মূল পৃষ্ঠা / স্বাস্থ্য / ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান / স্বাস্থ্যখণ্ডৰ অভিলাষী আঁচনি মিছন ইন্দ্ৰধনুষ:এক অৱলোকন-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যখণ্ডৰ অভিলাষী আঁচনি মিছন ইন্দ্ৰধনুষ:এক অৱলোকন-

স্বাস্থ্যখণ্ডৰ অভিলাষী আঁচনি মিছন ইন্দ্ৰধনুষ:এক অৱলোকন লিখা হৈছে

মিছন ইন্দ্ৰধনুষ-

 

স্বাস্থ্যই পৰম ধন। বৰ্তমান প্ৰতিযোগিতাৰ যুগত ফেৰ মাৰিবলৈ  হ’লে আমি সকলোৱে প্ৰথম নিজৰ স্বাস্থ্যটোৰ প্ৰতি সচেতন হ’ব লাগিব। স্বাস্থ্য ভালে থাকিলেহে আমি আগুৱাই যাবলৈ সক্ষম হ’ম। গতিকে জন্ম হোৱাৰে পৰাই স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজনীয় বিষয়। শিশুসকলৰ স্বাস্থ্যৰ যতন লোৱাটো প্ৰতিগৰাকী পিতৃ-মাতৃৰ প্ৰধান দায়িত্ব তথা কৰ্তব্য। কাৰণ আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ। জন্মৰ সময়ৰ পৰাই শিশুটিক সম্পূৰ্ণ টিকাকৰণ কৰিব লাগে। ভাৰত চৰকাৰে শিশুসকলৰ টিকাকৰণ সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰি ২০১৪ চনৰ ২৫ ডিচেম্বৰত মিশ্বন ইন্দ্ৰধনুষ নামৰ এক স্বাস্থ্য অভিযান হাতত লয়। ২০২০ চনৰ ভিতৰত সকলো শিশুৰ বাবে প্ৰতিষেধক টিকা প্ৰদানৰ বাবে এই আঁচনিখন সমগ্ৰ দেশতে ৰূপায়ণ কৰা হৈছে। উক্ত আঁচনি উদ্বোধন কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নড্ডাই। এই অভিযানৰ অধীনত ২ বছৰৰ তলৰ শিশুসকলক টিকাকৰণ কৰা হয়। শিশুসকলক ৭টা মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰাৰ উদেশ্যে টিকাকৰণত গুৰুত্ব্জ প্ৰদান কৰা এই অভিযান ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰূপায়ণ কৰি আহিছে।

প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু চৰকাৰী চিকিৎসালয়সমূহত এই অভিযানৰ অধীনত টিকাকৰণ কৰা হয়। গতিকে আপোনালোকেও নিজৰ শিশুটিক সম্পূৰ্ণ টিকাকৰণ কৰি সচেতনতাৰ পৰিচয় দি আপোনাৰ শিশুটিক সুৰক্ষিত কৰক। বৰ্তমান বহুসংখ্যক পিতৃ-মাতৃয়ে এই অভিযানৰ অধীনত শিশুক টিকাকৰণ কৰাইছে। আপুনিও আপোনাৰ শিশুটিক টিকাকৰণ কৰাই তাক ৰোগমুক্ত কৰি তোলক। এই অভিযানৰ অধীনত অতি কম খৰচত টিকাকৰণ কৰা হয়। চৰকাৰী চিকিৎসালয়সমূহত বিনামূলীয়াকৈও টিকাকৰণৰ ব্যৱস্থা কৰা হৈছে। বিতংভাৱে জানিবলৈ চৰকাৰী চিকিৎসালয় আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ লগত যোগাযোগ কৰক। মিছন ইন্দ্ৰধনুষৰ ৱেৱছাইটতো এই আঁচনিখনৰ বিষয়ে সবিশেষ জানিব পাৰিব।

 

 

ইন্দ্ৰধনুষ মিছন ইন্দ্ৰধনুষ অভিযানৰ অধীনত শিশুক দিয়া টিকাৰ ব্যৱস্থা এনেধৰণৰ-

সময়

ভেকচিন

ৰোগ প্ৰতিৰোধ

জন্মৰ সময়ত

বি.চি.জি

অ.পি.ভি

হেপাটাইটিছ-বি

যক্ষ্মা

পলিঅ’

হেপাটাইটিছ-বি

ডেৰ মাহত

অ.পি.ভি

পেন্টাভেলেন্ট

ডিপথেৰিয়া

পাটুছিছ

টিটেনাছ

হেপাটাইটিছ-বি

হিম’ফিলাছ ইনফ্লুয়েঞ্জা বি

আঢ়ৈ মাহ

অ.পি.ভি

পেন্টাভেলেন্ট

ডিপথেৰিয়া

পাটুছিছ

টিটেনাছ

হেপাটাইটিছ-বি

হিম’ফিলাছ ইনফ্লুয়েঞ্জা বি

১৪ সপ্তাহ

অ.পি.ভি

পেন্টাভেলেন্ট

ডিপথেৰিয়া

পাটুছিছ

টিটেনাছ

হেপাটাইটিছ-বি

হিম’ফিলাছ ইনফ্লুয়েঞ্জা বি

১ বছৰ

সৰু আই

জাপানীজ

এনকেফেলাইটিছ

সৰু আই

জাপানীজ

এনকেফেলাইটিছ

 

উৎস-ৰাইজৰ বাতৰি

 

 

2.8
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top