অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পোষণ অভিযান :

পোষণ অভিযানৰ বিষয়ে লিখা হৈছে ।

 

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখন শাসনলৈ অহাৰ পিছৰ পৰাই শিশু, কিশোৰ, গৰ্ভৱতী মহিলা আৰু প্ৰসূতিসকলৰ স্বাস্থ্য ৰক্ষাৰ প্ৰতি বিশেষ দৃষ্টি প্ৰদান কৰি আহিছে। ২০১৮ চনৰ ৮ মাৰ্চত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ ঝুনঝুনত পোষণ অভিযানৰ শুভ উদ্বোধন কৰে। ‘পোষণ অভিযান’ হৈছে এক ৰাষ্ট্ৰীয় অভিলাষী আঁচনি। উক্ত আঁচনিৰ অধীনত জন্মৰ পৰা ৬ বছৰৰ শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ পৰিপুষ্টিৰ অৱস্থা উন্নত কৰা হয়। পোষণ অভিযানৰ অংশ হিচাপে তলৰ বিষয়কেইটাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়।

*গৰ্ভৱতী মাতৃৰ যতন(স্বাস্থ্য আৰু পুষ্টি)।

*শিশুক জন্মৰ পৰা ছমাহলৈ কেৱল মাতৃদুগ্ধ পান।

*শিশুৰ ছমাহ হোৱাৰ লগে লগে মাতৃ দুগ্ধৰ উপৰি পৰিপূৰক খাদ্য প্ৰদান।

*শিশু, কিশোৰ আৰু গৰ্ভৱতী মহিলাৰ ৰক্তহীনতা দূৰীকৰণ।

*অংগনবাড়ী কেন্দ্ৰত শিশুৰ ওজন লৈ ইয়াৰ বৃদ্ধি আৰু স্বাস্থ্য নিৰীক্ষণ কৰা।

*কন্যা শিশুৰ উপযুক্ত শিক্ষা, খাদ্য আৰু বিবাহৰ সঠিক বয়সৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।

*পুষ্টিহীনতা দূৰীকৰণৰ বাবে গুণবৰ্ধক আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ।

*চাফ-চিকুণতা আৰু অনাময় ব্যৱস্থাৰ লগতে সৰ্বসাধাৰণ লোকৰ জীৱনশৈলী উন্নত কৰা।

পোষণ অভিযান ৰূপায়ণ কৰাৰ মুখ্য উদ্দেশ্য হৈছে -

*জন্মৰ পৰা ছবছৰ বয়সলৈ মুজুৰা মৰা শিশুৰ সংখ্যা প্ৰতি বছৰে দুই শতাংশকৈ হ্ৰাস কৰা।

*জন্মৰ পৰা ছবছৰ বয়সলৈ শিশুৰ পুষ্টিহীনতাৰ হাৰ বছৰি দুই শতাংশকৈ হ্ৰাস কৰা।

*জন্মৰ সময়ত কম ওজন লৈ জন্ম হোৱা শিশুৰ সংখ্যাৰ হাৰ বছৰি দুই শতাংশকৈ হ্ৰাস কৰা।

*শিশুসকলৰ মাজত থকা ৰক্তহীনতাৰ হাৰ বছৰি তিনি শতাংশকৈ হ্ৰাস কৰা।

*মহিলা আৰু কিশোৰীৰ(১৫-১৬ বছৰ) ৰক্তহীনতাৰ হাৰ বছৰি তিনি শতাংশলৈ হ্ৰাস কৰা।

পোষণ অভিযানৰ লগত সমাজ কল্যাণ বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ জড়িত হৈ আছে।

পোষণ অভিযানৰ সফলতাৰ ক্ষেত্ৰত অংগনবাড়ী কেন্দ্ৰসমূহে মুখ্য ভূমিকা পালন কৰিব লাগিব।

উৎস: ৰাইজৰ বাতৰি

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top