অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিশ্ব হাত ধোৱা দিৱস :

বিশ্ব হাত ধোৱা দিৱসৰ বিষয়ে লিখা হৈছে ।

 

পৰিষ্কাৰ-পৰিচ্ছন্নতা মানৱ জীৱনৰ এটা অবিচ্ছেদ্য অংগ। খাদ্য খোৱাৰ আগেয়ে আৰু খাদ্য খোৱাৰ পাছতো প্ৰত্যেকেই নিজৰ হাত দুখন ধোৱাটো অতি জৰুৰী। প্ৰতিটো ক্ষেত্ৰতে হাত ধোৱা আৰু পৰিষ্কাৰকৈ ৰখাটো সুস্বাস্থ্যৰ অন্যতম পূৰ্বচৰ্ত। হাত দুখনৰ পৰাই পোনপটীয়াকৈ খাদ্যৰ জৰিয়তে বহুতো বেমাৰৰ বীজাণু আমাৰ শৰীৰত প্ৰৱেশ কৰে। ই আমাৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়।

২০০৮ চনৰ পৰা প্ৰত্যেক বছৰে ১৫ অক্টোবৰৰ দিনটো বিশ্বব্যাপি ‘বিশ্ব হাত ধোৱা দিৱস’ (global hand wash day) ৰূপে পালন কৰি অহা হৈছে। এই দিৱসটো ‘গ্ল’বেল হেণ্ড ৱাচিং পাৰ্টনাৰশ্বিপ’ৰ সৌজন্যত বিভিন্ন দহ-সংগঠন, চৰকাৰ, বিভিন্ন আন্তৰ্জাতিক সংস্থা, এন জি অ’ৰ লগতে নানান ব্যক্তিগত কোম্পানী আদিৰ সহযোগত পালন কৰা হয়।

প্ৰথম বছৰ অৰ্থাৎ ২০০৮ চনৰ ১৫ অক্টোবৰত এই দিনটোত সমগ্ৰ বিশ্বতে প্ৰায় ৭০ খন দেশৰ ১২০ নিযুত ল’ৰা-ছোৱালীয়ে চাবোনেৰে হাত ধুই দিৱসৰ সূচনা কৰে। তেতিয়াৰ পৰা প্ৰত্যেক বছৰে ১০০ খনতকৈও অধিক দেশৰ প্ৰায় ২০০ নিযুতৰ ওপৰ লোকে এই হাত ধোৱা কাৰ্যৰ লগত জড়িত হৈ আহিছে। ১৯৬০ চনৰ পৰা ২০০৭ চনলৈ আমেৰিকাৰ এদল গৱেষকে এই অধ্যয়ন কৰি দেখিলে যে বিশ্বব্যাপী মাত্ৰ ৬৭ শতাংশ লোকহে শৌচ কৰি হাত ধোৱে। মহিলাসকলৰ মাজত এই হাৰ ৭৫ শতাংশ আৰু সৰু ল’ৰা-ছোৱালীৰ মাজত ৫৮ শতাংশ।

‘আমেৰিকান চেন্টাৰ ফৰ ডিজিজ কন্ট্ৰ’ল নামৰ সংস্থাটোৰ গৱেষণাত দেখা গৈছে যে আমেৰিকাৰ নিচিনা সভ্য দেশৰ লোকসকলৰ হাত নোধোৱাৰ কাৰণে প্ৰতি বছৰে প্ৰায় এক লাখ লোক বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। হাত নোধোৱাৰ কাৰণে হোৱা বেমাৰৰ চিকিৎসাত প্ৰত্যেক বছৰে খৰচ হয় ৪.৫ বিলিয়ন ডলাৰ, যিটো আমাৰ দেশৰ হিচাপত কেইবা কোটি টকা হ’ব। এই বছৰ অৰ্থাৎ ২০১৭ চনৰ ১৫ অক্টোবৰৰ হাত ধোৱা দিৱসৰ মূল বিষয়বস্তু হ’ল ‘হাত দুখনেই আমাৰ ভৱিষ্যৎ’ (our hands, our future) এইটোৱে আমাক সোঁৱৰাই দিয়ে যে হাত ধোৱাৰ ফলত আমাৰ স্বাস্থ্য সুৰক্ষিত হৈ থকাৰ উপৰি আমাৰ জাতি আৰু দেশৰ লগতে সমগ্ৰ বিশ্বও সুৰক্ষিত হৈ থাকিব।

এই দিৱস পালনৰ তাৎপৰ্য হ’ল বিশ্বব্যাপী সকলোকে হাত ধোৱাৰ গুৰুত্ব সম্পৰ্কে সচেতন কৰা আৰু হাত ধোৱা কাৰ্যৰ প্ৰতি উদ্বুদ্ধ কৰা। বহুতেই এই কথা জানিলেও বাস্তৱিকতে ইয়াক অনুকৰণ নকৰে। কিছুমান লোক আকৌ এই বিষয়টোৰ প্ৰতি একেবাৰে উদাসীন।

বহু গৱেষণাত দেখা গৈছে যে হাত ধোৱাৰ ফলত পেটৰ বিষ, ডায়েৰিয়া, কলেৰা, অমাশয়, কৃমিৰ আক্ৰমণ প্ৰায় ৩৭ ভাগ কমে। তদুপৰি স্বাসতন্ত্ৰৰ ৰোগ, যেনে- ইনফ্লুয়েঞ্জা, কাহ, ডিঙিৰ ক্ষতিকাৰক সংক্ৰমণৰ প্ৰায় ৫০ শতাংশ কমে। দেখা গৈছে যে খোৱাৰ আগেয়ে আৰু শৌচ কৰাৰ পাছত হাত ধুলে ২০টা মাৰাত্মক প্ৰাণহানিকাৰক ৰোগৰ ৰক্ষা পোৱা যায়।

সকলোতকৈ ভয়ানক কথাটো হ’ল আমাৰ দেশৰ পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ অন্যতম কাৰণ হ’ল ডায়েৰিয়া, কলেৰা আদি বিভিন্ন সংক্ৰামক ৰোগ আৰু ভালকৈ হাত ধুলেই এই ৰোগসমূহৰ পৰা ৰক্ষা পোৱা যায়।

হাত শুদা পানী নহয় ভালদৰে চাবোনেৰে ঘঁহি ঘঁহি ফেন উঠাই ধুব লাগে। কেৱল হাতৰ ওপৰৰ অংশটোৱেই নহয়, হাতৰ পাছৰ অংশ, দুই আঙুলিৰ ফাঁক, নখৰ গুৰিৰ পৰা আগলৈ কমেও ২০ ছেকেণ্ড ঘঁহি ঘঁহি হাত টেপৰ পানীৰ তলত পাতি ধুব লাগে। গুৰুত্বপূৰ্ণ কথা এটা হ’ল যে বেচিনৰ টেপটোও ভালদৰে পৰিষ্কাৰকৈ ৰাখিব লাগে। হাত ধোৱাৰ পাছত পৰিষ্কাৰ টাৱেল বা টিচু পেপাৰেৰে হাত দুখন মচি শুকুৱাই ল’ব লাগে।

বহুতে কয় যে এন্টিবায়’টিক চাবোনেৰে হাত ধুলে সকলোতকৈ ভাল কিন্তু এইটো ভুল ধাৰণা। ই উপকাৰতকৈ ক্ষতিহে কৰে। এনেদৰে এন্টিবায়’টিক চাবোনেৰে হাত ধোৱাৰ ফলত বেক্টেৰিয়াবোৰ এন্টিবায়’টিক প্ৰতিৰোধী হৈ যায় ফলত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়।

গতিকে সাধাৰণ চাবোন বা লিকুইড চাবোন পানীৰে হাত ধোৱাই সকলোতকৈ ভাল। বাহিৰলৈ ফুৰিবলৈ গ’লে পেপাৰ চ’প ব্যৱহাৰ কৰিব পাৰে, অগত্যা এলকহলযুক্ত চেনি টাইজাৰ ব্যৱহাৰ কৰিব পাৰে।

হাত কেতিয়া ধুব লাগে:

*শৌচ কৰ্মৰ পাছত।

*খোৱাৰ আগেয়ে আৰু খোৱাৰ পাছত।

*কাহ, চৰ্দী হ’লে মুখত হাত দিয়াৰ পাছত।

*পশু-পক্ষী হাতেৰে চুলে।

*ময়লা বা আৱৰ্জনা চাফা কৰিলে।

*অসুস্থ লোক বা ৰোগীৰ সেৱা বা যত্ন কৰাৰ আগে-পাছে।

*ৰন্ধা-বঢ়া কৰাৰ আগে-পাছে।

*চকুত হাত দিয়াৰ আগে-পাছে।

*হাত মাটিত লাগিলে।

*নৱজাতকক কোলাত ল’লে হাত ধোৱা জৰুৰী, হাত ধুৱাতকৈ কোলাত ল’লে সিহঁতৰ ডায়েৰিয়া, শ্বাসতন্ত্ৰৰ সংক্ৰামণ আদি মাৰাত্মক ৰোগ হ’ব পাৰে।

*শিশুসকলে বাহিৰৰ পৰা খেলা-ধূলা কৰি অহাৰ পাছত হাত ধোৱাত উৎসাহিত কৰিব লাগে। বহুতো মাকে সন্তানৰ মল-মূত্ৰ বেয়া বুলি নধৰি হাত ভালকৈ নোধোৱা। কেঁচুৱাৰ ডাইপাৰ, মল-মূত্ৰ পৰিষ্কাৰ কৰি ভালকৈ হাত ধোৱাতো অতি জৰুৰী।

যিহেতু সুস্থ হৈ থকাৰ কাৰণে মৌলিক উপাদান হিচাপে হাত ধোৱা অতি গুৰুত্বপূৰ্ণ, গতিকে এই দিৱসৰ দিনটোক সংযুক্ত কৰি বছৰৰ বাকীবোৰ দিনতো হাত পৰিষ্কাৰ কৰাটো অতীৱ প্ৰয়োজন। ইয়াৰ বাবে গণ মাধ্যমৰ ভূমিকা অত্যন্ত জৰুৰী।

নানা ধৰণৰ বিজ্ঞাপন, চুটি ছবি, বাটৰ নাট, পোষ্টাৰ, শ্ল’গান আদিৰ দ্বাৰা কেনেকৈ হাত ধোৱা হয় আৰু হাত ধোৱাৰ ফলত কি সুফল পাব পাৰি তাৰ বিষয়ে সচেতনতা সৃষ্টি কৰিব লাগে। ঘৰ আৰু স্কুলত শিশুসকলৰ মাজত এই সংক্ৰান্তীয় জ্ঞান দিয়াটো উচিত।

ঘৰখনত এই ক্ষেত্ৰত মাক-দেউতাকে বিশেষ ভূমিকা পালন লাগিব। আনহাতে স্কুলক শিক্ষকসকলেও এই বিষয়ে যথেষ্ট ভূমিকা পালন কৰিব লাগিব। অপৰিষ্কাৰ হৈ থকাৰ ফলত শিশুসকলেই বেছিকৈ ৰোগত পৰে যদিও ডাঙৰৰ ক্ষেত্ৰতো এইটো সমানে প্ৰযোজ্য।

লেখিকা: ৰূপলেখা দেৱী(অসম বাণী)

 

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top