • ঘৰৰ পৰা চিকিৎসালয়লৈ বিনামূলীয়া যাতায়তৰ সুবিধা।
  • ৰেফাৰ কৰাৰ ক্ষেত্ৰত চিকিৎসালয়ৰ মাজত বিনামূলীয়া যাতায়তৰ সুবিধা।
  • চিকিৎসালয়ৰ পৰা ঘৰলৈ বিনামূলীয়া যাতায়তৰ সুবিধা।
  • আন আনুসংগিক চিকিৎসা খৰছৰ পৰা সম্পূৰ্ণ ৰেহাই।

‘আদৰণি’ সেৱাৰ মূল লক্ষ্য হৈছে প্ৰসৱৰ পিছত প্ৰসূতি মাতৃ আৰু নৱজাতকক চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ বাবে বিনামূলীয়া যাতায়তৰ ব্যৱস্থা কৰা।

এই সুবিধাসমূহ সম্পূৰ্ণ বিনামূলীয়া। যদি কোনোৱে এই সুবিধাসমূহৰ বিনিময়ত মূল্য বিচাৰে তেনেহ’লে সেই চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰক আৰু ১০৪ত অভিযোগ কৰক।

(উৎসঃ ঘৰত ল’ব পৰা নৱজাতকৰ যত্ন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগ, অসম চৰকাৰ)।

2.9387755102
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top