মূল পৃষ্ঠা / স্বাস্থ্য / ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান / প্ৰধান মন্ত্ৰী মাতৃ বন্দনা যোজনা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰধান মন্ত্ৰী মাতৃ বন্দনা যোজনা :

প্ৰধান মন্ত্ৰী মাতৃ বন্দনা যোজনাৰ বিষয়ে লিখা হৈছে ।

 

দেশৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ গৰ্ভৱতী মহিলাসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। গৰ্ভৱতী মহিলা আৰু পৰিয়ালৰ প্ৰথমটো সন্তানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিছে এক কল্যাণকামী আঁচনিৰ। প্ৰধান মন্ত্ৰী মাতৃবন্দনা যোজনা শীৰ্ষক আঁচনিখনৰ জৰিয়তে একাউন্টত ৫০০০ টকাৰ এক নগদ পুঁজি জমা হয়।

উল্লেখ্য যে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শ্ৰমজীৱী মহিলাসকলে গৰ্ভাৱস্থাৰ সময়ছোৱাৰ লগতে সন্তান জন্মৰ পিছতো শাৰীৰিক দুৰ্বলতাৰ বাবে আৰ্থিক উপাৰ্জনমুখী শ্ৰম কৰিব নোৱাৰে। ফলত পাৰিশ্ৰমিকৰ অভাৱত উপযুক্ত খাদ্যৰ পৰা বঞ্চিত হোৱাৰ লগতে গৰ্ভাৱস্থাৰ সময়ত বা প্ৰসৱৰ পাছত উপযুক্ত পৰিপুষ্টিৰ অভাৱত ভোগে। এনে অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলাসকলৰ বাবে এই আঁচনিখন ৰূপায়ণ কৰিছে। প্ৰথম মন্ত্ৰী মাতৃত্ব বন্দনা যোজনাৰ মুখ্য উদ্দেশ্যই হৈছে গৰ্ভৱতী মহিলা তথা গৰ্ভস্থ সন্তান উভয়ৰে পুষ্টিৰ নিমিত্তে সুষম আহাৰ যোগানৰ বাবে ধনৰাশি প্ৰদান কৰা। ২০১৪ চনত মাতৃত্ব সহযোগ যোজনা নামেৰে নামাংকৃত কৰা এই যোজনা ২০১৭ চনৰ পৰা প্ৰধান মন্ত্ৰী মাতৃ বন্দনা যোজনা নামেৰে জনাজাত হয়।

উক্ত আঁচনিৰ অধীনত তিনিটা কিস্তিত ধনৰাশি মুকলি কৰা হয়। প্ৰথম কিস্তিত অংগনবাড়ী কেন্দ্ৰসমূহত গৰ্ভধাৰণ পঞ্জীয়ন কৰাৰ পিছত ১০০০ টকা প্ৰদান কৰা হয়। অংগনবাড়ী কেন্দ্ৰসমূহত 1-A আৱেদনপত্ৰ পূৰণ কৰিব লাগিব। দ্বিতীয় কিস্তি ২০০০ টকা প্ৰসৱৰ পূৰ্বে/গৰ্ভধাৰণৰ ছয়মাহৰ পিছত প্ৰদান কৰা হয়।

ইয়াৰ বাবে 1-B আৱেদনপত্ৰ পূৰণ কৰিব লাগে। ঠিক তেনেদৰে তৃতীয় কিস্তি সন্তান জন্মৰ সময়ত পঞ্জীয়ন কৰাৰ পিছত আৰু সন্তানক বি চি জিকে আদি কৰি টিকাকৰণৰ সময়ত মুঠ ২০০০ টকা প্ৰদান কৰা হয়। ইয়াৰ বাবে আৱেদন পত্ৰ 1-C পূৰণ কৰি জমা দিব লাগে। চৰকাৰী চাকৰিত নিযুক্ত মহিলাসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰে।

উক্ত আঁচনিৰ সুবিধা অৰ্জনৰ উদ্দেশ্যে প্ৰয়োজনীয় নথি-পত্ৰ হ’ল- ৰেচন কাৰ্ড, বেংকৰ পাছবুকৰ ফটোকপি, ভোটাৰ কাৰ্ড, জন্মৰ সময়ত স্বাস্থ্য কেন্দ্ৰৰ পৰা দিয়া প্ৰমাণপত্ৰ। উক্ত আঁচনিৰ অধীনত ৰাজ্যখনৰ ২৯,৬২১ গৰাকী মহিলা উপকৃত হৈছে। আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ সমাজ কল্যাণ বিভাগৰ সৈতে যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

3.18181818182
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
চন্দন বৰা , খুমটাই May 30, 2019 08:32 PM

বৰ্তমান সময়ত খুমটাই বিধান সভা সমষ্টিৰ অন্তৰ্গত কচুপথাৰ গাঁও পঞ্চায়ত এলেকাৰ বৰুৱা গাওঁ , গেলেকীয়াল আৰু ঠেঙাল গাঁওৰ বহু দৰিদ্ৰ মহিলা বঞ্চিত হৈছে ।

সঞ্জীৱ তিৰ্কী Mar 19, 2019 02:24 PM

অনুগ্ৰহ কৰি প্ৰধান মন্ত্ৰী মাত্ৰু বন্দনা যোজনা অসমীয়া প্ৰ পত্ৰ ১ক আৰু ১খ আপলোড কৰিব

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top