অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিশ্ব এইডচ্ দিৱসৰ চিন্তা :

বিশ্ব এইডচ্ দিৱসৰ চিন্তাৰ বিষয়ে লিখা হৈছে ।

আজি বিশ্ব এইডচ্ দিবস। এই সৰ্বাটো সুন্দৰ ধৰণীৰ পৰা এইডচ নামৰ মহাব্যাধিক নিৰ্মূল কৰাৰ মানসৰে প্ৰতি বছৰ ১ ডিচেম্বৰৰ পৰা এই দিৱসটো সমগ্ৰ পৃথিবীতে ১৯৮৮ চনৰ পৰা পালন কৰা হৈছে। ই আহি আহি ৩০ বছৰত ভৰি দিলেহি। বিশ্বাস কৰা হ'য় ১৯২০ চনৰে পৰা আফ্ৰিকাৰ এক বান্দৰৰ প্ৰজাতিৰ শৰীৰত এইচ আই ভি বীজাণুৰ অৱস্থিতি আছিল যি কালক্ৰমত ই মানুহলৈ বিয়পি পৰে। ১৯৮০ চনৰ আগলৈ এই বীজাণুৰ অৱস্থিতি ধৰা পৰা নাছিল। প্ৰথমতে ১৯৮১ চনত সম লিঙ্গৰ মাজত হোৱা যৌন সংসৰ্গৰ বাবে এই বীজাণু সংক্ৰামিত হোৱা বুলি ধাৰণা কৰা হৈছিল যদিও পিছত বিপৰীত লিঙ্গ তথা অন্য মাধ্যমেৰেও সি বিয়পে বুলি প্ৰমাণিত হয়। কাল ক্ৰমত ই গোটেই বিশ্বতে বিয়পি পৰে আৰু বৰ্তমান এক মহামাৰীৰ ৰূপ লৈছে ।

এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত হ'লেই ব্যক্তিক এইডচ্ ৰোগী বুলি কব পৰা নাযায়। ব্যক্তিৰ সহজ বল তথা ৰোগ প্ৰতিৰোধ ক্ষমতা উল্লেখনীয় ভাৱে হ্ৰাস পাৱাৰ ফলত কিছুমান লক্ষণ ফুটি উঠিব ধৰে। সেই অৱস্থাত তেখেতক এইডচ্ ৰোগী বুলি ক'ব পৰা যায়। কেতিয়াবা দেখা যায় ব্যক্তি এইচ ভি আই বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছতো গোটেই জীৱন এইডচ্ ৰোগ নহবওঁ পাৰে, যদিও বা তেনেকুৱা উদাহৰণ সমগ্ৰ বিশ্বতে বিৰল। এইচ আই ভিয়ে দেহৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থা ভাঙি চুৰমাৰ কৰি দিয়ে যাৰ ফলত ব্যক্তি খূব সহজতে সাধাৰণ ৰোগতে অাক্ৰান্ত হৈ ত্ৰাহি মধুসূদন সুঁৱৰিব লগা হয়। তেনেকৈয়ে কালক্ৰমত ব্যক্তি মৃত্যু মুখত পৰে।

এইচ আই ভি কি দৰে বিয়পে আমি প্ৰতিজন মানুহে জনা উচিত। তাৰ ফলত এই মাৰাত্মক ব্যধিৰ পৰা সাৰি থকাই নহয় এই ৰোগৰ বিষয়ে সৃষ্টি হোৱা ভুল ধাৰণা সমূহ ক্ৰমে আতৰি যাব। ৰোগীৰ প্ৰতি অৱহেলা আৰু সামাজিক বৈষম্য সমূহো এনেদৰে আতৰ কৰিব পৰা যাব।

আমি জনা উচিত যে এই বীজাণু শৰীৰত অৱস্থিত কোনো জুলীয়া বা তৰল পদাৰ্থৰ মাধ্যমেৰে এজনৰ শৰীৰৰ পৰা আন এজনলৈ প্ৰবেশ কৰিব পাৰে। সাধাৰণতে চাৰি ধৰণে ই সম্ভৱ হয়। এই চাৰিটা হ'ল কনডম্ নোহোৱাকে কৰা অসুৰক্ষিত যৌন সংসৰ্গ, দুষিত বেজী বা চিৰিঞ্জৰ ব্যৱহাৰ যিটো সাধৰণতে নিচাযুক্ত ড্ৰাগছ সেৱনকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য, অনুজ্ঞাপত্ৰ নথকা বা ভালদৰে পৰীক্ষা নকৰা ৰক্ত লৱ লগীয়া হ'লে আৰু এইচ আই ভি সংক্ৰামিত গৰ্ভৱতী মহিলাৰ পৰা তেখেতৰ সন্তানলৈ যত সন্তানৰ বিন্দুমাত্ৰাও অৰিহণা নাথাকে।

স্বাস্থ্য কৰ্মী সকলে অসাৱধানতাৰ ফলত হঠাৎ সংক্ৰামিত হৈ যাব পাৰে যাক প্ৰফেচনেল হাজৰ্টছ হিচাপে জনা যায়। এইটো এক দুখজনক ঘটনা।

দুখৰ বিষয় যে এইচ অাই ভিৰ প্ৰতিষেধক আজিও আবিস্কৃত হোৱা নাই। চিকিৎসাৰ ক্ষেত্ৰত এণ্টি ৰেত্ৰোভাইৰেল ঔষধ সমূহে শেহতীয়াকৈ সুন্দৰ ফল দেখুৱাবলৈ আৰম্ভ কৰিছে যদিও ফলপ্ৰসূ চিকিৎসালৈ আৰু বহুদূৰ বাকী। শেহতীয়া গৱেষণা সমূহে আশাৰ বাণী কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছে। এই খনিতে এটা কথা উল্লেখ যোগ্য যে কোনো ব্যক্তি যদি ভুলক্ৰমে এইচ আই ভিৰ দ্বাৰা সংক্ৰামিত হোৱা বুলি সন্দেহ কৰে তেনেহলে ৭২ ঘণ্টাৰ ভিতৰত ঔষধ গ্ৰহণ কৰিলে এই বীজাণুৰ পৰা মুক্ত হোৱা আশা আছে। ঔষধ যিমান সোনকালে ব্যৱহাৰ কৰা যায় সিমানেই মঙ্গল জনক হয়। জনসাধৰণৰ হিতৰ কথা লক্ষ্য কৰি চৰকাৰে এইচ আই ভি পৰীক্ষা বিনামূলীয়া কৰিছে।

চৰকাৰৰ নিজৰে এইডচ্ প্ৰতিৰোধ কোষ আছে সজাগতা আৰু অন্যদিশত যি বিভিন্ন ধৰণে কাম কৰি আছে। লগতে বিভিন্ন বেচৰকাৰী প্ৰতিস্থান সমূহেও লেখত লৱলগীয়া অৱদান আগবঢ়াইছে। এই ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে জনজাত বিল গেটচ আৰু তেখেতৰ সহধৰ্মিনী মেলিণ্ডা গেটচৰ নাম উল্লেখযোগ্য।

বৰ্তমান সময়ত এইচ আই ভি আক্ৰান্তৰ প্ৰতি অৱহেলা বা ঘৃণাৰ মনোভাৱ এই বীজাণুতকৈও অধিক ভয়াবহ হিচাপে দেখা দিছে। আমি জনা উচিত একেলগে খোৱাবোৱা কৰিলে, কথা পাতিলে বা চু'লে এই ৰোগ সংক্ৰামিত নহয়। তেওঁলোকক অন্য সকলো বস্তুতকৈ আমাৰ মৰমৰ হে সৰ্বাধিক প্ৰয়োজন আছে।

প্ৰণিধান যোগ্য যে এইডচ ৰোগে দেহৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাত যিহেতু আক্ৰমণ কৰে আয়ুৰ্বেদ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত খূৱেই ফলপ্ৰসূ হ'ৱ পাৰে।

  • গুদুচি,
  • অশ্চগন্ধা,
  • শতাবৰী,
  • শংখপুষ্পী আদি ঔষধি গছ-বন সমূহে এই সক্ষমতা বহন কৰিছে যদিও এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন আছে।

আজি এইডচ দিৱস উপলেক্ষে সকলোলৈ মুকলি আহ্বান যে আহক আমি প্ৰত্যেকেই এই জটিল ৰোগ বিধৰ বিপক্ষে মাৰ বান্ধি থিয় দিও আৰু এই মাৰাত্মক ৰোগ বিধক সুন্দৰ ধৰাৰ পৰা নিৰ্মূল কৰাৰ পণ লওঁ ।

লিখক : ডাঃ কমল কৃষ্ণ নাথ

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top