অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্যও মানৱ অধিকাৰ :

সুস্বাস্থ্যও মানৱ অধিকাৰৰ বিষয়ে লিখা হৈছে।

 

ৰাষ্ট্ৰসংঘৰ বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ববাসীৰ বাবে সৰ্বোচ্চ মানৰ স্বাস্থ্যৰ হেতু বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এছিয়া আৰু আফ্ৰিকাৰ বহুতো দেশৰ স্বাস্থ্য-ব্যৱস্থা বৰ্তমানো বিশেষ উন্নত মানৰ নহয়। বিকশিত দেশবোৰতো হয়তো দুখীয়া শ্ৰেণীৰ লোকসকল এই ব্যৱস্থাৰ দ্বাৰা লাভান্বিত হ’ব পৰা নাই। চিকিৎসা-ব্যৱস্থাৰ দ্বাৰা জনসাধাৰণ যথোচিতভাৱে লাভান্বিত হ’ব নোৱাৰাৰ প্ৰধান কাৰণবোৰ হ’ল দৰিদ্ৰতা, দুৰ্নীতি আৰু স্বাস্থ্য সেৱাৰ বজাৰত পুঁজিপাতিৰ একছত্ৰী মালিকীস্বত্ব ইত্যাদি। ইয়াৰ উপৰি আন কিছুমান কাৰকৰ বাবে মানুহৰ সাংবিধানিক  অধিকাৰ, অৰ্থাৎ মানৱ অধিকাৰ সঘনাই হনন কৰা দেখা যায়। ১৯৯৩ চনৰ মানৱ অধিকাৰ সুৰক্ষা আইন আৰু আন্ত:ৰাষ্ট্ৰীয় কনভেনচন মতে, স-সন্মানেৰে তথা স্বাধীনতা আৰু সমানতাৰে জীৱন যাপন কৰাৰ সাংবিধানিক অধিকাৰকে মানৱ অধিকাৰ বোলে। এই স্ংজ্ঞা মৰ্মে সুস্থভাৱে জীয়াই থকাৰ অধিকাৰো মানৱ অধিকাৰেই অংশ।

সুস্বাস্থ্যৰ অৱসান ঘটাই মানৱ অধিকাৰ হননকাৰী কিছুমান সামাজিক ব্যাধিৰ ওপৰত আইনী ধাৰণাবোৰ স্পষ্ট কৰাৰ উদ্দেশ্যৰে -

তন্ত্ৰ-মন্ত্ৰ আৰু বেজালি -

তন্ত্ৰ-মন্ত্ৰৰ দেশ অসম বুলি জনাজাত যদিও তন্ত্ৰ-মন্ত্ৰ আৰু বেজালি গোটেই ভাৰতবৰ্ষতে সমাজৰ ব্যাধিস্বৰুপ হৈছে। উদাহৰণ স্বৰুপে ৰঙাপাৰা চহৰৰ অনিল চমা নামৰ ভণ্ড কালীসাধকজনৰ শিশু বলি দিয়া, উত্তৰ প্ৰদেশত বহুসংখ্যক মানুহৰ লাওখোলা আৱিষ্কৃত হোৱা ইত্যাদি সভ্য সমজৰ মানৱ অধিকাৰ হননৰ চৰম লজ্জাজনক ঘটনা। ইয়াৰ উপৰি তন্ত্ৰ-মন্ত্ৰ আৰু বেজালিৰ চমক দেখুৱাই সৰ্বসাধাৰণ লোকক তন্ত্ৰ চিকিৎসাৰ দ্বাৰা নিৰোগী কৰাৰ আশ্বাস দি ধন লুট কৰাৰ উদাহৰণো এইখন দেশত বহুতো পোৱা যায়। এই সামাজিক ব্যাধিৰ বলি অকল গ্ৰামাঞ্চলৰ লোকেই হোৱা নাই, চহৰৰ কিছুমান অতি বেছি শিক্ষিত, বিজ্ঞ লোকো এইধৰণৰ অন্ধবিশ্বাসৰ বলি হোৱা দেখা যায়। ১৯৫৪ চনৰ ৩০ এপ্ৰিলৰ দিনা ড্ৰাগছ এণ্ড মেজিক ৰিমেডিজ (আপত্তিজনক বিজ্ঞাপন) অধিনিয়মখন জন্মু আৰু কাশ্মীৰৰ বাদে দেশৰ  সকলো ঠাইৰ বাবে বলৱৎ কৰা হৈছিল। ভাৰতবৰ্ষত এই মেজিক ৰিমেডিজ প্ৰোহিবিচন এক্টৰ মতে ভণ্ড তন্ত্ৰ-মন্ত্ৰ আৰু বেজালিৰ ৰোগ নিৰাময় কৰাৰ প্ৰতিশ্ৰুতি দিয়া বা তেনে কোনো বিজ্ঞাপন প্ৰচাৰ কৰাৰ নিচিনা কাৰ্যবোৰ দণ্ডনীয় যদিও বৰ্তমানো জনসাধাৰণ এইধৰণৰ আইনৰ পৰা বিশেষভাৱে লাভান্বিত হ’ব পৰা নাই। আইনত সকলো প্ৰাৱধানেই আছে কিন্তু সামাজিক সচেতনাৰ অভাৱত শিক্ষিত বা অশিক্ষিত সকলো লোকেই মানৱ অধিকাৰ হননৰ এই প্ৰক্ৰিয়াটোক চলি থাকিবলৈ থল দিছে।

প্ৰদুষণ-

গ্ৰামাঞ্চলৰ প্ৰদুষণে হওক বা চহৰীকৰণৰ প্ৰদুষণে হওক দুয়োটাই স্বাস্থ্যৰ পক্ষে হানিকাৰক বুলি আমি সকলোৱে জানো। তথাপি উত্তৰ-পুৰ্বাঞ্চলৰ গেটৱে’ নামেৰে খ্যাত এই গুৱাহাটী চহৰত এজাক ভালকৈ বৰষুণ দিলেই লেট্ৰিনৰ৪ ছেপটিক টেংকৰ পানী মানুহৰ ঘৰৰ দুৱাৰডলিত উপস্থিত হয়হি। গাড়ীৰ ধোঁৱা তথা চহৰীকৰণৰ বাবে দিনৰ ভাগতেই কাম কৰা প্ৰজেক্টবোৰৰ ধুলি আৰু ৰাস্তাৰ দাঁতিৰ ধুলিৰ দ্বাৰা শ্বাসৰুদ্ধ অৱস্থা এই মহানগৰীত । ইয়াৰ উপৰি খোৱাপানীৰ আপুৰ্তি, প্ৰদুষণ তথা নৈ-বিল আদিৰ প্ৰদুষণ আদি বাতৰিকাকতৰ দৈনিক খবৰ। বায়ু, পানী আৰু পৰিৱেশৰ প্ৰদুষণৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে বহুতো আইনৰ ব্যৱস্থা আছে, যেনে- The Water (Prevention $ Control of Pollution Act 1974, The Air (Prevention $ Control of Pollution) Act, 1981 আৰু  The Environment (Protection)Act, 1986 ইত্যাদি। কিন্তু ইয়াৰ ব্যৱহাৰ অৰু উপযোগিতা সঁচায়ে পয়ালগা অৱস্থাত। জনসচেতনতাৰ অভাৱত আৰু আইন বলৱৎকাৰী অনিয়মতাৰ বাবে এইধৰণৰ প্ৰদুষণেৰে সৃষ্টি হোৱা শ্বাস-প্ৰশ্বাসৰ বেমাৰকে আদি কৰি কেন্সাৰ বেমাৰ পৰ্যন্ত মানুহৰ ওপৰত জপাই দি সুস্বাস্থ্যকৰ সৈতে জীয়াই থকাৰ মানৱ অধিকাৰ হনন কৰাত অৰিহণা যোগাইছে। ইয়াৰ উপৰি প্ৰদুষণ অকল গুৱাহাটী বা অসমৰেই সমস্যা নহয়, ই সমগ্ৰ বিশ্ববাসীৰ সুস্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰুপ হৈ পৰিছে। বিকশিত দেশতো উদ্যোগ স্থাপন, হাবি-বন কাটি তহিলনহ কৰাৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধিয়ে সুস্বাস্থ্য সংকটজনক কৰি তুলি মানৱ অধিকাৰ হনন কৰিছে। এই বিষয়ক ৰাষ্ট্ৰসংঘৰ বিভিন্ন প্ৰকাৰৰ নিয়মাৱলীও সম্পুৰ্নৰুপে সফল হ’ব পৰা নাই।

ভেজাল খাদ্য -

চাউল, দাইলৰ পৰা আৰম্ভ কৰি মিঠাতেলত জেট্ৰোপাৰ ৰস মিহলিৰ দৰে ভেজাল খাদ্যৰ যোগানৰ ঘটনা আমাৰ সন্মুখেৰে বহুবাৰ পাৰ হৈ গৈছে। খাদ্য ভেজালকৰণৰ দ্বাৰা এচাম ব্যৱসায়ীয়ে দুৰ্নীতিগ্ৰস্ত প্ৰশাসনৰ জৰিয়তে সকলো ধৰণৰ আইন-কানুনক বুঢ়া আঙুলি দেখুৱাইছে। অৰ্থনৈতিকভাৱে সবল ব্যৱসায়ীসকলেই ভাৰতত নিয়ন্ত্ৰণ কৰে চৰকাৰী ব্যৱস্থা, ৰাজনীতি, অৰ্থনীতি ইত্যাদি। গতিকে তেওঁলোকৰ প্ৰকোপত সৰ্বসাধাৰণ বা দুখীয়াৰ বাবে সুস্বাস্থ্যৰ মানৱ অধিকাৰ তেনেই তুচ্ছ হৈ পৰে। ফলত ভেজাল খাদ্যৰ প্ৰতিৰোধৰ বাবে তৈয়াৰ কৰা আইনবোৰো ব্যৰ্থ হৈ পৰিছে। তথাপি ভেজাল খাদ্য প্ৰতিৰোধৰ বাবে তৈয়াৰ কৰা মুখ্য আইনবোৰ হ’ল-The Prevention of Food Adulteration Act, 1954, Food Safety and Standards Regulations, Food Safety and Standards (Prohibition and Restrictions on Sales) Regulations, 2011, Food Safety and Standards (Contaminants, Toxins and Residues)Regulations,2011 ইত্যাদি। এই আইনবোৰত খাদ্যবস্তু পৰীক্ষা- নিৰীক্ষা কৰা, খাদ্য পৰিদৰ্শকৰ কৰ্তব্য, এনালিষ্টৰ কৰ্তব্য, শাস্তি বিধান আদি উল্লেখ কৰা আছে যদিও আইনী মেৰপেঁচ আৰু জনসচেতনতাৰ অভাৱৰ বাবে এইদৰেও জনসাধাৰণৰ মানৱ অধিকাৰ খৰ্ব কৰিছে।

চিকিৎসা সেৱা -

চিকিৎসা সেৱাৰ ক্ষেত্ৰতো উন্নত মানৰ চিকিৎসা কেৱল ধনী শ্ৰেণীৰ বাবেহে উপলব্ধ। অথচ দেশৰ বেছিভাগ লোকেই দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ। দৰবৰ ক্ষেত্ৰতেই হওক বা চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰতেই হওক, দুখীয়া শ্ৰেণী বিভিন্ন চৰকাৰী আঁচনিৰ দ্বাৰাও প্ৰকৃততে লাভান্বিত নহয়। সুস্বাস্থ্য মানৱ অধিকাৰ আৰু এই অধিকাৰ খৰ্ব হোৱাৰ প্ৰবলতা দেশৰ দুখীয়া শ্ৰেণীৰ ক্ষেত্ৰত অতি বেছি। বিভিন্ন চৰকাৰী আঁচনি গৃহীত কৰিলেও, দুৰ্নীতি আৰু চৰকাৰী ব্যৱস্থাৰ সঠিক প্ৰতিপালনৰ অভাৱত সা-সুবিধাখিনি সৰ্বসাধাৰণ ৰাইজৰ হাতলৈ সম্পুৰ্ণৰুপে গৈ নাপায়। উদাহৰণ স্বৰুপে, ১০৮ এম্বুলেন্সৰ ধাৰণাটো সঁচাকৈ লেখত ল’বলগীয়া আছিল। কিন্তু যিদিনা মই নিজে গাড়ী দুৰ্ঘটনাত পতিত হৈছিলো, এটা বিষৰ দৰব আৰু সাধাৰণ বেণ্ডেজ এটাও ১০৮ এম্বুলেন্সত বিচাৰি নাপাই হতভম্ব হৈছিলো। সৰ্বসাধাৰণে সুস্বাস্থ্য বা চিকিৎসা সেৱাৰ মৌলিক ব্যৱস্থাখিনিও নোপোৱাটো মানৱাধিকাৰৰ উলংঘন নহয় জানো?

মৌলিক সুবিধাৰ অভাৱ -

চিকিৎসাকৰ্মীসকলে মৌলিক সুবিধা নোপোৱাৰ ফলত ৰোগীক নুন্যতম প্ৰাপ্যখিনিও বহু সময়ত দিবলৈ অসমৰ্থ হোৱাটো প্ৰায়ে দেখা যায়। যাৰ ফলত সুস্বাস্থ্যৰ হেতু সময়মতে প্ৰয়োজনীয় স্বাস্থ্য সেৱা নোপোৱাৰ বাবে ৰোগীৰ যথেষ্ট ক্ষতিসাধন হয়। এইটো একপ্ৰকাৰৰ মানৱ অধিকাৰ উলংঘনৰে উদাহৰণ। চিকিৎসাকৰ্মীৰ প্ৰয়োজনীয় সকলো ধৰণৰ সা-সুবিধাৰ প্ৰতি চৰকাৰে মনোযোগ দিলেহে তেওঁলোকৰ সেৱাৰ মনোভাব জাগ্ৰত হ’ব। অন্যথা এনেদৰে এজনে আনজনৰ ওপৰত দোষাৰোপ কৰি ৰোগী আৰু চিকিৎসাকৰ্মী দুয়োপক্ষৰ অধিকাৰ খৰ্ব কৰিয়ে বিভিন্ন ধৰণৰ কেছৰ লগত জড়িত হৈ থাকিব।

চিকিৎসা অৱহেলা -

ইচ্ছা বা অনিচ্ছাকৃতভাৱে কৰা চিকিৎসা অৱহেলাৰ কেছো প্ৰত্যক্ষভাৱে আৰু বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি দেখা পোৱা যায়। ৰোগীৰ মৃত্যুৰ আগমুহুৰ্তলৈকে পৰিয়ালৰ মানুহক চিকিৎসালয়ৰ নিয়ম অনুসৰি লগ কৰিবলৈ নিদিয়া, টকা জমা দিব নোৱাৰা বাবে চিকিৎসা আৰম্ভ কৰিব নোৱাৰাৰ ফলত ৰোগীৰ মৃত্যু হোৱা, ভেকচিনৰ নিৰ্দিষ্ট সংৰক্ষণৰ অভাৱত ৰোগীৰ ক্ষতি হোৱা, গৰ্ভনিৰোধক প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিছত গৰ্ভৱতী হোৱা বা মৃত্যু হোৱা ইত্যাদি । চিকিৎসা অৱহেলাৰ বাবে ৰোগীৰ তথা পৰিয়ালৰ ক্ষতিসাধন হোৱাটোও সঘনে পৰিলক্ষিত হয়। এই ধৰণৰ মানৱ অধিকাৰ হৰণৰ বিষয়ত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কিছুমান নিয়মাৱলীও বিভিন্ন কেছৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰিছিল। কিন্তু প্ৰচলন আৰু সজাগতাৰ অভাৱত ইয়াৰো সফল ব্যৱহাৰ দৃষ্টিগোচৰ নহ’ল।

বৃত্তিগত স্বাস্থ্য -

কোনো লোকৰ স্বাস্থ্য যদি বৃত্তিগত কাৰণত, অৰ্থাৎ কোনো উদ্যোগ নাইবা প্ৰতিষ্ঠানত কৰ্মৰত অৱস্থাত সংকটাপন্ন হয়, তেন্তে তাৰ বাবে উত্তৰদায়ী নিয়োগকৰ্তা। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২১,৩৯(ঙ), ৪১ আৰু ৪২ মতে স্বাস্থ্য সুৰক্ষা আৰু স্বাস্থ্যযত্নক এক মৌলিক অধিঅকৰ ৰুপে অভিহিত কৰা হৈছে তথা আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ গোহাৰিতো বৃত্তিগত সুস্বাস্থ্যৰ অধিকাৰক মানৱ অধিকাৰ বুলি স্বীকৃতি দিছে। সংবিধানৰ নিৰ্দেশক নীতিৰ জৰিয়তেও কৰ্মচাৰীৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰখাটো নিয়োগকৰ্তাৰ দায়িত্ব বুলি সুচাইছে। তথাপি কৰ্মচাৰীও এই মানৱাধিকাৰৰ পৰা বঞ্চিত হোৱাৰ উদাহৰণ বিৰল নহয়।

মানসিক স্বাস্থ্য -

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন চেয়াৰমেন ন্যায়াধীশ জে এছ বাৰ্মাৰ নিৰ্দেশ অনুসৰি কোনো কয়দী যদি মানসিক ৰোগী হয়, তেন্তে তেওঁক জে’লভ ৰাখিব নোৱাৰে, মানসিক চিকিৎসালয়ত ভৰ্তি কৰোৱাটো ৰাজ্য চৰকাৰ অথবা সংঘক্ষেত্ৰৰ প্ৰশাসনৰ দায়িত্ব। তদুপৰি এনেকুৱা ব্যক্তিক কোনোপধ্যেই শিকলি লগাই থ’ব তথা অমানৱীয় ব্যৱহাৰ কৰিব নোৱাৰে। এনেধৰণৰ কাৰ্যকলাপে মানসিক ৰোগীৰ মানৱ অধিকাৰক খৰ্ব কৰে। ২০১১ চনৰ মানসিক ৰোগীৰ আইনখনৰ মতে কোনো মানসিক ৰোগীক মানসিকভাৱে বা শাৰীৰিকভাৱে হানি কৰিব নোৱাৰে আৰু চিকিৎসাৰ নামত বা চিকিৎসা পদ্ধতিৰে অত্যাচাৰ কৰিব নোৱাৰে। কোনো মানসিক বিকৃতি থকা ব্যক্তিক গৱেষণাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে, যদিহে আইনী অভিভাৱকে অথবা ৰোগীয়ে অনুমতি নিদিয়ে। অথবা গৱেষণাটো ৰোগীজনৰ হিতৰ বাবে নহয়। এইধৰণৰ কাৰ্যৰ লগত জড়িত অপৰাধক অতি সম্ভীৰ অপৰাধ বুলি আখ্যা দি অপৰাধীক ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৪০,৩৪২,৩৪৩ আৰু ৩৪৪ ৰ অধীনত অতি কমেও তিনি বছৰ পৰ্যন্ত কৰাদণ্ড বিহা হয়।

NHRC ৰ ৰাজ্য চৰকাৰৰ প্ৰতি মুখ্য উপদশেশসমুহ -

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰাজ্য চৰকাৰলৈ দিয়া উপদেশসমুহ হ’ল- ৰাজ্যিক জনস্বাস্থ্য সেৱা নিয়ম বা অধিনিয়মবোৰ বনাওঁতে ৰাষ্ট্ৰীয় জনস্বাস্থ্য অধিনিয়ম, নাগৰিকৰ স্বাস্থ্য অধিকাৰ, জনস্বাস্থ্য ব্যৱস্থাৰ কৰ্তব্য আৰু ব্যক্তিগত স্বাস্থ্য সেৱা ব্যৱস্থাক বেছিকৈ গুৰুতগ দিয়াটো অতি প্ৰয়োজনীয়। স্বাস্থ্য সেৱাৰ বাবে প্ৰয়োজনীয় বাজেটত যথেষ্ট গুৰুত্ব প্ৰদান কৰাটো উচিত, যাতে মৌলিক চিকিৎসা সেৱাৰ অভাৱত জনসাধাৰণৰ মানৱ অধিকাৰ খৰ্ব নহয়। ৰাজ্য চৰকাৰে ষ্টেট হেলথ ছাৰ্ভিচ মনটৰিং আৰু কনছাল্টেটিভ কমিটী গঠন কৰি স্বাস্থ্য অধিকাৰ আৰু স্বাস্থ্য আঁচনিৰ সফল ৰুপায়ণৰ প্ৰতি চোকা দৃষ্টি ৰখাটো জৰুৰী। স্বাস্থ্যযত্ন অস্বীকাৰজনিত কেছবোৰ অতি সোনকালে সমাধান কৰিবলৈ ৰাজ্যিক আৰু জিলা স্তৰত হেলথ ৰাইটছ মেকানিজম গঠনৰ প্ৰয়োজনীয়তাও উল্লেখ কৰিছে। ভাৰতীয় সংবিধানৰ ৫২ তম সংশোধন আৰু ১১ নং ছিডুল অনুসৰি স্বাস্থ্য সেৱাক জিলাভিত্তিক পঞ্চায়তীৰাজ ব্যৱস্থৰ গাওঁসভা পৰ্যন্ত বিকেন্দ্ৰীকৰণক অগ্ৰাধিকাৰ দিবলৈ উপদেশ দিয়ে।ৰাজ্যিক স্বাস্থ্য বিভাগে ঠাইভেদে জৰুৰী দৰবৰ লিষ্ট বনাই চৰকাৰী চিকিৎসালয়ত বিনামুলীয়াকৈ উপলব্ধ কৰিব লাগে। স্বাস্থ্যকৰ্মীৰ দ্বাৰা দেশৰ গ্ৰামাঞ্চল বা চহৰতেই হওক সামাজিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে ৰোগ প্ৰতিৰোধমুলক বা চিকিৎসামুলক কাৰ্যক্ৰম কৰাটো অতি জৰুৰী। মানৱ শক্তি উন্নয়নৰ যোজনামুলক কাৰ্যকাৰিতাৰ দ্বাৰা স্বাস্থ্যকৰ্মীৰ সেৱা লোৱাটো উচিত। চৰকাৰী অথবা বেচৰকাৰী দুয়োটা ক্ষেত্ৰত দুৰ্নীতি, অৱহেলাৰ নিচিনা ব্যাধিবোৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটোও ৰাজ্য চৰকাৰেই কৰ্তব্য। ইত্যাদি।

২০০৩ চনৰ পৰাই ৰাষ্ট্ৰীয় মানৱধিকাৰ আয়োগে দেশৰ বিভিন্ন ঠাইত জনস্বাস্থ্য অভিযান ঘোষণা কৰি স্বাস্থ্য আৰু অধিকাৰ বিষয়ৰ বিভিন্ন সমস্যাক উজাগৰ কৰিবলৈ সক্ষম হৈছিল। এই অভিযানৰ সময়ত প্ৰস্তাৱিত স্বাস্থ্যযত্ন সম্বন্ধীয় মানৱ অধিকাৰৰ বিষয়বোৰ আছিল-মহিলাৰ স্বাস্থ্যযত্নৰ অধিকাৰ, শিশু সুস্বাস্থ্যৰ অধিকাৰ, মানসিক ৰোগীৰ অধিকাৰ, অতি দৰকাৰী জীৱনৰক্ষক দৰবৰ অধিঅকৰ, ব্যক্তিগত ক্ষেত্ৰৰ স্বাস্থ্যযত্নৰ কিছুমান অধিকাৰ, দুৰ্ঘটনাগ্ৰস্ত ৰোগীৰ স্বস্থ্যযত্নৰ অধিঅকৰ, এইচ আই ভ/ এইডছ ৰোগীৰ স্বাস্থ্য সুৰক্ষাৰ অধিকাৰ, বৃত্তিগত আৰু পৰিৱেশ সম্বন্ধীয় স্বাস্থ্যযত্নৰ অধিকাৰ ইত্যাদি। তথাপি যেতিয়ালৈ সমাজলৈ বিষয়টোৰ সচেতনতা নাহে তেতিয়ালৈ সুস্বাস্থ্যৰ অধিকাৰ, বৃত্তিগত আৰু পৰিৱেশ সম্বন্ধীয় স্বাস্থ্যযত্নৰ অধিকাৰ ইত্যাদি। তথাপি যেতিয়ালৈ সমাজলৈ বিষয়টোৰ সচেতনতা নাহে তেতিয়ালৈ সুস্বাস্থ্যৰ অধিকাৰক মানৱাধিকাৰ হিচাপে প্ৰায়োগিক স্বীকৃতি অনাটো সহজ নহ’ব আৰু বিভিন্ন আঁচনিৰ পৰা সঠিকভাৱে লাভান্বিত হ’ব নোৱাৰিব। গতিকে বিষয়টোক সমাজৰ বিভিন্ন স্তৰত গুৰুত্ব প্ৰদান কৰি সামাজিক প্ৰগতি আৰু উন্নয়নত অৰিহণা যোগাবলৈ আগ্ৰহ কৰিলো।

লেখক: মুনিন হুজুৰী (জি এনআৰচি স্বাস্থ্য)

 

 

3.025
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top