মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / অমৰাৰ বিষয়ে আমি নজনা অনেক কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অমৰাৰ বিষয়ে আমি নজনা অনেক কথা

অমৰাৰ বিষয়ে লিখা হৈছে ।

শীতকালত কেইমাহমানলৈ উপলব্ধ হব এবিধ বতৰৰ ফল অমৰা৷ কুমলীয়া অমৰা গৃহিণীসকলে সংগ্ৰহ কৰে জুতি লগা আচাৰ বনাবলৈ৷ কিছু পূৰঠ অমৰা সৰুসৰুকৈ ডোখৰ ডোখৰ কৰি নিমখ সানি ৰ'দত শুকুৱাই সংৰক্ষণ কৰে মাজে সময়ে মুহুদি কৰিবলৈ৷ পকা অমৰাৰ স্বাদিষ্ট চৰ্বত বনাই ঘৰুৱাভাবে পৰিবেশন কৰা হয়।

কিন্তু অমৰাৰ অন্তৰ্নিহিত গুণাৱলীৰ বিষয়ে সৰ্বসাধাৰণৰ জ্ঞান সীমিত৷ অমৰাৰ কেবল ফলেই নহয়- ইয়াৰ পাত, গছৰ বাকলি, ফুল আৰু শিপাৰো অনেক গুণ আছে আৰু বিশ্বৰ নানান গৱেষণাগাৰত তাৰ সত্যতা প্ৰমাণিত হৈছে৷ কিছুমান দেশত আজিও পৰম্পৰাগত বা লোকবিশ্বাসক ভিত্তি কৰি অমৰাৰ নানা অংশ ব্যৱহৃত হৈ আহিছে৷ এই নিবন্ধৰ মাধ্যমেৰে সেই দিশতো কিছু আলোকপাত কৰিবৰ প্ৰয়াস কৰিম৷

প্ৰাপ্তিস্থান -

গ্ৰীষ্মকালীন দেশ সমূহ হ'ল অমৰাৰ প্ৰাপ্তিস্থান৷ ইয়াৰ ভিতৰত ভাৰত, আফ্ৰিকা, মেক্সিকো, পেৰু, ব্ৰাজিল, ৱেষ্ট ইণ্ডিজ, ইণ্ডোনেচিয়া, শ্ৰীলংকা, নেপাল, থাইলেণ্ড, বাংলাদেশ আদি দেশৰ নাম উল্লেখযোগ্য৷

ভূপৃষ্ঠৰ পৰা ১০০০মিটাৰ উচ্চতালৈকে আৰু তাপমান ১৩ৰ পৰা ৩৫ ডিগ্ৰী চেলচিয়াচলৈকে গছে সহন কৰিব পাৰে৷ অমৰা গছে বেচি শীত সহ্য কৰিব নোৱাৰে৷

গছৰ বৰ্ণনা -

অমৰা গছ হ'ল এবিধ সপুষ্পক উদ্ভিদ৷ একোজোপা গছৰ উচ্চতা ২০ৰ পৰা ২৫ মিটাৰলৈকে হ’ব পাৰে আৰু গা গছৰ ঘেৰ ৪ৰ পৰা ৫ফুট পৰ্য্যন্ত হয়৷ গছত যথেষ্ঠ ঠাল-ঠেঙুলি আৰু সেউজ বৰণীয়া পাত থাকে৷ এখিলা পাত দীঘলে ৩০ৰ পৰা ৪০ চেন্টিমিটাৰ আৰু বহলে ৪ৰ পৰা ৫ চেন্টিমিটাৰৰ হয়৷

জানুৱাৰীৰ পৰা মে মাহলৈ মৃদু সুগন্ধ বিলোৱা পুষ্প গছত ফুলিব ধৰে৷ অমৰাৰ ফল জুলাইৰ পৰা অক্টোবৰলৈকে গছত লাগি থাকে৷ ই কেঁচাতে সেউজীয়া আৰু পূৰঠ হ'লে হালধীয়াৰ পৰা কমলা বৰণৰ হব ধৰে৷ ইয়াৰ বাকলি ডাঠ চামৰাৰ দৰে৷ ভিতৰত পাতল ৰসাল তৰপ এটা থাকে৷ তাৰ তলত এটি গুটি থাকে৷ এটি পূৰঠ অমৰাৰ ফল ডিম্বাকৃতিৰ প্ৰায় দেড় ইঞ্চি দৈৰ্ঘ্যৰ হয়৷ ইয়াৰ স্বাদ টেঙা৷

বৈজ্ঞানিক নাম আৰু আন আন ভাষাত মতা নাম -

Spondias mombin হ'ল অমৰাৰ ব'টানিকেল নাম যাৰ বংশাৱলী হ'ল - Anacardiaceae (Cashew family)৷

*ইংৰাজীত ইয়াৰ পৰিচয় এই কেইটিমান বিভিন্ন নামেৰে- Mombin, Hog Plum, Yellow Mombin, Spanish Plum, Golden Apple, Wild Mango৷

*ব্ৰাজিলত: Ambalo, Tapereba, Caja বুলে, পেৰুত Mango Ciruelo,

*নাইজেৰিয়াত Iyeye আৰু ঘানাত Ashanti Plum নামেৰে জনাজাত৷

*দেউৰীসকলে বুলে চুবি,

*মিচিংসকলে দৰ্জে,

*ডিমাচাসকলে থাইচুডি,

*খাচিয়াসকলে ডিয়েং চহ্ফিয়াৰ আৰু

*টিৱাসকলে আমাৰা বুলে৷

*বাংলা ভাষাত আমড়া আৰু ফৰসা,

*হিন্দীত অম্বাড়া,

*মাৰাঠীত অমড়া,

*মলয়ালমত আম্পাঝাম,

*তামিলত কিনকাম,

*নেপালীত অমাৰো আৰু

*সংস্কৃতত বুলে অম্ৰাতক৷

*থাইলেণ্ডত অমৰাক 'মেকক' বুলে৷

দেশখনৰ ৰাজধানী চহৰ বেংকক নামৰ উৎপত্তি মেককৰ পৰাই হ'ল বুলি বহুতে ভাবে৷

অমৰাত কি কি তত্ব অন্তৰ্নিহিত থাকে ?

অমৰাত থাকে প্ৰচুৰ এন্টিঅক্সিডেন্ট, ৫ বিধ কেৰটিনইড (লিউটিন, বিটা ক্ৰিপ্টঝেনথিন,ঝেইনোঝেনথিন, আলফা আৰু বিটা বকেৰটিন), ভিটামিন-চি, ভিটামিন-এ, খনিজ (ক'পাৰ আৰু আইৰণ)৷ এন্টিঅক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু কৰ্কটৰ বিৰুদ্ধে প্ৰতিৰোধকৰ কাম কৰে। অমৰাত কেলৰি থাকে কম আৰু উচ্চ পৰিমাণত থাকে ফাইবাৰ৷ অমৰাৰ বীজত প্ৰায় ৩২শতাংশ তেল পোৱা যায় ৷

কোনে কি দৰে অমৰাৰ ব্যৱহাৰ কৰে ?

মেক্সিকো, ব্ৰাজিল, পেৰু আদি দেশত অমৰাৰ পৰা আচাৰ, জেম আৰু মদ তৈয়াৰ কৰে৷ অমৰাৰ পৰা তৈয়াৰী এবিধ প্ৰচলিত মদৰ নাম হ'ল- “Vinho de Taperiba”৷ ক'ষ্টাৰিকা, পানামা, ব্ৰাজিল আদিত আইচক্ৰিম আৰু অন্যান্য জুলীয় পানীয় প্ৰস্তুত কৰে৷ বাংলা দেশত জলকীয়া গুৰিৰ লগত অমৰাৰ ব্যঞ্জন বনোৱা হয়৷

আমাৰ অসমত অমৰাৰ জাম, জেলি, টক, আচাৰ আৰু শুকান মুখশুদ্ধি বনোৱাৰ ওপৰিও বহুতে কুমলীয়া পাতৰ চাটনি খায়৷ সৰু বা ডাঙৰ মাছৰ লগত টেঙা আঞ্জাৰ জোল ৰান্ধে৷ কোনোৱে দাইলতো অমৰা দি খাই ভাল পায় আৰু কাৰোবাৰ ঘৰত সিদ্ধ কৰি আলুৰ লগত পিটিকা খোৱা হয়৷

অতীতৰ অমৰাৰ ব্যৱহাৰ সম্পৰ্কে মোৰ এজন পাঠক সদানন্দ দত্তৰ সংযোজন:

অমৰা গুটি শুকুৱাই কেৰাচিন তেলত ডুবাই তাত জুই লগাই কাঁড়েৰে কাউৰী বাঁহত জুই দিয়া হৈছিল৷

দেশে দেশে পৰম্পৰাগত চিকিৎসাত অমৰাৰ ব্যৱহাৰ -

প্ৰাচীনকালৰ পৰাই অমৰাই পৰম্পৰাগত ঔষধি হিচাবে (Folk Medicine) স্থান লাভ কৰি অহাৰ তথ্য পঢ়িবলৈ পোৱা যায়৷ ব্যৱহৃত হৈ অহা শাৰীৰিক বিজুতি কিছুমান হ'ল - নানাবিধ সংক্ৰমণত বীজানুনাশক হিচাবে, কঁকালৰ বিষ, বাত বিষ, ডিঙিৰ অসুখ, প্ৰসাবৰ পোৰনি, ৰক্তস্ৰাব, মেলেৰিয়া, যৌনব্যাধি, পাকস্থলীৰ নানা ৰোগ (ডায়েৰিয়া,পেটৰ বিষ), শাৰীৰিক ক্লান্তি বিনাশক, কৃমি বিনাশক আৰু গৰ্ভনিৰোধক হিচাবে৷

নাইজেৰিয়াত অমৰাৰ পাত প্ৰসৱৰ সহায়ক আৰু প্লেচেন্টাৰ অৱশিষ্ট আতৰ কৰাৰ বাবে প্ৰয়োগ কৰি অহা হৈছিল৷ আফ্ৰিকাৰ কংগো দেশত অমৰাৰ কুমলীয়া পাত পিচি পেৰালাইচিচ ৰোগীৰ চিকিৎসাত ব্যৱহৃত হয়৷ অমৰা পাতৰ ৰস আৰু ফুলৰ ৰস চকুৰ কনজাংকটিভাইটিচ জাতীয় অসুখতো বিভিন্ন অঞ্চলত ব্যৱহাৰ হয় বুলি জনা যায়৷ বিভিন্ন দেশত গছৰ ছালৰ পৰা পিচা ৰসেৰে প্ৰলেপ সানি কুষ্ঠৰোগীক চিকিৎসা দি অহা হয়৷ এই প্ৰত্যেকটো বিষয়ৰ ওপৰতেই আধুনিক গৱেষণাৰ থল আছে৷

বিভিন্ন উপকাৰী প্ৰয়োগ -

*এই গছৰ শিপাৰ ছাইৰে চাবন বনোৱা হয়৷

*অমৰাই প্ৰসাবৰ চলাচল সুচল কৰে আৰু পৰিমাণ বঢ়ায় (Diuretic action)৷

*অমৰাৰ পাত উতলাই সেই পানীৰে স্নান কৰিলে খজুৱতি আৰু একজিমা জাতীয় চৰ্মৰোগ নিৰাময় হয়৷

*অমৰা পাইলচৰ চিকিৎসাত উপযোগী৷ পাইলচৰ ৰোগত অমৰা গছৰ বাকলি উতলাই শীতল কৰি খাবলৈ পৰামৰ্শ দিয়া হয়৷ বিতংকৈ জানিবলৈ নাইবা ইয়াৰে তৈয়াৰী ৰেডিমেড দৰব আছেনে নাই জানিবলৈ অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকক লগ ধৰা বাঞ্চনীয়৷

*অমৰাই ৰক্তক্ষৰণ বন্ধ কৰে৷

*অমৰাৰ সেৱনে মনৰ অস্থিৰতা আতৰ কৰে৷

*বহু পুৰণি কাহ আৰু ডিঙিৰ বিষৰ অমৰাৰ চিকিৎসাত উপশম ঘটে।

*মহিলাৰ জননাংগৰ সংক্ৰমণৰ চিকিৎসাত উপযোগী৷

*কৃমি আৰু গ্ৰহণী ৰোগ নিৰাময় কৰে৷

*হৃদৰোগত অমৰাৰ উপযোগিতা - "কাৰ্ডিঅ'ভাস্কোলাৰ টস্কিক'লজী" ২০১০তম সংখ্যাত প্ৰকাশিত তথ্যমতে অমৰাই তেজৰ ক'লেষ্টৰলৰ পৰিমাণ কমায় আৰু হৃদৰোগ নিয়ন্ত্ৰণত ই ৰেমিপ্ৰিল (Ramipril) ঔষধৰ সদৃশ্য কাম কৰে৷

*গৰ্ভৱতী মহিলাৰ বাবেও অমৰা উপযোগী - কাৰণ ইয়াত থকা লৌহ পদাৰ্থই এনিমিয়া ৰোধ কৰে৷ এন্টিঅক্সিডেন্টে ইমিউনিটি বঢ়ায়৷ ফাইবাৰে শৌচকচা হবলৈ নিদিয়ে৷

*ডায়েবেটিজ আৰু থাইৰয়েডৰ অসুখৰ চিকিৎসা লৈ থকা ৰোগীৰ বাবেও অমৰা নিৰাপদ৷ অমৰাত কেলৰি কম, এন্টিঅক্সিডেন্ট লাগতিয়াল ভিটামিন আৰু যথেষ্ট ফাইবাৰ আছে বাবে এই দুই অৱস্থাতো নিৰ্ভয়ে খাব পাৰে৷

সম্ভাব্য পাৰ্শ্বক্ৰিয়া/অপকাৰিতা -

অমৰাৰ খাদ্য হিচাবে বা ঔষধি হিচাবে প্ৰয়োগত সাধাৰণতে কোনো পাৰ্শ্বক্ৰিয়া দেখা নাযায়৷ তথাপিও সঘনাই বিভিন্ন এলাৰ্জিজনিত ৰোগত ভোগা লোকক সতৰ্কতা অৱলম্বন কৰিবলৈ দিহা দিয়াটো বাঞ্চনীয়৷

মোখনিত কবলগীয়া দুআষাৰ:

প্ৰকৃতিয়ে উত্তৰ পূৰ্বাঞ্চলক আৰু অসমক হাততে পোৱাকৈ অনেক বনৌষধিৰ যোগান ধৰিছে৷ আমাৰ অজ্ঞতাৰ সুযোগ দেশী-বিদেশী অনেক দৰবৰ কোম্পানীয়ে নিৰন্তৰ লৈ আছে৷

সেয়ে সঠিক প্ৰবাদ প্ৰচলিত হৈছে- "তোমাৰে বাৰীৰে বাঁহগাজ তাৰে কৰিছোঁ খৰিছা, তোমাকে বেচি টকাটো লাভ কৰিছোঁ কথাটো মন কৰিছা"? গতিকে আমি সজাগ হৈ স্বাস্থ্য ৰক্ষাৰ বাবে প্ৰকৃতিয়ে দিয়া এই অমূল্য বৰদান সমূহক চিনাক্ত কৰি তাৰ সদব্যৱহাৰ কৰা উচিত৷

লেখক: ডাঃ ভূপেন শইকীয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.11111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top