মূল পৃষ্ঠা / স্বাস্থ্য / ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান / প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনা :

প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ বিষয়ে লিখা হৈছে ।

 

আমি সচৰাচৰ ক্ৰয় কৰা ঔষধবোৰ কোনো এক নিৰ্দিষ্ট কোম্পানীৰ দ্বাৰা নিৰ্মিত হয় আৰু তাৰ দামো কোম্পানীসমুহে নিৰ্ধাৰণ কৰে। সেয়েহে আমি চ’ৰাদামত ঔষধ ক্ৰয় কৰিবলগীয়া হয়। ২০০৮ চনত ভাৰত চৰকাৰে এটা মহৎ উদ্দেশ্যে আগত ৰাখি প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনা ভাৰতৰ জনগণৰ বাবে মুকলি কৰে। এই যোজনাৰ অধীনত ভাৰত চৰকাৰে নিৰ্দিষ্ট জনঔষধি কেন্দ্ৰৰ যোগেদি উন্নতমানৰ ঔষধ কম দামতে গ্ৰাহকৰ বাবে আগবঢ়োৱা ব্যৱস্থা কৰে। কিন্তু চৰকাৰৰ বিভিন্ন হেমাহি তথা ভুল ভুমিকাৰ বাবে ২০১৪-১৫ চনলৈকে ইয়াৰ সফল ৰুপায়ণ সম্ভৱপৰ হৈ নুঠিল।

ভাৰতীয় জনঔষধি পৰিযোজনা মুল কাৰণবোৰ হ’ল -

১) জনঔষধি কেন্দ্ৰ স্থাপন কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমুহৰ ওপৰত অধিক নিৰ্ভৰশীলতা।

২) ঔষধ যোগানৰ অনিয়মীয়া আৰু ঔষধৰ নাটনি।

৩) তুলনামুলকভাৱে কম প্ৰকাৰৰ ঔষধৰ যোগান ধৰা। মাত্ৰ ১১ বিধ বিভিন্ন বেমাৰৰ ৮৫ প্ৰকাৰৰ ঔষধহে সেই সময়ত উপলব্ধ আছিল আৰু তাৰে মাত্ৰ ৩৩ শতাংশহে কেন্দ্ৰবোৰত পোৱা গৈছিল।

৪) চিকিৎসকসকলৰ জেনেৰিক ঔষধৰ নিদান দিয়াৰ উদাসীন মনোভাব।

৫) জনতাৰ মাজত জেনেৰিক ঔষধৰ মানৰ ওপৰত থকা সন্দেহ আঁতৰোৱাৰ বাবে প্ৰচাৰৰ অভাৱ।

জনঔষধি পৰিযোজনা ২০১৫-১৬: বৰ্তমান ভাৰত চৰকাৰে জনঔষধি পৰিযোজনাৰ আসোঁৱাহবোৰ দুৰ কৰি সফল ৰুপায়ণ কৰাৰ বাবে এক কাৰ্যকৰী ৰণনীতিৰ পৰিকল্পনা তৈয়াৰ কৰিছে আৰু এই পৰিকল্পনাক ২০১৫ চনত ভাৰত চৰকাৰৰ ৰাসায়নিক ও সাৰ মন্ত্ৰালয়ে অনুমোদন দিয়ে। ২০১৫ চনৰ পৰা এই যোজনাই এক নতুন দিশ লাভ কৰিছে।

ভাৰতীয় জনঔষধি পৰিযোজনাৰ উদ্দেশ্যে -

সহজলভ্য দৰত দুখীয়া আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ লোকৰ বাবে প্ৰয়োজনীয় ঔষধ যোগান ধৰাই এই আঁচনিৰ প্ৰধান লক্ষ্য। প্ৰতিজন নাগৰিকে যাতে উন্নতমানৰ জেনেৰিক (কোনো নিৰ্দিষ্ট কোম্পনীৰ পেটেণ্ট নথকা )ঔষধ নিৰ্দিষ্ট ‘প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰ’ৰ পৰা কম মুল্যতে লাভ কৰে আৰু নাগৰিকৰ ইয়াৰ দ্বাৰা চিকিৎসাৰ ব্যয় হ্ৰাস হয়, ইয়েই এই যোজনাৰ উদ্দেশ্যে।

জেনেৰিক ঔষধ কি: জেনেৰিক ঔষধ আৰু কোনো ব্ৰেণ্ড কোম্পানীৰ ঔষধৰ মাজত গুণগত মানৰ কোনো প্ৰভেদ নাথাকে। প্ৰভেদ থাকে মাথোঁ ইয়াৰ দামত। জেনেৰিক ঔষধৰ দাম ব্ৰেণ্ডেড কোম্পানীৰ দ্বাৰা প্ৰস্তুত কৰা ঔষধতকৈ বহুগুণে কম হয়। বহুতো লোকে ভাবে যে দাম কম হোৱাৰ বাবে জেনেৰিক ঔষধৰ গুণগত মান নিম্ন হ’ব পাৰে। কিন্তু সেয়া সঁচা নহয়। কিয়নো যিকোনো এটা কোম্পানীয়ে যেতিয়া তাৰ কোনো উৎপাদিত দ্ৰব্যৰ মুল্য নিৰ্ধাৰণ কৰে, তাত প্ৰচাৰৰ খৰচৰ পৰা লাভাংশলৈকে বহুতো কথা জড়িত হৈ থাকে। পেটেণ্ট তথা ট্ৰেডমাৰ্কৰ কথাও থাকে। সেয়েহে উৎপাদন হোৱা খৰচতকৈ বিক্ৰীৰ মুল্য বহুগুণে বাঢ়ি যায়, যি জেনেৰিক ঔষধৰ ক্ষেত্ৰত নহয়।

ভাৰতীয় জনঔষধি পৰিযোজনাৰ বিশেষ কাৰ্য -

১) জেনেৰিক ঔষধৰ বাবে জনমানসত সজাগতা অনা।

২)চিকিৎসকসকলৰ দ্বাৰা জেনেৰিক ঔষধৰ ব্যৱহাৰৰ প্ৰচাৰ কৰা।

৩) শিক্ষা আৰু বিভিন্ন সজাগতা কৰ্মসুচীৰ জৰিয়তে জনসমাজক জাগ্ৰত কৰা যে ঔষধৰ অধিক মুল্যই ঔষধৰ উন্নত মান নুসুচায়।

৪) সকলো সচৰাচৰ ব্যৱহাৰ হোৱা ঔষধৰ যোগান ধৰা।

৫) স্বাস্থ্য সেৱাৰ লগত জড়িত সকলো সামগ্ৰী এই যোজনাৰ অধীনত যোগান ধৰা।

এই যোজনাৰ কাৰ্যকৰী সংস্থা: BPPI(Bureau of Pharma PSUs of India) হৈছে এই যোজনাৰ কাৰ্যকৰী সংস্থা।  BPPI ভাৰত চৰকাৰৰ ৰাসায়নিক ও সাৰ মন্ত্ৰালয়ৰ অধীনৰ এক সংস্থা- যিয়ে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ অধীনৰ সকলো কাৰ্য-পৰিচালনা কৰে। সকলো জেনেৰিক ঔষধ বিপিপিআই (BPPI) য়ে আহৰণ তথা যোগান ধৰে।

প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ গুৰুত্বপুৰ্ণ বৈশিষ্ট্য -

১) ৰাজ্য চৰকাৰ বা আন কোনো সংস্থা, NGO (স্বেচ্ছাসেৱী সংস্থা), ট্ৰাষ্ট, ব্যক্তিগত চিকিৎসালয়, চিকিৎসক , নিবনুৱা যুৱক-যুৱতী , ফাৰ্মাচিষ্ট, ব্যক্তিগত উদ্যোগী ব্যক্তি আদিয়ে এই যোজনাৰ অধীনত প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰ স্থাপন কৰাৰ বাবে আবেদন কৰিব পাৰে।

২) আবেদনকৰীয়ে এজন পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্টক তেওঁলোকৰ ঔষধি কেন্দ্ৰত নিযুক্তি দিব লাগিব।

৩) আবেদনকাৰীয়ে আবেদন বিপিপিআই (BPPI) ত জমা দিব লাগিব।

৪) প্ৰধানমন্ত্ৰী জনঔষধি কেন্দ্ৰ কোনো চৰকাৰী চিকিৎসালয়, ব্যক্তিগত চিকিৎসালয় বা আন কোনো ঠাইত স্থাপন কৰিব পৰা যাব।

৫) BPPI য়ে যোগান ধৰা ঔষধ তথা অন্য চিকিৎসা আহিলাৰ বাহিৰেও আন জেনেৰিক ঔষধ আৰু প্ৰসাধন সামগ্ৰীও এই কেন্দ্ৰৰ যোগেদি বিক্ৰী কৰিব পাৰিব-যাতে এনে কেন্দ্ৰৰ ব্যৱসায়ৰ সম্ভৱপৰতা বাঢ়ে।

৬) BPPI  য়ে বিভিন্ন ঔষধ নিৰ্মাণ কৰি প্ৰতিষ্ঠানৰ পৰা নিবিদাযোগে ঔষধ আহৰণ কৰিব আৰু ঔষধৰ গুণগত মান পৰীক্ষণৰ যাৱতীয় ব্যৱস্থা গ্ৰহন কৰিব।  ঔষধৰ গুণগত মান পৰীক্ষণ কৰাৰ পাছত প্ৰয়োজন অনুসৰি বিভিন্ন জনঔষধি কেন্দ্ৰত ঔষধৰ যোগান ধৰা।

৭)BPPI য়ে বিভিন্ন মাধ্যমৰ যোগেদি জেনেৰিক ঔষধৰ ব্যৱহাৰৰ বা জনসজাগতা বৃদ্ধিৰ বাবে প্ৰচাৰ চলাব।

আবেদনকাৰীয়ে পাবলগীয়া বিত্তীয় সাহায্য -

১) ৰাজ্য চৰকাৰে যদি নিজেই আবেদনকাৰী হয়, তেনেক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰ স্থাপনৰ বাবে বিভিন্ন চৰকাৰী চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় বা আন কোনো সুবিধাজনক স্থানত বিনামুলীয়া ব্যৱস্থা কৰিব। ইয়াৰ বাহিৰেও ৰাজ্য চৰকাৰ বা চৰকাৰী সংস্থাই যিকোনো বিভাগ যেনে-ৰে’ল বিভাগ, পৰিবহণ বিভাগ, স্থানীয় নিকায়-নিগম, পোষ্ট অফিচ আদিৰ অধীনত থকা চৰকাৰী স্থানত জনঔষধি কেন্দ্ৰ স্থাপনৰ বাবে আবেদন কৰিব পাৰে। এনেক্ষেত্ৰত তলত দিয়া ধৰণে বিত্তীয় সাহায্য পাব-

(ক) আৰম্ভণিতে ১ লাখ টকাৰ ঔষধ বিনামুলীয়াকৈ পাব।

(খ) ১ লাখ টকালৈকে ফাৰ্নিচাৰ বা আন আচবাবৰ খৰচ ঘুৰাই পাব।

(গ) ৫০ হাজাৰ টকালৈকে কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ বাবে কৰা খৰচ ঘুৰাই পাব।

২) কোনো ব্যক্তি , স্বেচ্ছাসেৱী অনুষ্ঠান, ফাৰ্মাচিষ্ট আদিয়ে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰ স্থাপন কৰিলে, BPPI ৰ মুখ্য কাৰ্যালয়ৰ লগত এক নিৰ্দিষ্ট BPPI  য়ে দিয়া Software ৰ যোগেদি নিজৰ কেন্দ্ৰ  সংযোগ কৰিব লগা হয়। এনে ব্যক্তি বা সংস্থাবোৰে ২.৫০ লাখ টকালৈকে উৎসাহজনক সাহায্য লাভ কৰিব। ইয়াৰ মাহেকীয়া বিক্ৰীৰ ১৫ শতাংশ বা মাহেকীয়াভাৱে ধৰি দিয়া চিলিং ১০ হাজাৰ টকা প্ৰতিমাহে মুঠ ২.৫ লাখ টকালৈকে দিয়া হ’ব। উত্তৰ-পুৰ্বাঞ্চল বা জনজাতীয় এলেকাত মাহেকীয়া চিলিং ১৫ হাজাৰ টকাকৈ মুঠ ২.৫ লাখ টকা সাহায্য দিয়া হ’ব।

৩) অনুসুচিত জাতি আৰু জনজাতি তথা শাৰীৰিকভাৱে অক্ষম আবেদনকাৰীয়ে উৎসাহদায়ক সাহায্য হিচাপে লাভ কৰা ২.৫ লাখ টকাৰ ভিতৰত ৫০ হাজাৰ টকাৰ ঔষধ বিনামুলীয়াকৈ আগতীয়াকৈ লাভ কৰিব। বাকী অংশ মাহেকীয়া ১০ হাজাৰ টকাকৈ চিলিং লাভ কৰিব।

৪) ঔষধৰ বিক্ৰী দামৰ ওপৰত ২০ শতাংশ লাভ হিচাপে জনঔষধি কেন্দ্ৰই আৰু ১০ শতাংশ পৰিৱেশকে লাভ কৰিব।

৫) BPPI য়ে যিসকল উদ্যোগী ব্যক্তিৰ পুৰ্বৰ এই কামৰ বাবে কোনো অভিজ্ঞতা নাই, তেনে ব্যক্তিৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব।

প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰৰ আবেদনৰ বাবে আৱশ্যকীয় চৰ্ত -

১) আবেদনকাৰীয়ে এক নিৰ্ধাৰিত আবেদন-পত্ৰৰ যোগেদি আবেদন কৰিব লাগিব।

২) নিজৰ বা ভাৰাত লোৱা ১২০ বৰ্গফুটৰ এটা কোঠালিৰ আৱশ্যক। আবেদনৰ লগত নিজৰ বা ভাৰা লোৱাৰ প্ৰমাণ-পত্ৰ গাঁথি দিব লাগিব।

৩) এজন ফাৰ্মাচিষ্ট নিয়োগ কৰাৰ প্ৰমাণ-পত্ৰ দিব লাগিব। (অৱশ্যে এই প্ৰমাণ-পত্ৰ চুড়ান্ত অনুমোদনৰ সময়ত জমা কৰিলেও হ’ব)।

৪) যদি আবেদনকাৰী অনুসুচিত জাতি বা জনজাতীয় লোক হয় বা শাৰীৰিকভাৱে অক্ষম হয়, তাৰ প্ৰমাণ- পত্ৰ আবেদনৰ লগত গাঁথি দিব লাগিব।

৫) পানকাৰ্ড, আধাৰকাৰ্ডৰ প্ৰতিলিপি দিব লাগিব।

৬) যদি আবেদনকাৰী স্বেচ্ছাসেৱী সংগঠন , চিকিৎসালয় আদি হয়, তাৰ পঞ্জীয়নৰ প্ৰমাণ-পত্ৰ গাঁথি দিব লাগিব।

৭) আবেদন-পত্ৰ সকলো যাৱতীয় প্ৰ-পত্ৰসহ এক বন্ধ খামত তলত উল্লেখ কৰা ঠিকনাত পঠাব লাগিব-

প্ৰতি

মুখ্য কাৰ্যবাহী বিষয়া

ব্যুৰ’ অৱ ফাৰ্মা পাব্লিক ছেক্টৰ

আণ্ডাৰটেকিং অৱ ইণ্ডিয়া (BPPI)

আইডিপিএল কৰ্প’ৰেট অফিচ,

আইডিপিএল কমপ্লেক্স,

পুৰণা দিল্লী, গুৰগাঁও ৰোড,

হাৰিয়ানা-১২২০১৬

৮) আবেদন-পত্ৰৰ বাবে বা প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ সবিশেষ তথ্য জানিবৰ বাবে ৱেবছাইট Janausadhi.gov.in  চাব পাৰে ।

লেখক: ৰঞ্জিত কৌশিক (দেওবৰীয়া সুকন্যা)

 

2.97959183673
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top