অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিশ্ব হস্ত প্ৰক্ষালন দিৱস :

বিশ্ব হস্ত প্ৰক্ষালন দিৱসৰ বিষয়ে লিখা হৈছে ।

বিভিন্ন বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবলৈ হ’লে হাতদুখন পৰিষ্কাৰকৈ জৰিয়তে বিভিন্ন ৰোগৰ বীজাণু আমাৰ দেহত অতি সহজে প্ৰৱেশ কৰে।

হাত দুখন দেখাত চফা হৈ থকা যেন লাগিলেও প্ৰকৃতাৰ্থত পৰিষ্কাৰ নহ’বও পাৰে। সেয়ে খোৱাৰ আগতে আৰু পায়খানাৰ পৰা ঘূৰি অহাৰ পিছত হাতদুখন ভালকৈ চাবোনেৰে ধুই ল’ব লাগে।

বৰ্তমান মানুহৰ মাজত স্বাস্থ্য সচেতনতা বাঢ়িছে কিন্তু স্বাস্থ্য ৰক্ষাৰ বাবে সঘনাই হাত দুখন চাবোনেৰে ধোৱাৰ প্ৰতি গুৰুত্ব দিবলৈ মানুহে শিকা নাই।

সৰ্বসাধাৰণ মানুহৰ মাজত হাত ধোৱাৰ অভ্যাস গঢ়ি তুলিবৰ অৰ্থে বা মানুহক সজাগ কৰি তুলিবলৈ সমগ্ৰ বিশ্বতে ১৫ অক্টোবৰৰ দিনটো ‘বিশ্ব হস্ত প্ৰ্ক্ষালন দিৱস’ ৰূপে পালন কৰা হয়।

হাত দুখন আমি সঘনাই কিয় ধুব লাগে?

দৈনন্দিন আমি হেজাৰ-বিজাৰ বীজাণু আৰু বেক্টেৰিয়াৰ সংস্পৰ্শত থাকিব লগা হয়। এই বীজাণুবোৰ আমাৰ চৌপাশে যেনে-

  • পানীৰ টেপ,
  • দুৱাৰৰ হেণ্ডেল,
  • লাইটৰ চুইচ,
  • কম্পিউটাৰৰ কি-বোৰ্ড,
  • মাউচ আদিত ভৰি আছে।

এইবোৰ বস্তু দিনটোত আমি সঘনাই স্পৰ্শ কৰিবই লাগে। এইবোৰ স্পৰ্শ কৰাৰ পিছত চকু, নাক, কাণ আদি হাতেৰে আহাৰ খালেও ৰোগৰ বীজাণু আৰু বেক্টেৰিয়া দেহত প্ৰৱেশ কৰে।

সেয়ে হাত দুখন পৰিষ্কাৰকৈ ধুই ৰখাটো অতি গুৰুত্বপূৰ্ণ কথা। ইয়াৰ বাবে সঘনাই হাত দুখন চাবোনেৰে ধুই থাকিব লাগে।

হাত নোধোৱাকৈ খালে কি হ’ব -

নিয়মিতভাৱে হাত নোধোৱা লোক বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। অপৰিষ্কাৰ হাতেৰে আহাৰ খালে পেটৰ অসুখ হোৱাৰ সম্ভাৱনা থাকে।

বিশেষকৈ ডায়েৰিয়া এজনৰ হ’লে পৰিয়ালৰ আনবোৰ সদস্যৰো হ’বগৈ পাৰে। আনহাতে হাত ধোৱাৰ অভ্যাস নথকা বয়সীয়াল লোকৰো বিভিন্ন শ্বাসতন্ত্ৰজনিত ৰোগ যেনে-

  • নিউমোনিয়া,
  • হাঁপানি আদি হোৱাৰ সম্ভাৱনা থাকে।

মনত ৰাখিব, বহুতো বেমাৰ-আজাৰ কিন্তু হাত দুখন অপৰিষ্কাৰকৈ ৰখাৰ বাবে হয়।

কাৰ বাবে বেছি বিপজ্জনক -

শিশুসকলক পিতৃ-মাতৃ বা আন কোনো প্ৰতিপালন কৰা লোকেই পৰিষ্কাৰকৈ ৰাখিব লগা হয়।

  • শিশুক গা ধুওৱা,
  • কাপোত-কানি পিন্ধোৱা,
  • খাদ্য খুওৱা আদি কামবোৰ যিসকল লোকে কৰে তেওঁলোকে এনেবোৰ কাম কৰাৰ আগতে নিজৰ হাৰ চাবোনেৰে পৰিষ্কাৰকৈ ধুই লোৱাৰ অভ্যাস কৰিব লাগে। নহ’লে তলত উল্লেখ কৰা শিশুসকল আৰু গৰ্ভৱতী মাতৃ তথা অন্য ৰোগত আক্ৰান্ত ৰোগীসকল বিবিধ সংক্ৰামক ৰোগত আক্ৰান্ত হোৱাৰ প্ৰৱল আশংকা থাকে।
  • সদ্যভূমিস্থ হোৱা শিশু।
  • আগতীয়াকৈ জন্ম পোৱা শিশু।
  • সৰু ল’ৰা-ছোৱালী।
  • গৰ্ভৱতী মহিলা।
  • এইডচ, কেন্সাৰ ৰোগী।
  • অংগ সংৰোপণ কৰা লোক।

হাতদুখন কেতিয়া ধোৱা উচিত:

কিবা এটা খোৱাৰ পূৰ্বে শিশুটিক হাত দুখন চাবোনেৰে ধুবলৈ শিকাব লাগে। ইয়াৰ উপৰি তলত দিয়া কাৰণবোৰৰ বাবে হাত দুখন ধুব লাগে।

  • শৌচাগাৰলৈ যোৱাৰ পিছত।
  • পোহনীয়া কুকুৰ বা মেকুৰীটোৰ লগত খেলাৰ পিছত।
  • আহাৰ খোৱাৰ পূৰ্বে।
  • বাহিৰৰ পৰা ফুৰি আহি ঘৰ সোমালে।
  • কৰ্মক্ষেত্ৰ বা স্কুলৰ পৰা ঘৰলৈ অহাৰ পিছত।

বিশ্ব হস্ত প্ৰক্ষালন দিৱস:

২০০৮ চনৰ ১৫ অক্টোবৰৰ পৰা মানুহৰ মৃত্যুৰ হাৰ কমাই আনিবলৈ সমগ্ৰ বিশ্বত একধৰণৰ সজাগতা অভিযান চলোৱা হৈছিল। চাবোনেৰে হাত ধোৱাৰ অভ্যাস কৰিলে প্ৰায় পঞ্চাছ শতাংশ মানুহৰ মৃত্যুৰ হাৰ কমাই আনিব পাৰি।

২০০৮ চনৰ পৰা সমগ্ৰ বিশ্বত চৰকাৰী-বেচৰকাৰী অনুষ্ঠান, স্বেচ্ছাসেৱী সংগঠ্ন, ব্যক্তিগত কোম্পানীৰ উদ্যোগত ‘বিশ্ব হস্ত প্ৰক্ষালন দিৱস’ পালন কৰি অহা হৈছে।

চাবোনেৰে কিয় হাত ধুব লাগে -

কম খৰচী ব্যৱস্থা, চাবোনেৰে হাত ধোৱাৰ অভ্যাসে ডায়েৰিয়া বা অন্য আন্ত্ৰিক ৰোগ তথা শ্বাস-প্ৰশ্বাসজনিত ৰোগ্ৰ সংক্ৰমণ সহজে নিয়ন্ত্ৰণ কৰিব পাৰে। সমগ্ৰ বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰৰ কেবা নিযুত শিশু বছৰি এই ধৰণৰ সংক্ৰামক ৰোগত মৃত্য হয়।

কিন্তু এই বিপজ্জনক আৰু প্ৰাণ সংহাৰী ৰোগবোৰৰ পৰা শিশুহতক চাবোনেৰে হাত ধোৱাৰ দৰে সাধাৰণ অভ্যাসে বচাই ৰাখিব পাৰে।

যিকোনো আহাৰ খোৱাৰ আগতে আৰু পায়খানা কৰাৰ পিছত চাবোনেৰে হাত ধোৱাটো এক অভ্যাসত পৰিণত কৰিব পাৰিলে সমগ্ৰ বিশ্বতে ডায়েৰিয়া ৰোগত মৃত্যু হোৱা শিশুসকলৰ অৰ্ধেক আৰু প্ৰচণ্ড শ্বাস-প্ৰশ্বাসজনিত ৰোগত মৃত্যু হোৱা শিশুৰ এক চতুৰ্থাংশক নিশ্চিতভাৱে বচাব পৰা যাব।

কেৱল চাবোনেৰে হাত ধোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰিলেই ২০১৫ চনৰ ভিতৰত ৰূপায়ন কৰিবলৈ লোৱা ‘মিলেনিয়াম ডেভেলপমেন্ট গল’ নামৰ আঁচনিখনৰ অধীনত পাঁচ বছৰৰ তলত শিশুৰ মৃত্যুৰ হাৰ দুই তৃতীয়াংশলৈ হ্ৰাস কৰিব পৰা যায়।

‘বিশ্ব হস্ত প্ৰক্ষালন দিৱসে’ প্ৰধানকৈ শিশুসকলক লক্ষ্য হিচাপে লৈছে, কাৰণ ডায়েৰিয়া আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগত শিশুসকলেই বেছিকৈ ভোগে আৰু এনেধৰণৰ ৰোগত শিশুৰ মৃত্যুৰ হাৰো বেছি। শিশুসকলে যিহেতু যিকোনো নতুন ধ্যান-ধাৰণা আৰু অভিনৱ ক্ৰিয়া আদি অতি সহজে আৰু সাৱলীলভাৱে গ্ৰহণ কৰিব পাৰে।

সেয়ে তেওঁলোকক চাবোনেৰে সঘনাই হাত ধোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ উৎসাহিত কৰিলে অভ্যাস গঢ়ি তুলিবলৈ উৎসাহিত কৰিলে ভৱিষ্যতে নিজৰ লগতে সমাজখনতো স্বাস্থ্য সম্পৰ্কীয় সংস্কাৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ব আৰু ভৱিষ্যতে নিৰোগী তথা সুস্থ এখন বিশ্ব গঢ় দিয়াত সমৰ্থ হ’ব।

শিশুৰ মাজত সচেতনতা বৃদ্ধি -

হাত ধোৱাৰ প্ৰতি সচেতনতা আনিবৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষভাৱে প্ৰচাৰ চলোৱা হৈছে। বৰ্তমান বিশ্বৰ ১০০ খন দেশত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত হাত ধোৱাৰ আৱশ্যকতা সম্পৰ্কে ব্যাপক প্ৰচাৰ চলোৱা হৈছে। প্ৰতিখন দেশতে অনুষ্ঠান-প্ৰতিষ্ঠানবোৰৰ মাজত সমন্বয় ৰক্ষা কৰি হাতধোৱাৰ প্ৰতি সচেতনতা অনাৰ চেষ্টা অব্যাহত ৰখা হৈছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top