অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অমিতাৰ গুণ :

অমিতাৰ গুণৰ বিষয়ে লিখা হৈছে ।

 

উদ্যান শস্যৰ ভিতৰত অমিতা এবিধ অতি উপকাৰী পাচলি বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব। পকা অমিতাক ফল আৰু কেঁচা অমিতা পাচলি হিচাপে অতীজৰেপৰা ব্যৱহাৰ হৈ আহিছে।

পকা বা কেঁচা যিয়েই খোৱা নহওক কিয়, অমিতাই মানৱ শৰীৰত যথেষ্ট পৰিমাণে উপকাৰ সাধন কৰে।

এয়া আমি সকলোৱে জনা উচিত। খালে সহজে হজম হোৱা, অমিতা পকিলে ফল হিচাপে এবিধ সুস্বাদু ৰসাল ফল হোৱাৰ উপৰি ই দেহলৈ শীতলতা আনে।

লগতে মন আনন্দিত কৰাৰ উপৰি কেঁচা-পকা দুয়োবিধ অমিতা শৰীৰৰ বহুবিধ ৰোগ-প্ৰতিৰোধ নাশৰ কাৰণ হৈ পৰে।

কোষ্ঠকাঠিন্য হ’লে নিয়মীয়াকৈ পকা বা কেঁচা অমিতা খালে সুফল পোৱা যায়। অমিতাক গেষ্ট্ৰিক ৰোগৰ মহৌষধ বুলি ক’ব পৰা যায়।

অমিতা -

*বদহজম,

*যকৃত,

*পেটত ঘাঁ লগা,

*জণ্ডিচ,

*কলেৰা আদি ৰোগৰ বাবেও বৰ উপকাৰী।

কেঁচা অমিতা যদি নিয়মিতৰূপে খোৱা হয় ই কেন্সাৰ ৰোগৰ পৰাও ৰক্ষা পোৱা যায়। অমিতাই হেনো পেটত থকা অদৰকাৰী বীজাণু ধ্বংস কৰি খাদ্যনলীত লাগি থকা বেয়া পদাৰ্থবোৰ পাকস্থলীৰপৰা বাহিৰ ওলোৱাত এক বিশেষ ধৰণে সহায় কৰে।

তাৰ বাহিৰেও অমিতাই মহিলাৰ ঋতুস্ৰাৱ সমস্যা দূৰ কৰে। তথা মাতৃ স্তনৰ দুগ্ধ বহু পৰিমাণে বৃদ্ধি কৰে।

অমিতাৰ নিয়মীয়া ব্যৱহাৰে গ’লব্লাডাৰ ষ্টনো দূৰ কৰে। জীৱ-জন্তুৰ ক্ষেত্ৰতো অমিতাই অনুৰূপ ধৰণে সহায় কৰে।

অমিতাত -

*ভিটামিন ‘এ’,

*‘চি’,

*প্ৰ’টিন,

*চৰ্বি,

*আইৰণ,

*কেলচিয়াম,

*ফছফৰাছ,

*পেপাইন থাকে।

অমিতাৰ ৰস আৰু আঠাই আকস্মিকভাৱে হোৱা কিছুমান বিসংগতি দূৰ কৰাত অন্যতম ভূমিকা লয়।

*বিচাই ডাকিলে ৪/৫ টোপাল অমিতাৰ ৰস লগাব লাগে।

*খৰ-খজুৱতি হ’লে-

-অমিতাৰ আঠা,

-তুলসীৰ ৰস,

-মৌ আৰু নিমখৰ মিশ্ৰণ লগাব লাগে।

*অমিতাৰ ৰস পনীয়া কৰি কুলকুলি কৰিলে মুখৰ ঘাঁ ভাল হোৱাৰ লগতে টনছিলৰ আকৃতি সৰু হোৱা দেখিবলৈ পোৱা যায়।

বহুত গুণৰ অধিকাৰী মধুফল বুলি জনাজাত অমিতাৰ উপকাৰিতাৰ কথা কৈ শেষ কৰিব নোৱাৰি।

লেখক: পিংকুমণি ডেকা(দৈনিক অসম)

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top