মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / অনন্য গুণেৰে সমৃদ্ধ অমৰা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অনন্য গুণেৰে সমৃদ্ধ অমৰা

অসমৰ হাবি-বননিৰ পৰা লুপ্তপ্ৰায় হৈ অহা অমৰা এবিধ অন্যতম ফল।

চমু বিৱৰণ

অসমৰ হাবি-বননিৰ পৰা লুপ্তপ্ৰায় হৈ অহা অমৰা এবিধ অন্যতম ফল। মজলীয়া এই গছজোপাৰ বৈজ্ঞানিক নাম স্পোনডিয়াছ পিন্নাটা(Spondias pinnata)। তদুপৰি অমৰা গছক  অয়াইলদ মেংগ(wild Mango),হ'গ প্লাম (Hog Plum) আৰু ওৱেষ্ট ইণ্ডিযেন ট্ৰী(West Indian tree) নামেৰেও জনা যায়। ইয়াৰ গোত্ৰ এনাকাৰদিয়াচিল(Anacardiaceal)। সি যি কি নহওক, এই গছৰ পাতবোৰ ডাঠ আৰু ডিম্বাকৃতিৰ। প্ৰায় গোলাকাৰ ফলবোৰ থোপাথোপে লাগে। পাতৰ বৰণ পকিলে হালধীয়া হয়। পকা ফল খাবলৈ সোৱাদ, কিন্তু কেঁচা ফল টেঙা আৰু কেঁহা। অনন্য গুণেৰে সমৃদ্ধ অমৰাৰ পৰা মানুহৰ বহু উপকাৰ সাধন হৈ আহিছে।

অমৰাৰ কিছুমান গুণ

  • অমৰাত থকা বিভিন্ন খাদ্য উপাদানে দেহক বিভিন্ন ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে।
  • কেঁচা অমৰা খালে তেজ পৰিষ্কাৰ হয়।
  • অমৰা গছৰ কেঁচা ছাল খুন্দি ৰস উলিয়াই খালী পেটত পুৱা একেৰাহে এমাহ খালে বা সেই ৰস গাত ঘঁহিলেও বাত বিষ উপশম হয়।
  • দুটা কেঁচা অমৰাৰ ৰস পুৱা খালী পেটত খালে গ্ৰহণী ৰোগ নিৰাময় হয়। এয়া একেৰাহে নিয়মীয়াকৈ দহ বা বাৰদিন খাব লাগে।
  • অমৰা গছৰ কোমল পাত হাতেৰে মুচৰি শুঙিলে নাকেৰে তেজ ওলোৱা ৰোগত সুফল পোৱা যায়।
  • পিত্ত ৰোগ আৰু চকুৰ ৰোগ নিৰাময়ত অমৰা উৎকৃষ্ট মহৌষধ।
  • স্কাৰ্ভি ৰোগ আৰু অজীৰ্ণ ৰোগ নিৰাময়ত অমৰা মহৌষধ।
  • জুয়ে পোৰা ঘা শুকুৱাবলৈ অমৰাৰ গুটি বা ইয়াৰ পুৰঠ পাত পিহি গাখীৰৰ লগত মিশ্ৰণ কৰি একেৰাহে বিশ বা পঁচিশ দিন লগালে সুফল পোৱা যায়।
  • ভৰিৰ আঙুলি পানীয়ে খাই ঘা কৰিলে অমৰা জুইত পুৰি সেই ঠাইত লগালে সেই ঘা শুকাই যায়।
  • অমৰা গছৰ ছাল বা পাতৰ ৰস আধা চামুচকৈ দিনত দুবাৰকৈ তিনি বা চাৰি দিন খুৱালে কেঁচুৱাৰ শাওঁ পৰা ৰোগ নিৰাময় হয়।
  • অতি বলকাৰক, শক্তিদায়ক আৰু শুক্ৰবৰ্ধক টনিক হিচাপে দৈনিক তিনি-চাৰিটাকৈ পকা বা কেঁচা অমৰা খোৱা উচিত।

 

লেখক: ঘনশ্যাম দাস

উৎস : অসম বাণী।

2.85185185185
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top