মূল পৃষ্ঠা / স্বাস্থ্য / ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান / ৰাষ্ট্ৰীয় স্বেচ্ছামূকল ৰক্তদান দিৱস
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাষ্ট্ৰীয় স্বেচ্ছামূকল ৰক্তদান দিৱস

ৰাষ্ট্ৰীয় স্বেচ্ছামূকল ৰক্তদান দিৱসৰ বিষয়ে লিখা হৈছে ।

প্ৰতিবছৰে ভাৰতত ১ অক্টোবৰৰ দিনটো ‘ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস’ হিচাপে পালন কৰা হয়। এজন ব্যক্তিৰ বাবে ৰক্তৰ মহত্ত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে সকলোকে অৱগত কৰাৰ উদ্দেশ্যে এই দিৱস সকলোকে এই দিৱস ১৯৭৫ চনৰ পহিলা অক্টোবৰত প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান ছ’চাইটি অব ব্লাড ট্ৰান্সফিউচন এণ্ড ইমিওন’ হেমেট’লজিৰ দ্বাৰা আৰম্ভ কৰা হৈছিল।

ইয়াৰ পাছৰ পৰাই ভাৰতৰ প্ৰায় সকলো ঠাইতেই চৰকাৰীভাৱে আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত এই দিৱস পালন কৰি অহা হৈছে।

এই দিৱসৰ প্ৰধান উদ্দেশ্য হ’ল-

  • স্বেচ্ছামূলক ৰক্তদানৰ সংখ্যা বৃদ্ধি কৰি, প্ৰয়োজনত যাতে কোনেও ৰক্তৰ অভাৱত মৃত্যুবৰণ কৰি নালাগে তাক সুনিশ্চিত কৰা।
  • ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি প্ৰতিটো ব্লাড বেংক বা ৰক্ত ভাণ্ডাৰত বুজনসংখ্যক ৰক্ত মজুত কৰা, যাতে প্ৰয়োজনত কামত আহে।
  • ৰক্তদাতাসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই মহৎ কাম নিৰ্দিষ্ট সময়ৰ ব্যৱধানত পুনৰ কৰিবলৈ উৎসাহিত কৰা।
  • সুস্থ-সবল হৈয়ো ৰক্তদান কৰিব নিবিচৰা লোকৰ মাজত ৰক্তদানৰ সজাগতা বৃদ্ধি কৰা আৰু ৰক্তদানৰ বাবে উৎসাহিত কৰা।
  • কেৱল পৰিয়ালৰ লোকক ৰক্তদান কৰিবলৈ আগ্ৰহী লোকক স্বেচ্ছামূলক ৰক্তদানৰ বাবে আগ্ৰহী কৰা ইত্যাদি।

এটা সমীক্ষাৰ মতে ভাৰতত প্ৰতিবছৰে প্ৰায় ৫ কোটি ইউনিত তেজৰ প্ৰয়োজন কিন্তু ৰক্ত ভাণ্ডাৰবিলাকত ইয়াৰ আধা মানে মাত্ৰ ২.৫ কোটি ইউনিট তেজহে মজুত থাকে, সেয়ে বহু লোকে বিপদৰ সময়ত তেজৰ অভাৱত মৃত্যুবৰণ কৰিবলগাত পৰে।

সাধাৰণতে এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত, তেখেতৰ শৰীৰৰ ওজনৰ প্ৰায় ৭% তেজ থাকে আৰু সেয়া প্ৰায় ৪.৫ লিটাৰৰ পৰা ৫.৫ লিটাৰৰ সমান।

হিম’গ্লবিন কমি যোৱা বিভিন্ন ৰোগত বা আকস্মিক দুৰ্ঘটনাৰ বাবে হোৱা ৰক্তক্ষৰণৰ ফলত যদি শৰীৰৰ তেজৰ পৰিমাণ কমি যায়, সেই ব্যক্তিজন শাৰীৰিকভাৱে দুৰ্বল হৈ পৰাৰ লগতে, হঠাতে হোৱা তীব্ৰ ৰক্তক্ষৰণৰ ফলত যদি শৰীৰৰ তেজৰ পৰিমাণ কমি যায়, সেই ব্যক্তিজন শাৰীৰিকভাৱে দুৰ্বল হৈ পৰাৰ লগতে, হঠাতে হোৱা তীব্ৰ ৰক্তক্ষৰণৰ ফলত মৃত্যুমুখত পৰিব পাৰে। বৰ্তমানলৈকে মানৱ ৰক্তৰ উপযুক্ত বিকল্প কেৱল মানৱ ৰক্তই, সেয়ে সময়ত তেজৰ আকাল হ’লে এজন ৰোগী গভীৰ সংকটত পৰিব পাৰে।

তেজৰ এই প্ৰয়োজনীয়তা উপলব্ধি কৰিয়েই, ৰক্তদাতাসকলক উৎসাহিত কৰাৰ লগতে, ৰাইজৰ মাজত সজাগতাৰে নতুন ৰক্তদাতা সৃষ্টিৰ বাবে এই দিৱস পালনৰ উদ্যোগ লোৱা হৈছে।

আমি কৰিব পৰা দান পুণ্যৰ ভিতৰত ৰক্তদান এক মহান দান। যদিও কোৱা হয় যে, আমাৰ হয়তো কাৰোবাৰ জীৱন কাঢ়ি লোৱাৰ ক্ষমতা থাকে, কিন্তু জীৱনদানৰ ক্ষমতা নাথাকে, কিন্তু প্ৰচুৰ ৰক্তক্ষৰণৰ ফলত মৃত্যুমুখী এজন ব্যক্তিক আপুনি দিয়া অলপ তেজে নতুন জীৱন দিব পাৰে আৰু সেয়ে কোৱা হয় যে ৰক্তদান জীৱনদান।

আমাৰ কিছু লোকে পৰিয়ালৰ কাৰোবাৰ বা বন্ধু-বান্ধৱক প্ৰয়োজন হ’লে ৰক্তদান কৰে। তেনে দানক পৰিপূৰক ৰক্তদান বুলি কোৱা হয়।

কিন্তু স্বেচ্ছামূলক ৰক্তদান হ’ল, যেতিয়া আপুনি এটা ব্লাড বেংকলৈ গৈ বা কোনো ৰক্তদান শিবিৰত, কাৰোবাৰ বিপদৰ সময়ত প্ৰয়োজনত আহিবৰ বাবে স্বেচ্ছাই ৰক্তদান কৰে। তেনে ৰক্তদানক প্ৰচুৰ পৰিমাণে উৎসাহিত কৰিব পাৰিলেহে আমাৰ দেশত বৰ্তমান দেখা যোৱা ৰক্তৰ নাটনি কমিব।

ৰক্তদানৰ লগত সমাজত কিছুমান ভুল কথা প্ৰ্চলিত হৈ আছে। আচলতে ৰক্তদান সম্পূৰ্ণ নিৰাপদ। ১৮ বছৰৰ পৰা ৬৫ বছৰৰ ভিতৰৰ সকলো পুৰুষ/মহিলাই, যদি শৰীৰৰ ওজন অতি কমেও ৪৫ কিলো আৰু দেহত হিম’গ্লবিনৰ পৰিমাণ ১২.৫ গ্ৰাম % বা ততোধিক থাকে, ৰক্তদান কৰিব পাৰে।

অৱশ্যে প্ৰথমবাৰৰ বাবে ৰক্তদান কৰা ব্যক্তিৰ ক্ষেত্ৰত ৬০ বছৰ বয়সলৈকে লোৱা হয়। ইয়াৰ উপৰি ‘ব্লাড বেংক’ত চিকিৎসকে আন কিছুমান তথ্য ৰক্তদাতাৰ পৰা জানি লৈ আৰু পালছ/প্ৰেচাৰ আদি পৰীক্ষা কৰি সকলো ঠিকে থাকিলে ৰক্তদানৰ অনুমতি দিয়ে।

ৰক্তদাতাজনৰ কিছুদিনৰ ভিতৰত হৈ যোৱা কিছুমান বেমাৰ-আজাৰ আদিৰ বাবে কেতিয়াবা নাকচ হোৱাৰ লগতে কেঁচুৱাক দুগ্ধপান কৰোৱাই থকা মাতৃ আৰু মাহেকীয়া হৈ থকাৰ সময়ত মহিলাৰ পৰা ৰক্ত লোৱা নহয়।

এবাৰ ৰক্তচাপ কৰাৰ পিচত প্ৰতিজন পুৰুষে প্ৰতি তিনিমাহৰ অন্তৰালত আৰু প্ৰতিগৰাকী মহিলাই প্ৰতি চাৰিমাহৰ অন্তৰালত পুনৰ ৰক্তদান কৰিব পাৰে।

আগতেই কৈছো এজন মানুহৰ শৰীৰত ৪.৫ ৰ পৰা ৫.৫ লিটাৰ তেজ থাকে আৰু ৰক্তদান কৰিলে এবাৰত মাত্ৰ ৩৫০ ৰ পৰা ৪৫০ মিলিলিটাৰমান তেজহে উলিওৱা হয়। সেয়ে ইয়াৰ পৰা কোনো অপকাৰ নহয় কিন্তু কেইবাটাও দিশত এজন ৰক্তদাতা উপকৃতহে হয়। ৰক্তদানৰ পাঁচটা বিশেস সুফল হ’ল-

১)আইৰনৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখি হাৰ্ট/লিভাৰ আদি অংগক সুকলমে ৰাখে।

২)ৰক্তদাতাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে, ওজন কমোৱাত সহায় কৰে।

৩)কিছুমান কেন্সাৰৰ আশংকা ৰক্তদানৰ ফলত কমে বুলিও প্ৰমাণিত হৈছে।

৪)’হিম’ক্ৰমেট’চিছ’ নামৰ ৰোগৰ পৰা ৰক্ষা কৰে।

৫)নতুন ৰক্ত কণিকাৰ সৃষ্টি হয় আৰু ইয়ে সুস্বাস্থ্য বজাই ৰাখে।

আজিকালি বহু ব্যক্তিয়ে নিজৰ বা সন্তানৰ জন্মদিন বা যদি পিতৃ/মাতৃৰ বিয়োগ হৈছে, তেওঁলোকৰ মৃত্যুতিথিত কিছুমান সামাজিক কাম বা দান আদি কৰিবলৈ মন কৰে।

যদি এনেবিলাক দিনত তেওঁলোকে ওচৰৰ এটা ‘ব্লাড বেংক’লৈ গৈ স্বেচ্ছাই ৰক্তদান কৰে, নিশ্চিতভাৱে ই এটা সুন্দৰ পদক্ষেপ হ’ব আৰু হয়তো তাৰ পৰা কাৰোবাৰ প্ৰাণৰক্ষ পৰিব। সেয়ে ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱসত সকলো স্বেচ্ছামূলক ৰক্তদাতালৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে ৰক্তদান কৰাৰ বাবে সক্ষম সকলো লোককে স্বেচ্ছাই ৰক্তদানৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনালো।

লেখক: ডাঃ পাৰ্থসাৰথি ভূঞা(সাদিন)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top