মূল পৃষ্ঠা / স্বাস্থ্য / ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান / ৰক্তহীনতা নিয়ন্ত্ৰণৰ বাবে বিশেষ আঁচনি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰক্তহীনতা নিয়ন্ত্ৰণৰ বাবে বিশেষ আঁচনি :

ৰক্তহীনতা নিয়ন্ত্ৰণৰ বাবে বিশেষ আঁচনিৰ বিষয়ে লিখা হৈছে ।

 

ৰক্তহীনতাত সাধাৰণতে কম বয়সীয়া যুৱক-যুৱতীসকল আক্ৰান্ত হয় যদিও প্ৰাপ্তবয়স্ক আৰু বয়সস্থ লোকসকলো আক্ৰান্ত হোৱা দেখা যায়। তেজত হিমোগ্ল’বিনৰ পৰিমাণ কমি গ’লে এই ৰোগ হয়। বিভিন্ন কাৰণত শৰীৰত তেজৰ পৰিমাণ কমি যায়। ইয়াৰ উপৰি ছোৱালী মানুহৰ ক্ষেত্ৰত মাহেকীয়া ঋতুস্ৰাৱৰ বাবে আৰু দেহত আইৰনৰ পৰিমাণ কমিলেও ৰক্তহীনতা হ’ব পাৰে। পেলু হ’লে, অৰ্শ ৰোগত আক্ৰান্ত হ’লেও ৰক্তহীনতা হোৱা দেখা যায়। এজন ৰোগী ৰক্তহীনতাত আক্ৰান্ত হ’লে তলত দিয়া লক্ষণসমূহে দেখা দিয়ে-

*ছালৰ বৰণ শেতা হয়।

*ভোক কম হয়।

*শাৰীৰিক দুৰ্বলতাই দেখা দিয়ে।

*হাত-ভৰি ফুলি উঠাৰ লগতে মূৰ ঘূৰণি আৰু বুকুৰ ধপধপনি হ’ব পাৰে।

*চকু সোমাই যায় আৰু খোৱা-বোৱাত অনীহা হয়।

*কেতিয়াবা ৰোগীগৰাকী সংজ্ঞাহীন হৈ পৰিব পাৰে।

যিহেতু শৰীৰত আইৰন আৰু ফলিক এচিডৰ পৰিমাণৰ অভাৱৰ ফলতেই ৰক্তহীনতাই দেখা দিব পাৰে। গতিকে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীফনত এই সমস্যা আঁতৰ কৰিবলৈ এখন আঁচনি ৰূপায়ণ কৰিছে। সাপ্তাহিক আইৰন আৰু ফলিক এচিড পৰিপূৰক কাৰ্যসূচী শীৰ্ষক উক্ত আঁচনিৰ অধীনত ১০০ মি.গ্ৰাম মৌলিক আইৰন আৰু ৫০০ মাইক্ৰগ্ৰাম ফলিক এচিড যোগান ধৰা হয়। ১০-১৯ বছৰ বয়সৰ ভিতৰত কিশোৰ-কিশোৰীৰ মাজত ৰক্তহীনতাৰ লক্ষণ হ্ৰাস কৰাই আঁচনিখনৰ মুখ্য উদ্দেশ্য।

উক্ত আঁচনিৰ অধীনত চৰকাৰী অথবা চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক সামৰি লোৱা হ’ব। এই আঁচনিৰ অধীনত এলবেনডাজ’ল ৪০০ মি.গ্ৰা. ঔষধো অন্তৰ্ভুক্ত কৰা হৈছে।

এই সাপ্তাহিক আইৰন আৰু ফলিক এচিড পৰিপূৰক কাৰ্যসূচী(WIFS)ৰ অধীনত বৰ্তমান সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১১.২ কোটি হিতাধিকাৰীক সামৰি লোৱা হৈছে। আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ ওচৰৰ স্বাস্থ্যকেন্দ্ৰৰ লগত যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top