মূল পৃষ্ঠা / স্বাস্থ্য / ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান / ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস ১০ আগষ্ট ২০১৭
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস ১০ আগষ্ট ২০১৭

ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস ১০ আগষ্ট ২০১৭

প্ৰতিখন চৰকাৰী, চৰকাৰী সাহায্যপ্ৰাপ্ত, ব্যক্তিগত খণ্ডৰ বিদ্যালয়, আৰু অংগনবাদী কেন্দ্ৰসমূহত ১-ৰ পৰা ১৯ বছৰ বয়সৰ প্ৰতিটো শিশুকে বিনামূলীয়াকৈ পেলুনাশক টেবলেট প্ৰদান কৰা হ’ব। বিদ্যালয়লৈ নোযোৱা বা বিদ্যালয় এৰি যোৱা শিশুসকলো পেলু নিৰ্মূলকৰণ কাৰ্যসূচীৰ অন্তৰ্ভুক্ত।

পেলুৰদ্বাৰা আক্ৰান্ত শিশুসকলক আপুনি জানেনে?

 

  • পুষ্টিহীনতা আৰু ৰক্তহীনতাৰ বাবে তেওঁলোকক সকলো সময়তে অৱশ দেখা যায়।
  • তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশ বাধাগ্ৰস্ত হয়।

পেলুৰ সংক্ৰমণ সহজেই নিয়ন্ত্ৰণ কৰিব পাৰি:

 

  • হাতৰ নখবোৰ চাফা আৰু চুটি কৰি ৰাখিব লাগে।
  • সদায় বিশুদ্ধ পানী খাব লাগে।
  • আহাৰ ঢাকনিৰে ঢাকি থ’ব লাগে।
  • ফল-মূল আৰু শাক-পাচলি পৰিষ্কাৰ পানীৰে ধুব লাগে।
  • ঘৰৰ চৌদিশ চাফ-চিকুনকৈ ৰাখিব লাগে।
  • চাবোনেৰে ভালকৈ হাত ধুব লাগে, বিশেষকৈ খোৱাৰ আগত আৰু শৌচাগাৰ ব্যৱহাৰৰ পিছত।
  • মুকলি ঠাইত কেতিয়াও শৌচ কৰিব নালাগে। সদায় শৌচালয় ব্যৱহাৰ কৰিব লাগে।

পেলুৰ পৰা শিশুক মুক্ত কৰিবলৈ উপৰোক্ত কথাখিনি শিশুসকলক বুজাই দিব-

পেলুৰ দৰৱ খুওৱাৰ সময়ত শিক্ষকসকলে বিশেষ মন কৰিবলগীয়া কিছু কথা-

 

  • প্ৰতিটো শিশুকে এটাকৈ টেবলেট খুৱাব লাগিব।
  • টেবলেটটো চোবাই খাবলৈ দিব।
  • পৰিষ্কাৰ খোৱা পানীৰ ব্যৱস্থা কৰিব।
  • খালী পেটত বা অসুস্থ শিশুক টেবলেট নুখুৱাব।
  • টেবলেটটো আপোনাৰ উপস্থিতিতেই খুৱাব আৰু ঘৰলৈ লৈ যাবলৈ নিদিব।
  • পেলুৰ দৰৱৰ কোনো ধৰণৰ গুৰুতৰ পাৰ্শ্বক্ৰিয়া নাই।
  • পেটত বেছিকৈ পেলু থকা শিশুক টেবলেট খোৱাৰ পিছত কেতিয়াবা সামান্য পেটৰ বিষ বা বমিভাৱ হ’ব পাৰে। তাৰ বাবে ভয় খোৱাৰ কাৰণ নাই।

আহক আমাৰ শিশুসকলক পেলুমুক্ত কৰোঁ।

উৎস:ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম

3.08823529412
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top