মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ‘ব্লেক ৰাইচ বা ক’লা চাউল :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

‘ব্লেক ৰাইচ বা ক’লা চাউল :

‘ব্লেক ৰাইচ বা ক’লা চাউলৰ বিষয়ে লিখা হৈছে।

 

চাউলৰ ৰং বুলিলে আমাৰ মনলৈ সাধাৰণতে বগা ৰঙটো আহে। কেতিয়াবা বৰা চাউল আৰু আহু চাউলৰ ৰঙ অৱশ্যে ৰঙা বা মুগা নোহোৱা নহয়। কিন্তু ক’লা চাউল! হয়, বৰ্তমান সময়ত বহুচৰ্চিত আৰু জনপ্ৰিয় এই চাউল হ’ল ‘ব্লেক ৰাইচ’(Black Rice) অৰ্থাৎ ক’লা চাউল। ইয়াৰ বৰণ ক’লা। আন্তৰ্জাতিক বজাৰত প্ৰচুৰ চাহিদা থকা এই ক’লা চাউলৰ বিষয়ে আমি হয়তো নাজানে বা দেখাও নাই। খোৱাতো দূৰৰ কথা। পুষ্টিকৰ আৰু সুগন্ধিযুক্ত এই চাউলবিধ সাধাৰণ বজাৰত খুব কমেইহে উপলব্ধ হয়।

ক’লা চাউলৰ ইতিহাস :

ক’লা চাউলৰ ইতিহাস বহু পুৰণি। চৰ্তুদশ সপ্তদশ শতিকাত চীনদেশত এই ক’লা চাউলৰ ধানৰ খেতি কৰাৰ বিষয়ে জনা যায়। সেই সময়ত ইয়াৰ ব্যৱহাৰ আছিল সম্পূৰ্ণ ৰাজকীয়। ৰজা বা ৰাজপৰিয়ালৰ সদস্যৰ বাহিৰে এই চাউলৰ পৰা তৈয়াৰী খাদ্য অন্যলোকে খাব নোৱাৰিছিল। সৰ্বসাধাৰন প্ৰজাৰ বাবে ই আছিল সম্পূৰ্ণ নিষিদ্ধ। সেয়েহে এই চাউলৰ অন্য নাম হ’ল ‘নিষিদ্ধ চাউল’(Forbidden Rice) বা ৰাজকীয় চাউল(Emperor’s Rice)। কালক্ৰমত নিষিদ্ধ চাউল সৰ্বসাধাৰণৰ মাজত বিয়পি পৰিল। বিশ্বৰ ঠাইবিশেষে ইয়াৰ খেতিৰ প্ৰসাৰ আৰু উৎপাদন হ’ল। বৰ্তমান ক’লা চাউল উৎপাদন কৰা মুখ্য দেশসমূহ হ’ল- চীনদেশ, বাংলাদেশ, ইন্দোনেচিয়া, ভাৰতবৰ্ষ, উত্তৰ আমেৰিকা আৰু ইউৰোপ।

আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যতকৈ ইয়াৰ খেতি বিস্তৃত এলেকাত কৰা দেখা যায়। এই ৰাজ্যত ই ধৰ্মীয় আৰু পৰম্পৰাগত কেতবোৰ প্ৰথাত ব্যৱহাৰ হয়। ইয়াক ‘মনিপুৰ ব্লেক ৰাইচ’ নামেৰেও জনা যায়। মনিপুৰত ইয়াৰ থলুৱা নাম হ’ল ‘পৈৰীটন চাকহাও আমুবি’(Poiretion Chak-Hao Amubi)।

ক’লা চাউলৰ গুণাগুণ :

ক’লা চাউল প্ৰকৃতাৰ্থত ক’লা বৰণীয়া, সুগন্ধিযুক্ত আৰু পুষ্টিকৰ আঠালেতিয়া এবিধ বৰা-চাউল। চাউলৰ ক’লা বৰণটো আহিছে এন্থচায়েনিন(Anthocyanin) নামৰ এবিধ প্ৰতিবিজাৰক(Antioxydent) গুণবিশিষ্ট পদাৰ্থৰ পৰা। এই একেবিধ পদাৰ্থ ক’লা বেঙেনা, ক’লা আঙুৰ অথবা ক’লা জামুতো পোৱা যায়।

ক’লা চাউলৰ পৌষ্টিক গুণাগুণ অনেক বেছি। এই চাউলত ভিটামিন B1, B2, ফলিক এছিড, আইৰণ, জিংক, কেলছিয়াম আৰু ফচফৰাছ থাকে।

ৰাসায়নিক বিশ্লেষণৰ আধাৰত ক’লা চাউলৰ খাদ্যগুণ আৰু উপাদান হ’ল -

ক)খাদ্য উপাদানৰ সংযুক্তি(শুকান ভৰৰ হিচাপত)

১)প্ৰোটিন-১১.৪৪%,

২)কাৰ্বহাইড্ৰেট-৮০.০০%,

৩)চৰ্ব্বী-২.৮০%,

৪)আঁহজাতীয় দ্ৰব্য-১.৩০%,

৫)সামগ্ৰীক খনিজ লোণ-১.২৭%,

৬)কেলৰিৰ পৰিমাণ-৩৯১ কেলৰি/মি.লি.

খ)প্ৰতি বিজাৰক গুণ-

আই চি ৫০ মূল্যাংক: ৮০ মিঃগ্ৰাঃ/মি.লি.

(উৎস: অধ্যাপক এ.কে.সন্দিকৈ, খাদ্য ৰসায়ন গৱেষণা গোট, জৈৱপ্ৰযুক্তি বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়)

ক’লা চাউলত নিহীত স্বাস্থ্য-ৰক্ষা সম্পৰ্কীয় কেতবোৰ গুণাগুণ :

১)প্ৰতি বিজাৰক গুণ(Antioxydent):

ক’লা চাউলৰ বৰ্হিভাগত আৱৰি থকা ক’লা ৰঙৰ আৱৰণত থকা এন্থচায়েনিন(Anthocyanin)ৰ প্ৰতিবিজাৰক গুণে মানৱদেহৰ হৃদৰোগ আৰু কৰ্কট ৰোগৰ প্ৰতিৰোধক হিচাপে ক্ৰিয়া কৰে। তদুপৰি ইমগজুৰ কৰ্মপটুতা সক্ৰিয় কৰি ৰখাত সহায় কৰে। ধানমিলত চাউল উলিয়াই অনাৰ পিছত অন্য ধানৰ চাউলৰ ওপৰত তৰপটো এৰাই গৈ তাৰ গুণাগুণ হ্ৰাস কৰাৰ বিপৰীতে ক’লা চাউলৰ ওপৰৰ তৰপটো এৰাই নেযায়। ফলত ইয়াৰ গুণাগুণ অটুট থাকে। যদিও অন্য ধানৰ চাউলতো প্ৰতিবিজাৰক(Antioxydent) থাকে, ‘এন্থচায়েনিন’ কেৱল ক’লা চাউলতহে থাকে।

২)হৃদৰোগ প্ৰতিৰোধক:

বিশেষজ্ঞৰ মতে, ক’লা চাউল খোৱাৰ ফলত ই হৃদযন্ত্ৰৰ ৰক্তবাহী নলীত Atherosclerote plaque জমা হোৱাত বাধা দিয়ে, যাৰফলত ৰক্তবাহী নলীসমূহ পৰিষ্কাৰ হৈ তেজ চলাচল সূচৰ কৰে। ফলত ই হৃদযন্ত্ৰৰ ক্ৰিয়া হঠাৎ বন্ধ হৈ যোৱাৰ ৰোগ প্ৰতিহত কৰাত সহায় কৰে। আনহাতে ই দেহত কলেষ্টেৰলৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখি হৃদযন্ত্ৰ আৰু অন্যান্য ৰক্তবাহী নলী সম্পৰ্কীয় ৰোগত(Cardiovascular diseases) আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰে।

৩)শৰীৰ বিশামুক্তা(Detoxify) কৰে:

প্ৰতিজাৰকৰ উপস্থিতিৰ ফলত মানৱদেহৰ অনাবশ্যকীয় আৰু বিষাক্ত দ্ৰব্যসমূহ শৰীৰৰ পৰা বৰ্জন কৰাত সহায় কৰে। যকৃৎ পৰিষ্কাৰ কৰে।

৪)পাচনতন্ত্ৰৰ ৰোগ প্ৰতিৰোধক:

ক’লা চাউলত অত্যাধিক আঁহজাতীয় পদাৰ্থৰ উপস্থিতিৰ ফলত পাচক প্ৰণালীত বিশেষ ক্ৰিয়া কৰি কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে। বিজ্ঞানীৰ মতে, এই আঁহজাতীয় দ্ৰব্যসমূহে শৰীৰৰ অত্যাধিক ওজন কমোৱা আৰু অন্যান্য ৰোগ প্ৰতিহত কৰা উপৰিও ডায়েৰীয়া ৰোগো ভাল হোৱাত সহায় কৰে।

৫)ডায়েবেটিছ ৰোগ প্ৰতিৰোধক:

পৰীক্ষামূলক অধ্যয়নত এই কথা উমান পোৱা গৈছে যে ক’লা চাউলে মানৱ দেহত শৰ্কৰা পোষক প্ৰক্ৰিয়াত বাধা প্ৰদান কৰে। ই ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে সহায়ক পন্থা। বিশেষকৈ টাইপ-২ ডায়েবেটিছ ৰোগীৰ বাবে ক’লা চাউলৰ উপকাৰিতা অনেক।

ঔষধি গুণাগুণৰ উপৰিও ক’লা চাউলৰ বহুল জনপ্ৰিয়তাৰ অন্যতম কাৰণ হ’ল, ইয়াৰ সুস্বাদু আৰু সুগন্ধি গুণ। দক্ষিণ ভাৰতৰ আৰু পূৰ্ব বংগৰ হোটেলসমূহত ই অতি জনপ্ৰিয়। বাংলাদেশত এই চাউল খ্যাত ‘পোৰা বিন্নি’ নামেৰে। ইউৰোপিয়ন চালাড আৰু ইটালিৰ খাদ্য ‘ৰিচ’টো’ প্ৰস্তুতকৰণত ক’লা চাউল ব্যৱহাৰ হয়। ক’লা চাউলৰ পৰা বিভিন্ন অসমীয়া পিঠা-পনা তৈয়াৰ কৰিব পাৰি। ইয়াৰ পিঠাগুৰিৰ পৰা খোলা চাপৰি পিঠা, বৰ পিঠা, ঘিলা পিঠা, পাটি চেপেটা আদি সকলোবোৰ পিঠা তৈয়াৰ কৰিব পাৰি। বৰ্হিৰাজ্যত ক’লা চাউলৰ পৰা তৈয়াৰী ‘ৰাইচ পুডিং’ অতি জনপ্ৰিয়। ক’লা চাউলৰ ক্ষীৰ বৰ সোৱাদযুক্ত।

আমাৰ গৃহিনীসকললৈ ক’লা চাউলৰ খাদ্য প্ৰস্তুতকৰণৰ কেতবোৰ টিপচ -

১)আঠাযুক্ত খোৱা বাবে ভাত ৰান্ধি খোৱাতকৈ ইয়াৰ বৰা চাউলৰ জলপানৰ দৰে সিজাই গাখীৰ গুড় বা চেনী দি খাব পাৰি।

২)১ লিটাৰ গাখীৰত ১০০ গ্ৰাম চাউলৰ অনুপাতত ক্ষীৰ তৈয়াৰ কৰিব লাগে। গাখীৰত দিয়াৰ আগতে চাউলখিনি এঘন্টা তিয়াই ল’লে অথবা সিজাই ল’লে ক্ষীৰ ভাল হয়। অন্যথা চাউল সিজিবলৈ অধিক সময় লয়।

৩)এক ৰাতি পানীত তিয়াই টুকি লৈ ইয়াৰ পিঠাগুৰি খুন্দা হয়। পিঠাগুৰিৰ পৰা বিভিন্ন প্ৰকাৰৰ পিঠা তৈয়াৰ কৰিব পাৰি। অন্য বৰা চাউলতকৈ ইয়াৰ আঠা অধিক বাবে পিঠা ভাল হয়।

৪)তিওঁৱা কোমল চাউল, ফল বা পাচলিৰ চালাডৰ ওপৰত চটিয়াই খোৱা টেবুলত পৰিৱেশন কৰিব পাৰি।

৫)সাধাৰণ বগা চাউলত তিওঁৱা ক’লা চাউল এমুঠি দি ভাত ৰান্ধিলে ভাতৰ ৰং বেঙুনীয়া হোৱাৰ লগতে খাবলৈ অধিক সোৱাদ হয়। এনেদৰেই গৃহিণীয়ে আলহীক বেঙুণীয়া ভাতেৰে আপ্যায়ন কৰিব পাৰে।

অসমত ক’লা চাউলৰ স্বীকৃতি প্ৰদান কৰা এজন কৃষকৰ বিষয়ে -

তেওঁৰ নাম উপেন্দ্ৰ ৰাভা। গোৱালপাৰা জিলাৰ কৃষ্ণাই কৃষি চক্ৰৰ অন্তৰ্গত, শালপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত আমগুৰি পাৰা গাঁৱৰ এইজন কৃষকে ২০১১ চনত ক’লা চাউলৰ ধানৰ বীজ সংগ্ৰহ কৰিছিল দুধনৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড° উত্তম বৰুৱাৰ পৰা। সংগৃহীত এক কেজি ধানৰ পৰা গজালি মেলাত ডেৰশ গ্ৰাম ধানহে তেওঁ খেতি সেই বছৰ ফচল হিচাবে পাইছিল। পৰৱৰ্তী সময়ত সেই ধানেৰেই তেওঁ খেতি কৰিবলৈ আৰম্ভ কৰিছিল। ২০১৪-১৫ বৰ্ষত কৃষি বিভাগৰ আত্মা(ATMA) আঁচনিৰ যোগেদি ১০০ বিঘা মাটিত খেতি কৰি তেওঁ গ্ৰাহকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰে। ২০১৫-১৬ বৰ্ষত তেওঁ অন্যান্য ৫০ জন কৃষকৰ লগ লৈ ‘আমগুৰিপাৰা ব্লেক ৰাইচ প্ৰডাকচন কমিটি’ নামৰ এটি গোট গঠন কৰি ৫০০ বিঘা মাটিত খেতি কৰে। বৰ্তমান এই কমিটিত ১৫খন গাঁৱৰ ১৫০ জন কৃষক জড়িত হৈ পৰিছে।

উল্লেখযোগ্য যে ২০১৩ বৰ্ষত উপেন্দ্ৰ ৰাভাই গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত অনুস্থিত হোৱা আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যান মেলাত ১০০ কেজি ক’লা চাউল প্ৰদৰ্শন তথা বিক্ৰিৰ বাবে আনিছিল। উক্ত স্থানতে তেওঁ উৎপাদন কৰা এই ক’লা চাউলবিধ তেওঁৰ নামেৰে ‘উপেন্দ্ৰ ৰাইচ’ বুলি নামাকৰণ কৰিছিল বুলি উপেন্দ্ৰ ৰাভাই জানিবলৈ দিছিল।

ক’লা চাউল বা কৃষ্ণ চাউলৰ ধানৰ থলুৱা কৃষি প্ৰণালী -

(কৃষক উপেন্দ্ৰ ৰাভাৰ তথ্যৰ আঁত ধৰি)

ধান সিচাৰ সময়:

জেঠ মাহৰ শেষ আৰু আহাৰ মাহৰ প্ৰথম সপ্তাহ। বিঘাই প্ৰতি ৫ কেজি।

মাটি নিৰ্বাচন:

শালিতলি মধ্যমীয়া দ। লক্ষ্য ৰাখিব লাগে যাতে ধান পূৰঠ হোৱালৈকে মাটিৰ জীপ অটুট থাকে।

কঠীয়া ৰোপণ:

২৫-৩০ দিনীয়া বয়সৰ কঠীয়া ৰোপণ কৰা হয়। গোছাই প্ৰতি ১-৩ ডালকৈ কঠীয়া ৰুব লাগে, ৰোপণৰ দূৰত্ব মাচুৰী বা আইজুং ধানৰ সতে একে।

সাৰ প্ৰয়োগ:

জৈৱিক ভাৱে খেতি কৰা বাবে এই ধানৰ পথাৰৰ ৰসায়নিক সাৰ প্ৰয়োগৰ সলনি প্ৰচুৰ পৰিমাণে গোৱৰ প্ৰয়োগ কৰিব লাগে।

শস্য ৰক্ষা:

বেমাৰ আজাৰ বা পোক-পতঙ্গৰ আক্ৰমণ কম যদিও মাজে সময়ে ব্লাষ্ট বেমাৰ হোৱা দেখা যায়। ইয়াৰ বাবে জৈৱিক ব্যৱস্থা বা সমতুলভাৱে কম পৰিমাণে ভেঁকুৰনাশক প্ৰয়োগ কৰিব লাগে।

শস্য চপোৱা:

১০০-১১০ দিনত এই ধান পুৰঠ হয়।

উৎপাদন:

বিঘাই প্ৰতি ১৩-১৪ মোন।(ভাল মাটিত)

ক’লা চাউলৰ ধানগছৰ উচ্চতা মাটিভেদে ৪-৪.৫ ফুট পৰ্যন্ত হয়। ইয়াৰ পোখাৰ পৰিমাণে গছে প্ৰতি ১৫-২০ টা। গছবোৰ ডাঠ। গাঁঠিবোৰ ক’লা চানেকীয়া। কঠিয়াতলি বা ধাননীয়ে চৌদিশে সুগন্ধি বিয়পাই কৃষকক বিমল আনন্দ দিয়ে। মৰণা মাৰোতে ধান সহজে সৰে। ধানৰ ওজন অন্য ধানৰ তুলনাত পাতল। এমোন ধানৰ পৰা ২৪-২৫ কিলোগ্ৰাম চাউল বাহিৰ হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৃষি বিজ্ঞানীসকলে এই ধানৰ বিজ্ঞানসন্মত অধ্যয়নৰ যোগেদি উন্নত কৃষি পদ্ধতি উদ্ভাৱনৰ অৱকাশ নিশ্চয় আছে। যিহেতু কৃষ্ণ চাউলৰ আন্তৰ্জাতিক বজাৰত প্ৰচুৰ চাহিদা আছে। গতিকে অসমৰ কৃষকে এই ধানবিধক নিশ্চয় আদৰি ল’ব।

কৃষি বাণিজ্যিক খণ্ডত সম্ভাৱনা -

ব্লেক ৰাইচ বা ক’লা চাউলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহিদা অনেক। অসমত জৈৱিক ভাৱে উৎপাদিত এই চাউল বিশ্বৰ বজাৰ দখল কৰিবলৈ নিশ্চয় সমৰ্থ হ’ব। এই ক্ষেত্ৰত আমাৰ ৰাজ্যৰ কৃষি বিজ্ঞানী বা বিশেষজ্ঞসকলৰ পৰীক্ষামূলক অধ্যয়ন, পথাৰত প্ৰদৰ্শনমূলক খেতি আৰু যথাযথ পৰামৰ্শই কৃষকসকলক উপকৃত কৰিব।

লেখক: পঙ্কজ শইকীয়া(সেউজ সোপান)

3.06896551724
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top