মূল পৃষ্ঠা / স্বাস্থ্য / ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান / ২০৩০ পৰ্যন্ত জলাতংক ৰোগমুক্ত হ’বনে সমগ্ৰ বিশ্ব?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

২০৩০ পৰ্যন্ত জলাতংক ৰোগমুক্ত হ’বনে সমগ্ৰ বিশ্ব?

২০৩০ পৰ্যন্ত জলাতংক ৰোগমুক্ত হ’বনে সমগ্ৰ বিশ্ব?, সেই বিষয়ে লিখা হৈছে ।

 

আদিম কালৰে পৰা মানৱ সমাজত অতি মাৰাত্মকৰুপে পৰিচিত ৰোগসমূহৰ ভিতৰত জলাতংক বা ৰেবিজ ৰোগ অন্যতম। এণ্টাৰ্কটিকা সমন্বিতে নিচেই তাকৰীয়া কিছু অঞ্চল আৰু কেইখনমান দ্বীপৰাষ্ট্ৰক বাদ দি সমগ্ৰ বিশ্বতে জলাতংক ৰোগৰ প্ৰাদুৰ্ভাৱ আজিও পৰিলক্ষিত হৈ আহিছে। পৰিসংখ্যা অনুসৰি ভাৰতত বছৰি প্ৰায় ২০,০০০ মানুহ জলাতংক ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। অৱশ্যে আন্দামান-নিকোবৰ আৰু লক্ষাদ্বীপ ৰেবিজমুক্ত অঞ্চলৰ অন্তৰ্ভুক্ত। উষ্ণৰক্তী প্ৰায় সকলো জীৱজন্তুৰ প্ৰধানত: স্নায়ু কোষত বংশবিস্তাৰ কৰিব পৰা লাইচা নামৰ এবিধ বিষাণু বা ভাইৰাছ (Lyssa virus) হ’ল এই ৰোগৰ কাৰক। আক্ৰান্ত জন্তুৰ লেলাৱতিত ক্ষৰণ হোৱা ৰোগৰ বিষাণু তেনে জন্তুৰ কামোৰ অথবা আঁচোৰৰ জৰিয়তে মানুহৰ দেহলৈ বিয়পিব পাৰে । দেখা যায়, মানুহৰ অধিকাংশ (৯০ শতাংশ) জলাতংক ৰোগ সংক্ৰমণৰ মুখ্য কাৰক হ’ল পদপথৰ গৰাকীবিহীন কুকুৰ। বন্যজন্তু যেনে শিয়াল, বনা কুকুৰ, ৰেকুন বা অন্যান্য কুকুৰ প্ৰজাতিৰ প্ৰাণীৰ মাজত প্ৰবাহিত হৈ থকা এই ৰোগ পদপথৰ গৰাকীবিহীন কুকুৰ বা পোহনীয়া কুকুৰ-মেকুৰী আদিৰ সংক্ৰমণৰ জৰিয়তে জনাঞ্চললৈ বিয়পে। আমেৰিকাকে আদি কৰি কিছু দেশত তেজপীয়া বাদুলীৰ জৰিয়তেও মানুহ বা জীৱ-জন্তুলৈ এই ৰোগৰ সংক্ৰমণ হ’ব পাৰে।

যদিও অতি মাৰাত্মক, প্ৰতিষেধক ছিটা আৰু তাৎক্ষণিক চিকিৎসাৰ জৰিয়তে এই ৰোগ কিন্তু এশ শতাংশই প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ কৰিব পৰা যায়। ১৮৮৫ চনৰ ৬ জুলাইত পোনপ্ৰথমবাৰলৈ ৰেবিজ আক্ৰান্ত কুকুৰে অতি বেয়াকৈ কামোৰা যোচেফ মেইষ্টাৰ নামৰ এজন ৯ বছৰীয়া কিশোৰক পৰীক্ষণমূলকভাৱে ফ্ৰান্সৰ মহান বিজ্ঞানী লুই পেষ্ট্যুৰ (১৮২২-১৮৯৫) উদ্ভাৱিত জলাতংক ৰোগৰ প্ৰতিষেধক টীকা প্ৰদান কৰা হৈছিল। শহাপহুৰ মস্তিষ্কত জলাতংক ৰোগৰ বিষাণু সংক্ৰমণ কৰি পিছত ৰোগাক্ৰান্ত মেৰুমজ্জা (Spinal cord) শুকুৱাই চুৰ্ণীকৃত কৰি প্ৰতিষেধক ছিটা প্ৰস্তুত কৰা হৈছিল। যথেষ্ট অসংশোধিত ৰুপত মেইষ্টাৰক প্ৰতিষেধক প্ৰদান কৰা কাৰ্যৰ বাবে পেষ্ট্যুৰ সমালোচনাৰ সন্মুখীন হৈছিল যদিও মেইষ্টাৰৰ জীৱন ৰক্ষা পৰাত জলাতংক ৰোগৰ প্ৰতিষেধকৰ (ভেকচিন) প্ৰায়োগিক দিশত দৰাচলতে তেতিয়াৰ পৰাই এক নতুন যুগৰ সূচন হ’ল। পেষ্ট্যুৰৰ প্ৰতি কৃতজ্ঞতাৰ চিনস্বৰুপে জীৱনৰ বাকীচোৱা সময় মেইষ্টাৰে পেৰিছস্থিত পেষ্ট্যুৰ সংস্থানত (Institute Pasteur) কৰ্মনিৰ্বাহ কৰিছিল বুলি প্ৰবাদ আছে। পেষ্ট্যুৰৰ প্ৰাৰম্ভিক ভেকচিনৰ তুলনাত বৰ্তমানৰ উন্নত কাৰিকৰী প্ৰযুক্তিৰে তৈয়াৰ কৰা ভেকচিন সমূহ নিৰাপদ, অধিক কাৰ্যক্ষম আৰু প্ৰয়োগ কৰিবলৈও সুবিধাজনক। তদুপৰি প্ৰতিৰোধ ক্ষমতা অধিক খৰতকীয়া তথা কাৰ্যকৰী কৰি তুলিব পৰাকৈ এতিয়া অন্য প্ৰাণী বা মানুহৰ দেহত প্ৰস্তুত কৰা কিছু প্ৰতিদেহ উপলব্ধ।

প্ৰযুক্তিগত ইমান অগ্ৰগতিৰ পিছতো তেনেহ’লে জলাতংকৰ দৰে ১০০ শতাংশই ভেকচিন প্ৰতিৰোধ এক মাৰাত্মক ৰোগ কিয় নিৰ্মূল কৰিব পৰা হোৱা নাই? কিয় ৰেবিজাক এতিয়াও এক উপেক্ষিত ৰোগৰ আখ্যা দিয়া হয়? উন্নয়নশীল বহুতো ৰাষ্ট্ৰত এতিয়াও জলাতংক ৰোগে কাঢ়িছে বহুতো জীৱন। সমগ্ৰ বিশ্বজুৰি অতি কমেও প্ৰায় ৫০-৫৫ হাজাৰ লোকে এই ৰোগৰ প্ৰাণ হেৰুৱাব লগা হৈছে। আমাৰ ভাৰতবৰ্ষতে কেইবছৰমান আগলৈকে জলাতংকজনিত মৃত্যুৰ সংখ্যা সহস্ৰাধিক আছিল যদিও শেহতীয়া তথ্য অনুসৰি এই সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে (২০১৪, ২০১৫ আৰু ২০১৬ ত ক্ৰমে ১২৫ জন, ১১৩ জন আৰু ৮৬ জন)। ভাৰতকে ধৰি আন বহুতো উন্নয়নশীল আৰু পিছপৰা ৰাষ্ট্ৰত এতিয়াও পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধক ছিটা উপলব্ধ হোৱা নাই। ভাৰতত বছৰি জীৱজন্তুৰ দ্বাৰা কামোৰা বা আচোৰা প্ৰায় ১ কোটি ৭৪ লাখ (১৭.৪ মিলিয়ন) লোকৰ ভিতৰত মাত্ৰ ৩০ লাখ (৩ মিলিয়ন) লোকেহে জলাতংকৰ প্ৰতিষেধক ছিটা বা বা প্ৰতিদেহৰ চিকিৎসা লাভ কৰে। যদিও ভাৰতত প্ৰকৃতাৰ্থত বছৰি কিমান ভেকচিনৰ প্ৰয়োজন হয় তাৰ সঠিক তথ্য পোৱা নাযায়, তথাপি অনুমানিক ১ কোটি (১০ মিলিয়ন) ভেকচিন বছৰি প্ৰয়োজন হ’ব। পদপথৰ গৰাকীবিহীন কুকুৰৰ যথোপযুক্ত নিয়ন্ত্ৰণ ব্যৱস্থা নহ’লেও জলাতংক নিয়ন্ত্ৰণ প্ৰায় অসম্ভৱ হৈ পৰে। আনহাতে, বন্যজন্তুৰ মাজত প্ৰবাহিত হৈ থকা ৰেবিজ নিৰ্মূলকৰণ এক অত্যন্ত ব্যয়বহুল প্ৰচেষ্টা।

শেহতীয়াকৈ ২৮ ছেপ্টেম্বৰ ২০১৬ ত কুকুৰৰ দ্বাৰা মানুহলৈ সংক্ৰমণ হোৱা জলাতংক ৰোগত যাতে আৰু কোনো জীৱন হানি নহয় তাৰ বাবে বিশেষ পদক্ষেপ ল’বলৈ বিশ্ব স্বাস্থ্য সংগঠন, বিশ্ব পশু স্বাস্থ্য সংগঠন (WHO) আৰু ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংগঠনৰ এক যুটীয়া বিবৃতিযোগে সংশ্লিষ্ট সকলো পক্ষৰ লোকলৈ আহ্বান জনোৱা হৈছে। আগন্তুক ২০৩০ বৰ্ষৰ ভিতৰত এখন ৰেবিজমুক্ত বিশ্বৰ কল্পনাৰে কাৰ্যপন্থা হাতত ল’বলৈ আহ্বান জনাইছে এই  সংস্থাসমূহে।(GLOBAL ALLIANCE FOR habites contro , চমুকৈ (GARC) (Center for Disease Control, চমুকৈ( CDC) উল্লেখনীয় যে ২৮ ছেপ্টেম্বৰৰ দিনটো লুই পেষ্ট্যুৰৰ মৃত্যু বাৰ্ষিকী। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ গ্ল’বেল এলায়েঞ্চ ফৰ ৰেবিজ কণ্ট্ৰ’ল আৰু ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ সক্ৰিয় প্ৰচেষ্টাত আৰু WHO, OIE (PAHO)  আদি সংস্থাসমুহৰ বৃত্তীয় সহযোগত ২৮ ছেপ্টেম্বৰৰ দিনটো ২০০৭ চনৰ পৰাই বিশ্ব ৰেবিজ দিৱস হিচাপে পালন কৰি অহা হৈছে। মুখ্যত: ৰেবিজ সংক্ৰমণৰ পূৰ্ণ সম্ভাৱনা থকা লোক, যেনে – পশু চিকিৎসক, ১৫ বছৰৰ তলৰ ল’ৰা- ছোৱালী, জলাতংক ৰোগৰ বিষাণুৰ গৱেষণা আৰু প্ৰয়োগশালাত কাম কৰা লোক, জলাতংক নিয়ন্ত্ৰণ আৰু পশু কল্যাণৰ হকে কাম কৰা চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মীবৃন্দ আদিৰ মাজত ৰোগৰ সংক্ৰমণ আৰু ইয়াৰ বাবে ল’বলগীয়া তাৎক্ষণিক ব্যৱস্থা অদি সম্পৰ্কীয় সজাগতা আৰু বহুল পৰ্যায়ত কুকুৰৰ প্ৰতিষেধক টীকাকৰণ আৰু ৰেবিজ হৈ থকা অঞ্চলসমূহত মানুহৰ বাবে পৰ্যাপ্ত আৰু তাৎক্ষণিক ছিটাৰ উপলব্ধকৰণৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত কুকুৰৰ দ্বাৰা সংক্ৰমিত ৰেবিজ নিৰ্মূল কৰাত হাতে-কামে লাগি পৰিছে বিশ্বৰ প্ৰায় সকলো ৰাষ্ট্ৰ।

ভাৰত চৰকাৰৰ দ্বাদশ পঞ্চবৰ্ষীয় পৰিকল্পনাতো (২০১২-২০১৭) অন্তৰ্ভুক্ত কৰা হৈছে ৰাষ্ট্ৰীয় ৰেবিজ নিয়ন্ত্ৰণ কাৰ্যসুচী। কাৰ্যসূচীৰ সফল ৰুপায়ণৰ বাবে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ অধীনত ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ অধীনষ্ঠ পশু কল্যাণ পৰিষদক নডেল এজেন্সি হিচাপে চিনাক্ত কৰা হৈছে। যিহেতু এই ৰোগত মানৱ আৰু পশুৰ ৰেবিজ দুয়োটা উপাদানেই সাঙোৰ খাই আছে, গতিকে এক পূৰ্ণাংগ পৰ্যায়ৰ সফল ৰেবিজ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ বাবে পশু আৰু মানৱ দুয়োটা উপাদানৰেই সমান ভূমিকা আছে। মানৱ উপাদানে স্বাস্থ্যকৰ্মীসকলক প্ৰশিক্ষণ দিয়া, শেহতীয়াকৈ প্ৰচলিত আৰু অনুমোদিত টিচু বা চেল কালচাৰ ভেকচিনৰ প্ৰয়োগ-কৌশলক কাৰ্যত ৰুপায়িত কৰা (আজিকালি মাংসপেশীৰ পৰিৱৰ্তে কেৱল ছালত অতি কম পৰিমাণত বেজী দিয়া হয় (Introdermal route of incoculation), মানুহত হোৱা ৰেবিজৰ পৰিসংখ্যা আদিৰ সঠিক পৰ্যবেক্ষণ, তথ্য, শিক্ষা আৰু সমন্বয়, ৰেবিজ নিৰ্ণয় বা আন গৱেষণাৰ প্ৰয়োগশালাৰ সবলীকৰণ কৰা আদিত মনোনিৱেশ কৰিছে। আনহাতে, পশু উপাদানৰ নডেল এজেন্সিৰ ক্ষেত্ৰত কৰণীয় কামসমূহ হ’ল কুকুৰৰ জৰীপ, কুকুৰৰ সমূহীয়া ছিটাকৰণ, কুকুৰৰ বংশ বৃদ্ধি নিয়ন্ত্ৰণ, ৰেবিজ ৰোগৰ সঠিক তথ্যৰ পৰ্যবেক্ষণ তথা সবলীকৰণ ইত্যাদি।

জনসাধাৰণৰ জলাতংক ৰোগ সম্পৰ্কীয় সচেতনতাৰ অবিহনে যিকোনো ব্যয়বহুল প্ৰচেষ্টাও নিৰৰ্থক হৈ পৰিব পাৰে। সন্দেহযুক্ত অথবা আক্ৰান্ত জীৱজন্তুৱে কামুৰিলে বা আঁচুৰিলে ল’ব লগা তাৎক্ষণিক প্ৰাথমিক চিকিৎসাৰ বিষয়ে এতিয়াও বহুতো লোক অজ্ঞ। তদুপৰি এই ৰোগ সম্পৰ্কীয় কিছু ভ্ৰান্ত ধাৰণা এতিয়াও জনমানসত প্ৰতিয়মান হৈ থকাটো পৰিলক্ষিত হয়। সেয়েহে তলত কিছু প্ৰয়োজনীয় তথ্য সংশ্লিষ্ট সকলো লোকৰে হিতাৰ্থে দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে। বিশদ তথ্যৰ বাবে ওচৰৰ পশুৰোগ বিশেষজ্ঞ, মানৱ ৰোগ বিশেষজ্ঞ, স্বাস্থ্যকৰ্মী অথবা WHO/OIE/NCDC  আদিৰ ৱেবছাইটসমূহ চালে পাঠক সমাজ নিজে উপকৃত হোৱাৰ উপৰি ২০৩০ চনৰ ভিতৰত ৰেবিজমুক্ত এখন পৃথিৱী গঢ়ি তোলাৰ সপোনক বাস্তৱিক ৰুপ দিয়াৰ পৰিকল্পনাত যথাৰ্থ অৱদান আগবঢ়াব পাৰে।

১) জলাতংক ৰোগৰ বিষাণুৰ সংস্পৰ্শলৈ হাৰ অধিক সম্ভাৱনীয়তা থকা লোকসকলে সতৰ্কমূলকভাৱে ভেকচিনৰ এটা আগতীয়া কোৰ্ছ (Pre-exposure course) ০,৭, ২১/২৮ দিনৰ (মাংসপেশী বা ছালত) নিৰ্দিষ্ট সময়সূচী মতে লোৱাটো অতিশয় দৰকাৰী। প্ৰয়োজনসাপেক্ষে বছৰেকীয়া ছিটাকৰণো কৰিব লাগে। পোহনীয়া কুকুৰ-মেকুৰী আদিকো এনে Pre Exposure  ভেকচিন দিয়াব লাগে।

২) যিকোনো কুকুৰ-মেকুৰীয়ে কামুৰিলে বা আচুৰিলেই জলাতংক ৰোগ হ’ব নোৱাৰে। কেৱল ৰেবিজ ভাইৰাছ আক্ৰান্ত পগলা কুকুৰাৰ লেলাৱতিত ক্ষৰণ হোৱা ভাইৰাছ কামোৰ বা আঁচোৰৰ জৰিয়তে মানৱ দেহত প্ৰৱেশ কৰিব পাৰে। কিন্তু আগতে উল্লেখ কৰি অহাৰ দৰে অকল কুকুৰ-মেকুৰিয়েই নহয়, অন্যান্য বহুতো জন্তুৰ লেলাৱতিৰ সংস্পৰ্শলৈ আহিব পৰা ঘাঁৰ তাৎক্ষণিক চিকিৎসা কৰোৱাটোও অতিশয় আৱশ্যকীয়।

৩) সন্দেহযুক্ত জন্তু দেখিলে তাৎক্ষণিক পশু ৰোগ বিশেষজ্ঞক অৱগত কৰিব লাগে। সেয়েহে তেনে জন্তুৱে কামুৰিলে পৰাপক্ষত জন্তুটো অন্তত: ১০ দিনলৈকে পৰ্যবেক্ষণ কৰিব পৰাকৈ আবদ্ধ কৰি ৰাখিব পাৰিলে চিকিৎসাৰ বাবে সুবিধাজনক।

সাধাৰণতে যিকোনো জন্তুৰ গাত এই ৰোগৰ লক্ষণ দেখা দিয়াৰ ১০ দিনৰ ভিতৰত মৃত্যুমুখত পৰে।

৪) মানুহ বা অন্য জন্তুৰ দেহত ৰুগীয়া পশুৰ দ্বাৰা হোৱা ক্ষতস্থানৰ অৱস্থান আৰু গভীৰতা অনুযায়ী ভাইৰাছৰ সংক্ৰমণ কিমান খৰতকীয়া হ’ব সেয়া নিৰ্ভৰ কৰে। সাধাৰণতে অক্ষত অৱস্থাত থকা ছালৰ ভিতৰলৈ প্ৰৱেশ কৰিব পৰা ক্ষমতা এই ভাইৰাছৰ নাথাকে। কিন্তু চকু, শ্বাসতন্ত্ৰ, মুখগহ্বৰ আদিৰ শ্লেষ্মা আৱৰণৰ যোগেদিও ভাইৰাছৰ সংক্ৰমণ নুই কৰিব নোৱাৰি।

আক্ৰান্ত জন্তুৰ দ্বাৰা হোৱা ক্ষতস্থানৰ গভীৰতা বা পৰ্যায়সমূহৰ ওপৰত ভিত্তি কৰি ৰেবিজৰ প্ৰতি ল’বলগা প্ৰতিষেধক বা অন্যান্য ব্যৱস্থাৱলী/ চিকিৎসকৰ সুকীয়া নিৰ্দেশনাও ৰাষ্ট্ৰীয় ৰেবিজ নিয়ন্ত্ৰণ কাৰ্যসূচীসমূহত বিস্তৃত বৰ্ণনা পোৱা যায়।

৫) পূৰ্বতে প্ৰতিষেধক গ্ৰহণ কৰা মানুহ বা জন্তুৰ দেহলৈ ভাইৰাছৰ সংক্ৰমণ নিৰ্ভৰ কৰে আঘাতপ্ৰাপ্তিৰ সময়ত সেই মানুহজন অথবা জন্তুৰ তেজত ৰেবিজৰ বিষাণুক নিষ্ক্ৰিয় কৰিব পৰা প্ৰতিদেহৰ পৰিমাণৰ ওপৰত। WHO/OIE   ৰ নিৰ্ধাৰিত মানদণ্ড অনুসৰি ভেকচিন লোৱা এজন ব্যক্তি বা জন্তুৰ দেহৰ প্ৰতি মি:লি: চিৰামত (তেজ গোটা মৰাৰ পিছত ওলোৱা তৰল পদাৰ্থ) যদি ৰেবিজ প্ৰতিৰোধী প্ৰতিদেহ ০.৫ IU (IU আন্তৰ্জাতিক একক) বা ততোধিক পৰিমাণত থাকে, তেন্তে তেনে লোক বা জন্তুৰ ৰেবিজ প্ৰতিৰোধী ক্ষমতা অক্ষত অৱস্থাত থাকে। সেয়েহে নিশ্চিত নহ’লে পূৰ্বতে ভেকচিন লোৱা থাকিলেও যিকোনো জীৱজন্তুৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হ’লে এটা ভেকচিনৰ সম্পূৰ্ণ প’ষ্ট এক্সপ’জাৰ কোৰ্ছ (Post-exposure course) ০,৩,৭ আৰু ২৮ দিনত (০.১ মিলি কৈ দুয়োবাহুৰ ছালত) অথবা ০,৩,৭,১৪ আৰু ২৮ দিনত (০.৫ মিলি মাংসপেশীত) লোৱা অতিশয় জৰুৰী।

ভেকচিন লৈ থোৱা লোকসকলৰ তেজত ৰেবিজৰ বিষাণু প্ৰতিহত কৰিব পৰা প্ৰতিদেহৰ মাত্ৰা প্ৰতি দুবছৰৰ অন্তৰত পৰীক্ষা কৰাই প্ৰয়োজনসাপেক্ষে পুনৰ ভেকচিন লোৱাটো বাঞ্চনীয়।

৬) এই ৰোগৰ বিষাণু বিধ সূৰ্যৰ পোহৰ, অতি বেঙুনীয়া ৰশ্মি আৰু শুষ্কতা আদি প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি  অতি সংবেদনশীল। সেয়েহে প্ৰাণীদেহৰ বাহিৰত এই বিষাণু বেছি সময় সক্ৰিয় হৈ থাকিব নোৱাৰে। মৃত জন্তুৰ শৰীৰতো উত্তাপ কমি ২১ ডিগ্ৰী ছেণ্টিগ্ৰেড হোৱালৈ এই বিষাণুবিধ ২৪ ঘণ্টাৰ ভিতৰত নিষ্ক্ৰিয় হৈ পৰে।

৭) সৰু ল’ৰা-ছোৱালী , বয়সস্থ লোক, প্ৰসূতি আৰু কেঁচুৱাক স্তনপান কৰাই থকা মাতৃ আদি সকলো ধৰণৰ লোককে জলাতংকৰ প্ৰতিষেধক ছিটা দিব পাৰি।

৮) বৈজ্ঞানিক তথ্যৰ ভিত্তিত ৰেবিজ আক্ৰান্ত কুকুৰ আদিয়ে কামোৰা ব্যক্তিৰ খোৱা-বোৱাৰ ক্ষেত্ৰত কোনো প্ৰতিবন্ধকতা নাই। কুকুৰে কামোৰা ব্যক্তিয়ে উৰহী খাব নাপায় আনকি উৰহী গছৰ তলেৰেও যাব নাপায় আদি ধাৰণাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। অৱশ্যে ভেকচিন দিয়া লোকক মাদক দ্ৰব্য বৰ্জনৰ পৰামৰ্শ দিয়া হয় কাৰণ সুৰাপানে দেহৰ প্ৰতিৰোধ ক্ষমতা কমাই তোলে। সেয়েহে প্ৰতিষেধক ছিটায়ো তেনে ব্যক্তিৰ প্ৰতিৰোধকাৰী ক্ষমতা গঢ়ি তোলাত ব্যৰ্থ হ’ব পাৰে।

৯) ৰেবিজ আক্ৰান্ত খীৰতি গাইৰ গাখীৰৰ যোগেদি মানুহলৈ ৰেবিজ সংক্ৰমণৰ কোনো বৈজ্ঞানিক তথ্য প্ৰমাণিত হোৱা নাই যদিও তেনে গাখীৰ খোৱাটো অনুপযোগী। উতলোৱা গাখীৰৰ বা পেষ্ট্যুৰাইজেছন কৰা গাখীৰত ৰেবিজৰ বিষাণু নিষ্ক্ৰিয় হৈ পৰে। উল্লেখযোগ্য যে গাখীৰৰ পেষ্ট্যুৰাইজেছন হৈছে উষ্ণতা আৰু সময় নিয়ন্ত্ৰিত ৰোগসৃষ্টিকাৰী বীজাণু ধ্বংস কৰিব পৰা এক পদ্ধতি যাৰ উদ্ভাৱকো আছিল চিৰনমস্য বিজ্ঞানী লুই পেষ্ট্যুৰ । গাখীৰ খীৰোৱা ব্যক্তিজনৰ হাতত যদি কোনো ক্ষতস্থান থাকে, তেন্তে ৰেবিজৰ বিষাণু তেনে লোকৰ দেহলৈ সংক্ৰমণৰ সম্ভাৱনা বেছি। ৰেবিজ ৰোগৰ সন্দেহযুক্ত আৰু খাবলৈ মন নকৰা পশুক জোৰেৰে মুখ খুলি খুওৱাৰ প্ৰচেষ্টা নকৰাই মংগল।

১০) পশু ৰোগ বিশেষজ্ঞৰ পৰামৰ্শক্ৰমে পোহনীয়া কুকুৰ- মেকুৰী আদিক নিৰ্দিষ্ট বয়সত ৰেবিজৰ প্ৰতিষেধক ছিটা প্ৰদান কৰিব লাগে। উল্লেখযোগ্য যে ৰেবিজৰ ছিটাই জীৱনজোৰা প্ৰতিৰোধ ক্ষমতা নগঢ়ে। সেয়েহে ছিটা প্ৰস্তুতকাৰীৰ নিৰ্দেশনাৱলী আৰু পশু ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ অনুযায়ী পোহনীয়া জীৱজন্তুক প্ৰয়োজনীয় সময়ৰ অন্তৰে অন্তৰে ভেকচিন দি থকাটো বাঞ্চনীয়।

১১) সন্দেহযুক্ত আৰু ৰোগাক্ৰান্ত পশুক পশু চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱাই কৰণীয় সকলোখিনি দিহা-পৰামৰ্শ আখৰে আখৰে পালন কৰিব লাগে। আক্ৰান্ত জন্তুৰ লেলাৱতিৰ সংস্পৰ্শ, কামোৰ বা আঁচোৰ আদি ক্ষতস্থানসমূহৰ প্ৰকৃত চিকিৎসাৰ বাবে শীঘ্ৰে ডাক্তৰৰ কাষ চাপিব লাগে। প্ৰাথমিক পৰ্যায়ৰ চিকিৎসা হিচাপে ঘাঁ টুকুৰা ক্ষাৰণীয় চাবোন আৰু পানীৰে খুউব ভালকৈ ধোৱাৰ লগতে এণ্টিচেপটিক ল’চন প্ৰয়োগ কৰিব লাগে।

১২) ৰেবিজ আক্ৰান্ত হৈ মৃত্যু হোৱা জীৱ জন্তুৰ সঠিক পদ্ধতিত নিষ্কাষন কৰাটো অতি আৱশ্যকীয়। মৃত জন্তুৰ শৰীৰ কটা-ছিঙা বা আঘাতপ্ৰাপ্ত হাতেৰে কেতিয়াও স্পৰ্শ কৰিব নালাগে। মৃতদেহৰ পৰা নি:সৰণ হোৱা যিকোনো শাৰীৰিক গোটা বা তৰল পদাৰ্থ যেনে তেজ, প্ৰস্ৰাৱ, মল আদি উন্মুক্ত হাতেৰে স্পৰ্শ কৰাটো যুগুত নহয়। প্ৰয়োজন সাপেক্ষে উপযুক্ত ধৰণৰ ৰাবাৰ বা লেটেক্স গ্ল’ভছ ব্যৱহাৰ কৰিব পাৰি। মৃত জন্তুৰ শৰীৰ পুৰি অথবা কোনো আচুতীয়া ঠাইত অতি দকৈ (অন্তত: ৪ ফুট দ’ আৰু চুণেৰে ঢাকি) পুতি পেলাব লাগে যাতে কুকুৰ বা অন্যান্য মাংসহাৰী জন্তুৱে মৃত জন্তুৰ মাংস খাবলৈ নাপায়। মৃত জন্তু ৰখা ঠাইখিনি ফিনল, ফৰ্মেলডিহাইড, ছডিয়াম হাইপ’ক্লৰাইট আদিৰ মিশ্ৰণেৰে ভালকৈ চাফা কৰি ঠাই টুকুৰাত সূৰ্যৰ ৰশ্মি পৰাৰ ব্যৱস্থাও কৰিব লাগে।

ৰেবিজমুক্ত এখন বিশ্ব গঢ়াৰ পৰিকল্পনাত চৰকাৰী বেচৰকাৰী সকলো সংগঠনসমূহৰ লগতে প্ৰতিজন ভাৰতীয় নাগৰিকেই ৰেবিজৰ প্ৰতি সজাগ হোৱাটো অতিশয় বাঞ্চনীয়। অসমত ‘জাষ্ট বি ফ্ৰেণ্ডলি’ নামৰ সমাজপ্ৰেমী সংস্থাটোৱে ইতিমধ্যে বিশ্ব ৰেবিজ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন সজাগতা শিবিৰৰ আয়োজন কৰাৰ উপৰি পদ পথৰ গৰাকীবিহীন কুকুৰৰ জন্ম নিয়ন্ত্ৰণমূলক অস্ত্ৰোপচাৰ আৰু বিনামূলীয়া চিকিৎসা তথা ৰেবিজৰ ছিটাকৰণ আদিৰ দৰে কাৰ্যসূচীসমূহ হাতত লৈ অহা পৰিলক্ষিত হৈছে। এয়া সঁচাকৈয়ে এক অতি আদৰণীয় পদক্ষেপ। সংশ্লিষ্ট সকলো কৰ্তৃপক্ষ আৰু সাধাৰণ নাগৰিকৰ উমৈহতীয়া প্ৰচেষ্টাৰেহে ২০৩০ চনৰ ভিতৰত ৰেবিজমুক্ত এখন বিশ্বৰ সপোন সাৰ্থক কৰাৰ পৰিকল্পনা দিঠকত পৰিণত হ’ব। দৃষ্টান্তমূলকভাৱে বসন্ত (বৰআই) নিৰ্মূলকৰণ আঁচনিৰ সফল সমাপন আৰু আশাপূৰ্ণ সফলতাৰ অন্তিম পৰ্যায়লৈ গতি কৰি থকা ‘দো বুণ্ড জিন্দেগী কী’ শীৰ্ষক শ্ল’গানেৰে পলিঅ’ নিৰ্মূলকৰণ আঁচনি কেইখনৰ কথাকে দোহৰাই ক’ব পাৰি যে জলাতংকৰ দৰে মাৰাত্মক কিন্তু নিয়ন্ত্ৰণযোগ্য ৰোগকো আমি নিশ্চয় প্ৰতিহত কৰিবলৈ সক্ষম হ’ম যদিহে সংশ্লিষ্ট সকলো পক্ষৰ লোক সচেতন হয়।

লেখক: ডা: অঞ্জন জ্যোতি নাথ (জি এনআৰচি স্বাস্থ্য)

2.875
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top