অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অমিতাৰ উপকাৰিতা

অমিতাৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে

 

গ্ৰীষ্মকালীন শাক-পাচলিবোৰৰ ভিতৰত অমিতাও এবিধ পাচলি। অমিতা এডলীয়া গছৰ বহু বৰ্ষজীৱি উদ্ভিদ। ডাল নাথাকে যদিও বহু খাজকটা বহু পাতৰ, দীঘল ঠাৰিৰে, সৰ্পিল আকাৰত বাঢ়ি যোৱা দেখা যায়। ফুলবোৰ বগা সৰু সৰু। ফুল দুবিধ আছে যদিও স্ত্ৰীকেশৰ থকাবোৰহে অমিতা হৈ বৃদ্ধি পায়। অমিতা পকাকৈ বা কেঁচাকৈ খাব পাৰি। দাইলত মিহলি কৰি সিজাই খাব পাৰি। তৰকাৰি খালেও উপকাৰিতা পোৱা যায়। অমিতাৰ পাত, ফুল, ফল, শিপা সকলো ঔষধি হিচাপে ব্যৱহাৰ কৰিব পাৰি। অমিতাৰ আকৃতি অনুসৰি দুই কেজিতকৈ অধিক ওজনৰ আছে। মঙহাল অমিতাৰ ভিতৰভাগ ফোঁপোলা আৰু অসংখ্য গুটিৰে ভৰপূৰ।

মানুহে বছৰটোৰ দুটামান মাহত অমিতা খালে গালত ক’লাতিল পৰে বুলি কোৱা শুনা যায়। বিভিন্ন ঔষধি গুণেৰে ভৰা - অমিতা খালে কিছুমান মানুহৰ এলাৰ্জী হয় বুলি কয়। ইয়াৰ গাৰ পৰা এবিধ বগা আঠা ওলায়। ইয়াৰ পৰা পপেইন পৰা তৈয়াৰ কৰে। বৈজ্ঞানিক নাম কেৰিকা প”পয়া। অমিতাৰ বগা ৰসটো খহু, কেন্সাৰ, টিউমাৰ, এজমা, ডায়েবেটিছ আদি ৰোগৰ বাবে উপকাৰী বুলি জনা যায়। অমিতাত এণ্টিচেপিটক আৰু এন্টিবায়টিক গুণো আছে। ব্লাড প্রেছাৰ হ্ৰাস কৰে, ই জন্ম নিয়ন্ত্ৰণতো অমিতাই প্রভাৱ বিস্তাৰ কৰে। অমিতা খালে কৃমিনাশ হয়। শুকান পাতৰ ধোঁৱা সেৱন কৰিলে এজমা ভাল হয় বুলি কোৱা যায়। অধ্যয়ন কৰি পোৱা তথ্য মতে, চাৰি গ্রাম শুকান গুটিৰ লগত মৌৰস মিহলাই খালে কৃমি বাহিৰ হয়। অমিতাৰ পৰা নিষ্কাষণ কৰা পপেইনৰ পৰা ব্যৱহাৰিকভাৱে ছুইংগাম, টুথপেষ্ট, চেম্পু আৰু ফেচিয়েল ক্রীমত ব্যৱহাৰ কৰে। অমিতা খালে হজমী শক্তি বৃদ্ধি হয়। পকা অমিতাৰ পৰা জাম-জেলি, আইচক্ৰীম আদি তৈয়াৰ কৰা হয়।

অমিতাৰ অপকাৰিতাও অলপ আছে বুলি জনা গৈছে। জোখতকৈ বেছি খালে পেটৰ পোৰণি হ’ব পাৰে। এলাৰ্জী হ’ব পাৰে। গৰ্ভাৱস্থাত অমিতা খালে গর্ভপাত হ’ব পাৰে। অমিতাত থকা ৰাসায়নিক উপাদানসমূহ হ’ল এনে ধৰণৰ—

পানী ৮৮.৮ শতাংশ, কার্বহাইড্রেট ৯.৮ শতাংশ, আঁহ ০.৮ শতাংশ, প্ৰ'টিন ০.৬ শতাংশ, ফেট, ০.১ শতাংশ, ভিটামিন এ আৰু চি যথেষ্ট পৰিমাণে পোৱা যায়। ১০০ গ্রাম অমিতাত ৩৯ কেলৰিও লাভ কৰিব পাৰে।

লেখিকা: কবিতা ফুকন, অসম বাণী।

2.8275862069
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top