অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বিভাগৰ শুশ্ৰুষা আঁচনি :

স্বাস্থ্য বিভাগৰ শুশ্ৰুষা আঁচনিৰ বিষয়ে লিখা হৈছে ।

 

মানৱ শৰীৰত তলপেটৰ দুইকাষে দুটা বৃক্ক থাকে। ইয়াৰ আকৃতি আমি খোৱা উৰহী গুটিটোৰ লেখীয়া।

পুৰুষ-মহিলা উভয়ৰে বৃক্কৰ ওজন বেলেগ বেলেগ। বৃক্কৰ বহুতো প্ৰয়োজনীয় কাম আছে।

বৃক্কই প্ৰতিদিনে বহু পৰিমাণৰ তেজ শোধন কৰি প্ৰস্ৰাৱৰ যোগেদি উলিয়াই দিয়ে।

আমাৰ শৰীৰৰ বাবে লাগতিয়াল পদাৰ্থৰ প্ৰয়োজন সেই বস্তুটোৰ প্ৰতিও বৃক্কই চকু দিয়ে।

গতিকে আমি সকলোৱেই বৃক্কৰ প্ৰতি বিশেষ যত্ন লোৱাটো জৰুৰী। কিছু কিছু ক্ষেত্ৰত বৃক্কৰ নানা ধৰণৰ বিসংগতিয়ে দেখা দিব পাৰে।

আমাৰ ৰাজ্যখনত বহু লোক কম-বেছি পৰিমাণে বৃক্কৰ ৰোগত আক্ৰান্ত হয়। কেতিয়াবা কিছু সংখ্যক ৰোগীৰ বৃক্ক প্ৰত্যাৰোপণ কৰিবলগীয়া হয়।

এই বৃক্ক প্ৰত্যাৰোপণৰ চিকিৎসা পদ্ধতি যথেষ্ট ব্যয়বহুল। দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে এই ৰোগৰ চিকিৎসা কৰিলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব পাৰে।

অসম চৰকাৰে বৃক্ক প্ৰত্যাৰোপণ কৰা ৰোগীলৈ অৰ্থসাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে স্বাস্থ্য বিভাগৰ উদ্যোগত ‘শুশ্ৰুষা’ শীৰ্ষক এই কল্যাণকামী আঁচনি ৰূপায়ণ কৰিছে।

এই আঁচনিৰ অধীনত বৃক্ক প্ৰত্যাৰোপণ কৰা ৰোগীলৈ এক লাখ টকা এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হয়।

এই শুশ্ৰুষা আঁচনিৰ অধীনত আৰ্থিক সাহায্য পাবলৈ হ’লে ৰোগীজনৰ-

*অস্ত্ৰোপচাৰৰ দিন ১ এপ্ৰিল ২০১০ অথবা তাৰ পাছত হ’ব লাগিব।

*ৰোগীজনে ন’ডেল বিষয়াৰ দ্বাৰা বৃক্ক প্ৰত্যাৰোপণৰ উপযুক্ত প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।

*ৰোগীজনৰ পৰিয়ালৰ বাৰ্ষিক আয় ৩ লাখ টকাতকৈ কম হ’ব লাগিব।

আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ ‘গুৱাহাটী চিকিৎসা মহাবিদ্যালয়’ৰ অধীক্ষক, ন’ডেল বিষয়াৰ লগত যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top