মূল পৃষ্ঠা / স্বাস্থ্য / ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান / ৰাষ্ট্ৰীয় গোধাৰোগ(ফাইলেৰিয়া) দিৱস:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাষ্ট্ৰীয় গোধাৰোগ(ফাইলেৰিয়া) দিৱস:

ৰাষ্ট্ৰীয় গোধাৰোগ(ফাইলেৰিয়া) দিৱসৰ কথা লিখা হৈছে

 

ৰাষ্ট্ৰীয় গোধাৰোগ দিৱস বিভিন্ন দিনত পালন কৰা হয়। ২০০৫ চনত পোন প্ৰথমবাৰৰ বাবে ১১ নৱেম্বৰ তাৰিখে এই দিৱস পালন কৰা হৈছেল। লসীকা তন্ত্ৰজনিত গোধাৰোগ(Lymphatic Phylariasis) ২০১৫ চনৰ বছটোৰ ভিতৰতে সম্পূৰ্ণৰূপে নিৰ্মূলকৰণৰ লক্ষ্যেৰে এই বছৰত পালন কৰিবলগীয়া ‘ৰাষ্ট্ৰীয় গোধাৰোগ দিৱস’টো বিশেষ কাৰ্যসূচীৰে সমগ্ৰ ভাৰততে পালন কৰিবলৈ লোৱা হৈছে।

ফাইলেৰিয়া বা গোধাৰোগ কি?

ফাইলেৰিয়াছিচ বা গোধাৰোগ কেবাবিধো গোটা ঘূৰণীয়া, পাক খাই থকা, সূতাৰ দৰে পৰজীৱী পেলুৰ সংক্ৰমণৰ ফলত হোৱা ৰোগ। এই পৰজীৱী পেলু বা কৃমিবিধ ‘ফাইলেৰিডি’(Phylaridea) নামৰ পৰিয়ালৰ অন্তৰ্গত। এই কৃমিবিধ কেনেবাকৈ মানুহাৰ শৰীৰৰ সংস্পৰ্শলৈ আহি ছালত থূপ খাই ৰৈ থাকে আৰু পিছলৈ সিহঁতে নিজেই মানুহৰ গাৰ ছাল ফুটুৱাই বা মহে কামোৰাৰ পিছত ছালত সৃষ্টি হোৱা গাঁতেদি শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰি ক্ৰমে লসীকা তন্ত্ৰ পায়গৈ। তাৰ পিছতে গোধাৰোগটো আৰম্ভ হয়। এই কৃমিবিধ সঁচৰাচৰ মানুহক কামোৰা সাধাৰণ প্ৰজাতিৰ কেবাবিধো মহৰ দ্বাৰা বিয়পে।

ৰোগটো আৰম্ভ হোৱাৰ পিছত ৰোগীৰ দুয়োখন অথবা এখন ভৰি দৃষ্টিকটূভাৱে উখহিবলৈ ধৰে আৰু লগতে পুৰুষৰ অণ্ডকোষো অস্বাভাৱিক আকাৰত ফুলি উঠে। এনে অৱস্থাৰ ফলত ৰোগীক সমাজে অৱহেলাৰ দৃষ্টিৰে চায়।

ব্ৰুগিয়ান ফাইলেৰিয়াছিচ:

এইবিধ গোধাৰোগ হ’লে লসীকা গ্ৰন্থিত বিষ হৈ ফুলি উঠে আৰু এই সংক্ৰমণ এবাৰত কৰঙনৰ চুকৰ কখ অঞ্চলত থকা লসীকা গ্ৰন্থিত আৰম্ভ হৈ ক্ৰমান্বয়ে আন অংশলৈ বিয়পে। এই সংক্ৰমণ কেবাদিনো ধৰি চকে যদিও নিজে নিজেই এই বিসংগতি নিৰাময়ো হয়। এই সংক্ৰমণজনিত লক্ষণ বছৰত এবাৰ বা দুবাৰ প্ৰকাশ পাব পাৰে। গ্ৰন্থিটোৰ চাৰিওকাষৰ কোষবিলাকলৈ এই সংক্ৰমণ বিয়পিব পাৰে আৰু কেতিয়াবা সম্পূৰ্ণ তপিনা অঞ্চল বা সম্পূৰ্ণ ভৰি এটাটো ফুলি যোৱাৰ লক্ষণে দেখা দিব পাৰে। সংক্ৰমিত লসীকা গ্ৰন্থিটোত পূঁজ জমা হ’ব পাৰে, ঘা হ’ব পাৰে বা পিছলৈ ক্ষতচিহ্ন ৰৈ ঘাডোখৰ নিজে নিজে শুকাই যাব পাৰে। এনেধৰণৰ জটিলতাৰ চিকিৎসা কেবাসপ্তাহৰ পৰা তিনি ইমাহ পৰ্যন্ত দীঘলীয়া হ’ব পাৰে। সাধাৰণতে গোধাৰোগত আঁঠুৰ পৰা তলছোৱাহে অস্বাভাৱিকভাৱে ফুলি হাতীৰ ভৰিৰ আকাৰ লয় বাবে এই ৰোগক ‘হস্তীপদ’ ৰোগ বুলিও কোৱা হয়। কোনো কোনো ৰোগীৰ কিলাকুটিৰ পৰা আগলৈ হাতখনো এনেদৰে ফুলি উঠা দেখা যায়। জননাংগৰ বিসংগতি(Genital lesions or Chyluria) হৈ গাখীৰৰ দৰে বগা প্ৰস্ৰাৱ হোৱা লক্ষণ অৱশ্যে ‘ব্ৰুগোৰিয়ান ফাইলেৰিয়াচিছ’ ৰোগত দেখা নেযায়।

বেনক্ৰফচিয়ান ফাইলেৰিয়াছিচ:

এইবিধ গোধাৰোগ হ’লে পুৰুষৰ জননাংগৰ লসীকা নলীবিলাক সাধাৰণতে এই ৰোগত আক্ৰান্ত হয়। ফলত শুক্তবাহী নলীবিলাকৰ লগতে(Episodic Funiculitis), এপিডিডাইমিছ(অশুকোষ সংলগ্ন ক্ষুদ্ৰ নলীকাৰ থূপ) আৰু অশুকোষতো প্ৰদাহ হয়। বেনক্ৰফচিয়ান ফাইলেৰিয়াত অণ্ডকোষ আৰু অণ্ডস্থলী ফুলি উঠাটো এক অনিবাৰ্য সাধাৰণ লক্ষণ। লগতে শৰীৰৰ ইসকলো লসীকা গ্ৰন্থি ফুলি উঠা, ভৰি হাতীৰ ভৰিৰ দৰে ফুলি উঠা আৰু প্ৰস্ৰাৱ গাখীৰৰ দৰে বগা হোৱাও এইবিধ গোধাৰোগৰ অন্যতম লক্ষণ। সম্পূৰ্ণ ভৰি, সম্পূৰ্ণ হাত, অণ্ডস্থলী ফুলাৰ লগতে মহিলা ৰোগীৰ স্তনযুগল আৰু যোনিমণ্ডল ফুলি উঠে। ফুলি উঠা অণ্ডস্থলী আৰু বগা প্ৰস্ৰাৱত অতি সূক্ষ্ম ফাইলেৰিয়া সৃষ্টিকাৰী কৃমি থাকে কিন্তু ৰোগীৰ তেজত এই পৰজীৱী দেখা পোৱা নেযায়। ৰোগীয়ে অতিমাত্ৰাত ভোজন কৰাৰ পিছতহে সাধাৰণতে বগা প্ৰস্ৰাৱ হয়। এই ৰোগ হ’লে ৰোগীৰ শৰীৰত অন্য কোনো ৰোগৰ লক্ষণ দেখা পোৱা নেযায় যদিও কোনো কোনো ৰোগীয়ে অলপতে ভাগৰ লগা আৰু শৰীৰৰ ওজন হ্ৰাস পোৱা বুলি কয়।

লিমফেটিক ফাইলেৰিয়াচিছ:

লিমফেটিক ফাইলেৰিয়া ৰোগটোক ‘হস্তীপদ ৰোগ’(Elephantiasis) বুলি কোৱা হয়। এই ৰোগত আক্ৰান্ত ৰোগীৰ শৰীৰৰ আকাৰ-আকৃতি বিকৃত হয় আৰু ৰোগী অকৰ্মণ্য হৈ পৰে। এই ৰোগৰ কাৰক পৰজীৱী কৃমি শৈশৱ কালতে শৰীৰত প্ৰৱেশ কৰে। আৰম্ভণিতে এই ৰোগৰ কোনো লক্ষণ বা বিশেষ লক্ষণ প্ৰকাশ নেপায়, তথাপি আভ্যন্তৰীণভাৱে ৰোগীৰ লসীকা তন্ত্ৰ বিনষ্ট হয়। এই অৱস্থা কেবাবছৰ ধৰি চলি থাকিব পাৰে। আক্ৰান্ত ব্যক্তিজনে এই অৱস্থাত অন্যৰ গালৈ ৰোগ বিয়পাব পাৰে। দীৰ্ঘকাল ধৰি শৰীৰৰ এই অৱস্থা অব্যাহত থাকিলে ৰোগীৰ শৰীৰৰ অংগ তীব্ৰ বিষসহ ফুলি উঠিব(Lymphoedema or Elephantiasis)। অণ্ডস্থলীত পানী জমা হৈ ফুলি উঠাটো ৰোগ অধ্যুষিত অঞ্চলৰ এক সাধাৰণ লক্ষণ।

লসীকাতন্ত্ৰ বিনষ্ট হোৱাৰ ফলত ভৰি বৃহৎ আকাৰ লৈ ফুলি উঠাৰ লগে লগে সংক্ৰমণৰ প্ৰকোপৰ ফলত প্ৰচণ্ড জ্বৰ উঠে আৰু তীব্ৰ বিষ হয়। ৰোগীয়ে কেবাদিনো ধৰি শয্যাগত হৈ থাকিবলগীয়া হয়। এনে অৱস্থা হ’লে ৰোগীয়ে কোনোধৰণে কাম কৰিব নোৱাৰা হয় আৰু উপাৰ্জনো নাইকিয়া হয়। সেয়ে বিশ্বৰ গোধাৰোগ অধ্যুষিত অঞ্চলবিলাকত দৰিদ্ৰতা নিৰ্মূল কৰি আৰ্থিক উন্নয়ন অব্যাহত ৰাখিবলৈ, গোধাৰোগৰ সংক্ৰমণ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব।

ভাৰতত ফাইলেৰিয়া ৰোগৰ ইতিহাস:

মেলেৰিয়াৰ পিছতে ভাৰতত ফাইলেৰিয়া ৰোগটো এক অন্যতম প্ৰধান জনস্বাস্থ্য সম্পৰ্কীয় সমস্যাৰূপে পৰিগণিত হৈ আহিছে। খৃষ্টপূৰ্ব ছশ শতিকাতে ভাৰতত এই ৰোগাটোৰ সংক্ৰমণ হৈছিল বুলি বিভিন্ন তথ্যযোগে প্ৰমাণ পোৱা গৈছে। মহৰ্ষি শুশ্ৰূতে তেওঁৰ ‘শুশ্ৰূত সংহিতা’ত এই ৰোগৰ বৰ্ণনা কৰি গৈছে। খৃষ্টীয় সপ্তম শতিকাত মাধৱকাৰাই এই ৰোগৰ লক্ষণ আৰু চিকিৎসাৰ বিধান ‘মাধৱ নিদানম’ নামৰ গ্ৰন্থত দি থৈ গৈছে।

  • মইক্ৰ’ফাইলেৰি(সূক্ষ্ম ফাইলেৰিয়া কৃমিৰ পলু) মানুহৰ হাত-ভৰিৰ তেজত, লেউইচ নামৰ বিজ্ঞানীজনে ১৮৭২ চনত কলিকতাত প্ৰথমে আৱিষ্কাৰ কৰিছিল।
  • ভাৰতত ২০ খন ৰাজ্যৰ মুঠ ২৫০ খন জিলাত এই ৰোগৰ প্ৰাদুৰ্ভাৱ আছে বুলি বিভিন্ন তথ্যত প্ৰকাশ পাইছে। অৱশ্যে অসমৰ বাহিৰে উত্তৰ-পূবৰ প্ৰায় আটাইকেইখন ৰাজ্যই এই ৰোগৰ পৰা মুক্ত।
  • অসমত গোধাৰোগ অধ্যুষিত জিলাকেইখন হৈছে-

ক)ডিব্ৰুগড়,

খ)দৰং,

গ)ধেমাজী,

ঘ)কামৰূপ,

ঙ)নলবাৰী আৰু

চ)শিৱসাগৰ।

ৰাষ্ট্ৰীয় ফাইলেৰিয়া নিয়ন্ত্ৰণ আঁচনি(NFCP):

 

ওড়িষ্যাত ১৯৪৯ চনৰ পৰা ১৯৫৪ চনলৈ ‘পাইলট প্ৰজেক্ট’ এটা চলোৱাৰ পিছত ১৯৫৫ চনত ‘ৰাষ্ট্ৰীয় গোধাৰোগ নিয়ন্ত্ৰণ আঁচনি’ এখন আৰম্ভ কৰা হয়। এই আঁচনিখন কাৰ্যকৰী কৰাৰ বাবে গোধাৰোগ সংক্ৰামক ৰূপত অধ্যুষিত অঞ্চলবিলাকত ৰোগটোৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হয়। এইবিলাকৰ ভিতৰত ৰোগৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলবিলাকত ৰোগটো নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজন হোৱা কৰ্মচাৰীক প্ৰশিক্ষণ দিয়া হয়। ৰোগটো নিয়ন্ত্ৰণৰ কাৰণে প্ৰধানকৈ ডি.ই.চি.(Diethylearbamazine Citrate, DEC) ছিটা ব্যাপকভাৱে সৰ্বসাধাৰণৰ মাজত প্ৰয়োগ কৰা, মহৰ কণী আৰু পলু ধ্বংস কৰি ৰোগটোৰ পৰিবাহক মহৰ বংশবৃদ্ধি নিয়ন্ত্ৰণ কৰা আৰু গ্ৰামাঞ্চলৰ বাসগৃহৰ বাহিৰে ভিতৰে কীটনাশক ছটিওৱাৰ কাম জৰুৰীকালীনভাৱে কৰা হ’ল। মহৰ বংশবৃদ্ধি জৈৱিক উপায়ে নিয়ন্ত্ৰণ কৰাৰ বাবে ৰোগ অধ্যুষিত অঞ্চলবিলাকত জমা হৈ থকা পানীত মহৰ কণী আৰু পলু ভক্ষণকাৰী মাছৰ পোনা মেলা হ’ল। নগৰ অঞ্চলত ‘ফাইলেৰিয়া ক্লিনিক’ স্থাপন কৰি ‘মাইক্ৰ’ ফাইলেৰিয়া(সূক্ষ্ম কৃমি) বাহক ৰোগীক ডি.ই.চি. প্ৰয়োগ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা হ’ল।

১৯৯৬-৯৭ চনত ৪১ নিযুত লোকক ডি.ই.চি. বেজি প্ৰয়োগ কৰা হ’ল আৰু পিছলৈ ৭৪ নিযুত লোকক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ’ল। পিছৰ পাঁচ বছৰলৈকে ৰোগ অধ্যুষিত অঞ্চলত ৰোগটোৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে ‘এনুয়েল মাছ ড্ৰাগ’(এ.এম.ডি.) অভিযান অব্যাহত ৰাখি ব্যাপকভাৱে ডি.ই.চি ঔষধ প্ৰয়োগ কৰা হ’ল। এই অভিযানত দুবছৰৰ তলৰ শিশু, গৰ্ভৱতী মহিলা আৰু টান নৰীয়াত ভুগি থকা ব্যক্তিসকলকহে বাদ দিয়া হ’ল।

২০০২ চনত গ্ৰহণ কৰা ‘নেচনেল হেলথ পলিচি’ৰ অধীনত ২০১৫ চন অৰ্থাৎ চলিত বছৰটোৰ ভিতৰত ভাৰতৰ পৰা লসীকা গ্ৰন্থিজনিত গোধা ৰোগ নিৰ্মূল কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই আঁচনিৰ জৰিয়তে ২০১৪ চনৰ শেষলৈকে ৰোগ ৰোগ অধ্যুষিত অঞ্চলবিলাকত ডি.ই.চি. বেজি ৫ ৰাউণ্ড বিস্তৃতভাৱে দিয়া হ’ল আৰু আশংকাজনক জনসংস্যা ৬৫ শতাংশতকৈ অধিক লোকক এই আঁচনিত সামৰি লোৱা হ’ল। চৰকাৰে গ্ৰহণ কৰা ইমানবিলাক আঁচনি কাৰ্যকৰী হোৱাৰ পিছতো এই ৰোগ সম্পূৰ্ণৰূপে এই বছৰৰ শেষলৈকে নিৰ্মূল হ’বগৈ বুলি নিশ্চিতভাৱে ক’ব পৰা নহ’ব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

2.96551724138
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top