অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মিজলছ-ৰুবেলা টিকা :

মিজলছ-ৰুবেলা টিকাৰ বিষয়ে লিখা হৈছে ।

ভাৰতবৰ্ষই ২০২০ চনত মিজলছ বা সৰু আই আৰু ৰুবেলা বিষাণুজনিত ৰোগ দুবিধ নিৰ্মূল কৰাৰ লক্ষ্যৰে ২০১৭ চনৰ ফ্ৰেব্ৰুৱাৰীৰপৰা দেশৰ বিভিন্ন প্ৰদেশত মিজলছ-ৰুবেলা টিকাকৰণ আৰম্ভ কৰে আৰু ইতিমধ্যে দেশৰ ২৬ খন প্ৰদেশত টিকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু ১১ কোটি ৮৫ লাখ শিশুক নিৰাপদে টিকা দিয়া হৈছে।

যোৱা ১৮ আগষ্টৰপৰা অসমতো এই প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আজি পৰ্যন্ত অসমত ২৬ লাখতকৈ অধিক শিশুক সফলতাৰে টিকা দিয়া কাম সম্পূৰ্ণ হৈছে।

মিজলছ-ৰুবেলা টিকা নমহীয়া শিশুৰপৰা আৰম্ভ কৰি ১৫ বছৰ অনূৰ্দ্ধৰ সকলো শিশুকে দিয়া হয়। উল্লেখনীয় যে আগেয়ে নিয়মীয়া টিকাকৰণৰ আঁচনিৰ জৰিয়তে এম এম আৰ(মিজলছ মামছ ৰুবেলা) বা এম আৰ(মিজলছ-ৰুবেলা) টিকা লোৱা শিশুসকলৰ ক্ষেত্ৰতো এই টিকাকৰণ প্ৰযোজ্য হ’ব।

ওপৰত উল্লেখ কৰি অহা হৈছে যে সৰু আই আৰু ৰুবেলা ভাইৰাছ বা বিষাণুজনিত সংক্ৰামক ৰোগ। সৰু আই একপ্ৰকাৰ মাৰাত্মক ব্যাধি আৰু ই শিশুৰ মৃত্যুৰ অন্যতম কাৰণ। এই ৰোগ অত্যন্ত সংক্ৰামক। ই কাহ, খেঁকাৰ, হাঁচি বা কথোপকথনৰ জৰিয়তে অন্য ব্যক্তিলৈ বিয়পি পৰে। ওএই ৰোগত আক্ৰান্ত ব্যক্তি বা শিশুৰ-

  • দেহত জ্বৰ,
  • কাহ,
  • পানী লগা,
  • মূৰৰ বিষ,
  • চকু উঠা বা ৰঙা পৰা আদি উপসৰ্গই দেখা দিয়ে।

তদুপৰি আৰম্ভণিতে কাণৰ পাছফালে ৰঙচুৱা চকলা উঠে আৰু পিছলৈ দেহৰ বিভিন্ন অংশত বিয়পি পৰে। এই ৰোগৰ বিশেষ কোনো চিকিৎসা নাই। বহু সময়ত দেখা যায় যে এই ৰোগত আক্ৰান্ত শিশু বা ব্যক্তিৰ দেহত-

  • বিভিন্ন প্ৰকাৰৰ নতুন জটিল ৰোগৰ,
  • বিশেষকৈ ডায়েৰীয়া,
  • নিউম’নিয়া,
  • মগজুৰ এনকেফেলাইটিছ,
  • চকুৰ ৰেটিনাৰ প্ৰদাহ আদি মাৰাত্মক ৰোগৰ সৃষ্টি হয়।

বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা অনুযায়ী ২০১৬ চনত পৃথিৱীৰ বিভিন্ন দেশত ১,২৪,২০০ শিশুৱে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটি লয় আৰু ইয়াৰে প্ৰায় ৪৯,২০০, অৰ্থাৎ(৩৪ শতাংশ) শিশুৱেই আছিল ভাৰতবৰ্ষৰ।

ৰুবেলাও ভাইৰাছ বা বিষাণুজনিত সংক্ৰামক ৰোগ। ইয়াৰ লক্ষণসমূহ প্ৰায় সৰু আইৰ দৰে। এইবিধ ভাইৰাছো সৰু আইৰ দৰে-

  • কাহ,
  • খেঁকাৰ,
  • হাঁচি,
  • কথোপকথনৰদ্বাৰা সংক্ৰমিত হয়।

ৰুবেলাক জাৰ্মান মিজলছ বুলিও কোৱা হয়। সাধাৰণতে ৰুবেলা সৰু আইৰ দৰে মাৰাত্মক বিধৰ ৰোগ নহয়। অৱশ্যে কেনেবাকৈ গৰ্ভৱতী মহিলা, বিশেষকৈ গৰ্ভৱতী হোৱাৰ তিনি মাহৰ ভিতৰত আক্ৰান্ত হ’লে, বিভিন্ন প্ৰকাৰৰ জটিল সমস্যাৰ সৃষ্টি হ’ব পাৰে।

দেখা গৈছে যে ৰুবেলা আক্ৰান্ত গৰ্ভৱতী মহিলাৰ ৯০ শতাংশৰ ক্ষেত্ৰতে এই ভাইৰাছ গৰ্ভস্থ শিশুলৈ সংক্ৰমিত হৈ পৰে আৰু শিশুটিৰ দেহত কনজেনাইটেল ৰুবেলা ছীণ্ড্ৰ’ম নামৰ একপ্ৰকাৰ জটিল ৰোগ লক্ষণ-সমষ্টি উৎপন্ন হয়।

ইয়াৰ ফলত মহিলাগৰাকীৰ অকালতে গৰ্ভপাত হয় নতুবা তেওঁ মৃত সন্তান প্ৰ্সৱ কৰিব পাৰে। কেৱল সেয়াই নহয়, যিবিলাক শিশু জীৱন্তে ভূমিস্থ হয়, তেওঁলোকো বিভিন্ন প্ৰকাৰৰ জটিল বিসংগতিৰ চিকাৰ হয় আৰু এই বিসংগতিবোৰৰ চিকাৰ হয় আৰু এই বিস্ংগতিবোৰৰ বেছিভাগকেই আধুনিক চিকিৎসাৰে নিৰাময় কৰিব নোৱাৰি।

বিসংগতিসমূহ এনেধৰণৰ- অন্ধ্ৰ, কলা-বোবা বা অতি ক্ষুদ্ৰাকাৰ মূৰ হৈ জন্ম হয়। তদুপৰি-

  • হৃৎপিণ্ড,
  • যকৃৎ,
  • প্লীহা,
  • হাড়,
  • চকুৰ ৰেটিনা আদিৰ বিভিন্ন জটিল সমস্যাৰ লগতে শিশুসকল ভিন ভিন মানসিক সমস্যাতো ভুগিব পাৰে।

কনজেনাইটেল ৰুবেলা ছীণ্ড্ৰ’ম কেৱল এটা পৰিয়ামৰে সমস্যা নহয়, এয়া একপ্ৰকাৰৰ আৰ্থ-সামাজিক সমস্যা।

যিহেতুকে এই ৰোগৰ কোনো চিকিৎসা নাই, সেয়ে ইয়াৰপৰা হাত সাৰি থকাৰ একমাত্ৰ উপায় হৈছে গৰ্ভৱতী মহিলাসকলক ৰুবেলা ভাইৰাছৰদ্বাৰা আক্ৰান্ত নোহোৱাকৈ ৰখা তাকে কৰিবলৈ হ’লে দেশৰ সকলো শিশুকে ৰুবেলা ভাইৰাছৰ টিকা দিয়া অতি প্ৰয়োজনীয়।

টিকাকৰণে শিশুসকলক এই ৰোগৰপৰা মুক্ত কৰি ৰাখে আৰু ৰুবেলা ভাইৰাছ সংক্ৰমণত বাধাৰ সৃষ্টি কৰে।

অতি দুৰ্ভাগ্যৰ বিষয় এই যে বিশেষকৈ অভিবাসী মুছলমান অধ্যুষিত কিছুমান একেলাত এচাম দুষ্ট চক্ৰৰ প্ৰৰোচনা আৰু অভিসন্ধিমূলক মিছা প্ৰচাৰৰ বাবে টিকাকৰণ প্ৰক্ৰিয়া ব্যাহত হৈ পৰিছে।

আনকি টিকা প্ৰদানৰ পিছত বহুতো শিশু ‘মাছ হিষ্টেৰীয়া’ নামৰ মানসিক সমস্যাত আক্ৰান্ত হৈছে আৰু তাকে লৈ স্থানীয় একাংশ লোকে স্বাস্থ্যকৰ্মীক আক্ৰমণ কৰাৰ উপৰি চিকিৎসালয় ভাঙি পেলাবলৈ অপচেষ্টা কৰিছে।

যোৱা ৭ ছেপ্টেম্বৰত কামৰূপ জিলাৰ সোণতলী আৰু ২ অক্টোবৰত নগাঁৱৰ লংকাৰ ঘটনা উল্লেখযোগ্য আৰু উদ্বেগজনক।

দুষ্ট চক্ৰই এইবুলি প্ৰচাৰ চলাইছে যে এই টিকা লোৱাৰ ফলত শিশুসকলে প্ৰজনন ক্ষমতা হেৰুৱাই পেলাব আৰু এই টিকাকৰন অভিযান মুছলমানসকলৰ জনসংখ্যা কমোৱা চৰকাৰৰ ভয়ংকৰ ষড়যন্ত্ৰ।

বিগত বছৰতো জাপানী এনকেফেলাইটিছৰ টিকা প্ৰদানৰ সময়ত দুষ্ট চক্ৰই উৰা-বাতৰিৰে মুছলমান ৰাইজক বিভ্ৰান্ত কৰিছিল, ফলত মুছলমান অধ্যুষিত বহু অঞ্চলত টিকাকৰণ প্ৰক্ৰিয়া বন্ধ কৰিবলগীয়া হয়।

আমি বিনম্ৰভাৱে মুছলমান ৰাইজক জনাব বিছাৰিছোঁ যে এই টিকা বিশ্বৰ বিভিন্ন দেশত প্ৰদান কৰা হৈছে আৰু ভাৰতবৰ্ষতো ২৬ খন প্ৰদেশত টিকাকৰণৰ কাম সুকলমে সম্পূৰ্ণ হৈছে। এই টিকা বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত।

এই টিকা কেৱল এক বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ বাবে নহয়। টিকাকৰণৰ ফলত প্ৰজনন ক্ষমতা হেৰুওৱাৰ ভয় দুষ্টচক্ৰৰ অভিসন্ধিমূলক অপপ্ৰচাৰহে।

সদাশয় ৰাইজক জনাব বিছাৰিছোঁ যে আমি এই টিকাকৰণ আঁচনিৰ লগত ওতপ্ৰোতভাৱে জড়িত আৰু ইতিমধ্যে অসমৰ বিভিন্ন ঠাইৰ মছজিদ, মাদ্ৰাছা, বিদ্যালয়, চিকিৎসালয় আদিত সৰু আই-ৰুবেলা টিকা সম্বন্ধীয় সজাগতা সভা কৰিছোঁ। আমি নিশ্চিত যে এই টিকা অতি নিৰাপদ।

সেয়ে অসমৰ ৰাইজক, বিশেষকৈ মুছলমানসকলক অনুৰোধ জনাওঁ যে উৰা বাতৰিৰদ্বাৰা প্ৰৰোচিত নহ’ব, আপোনালোকৰ শিশুসকলক নিৰ্ভয়ে সৰু আই-ৰুবেলা টিকা দিয়ক। আহক, আমি সকলোৱে মিলি আমাৰ দেশখনক সৰু আই আৰু ৰুবেলাৰপৰা মুক্ত কৰোঁ।

লেখক: ডাঃ ইলিয়াছ আলী(দৈনিক অসম)

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top