মূল পৃষ্ঠা / স্বাস্থ্য / ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান / প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুষ্মান ভাৰত
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুষ্মান ভাৰত

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুষ্মান ভাৰতৰ বিষয়ে লিখা হৈছে ।

সমগ্ৰ দেশৰ সাৰ্বজনীন স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপৰ চিন হিচাপে যোৱা বছৰৰ ২৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ ৰাঁচীত মুকলি কৰে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা।

সাধাৰণ ৰাইজৰ দুৰাৱস্থাৰ কথা ভাবি তেওঁলোকক এইক্ষেত্ৰত সকাহ দিয়াৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা।

চমুকৈ ‘আয়ুষ্মান ভাৰত’ বুলি কোৱা এই আঁচনিখন সাৰ্বজনীন স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হৈছে।

সমগ্ৰ ভাৰতৰ প্ৰতিখন ৰাজ্যতে এই আঁচনিৰ সেৱা লাভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। ২০১১ চনত হোৱা আৰ্থ সামাজিক শ্ৰেণী জন গণনাৰ(এছইচিচি) আধাৰত অসমৰ ২৭ লাখ পৰিয়ালক এই যোজনাত অন্তৰ্ভুক্ত কৰা হৈছে।

এছইচিচি ডাটাবেছৰ(২০১১) দ্বাৰা প্ৰমাণিত প্ৰতিটো যোগ্য পৰিয়াল এই চিকিৎসা সেৱাৰ সুবিধা গ্ৰহণৰ বাবে যোগ্য বিবেচিত হ’ব।

প্ৰতিখন জিলাৰ প্ৰতিটো যোগ্যতাপ্ৰাপ্ত পৰিয়ালক মুৰব্বীৰ বিশদ বিৱৰণৰ সৈতে ছপা আৰু লেমিনেট কৰা এখন কাৰ্ড দিয়া হয়।

সকলো চৰকাৰী মেডিকেল কলেজ হস্পিতালক প্ৰথম পৰ্যায়ত এই আঁচনিৰ সেৱা প্ৰদানৰ বাবে তালিকাযুক্ত কৰা হৈছে।

সকলো তালিকাভুক্ত হস্পিতালত ২৪*৭ হেল্প ডেক্সত ‘আয়ুষ্মান মিত্ৰ’ উপস্থিত থাকিব। দ্বিতীয় পৰ্যায়ৰ চিকিৎসা আৰু পৰৱৰ্তী তত্ত্বাৱধানৰ বাবে প্ৰতিটো পৰিয়াললৈ বছৰি ৫ লাখ টকা ধাৰ্য কৰা হৈছে।

‘প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ৰ উদ্দেশ্য হৈছে চিকিৎসালয়ত উদ্ভৱ হোৱা ব্যয়বহুল পৰিস্থিতিৰ পৰা দৰিদ্ৰ আৰু অনগ্ৰসৰ ৰাইজক আৰ্থিকভাৱে সকাহ দিয়াৰ উপৰি তেওঁলোকৰ বাবে উন্নত তেওঁলোকৰ বাবে উন্নত আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ৰ চিকিৎসা আৰু পৰৱৰ্তী তত্ত্বাৱধানৰ বাবে ‘ফ্লটাৰ’ ভিত্তিত বছৰি ৫ লাখ টকাৰ নগদবিহীন সাহায্য আগবঢ়োৱা হ’ব সংশ্লিষ্ট পৰিয়ালসমূহলৈ।

শল্য চিকিৎসা, মেডিকেল আৰু দিনৰ সেৱা চিকিৎসাৰ সৈতে ঔষধ আৰু পৰীক্ষাসহ এই আঁচনিৰ নিৰ্দেশাৱলী অনুসৰি বৰ্তমান ১৩৯৪ বিধ পেকেজ ৰখা হৈছে।

চৰকাৰী চিকিৎসালয়ৰ বাবে ২২১ বিধ পেকেজ সংৰক্ষিত কৰা হৈছে। চৰকাৰী চিকিৎসালয়ৰ বাবে ২২১ বিধ পেকেজ সংৰক্ষিত কৰা হৈছে।

এই আঁচনিৰ অধীনত চিকিৎসা লাভৰ বাবে প্ৰয়োজনীয় কাৰ্ডখন বিনামূলীয়া আৰু সেইবাবে হিতাধিকাৰীসকলে কোনো মাচুল দিব নালাগে।

এই আঁচনিৰ অধীনত তালিকাভুক্ত চিকিৎসালয়সমূহত পৰিয়ালৰ সকলো সদস্যৰ বাবে নগদবিহীন চিকিৎসা গ্ৰহণ কৰাৰ বাবে চৰকাৰে ‘ফেমিলী কাৰ্ড’ প্ৰদান কৰিব।

নগদবিহীন চিকিৎসা সেৱা লাভ কৰাৰ বাবেই এছইচিচি ২০১১ ৰ তথ্য মতে চৰকাৰে পোনপটীয়াকৈ কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে।

প্ৰতিটো পৰিয়ালৰ বাবে একোখনকৈ কাৰ্ড দিয়া হ’ব। হিতাধিকাৰীয়ে কাৰ্ডখন হেৰুৱালে বা চুৰি হ’লে কাৰ্ড হেৰুৱাৰ এফআইআৰ প্ৰমাণসহ সংশ্লিষ্ট জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ ওচৰত আবেদন কৰিব লাগিব।

এই আঁচনিৰ অধীনত চিকিৎসা পোৱাৰ বাবে হিতধিকাৰীয়ে চৰকাৰী বা বেচৰকাৰী যিকোনো তালিকাভুক্ত চিকিৎসালয়ত পোনপটীয়াকৈ যাব পাৰিব বা বিনামূলীয়া সাহায্য ১৮০০১০২৭৪৮০ নম্বৰত নম্বৰত ফোন কৰি জানি ল’ব পাৰিব।

চৰকাৰী চিকিৎসালয়ৰ বাবে সংৰক্ষিত পেকেজ কেৱল চৰকাৰী চিকিৎসালয়তহে পোৱা হ’ব। তালিকাভুক্ত চিকিৎসালয়ত থকা ২৪*৭ আয়ুষ্মান মিত্ৰ হেল্প ডেস্কত যোগাযোগ কৰিলে তেওঁলোকে হিতাধিকাৰীক চিকিৎসাৰ বাবে প্ৰয়োজনীয় আটাইখিনি কৰি দিয়াত সহায় কৰিব।

তালিকাভুক্ত চিকিৎসালয়ত প্ৰতিটো পৰিয়ালে বছৰি ৫ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা লাভ কৰিব। কিন্তু ৰোগীক কোনো নগদ ধন দিয়া নহয়।

চিকিৎসাৰ ব্যয় ৫ লাখ টকাৰ অধিক হ’লে বা এবছৰ হোৱাৰ পূৰ্বেই ৫ লাখ টকা ব্যয় হৈ গ’লে হিতাধিকাৰীয়ে অতিৰিক্ত ২ লাখ পৰ্যন্ত লাভ কৰিব।

যদিহে হিতাধিকাৰীগৰাকী ‘অটল অমৃত অভিযান আঁচনি’ৰ অধীনত যোগ্য হয় আৰু তেওঁৰ সেই চিকিৎসা এই আঁচনিৰ অন্তৰ্ভুক্ত হয়, অন্যথা হিতাধিকাৰীয়ে অতিৰিক্ত ব্যয় নিজে বহন কৰিব লাগিব।

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনিত পৰিয়ালৰ সদস্যৰ সংখ্যা বা ব্যয়ৰ কোনো সীমাবদ্ধতা নাই। তদুপৰি পূৰ্বতে থকা সকলো ৰোগ এই আঁচনিৰ অন্তৰ্ভুক্ত।

তালিকাভুক্ত কোনো চিকিৎসালয়ে চিকিৎসা আগবঢ়াবলৈ অসন্মত হ’ব নোৱাৰে।

হিতাধিকাৰীৰ বাবে নিৰ্ধাৰিত ৫ লাখ টকা শেষ নোহোৱা পৰ্যন্ত চিকিৎসালয়ে হিতাধিকাৰীৰ পৰা কোনো অতিৰিক্ত ধন ল’ব নোৱাৰে আৰু এই ধাৰ্য কৰা ধন শেষ হোৱাৰ ক্ষেত্ৰত অমৃত অভিযানৰ অধীনত হিতাধিকাৰীয়ে অতিৰিক্ত ২ লাখ টকাৰ ‘টপ আপ’ লাভ কৰিব, যদিহে সেই জটিল ৰোগ অটল অমৃত অভিযানৰ অন্তৰ্ভুক্ত হয়।

চিকিৎসালয়সমূহে হিতাধিকাৰীৰ পৰা ৫ লাখ টকা পৰ্যন্ত কোনো অতিৰিক্ত মাচুল ল’ব নোৱাৰিব। বছৰি ৫ লাখ টকাৰ এই ধনৰাশি হিতাধিকাৰী পৰিয়ালৰ যিকোনো সদস্যই প্ৰয়োজন সাপেক্ষে ‘ফ্লটাৰ’ ভিত্তিত লাভ কৰিব।

ইয়াত অন্তৰ্ভুক্ত হ’ব সন্মত হোৱা পেকেজৰ দৰ অনুসৰি-

  • চিকিৎসালয়ত ভৰ্তিৰ পূৰ্বে আৰু পৰৱৰ্তী পৰীক্ষা,
  • অস্ত্ৰোপচাৰৰ ব্যয়,
  • ঔষধপাতি,
  • ৰোগীৰ দেহত সংৰোপণ,
  • অন্যান্য সামগ্ৰী আৰু
  • ৰোগীৰ খাদ্য সামগ্ৰী।

অটল অমৃত অভিযান আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলৰ ৰোগীৰ বাবে চৰকাৰী বিধি অনুসৰি টিএ আৰু ডিএ দিয়া হ’ব।

অসমৰ বাহিৰত চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্যিক স্বাস্থ্য সংস্থাৰ জৰিয়তে অসমৰ বাহিৰত চিকিৎসাৰ বাবে পৰামৰ্শ দিয়া ৰোগীসকলকহে টিএ আৰু ডিএ দিয়া হ’ব।

অসমৰ বা অসমৰ বাহিৰত চিকিৎসালয়ত ভৰ্তিৰ সময়ত হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ডৰ লগত তেওঁৰ এখন পৰিচয় পত্ৰ(ভোটাৰ পৰিচয় পত্ৰ/পেন কাৰ্ড/অনুজ্ঞাপত্ৰ আদি) দেখুৱাব লাগিব।

চৰকাৰী কৰ্মচাৰী(ৰাজ্য অথবা কেন্দ্ৰৰ/কৰ্মৰত অথবা অৱসৰপ্ৰাপ্ত) সকলে প্ৰধানমন্ত্ৰী আৰোগ্য যোজনা বা অতল অমৃত অভিযান আঁচনিৰ বাবে যোগ্য নহয়।

এই আঁচনি সন্দৰ্ভত কিবা জানিবলৈ অথবা অভিযোগ থাকিলে হিতাধিকাৰীয়ে ২৪*৭ বিনামূলীয়া সাহায্য ১৮০০১০২৭৪৮০ নম্বৰত যোগাযোগ কৰিব পৰে।

হিতাধিকাৰীসকলে চিকিৎসাৰ বাবে নিম্নলিখিত চিকিৎসালয়সমূহলৈ যাব পাৰিব।

প্ৰথম পৰ্যায়ত ১৫ অক্টোবৰ, ২০১৮ৰ পৰা চৰকাৰী মেডিকেল কলেজ আৰু হস্পিতাল তথা অসমৰ তালিকাভুক্ত ১২১ খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত,

দ্বিতীয় পৰ্যায়ত ১ নৱেম্বৰ ২০১৮ৰ পৰা অসমৰ জিলা চিকিৎসালয়সমূহত আৰু

তৃতীয় পৰ্যায়ত ১৫ নৱেম্বৰ ২০১৮ ৰ পৰা অসমৰ এফআৰইউ আৰু চিএইচচিসমূহকৈ যাব পাৰিব।

পদ্ধতি আৰু পেকেজসমূহ:

‘আয়ুষ্মান ভাৰত জন আৰোগ্য যোজনা’ৰ অধীনত ১৩৫০ টান পদ্ধতি(১৩৯৪ টা পেকেজ) অন্তৰ্ভুক্ত।

  • জেনেৰেল মেডিচিন।
  • পেডিয়াট্ৰিক মেডিকেল মেনেজমেন্ট।
  • নিউ নাটাল।
  • পেডিয়াট্ৰিক অনক’লজি।
  • মেডিকেল অনক’লজি।
  • ইমাৰ্জেন্সী ৰূপ(১২ ঘন্টাৰ কম সময় থাকিব লগা হ’লে)।
  • মানসিক বিকাৰগ্ৰস্ত পেকেজ।
  • জেনেৰেল চাৰ্জাৰী।
  • প্লাষ্টিক এণ্ড ৰিকনষ্ট্ৰাক্টিভ।
  • বাৰ্ণ মেনেজমেন্ট।
  • হৃদৰোগ।
  • কাৰ্ডিঅ-থোৰাচিক এণ্ড ভাস্কুলাৰ।
  • পেডিয়াট্ৰিক চাৰ্জাৰী।
  • চাৰ্জিকেল অনক’লজি।
  • অৰেল এণ্ড মেক্সিলোফেচিয়েল চাৰ্জাৰী।
  • অথ’ৰিনো-লেৰিংগ’লজি।
  • অপথেলম’লজি।
  • অৱষ্ট্ৰেটিকচ এণ্ড গায়ন’ক’লজি।
  • অস্থিৰোগ।
  • পলিট্ৰমা।
  • ইউৰোল’জি।
  • নিউৰোচাৰ্জাৰী।
  • ইন্টাৰভেনচনেল নিউৰোৰেডিয়োলজি।
  • অন্যান্য পেকেজ।
হিতাধিকাৰীৰ মনত সঘনাই উদয় হোৱা প্ৰশ্নসমূহ:
  • প্ৰধানমন্ত্ৰী জন আৰোগ্য অভিযানৰ আঁচনিখনৰ উদ্দেশ্য কি?

উত্তৰ: PMJAY ৰ উদ্দেশ্য হৈছে চিকিৎসালয়ত উদ্ভৱ হোৱা ব্যয়বহুল পৰিস্থিতিৰ পৰা দৰিদ্ৰ আৰু অনগ্ৰসৰ ৰাইজক আৰ্থিকভাৱে সকাহ দিয়াৰ উপৰি তেওঁলোকৰ বাবে উন্নত চিকিৎসা সেৱা নিশ্চিত কৰা।

এই আঁচনিত কিমান টকাৰ সাহায্য আগবঢ়োৱা হয়?

উত্তৰ: দ্বিতীয় পৰ্যায়ৰ চিকিৎসা আৰু পৰৱৰ্তী তত্বাৱধানৰ বাবে ‘ফ্ল’টাৰ’ ভিত্তিত পৰিয়ালক প্ৰতি বছৰে ৫ লাখ টকাৰ নগদবিহীন সাহায্য দিয়া হয়।

এই আঁচনিখনৰ সুবিধা গ্ৰহণৰ বাবে কোন কোন যোগ্য হ’ব?

উত্তৰ: ২০১১ চনত হোৱা আৰ্থ সামাজিক শ্ৰেণী জনগণনাৰ(এছইচিচি) আধাৰত অন্তৰ্ভুক্ত পৰিয়ালসমূহ এই যোজনাত অন্তৰ্ভুক্ত হ’ব।

PMJAY আঁচনিৰ অধীনত হিতাধিকাৰীসকলে ব্যক্তিগত চিকিৎসালয়ত কি কি ৰোগৰ চিকিৎসা কৰাব পাৰিব?

উত্তৰ: শল্য চিকিৎসা, মেডিকেল আৰু দিনৰ সেৱা চিকিৎসাৰ সৈতে ঔষধ আৰু পৰীক্ষা সহ PMJAY আঁচনিৰ নিৰ্দেশাৱলী অনুসৰি বৰ্তমানে ১৩৯৪ বিধ পেকেজ আছে।

চৰকাৰী চিকিৎসালয়ৰ বাবে কোনো পেকেজ সংৰক্ষিত আছেনে?

উত্তৰ: হয়, চৰকাৰী চিকিৎসালয়ৰ বাবে ২২১ বিধ পেকেজ সংৰক্ষিৰ আছে।

হিতাধিকাৰীসকলে কাৰ্ড পোৱাৰ বাবে কোনো মাচুল দিব লাগিব নে?

উত্তৰ: নালাগে, কাৰ্ডখন বিনামূলীয়া, সেয়ে কোনো মাচুল দিব নালাগে।

এই আঁচনিত অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীসকলক কি কি নথি দিয়া হ’ব?

উত্তৰ: এই আঁচনিৰ অধীনত তালিকাভুক্ত চিকিৎসালয়সমূহত পৰিয়ালৰ সকলো সদস্যৰ বাবে নগদবিহীন চিকিৎসা গ্ৰহণ কৰাৰ বাবে চৰকাৰে এখন ‘ফেমিলি কাৰ্ড’ প্ৰদান কৰিব।

নগদবিহীন চিকিৎসা সেৱা লাভ কৰাৰ বাবে হিতাধিকাৰী পৰিয়ালে কাৰ্ডখন কিদৰে পাব?

উত্তৰ: নগদবিহীন চিকিৎসা সেৱা লাভ কৰাৰ বাবে SECC ২০১১ ৰ তথ্য মতে চৰকাৰে পোনপটীয়াকৈ কাৰ্ড প্ৰদান কৰিছে।

টা পৰিয়ালৰ বাবে কেইখন কাৰ্ড দিয়া হ’ব?

উত্তৰ: যোগ্যতাসম্পন্ন প্ৰতিটো পৰিয়ালৰ বাবে একোখনকৈ কাৰ্ড দিয়া হ’ব।

হেৰুৱালে বা চুৰি হ’লে হিতাধিকাৰীয়ে কেনেকৈ আকৌ PMJAY কাৰ্ডখন পাব?

উত্তৰ: হিতাধিকাৰীয়ে কাৰ্ড হেৰুৱাৰ প্ৰমাণসহ সংশ্লিষ্ট জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ ওচৰত কাৰ্ডৰ বাবে যোগাযোগ কৰিব লাগিব।

তালিকাভুক্ত চিকিৎসালয় মানে কি?

উত্তৰ: PMJAY আঁচনিৰ অধীনত যিবোৰ চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ৰ লগত MoU স্বাক্ষৰ কৰা হৈছে।

চিকিৎসাৰ বাবে হিতাধিকাৰীয়ে প্ৰথমে ক’ত যোগাযোগ কৰিব?

হিতাধিকাৰীয়ে পোনপটীকৈ তালিকাভুক্ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ যাব পাৰিবনে?

উত্তৰ: এই আঁচনিৰ অধীনত চিকিৎসা পোৱাৰ বাবে হিতাধিকাৰীয়ে চৰকাৰী বা বেচৰকাৰী যিকোনো তালিকভুক্ত চিকিৎসালয়লৈ পোনপটীয়াকৈ যাব পাৰিব বা বিনামূলীয়া সাহায্য ১৮০০১০২৭৪৮০ নম্বৰত ফোন কৰি জানি ল’ব পাৰিব।

যদিও চৰকাৰী চিকিৎসালয়ৰ বাবে সংৰক্ষিত পেকেজ কেৱল মাত্ৰ চৰকাৰী চিকিৎসালয়তহে পোৱা যাব।

তালিকাভুক্ত চিকিৎসালয়ত সাহায্যৰ বাবে হিতাধিকাৰীয়ে কাৰ ওচৰলৈ যাব?

উত্তৰ: তালিকাভুক্ত চিকিৎসালয়ত থকা ২৪*৭ আয়ুষ্মান মিত্ৰ ‘হেল্প ডেস্ক’ত যোগাযোগ কৰিলে তেওঁলোকে হিতাধিকাৰীক চিকিৎসাৰ বাবে প্ৰয়োজনীয় আটাইখিনি কৰি দিয়াত সহায় কৰিব।

চিকিৎসাৰ ব্যয়ৰ কোনো অংশ হিতাধিকাৰীলৈ পোনপটীয়াকৈ ঘূৰাই দিয়া হ’বনে?

উত্তৰ: নহয়, ৰোগীয়ে তালিকাভুক্ত চিকিৎসালয়ত পৰিয়ালে প্ৰতি বছৰি ৫ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব, আৰু তাৰ বাবে পোনপটীয়াকৈ চিকিৎসালয়ক আদায় দিয়া হ’ব। ৰোগীক কোনো নগদ ধন দিয়া নহয়।

চিকিৎসাৰ ব্যয় পৰিয়ালে প্ৰতি ৫ লাখ টকাৰ অধিক হ’লে বা এবছৰ হোৱাৰ পূৰ্বেই ৫ লাখ টকা ব্যয় হ’লে, হিতাধিকাৰী পৰিয়ালে কি কৰিব?

উত্তৰ: PMJAY আঁচনিৰ অধীনত ৫ লাখ টকা শেষ হ’লে নিম্নলিখিত সহায় লাভ কৰিব।

ক)হিতাধিকাৰীগৰাকী যদি ‘অটল অমৃত অভিযান আঁচনি’ৰ(AAA) অধীনত যোগ্য হয়, তেনেহ’লে এই আঁচনিৰ অধীনত হিতাধিকাৰীৰ পৰিয়ালৰ প্ৰতি অধীনত হিতাধিকাৰীৰ পৰিয়ালৰ প্ৰতি ব্যক্তিয়ে অতিৰিক্ত ২ লাখ টকা পৰ্যন্ত লাভ কৰিব, যদিহে সেই AAA চিকিৎসা আঁচনিৰ অন্তৰ্ভুক্ত হয়।

খ)অন্যথায় হিতাধিকাৰীয়ে অতিৰিক্ত ব্যয় নিজেই বহন কৰিব লাগিব।

PMJAY আঁচনিত পৰিয়ালৰ সদস্য সংখ্যাৰ ওপৰত কোনো সীমাবদ্ধতা আছে নেকি?

উত্তৰ: নাই, পৰিয়ালৰ সদস্য সংখ্যা বা বয়সৰ কোনো সীমাবদ্ধতা নাই।

অভিযোগ থাকিলে, হিতাধিকাৰীৰ বাবে কি কি অতিৰিক্ত সাহায্যৰ ব্যৱস্থা আছে?

উত্তৰ: কিবা জানিবলৈ অথবা অভিযোগ থাকিলে হিতাধিকাৰীয়ে ২৪*৭ বিনামূকীয়া সাহায্য ১৮০০১০২৭৪৮০ নম্বৰত যোগাযোগ কৰিব পাৰে। ইয়াৰ উপৰি তেওঁ grievance.snc@gmail.com ত মেইলো কৰিব পাৰে।

PMJAY আঁচনিৰ অধীনত পূৰ্বতে থকা কোনো ৰোগ অন্তৰ্ভুক্ত হ’ব নে?

উত্তৰ: হয়, পূৰ্বতে থকা সকলো ৰোগ এই আঁচনিৰ অন্তৰ্ভুক্ত আৰু তালিকাভুক্ত কোনো চিকিৎসালয়ে চিকিৎসা আগবঢ়োৱাত অসন্মত হ’ব নোৱাৰে।

PMJAY আঁচনিৰ অধীনত চিকিৎসালয়ে হিতাধিকৰীৰ পৰা কোনো ধন ল’ব পাৰে নেকি?

উত্তৰ: নহয়, হিতাধিকাৰীৰ বাবে নিৰ্ধাৰিত ৫ লাখ টকা শেষ নোহোৱালৈকে চিকিৎসালয়ে কোনো অতিৰিক্ত ধন ল’ব নোৱাৰে আৰু এই ধাৰ্য ধন শেষ হোৱাৰ ক্ষেত্ৰত ‘অটল অমৃত অভিযান’(AAA) ৰ অধীনত হিতাধিকাৰীয়ে অতিৰিক্ত দুই লাখ টকাৰ ‘টপ আপ’ লাভ কৰিব, যদি জটিল ৰোগ AAAৰ অন্তৰ্ভুক্ত হয়।

চিকিৎসালয়সমূহে হিতাধিকাৰীসকলৰ পৰা পাঁচ লাখ টকা শেষ নোহোৱা পৰ্যন্ত কোনো অতিৰিক্ত মাচুল ল’ব নোৱাৰিব।

বছৰেকীয়া ৫ লাখ টকাত কি কি অন্তৰ্ভুক্ত হ’ব?

উত্তৰ: বছৰি পাঁচ লাখ টকাৰ এই ধনৰাশি হিতাধিকাৰী পৰিয়ালৰ যিকোনো সদস্যই প্ৰয়োজন সাপেক্ষে ‘ফ্ল’টাৰ’ ভিত্তিত লাভ কৰিব। ইয়াত অন্তৰ্ভুক্ত হ’ব।

চিকিৎসা: সন্মত হোৱা পেকেজ দৰ অনুসৰি ইয়াত থাকিব- চিকিৎসালয়ত ভৰ্তিৰ পূৰ্বে আৰু পৰৱৰ্তী পৰীক্ষা, অস্ত্ৰোপচাৰৰ ব্যয়, ঔষধপাতি, ৰোগীৰ দেহত সংৰোপণ, অন্যান্ত সামগ্ৰী আৰু ৰোগীৰ খাদ্য সামগ্ৰী।

পৰিবহন ব্যয় আৰু দৈনিক ব্যয় -

‘অটল অমৃত অভিযান’ আৰু PMJAY আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলৰ ৰোগীৰ বাবে চৰকাৰী বিধি অনুযায়ী TA আৰু DA দিয়া হ’ব।

অসমৰ বাহিৰত চিকিৎসাৰ ক্ষেত্ৰত কেৱল সেইসকল ৰোগীকহে TA আৰু DA দিয়া হ’ব, যিসকলক ৰাজ্যিক স্বাস্থ্য সংস্থাৰ জৰিয়তে অসমৰ বাহিৰত চিকিৎসাৰ বাবে পৰামৰ্শ(Refer) দিয়া হৈছে।

চিকিৎসালয়ত ভৰ্তিৰ সময়ত কি কি নথি পত্ৰৰ প্ৰয়োজন?

উত্তৰ: অসমত বা অসমৰ বাহিৰত চিকিৎসালয়ত ভৰ্তিৰ সময়ত হিতাধিকাৰীয়ে PMJAY কাৰ্ডৰ লগত তেওঁৰ এখন পৰিচয় পত্ৰ(ভোটাৰ পৰিচয় পত্ৰ/পেনকাৰ্ড/অনুজ্ঞা পত্ৰ আদি) দেখুৱাৱব লাগিব।

চৰকাৰী কৰ্মচাৰীসকল এই কাৰ্ডৰ বাবে যোগ্য নে?

উত্তৰ: চৰকাৰী কৰ্মচাৰী(ৰাজ্য অথবা কেন্দ্ৰৰ/কৰ্মৰত অথবা অৱসৰপ্ৰাপ্ত) সকলে PMJAY বা অটল অমৃত অভিযান আঁচনিৰ বাবে যোগ্য নহয়।

AAA কাৰ্ড পোৱা আৰু PMJAY আঁচনিৰ বাবে যোগ্য কিন্তু কাৰ্ড নোপোৱাসকলে কিদৰে PMJAY কাৰ্ড পাব?

উত্তৰ: কাৰ্ডৰ সবিশেষ স্থিতি জানিবলৈ তেওঁলোকে সংশ্লিষ্ট জিলাৰ ‘ডিষ্ট্ৰিক্ট কিয়স্ক’ত যোগাযোগ কৰিব বা বিনামূলীয়া ফোন নম্বৰ ১৮০০১০২৭৪৮০ত ফোন কৰিব লাগিব।

এছইচিচি হিতাধিকাৰীসকলৰ যিসকলে AAA কাৰ্ড পোৱা নাই তেওঁলোকে কিদৰে AAA কাৰ্ড পাব।

উত্তৰ: তেওঁলোকে পোনপটীয়াকৈ সংশ্লিষ্ট জিলাৰ ‘ডিষ্ট্ৰিক্ট কিয়স্ক’ত যোগাযোগ কৰিব পাৰি বা মোবাইল ‘এনৰ’লমেন্ট কিয়স্ক’ৰ পৰা ল’ব পাৰিব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top