অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জ্যেষ্ঠ নাগৰিক দিৱস :

জ্যেষ্ঠ নাগৰিক দিৱসৰ বিষয়ে লিখা হৈছে ।

 

আগৰ দিনত যৌথ পৰিয়াল থকাৰ বাবে পৰিয়ালৰ জ্যেষ্ঠ সদস্যজনে বা বয়োজ্যেষ্ঠ লোকজনে বিশেষ আদৰ-সন্মান লাভ কৰিছিল। তেওঁৰ দিহা-পৰামৰ্শ পৰিয়ালৰ লোকে বা ওচৰ-চুবুৰীয়া লোকেও মানিছিল।

উল্লেখ্য যে আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত বৃদ্ধ লোকসকলক সন্মানৰ চকুৰে চোৱা হয়। কিন্তু বৰ্তমান সমাজব্যৱস্থাত আহি পৰা ব্যাপক পৰিৱৰ্তনৰ পৰিণতিত বয়ষ্ক লোকসকল লাহে লাহে যেন এলাগী হৈ আহিছে।

গ্ৰামাঞ্চলত এতিয়াও বয়ষ্ক পিতৃ-মাতৃক যথোচিত সন্মান আৰু আদৰ-যত্ন দিয়া হয় যদিও চহৰাঞ্চলত বাস কৰা পৰিয়ালৰ বৃদ্ধসকল কাৰ্যতঃ অনাদৃত আৰু অৱহেলিত হৈ পৰিছে। অসমতে বৃদ্ধ পিতৃ-মাতৃক পথৰ কাষত এৰি থৈ যোৱাৰ দৰে ঘটনাও ঘটিছে।

বৰ্তমান চিকিৎসা সেৱাৰ উন্নতিৰ বাবে ৬০ বছৰ পাৰ হোৱাৰ পিছতো বয়ষ্ক লোক এজন কাৰো বাবে বোজা হৈ থাকিব লগা নহয়।

বৰঞ্চ নিজৰ প্ৰয়োজনীয় কাম-কাজবোৰ নিজে কৰিব পাৰে বা বিভিন্ন কাম-কাজত নিজকে ব্যস্ত ৰাখিব পাৰে।

বয়ষ্ক লোকসকলৰ অৰ্থনৈতিক বা সামাজিক স্বাধীনতা ৰক্ষাৰ উদ্দেশ্য ১৯৯১ চনৰ ১ অক্টোবৰত দিনটো ৰাষ্ট্ৰসংঘই ‘জ্যেষ্ঠ নাগৰিক দিৱস’(International Day for Elders) হিচাপে পালন কৰি আহিছে।

১৯৯০ চনৰ ১৪ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ বৈঠকত এই দিৱসৰ কথা প্ৰথম উত্থাপন কৰা হয়।

বয়ষ্ক পুৰুষ বা মহিলা এগৰাকীয়ে কিদৰে উৎপাদনমুখী কামত জড়িত হ’ব পাৰে আৰু তেওঁ পৰিয়াল তথা সমাজৰ বাবে অৱহেলিত নহৈ গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে, সেই বিষয়ে উচিত পদক্ষেপ গ্ৰহণ কৰা হয়।

উল্লেখ্য যে বৰ্তমান বিশ্বত ৬০ বছৰ বা তাতকৈ বেছি বয়সীয়া লোকৰ সংখ্যা প্ৰায় ৬০০ নিযুত হৈছেগৈ। ২০২৫ চনত এই সংখ্যা বৰ্তমানৰ দুগুণ হ’বগৈ।

২০৫০ চনত বয়ষ্ক লোকৰ সংখ্যা হ’বগৈ প্ৰায় ২০ কোটি। বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰবিলাকতে এনে বয়ষ্ক লোকৰ সংখ্যা সৰ্বাধিক হ’বগৈ।

বিশ্বত বয়ষ্ক লোকৰ সংখ্যা দ্ৰুত গতিত বাঢ়িছে। এই লোকসকলে স্বেচ্ছামূলক কাম-কা, নিজৰ সুদীৰ্ঘ জীৱনত লাভ কৰা অভিজ্ঞতা আৰু জ্ঞানেৰে সমাজক শিক্ষিত কৰা, নিজৰ দায়িত্ব গ্ৰহণ কৰি পৰিয়ালক সহায়-সহযোগ কৰাৰ লগতে নিজৰ শ্ৰমৰ বিনিময়ত অৰ্থ উপাৰ্জনৰ দৰে কামবোৰ কৰি সমাজৰ বাবে অতি লাগতীয়াল অৰিহনা যোগাব পাৰে।

উদাহৰণস্বৰূপে আফ্ৰিকাৰ কথা উল্লেখ কৰিব পাৰি। আফ্ৰিকাত বৃহৎ সংখ্যক এইডছ ৰোগীক চোৱা-চিতা কৰে পৰিয়ালৰ বয়ষ্ক লোকসকলে। আনকি অসংখ্য দম্পতি এইডছত মৃত্যু হোৱাৰ পিছত তেওঁলোকৰ ১৪ বছৰৰ তলৰ ১৪ নিযুত অনাথ ল’ৰা-ছোৱালীক চোৱা-চিতাৰ দায়িত্ব লয় বৃদ্ধ ককাক-আইতাকে।

উন্নয়নশীল দেশবোৰত দেশখনৰ উন্নয়নত বয়ষ্ক লোকৰ অৰিহনা উল্লেখযোগ্য। উন্নত দেশবোৰতো বয়ষ্ক লোকসকলে দেশখনৰ উন্নয়ন প্ৰক্ৰিয়াত বিশেষ ভূমিকা লয়।

স্পেইনত ৰোগীৰ পৰিচৰ্যাৰ দায়িত্ব লয় বিশেষভাৱে বয়ষ্ক মহিলাসকলে।

এইধৰণৰ সেৱা আগবঢ়াবলৈ হ’লে বয়ষ্ক লোকজনৰ স্বাস্থ্য ভালে থাকিব লাগিব। এই উদ্দেশ্যে বয়ষ্ক লোকসকলৰ বাবে বিশেষ আঁচনি থকা প্ৰয়োজন।

বিশ্ব স্বাস্থ্য স্ংস্থাই ২০০২ চনত গ্ৰহণ কৰা ‘এক্টিভ এজিং: এ পলিচি ফ্ৰেমৱৰ্ক’ শীৰ্ষক আঁচনি এখন কাৰ্যকৰী কৰি আহিছে, যাতে বয়ষ্কসকল জীৱনৰ অন্তিম কালছোৱাত সম্পূৰ্ণ সুস্থ আৰু সক্ষম হৈ থাকিব পাৰে।

বৃদ্ধ হোৱাৰ লগে লগে শাৰীৰিক কাৰ্যক্ষমতা কমি যোৱাৰ ফলত তেওঁলোকৰ প্ৰতি সেৱা-যত্নৰ প্ৰয়োজন হয়।

বয়ষ্ক লোক এজনৰ প্ৰয়োজনীয় আলপৈচান সাধাৰণ প্ৰাপ্তবয়ষ্ক লোক এজনতকৈ বেলেগধৰণৰ হয়।

স্বাস্থ্যৰ যত্ন লোৱাৰ লগতে দৈনন্দিন কাম-কাজত তেওঁলোকক সেৱা আগবঢ়াব লগা হয়। বিভিন্ন সমাজত বয়ষ্ক লোকসকলৰ প্ৰতি আচৰণ বেলেগ বেলেগ হয়।

পিছে বৰ্তমান বয়ষ্ক লোকসকলৰ স্বাস্থ্য ৰক্ষাৰ খৰচ সাংঘাতিকভাৱে বৃদ্ধি পাইছে।

৬০ পাৰ হোৱাৰ পিছত আনৰ ওপৰত নিৰ্ভৰ কৰিবলগা হোৱা বাবে বহুতো বয়ষ্ক লোকে নানা লাঞ্ছনা-গঞ্জনা সহিব লগা হয়। পৰিয়ালৰ লোকসকলে বয়ষ্ক লোকসকলক গুৰুত্ব নিদিয়ে।

তেওঁলোকৰ বাবে ইটোৰ পিছত সিটো কামত লাগি থাকিবলৈ বিৰক্তি অনুভৱ কৰে। বিশেষকৈ দুখীয়া পৰিয়াল হ’লে বয়ষ্ক লোকৰ নাজল-নাথল অৱস্থা হয়।

উপযুক্ত চিকিৎসাৰ কথা বাদেই- ভালকৈ খাবলৈও নাপায়। ইফালে ধনী পৰিয়ালবোৰত যে বয়ষ্ক লোকসকল বৰ এটা সুখত থাকে, সেই কথাও ক’ব নোৱাৰি।

আজিকালি বহু পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে চাকৰি-বাকৰি কৰি বাহিৰত থাকে। ফলত বৃদ্ধ পিতৃ-মাতৃক চোৱা-চিত কৰিবলৈ ঘৰখনত কোনো নাথাকে।

কোনো কোনো বয়ষ্ক লোকক নিষ্ঠুৰভাৱে নিজৰ সন্তানেই ঘৰৰ পৰা উলিয়াই দিয়ে। জীৱনৰ শেষ বয়সত আশ্ৰয়হীন হৈ পথৰ দাঁতিত পৰি থকাটো ডাঙৰ ট্ৰেজেডি।

আনহাতে কিছুমান বয়ষ্ক লোকক পৰিয়ালৰ লোকেই-

*নানান অপমান কৰে,

*কষ্ট দিয়ে,

*মৰিলেই ভাল বুলি অভিশাপ দিয়ে।

এইধৰণৰ মানসিকতা ত্যাগ কৰি বৃদ্ধ লোকসকলৰ আদৰ-যত্ন কৰি লোৱা উচিত।

ল’ৰা-ছোৱালীকো বয়ষ্ক লোকক সন্মান কৰিবলৈ, সহায়ৰ হাত আগবঢ়াবলৈ শিক্ষা দিয়া উচিত। তেতিয়াহে আমাৰ সমাজত বয়ষ্ক লোকসকলে স-সন্মানে জীয়াই থাকিব পাৰিব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top