অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আয়’ডিন লৱণ :

আয়’ডিন লৱণৰ বিষয়ে লিখা হৈছে ।

 

আয়ডিন শব্দটো আমাৰ বহুতৰে চিনাকি । কিয়নো, আমাৰ দেহত কেতিয়াবা সাধাৰণভাৱে কটা ঘা আদি শুকুওৱাৰ কামত আয়’ডিনক নিৰ্ভৰযোগ্য দ্ৰব্য বুলি গণ্য কৰি প্ৰয়োজনৰ সময়ত ঘৰৰ ভিতৰত সংৰক্ষিত অৱস্থাত ৰখা তথাকথিত আয়’ডিনৰ বটলটো বিচৰাত তৎপৰ হোৱা দেখিবলৈ পোৱা যায় । ইয়াত তথাকথিত শব্দটোৰ ব্যৱহাৰ এইবাবেই কৰা হৈছে, যাক আমি আয়’ডিন বুলি বিশ্বাস কৰি থাকো, সেয়া আচলতে প্ৰকৃত আয়’ডিন নহয় । দৰাচলতে ই এলক’হলৰ মাজত দ্ৰৱিত অৱস্থাত ৰখা আয়’ডিনৰ এটা ৰুপহে । এই দ্ৰৱৰ প্ৰকৃত নামটো হৈছে টিংচাৰ অৱ আয়’ডিন বা চমুকৈ টিংচাৰ (tincture) । ই এবিধ বীজবাৰক (antiseptic) । এইবিধ পানীয় ভক্ষণীয় নহয় । ইয়াৰ বিপৰীতে কিন্তু অন্য এবিধ ভক্ষণীয় আয়’ডিন আমাৰ দেহৰ বাবে প্ৰয়োজনীয় । সেইবিধ আয়’ডিনক পুষ্টিবিজ্ঞানৰ দৃষ্টিত অভিহিত কৰা হয় খনিজ লৱণ হিচাপে । ইয়াত সেই লৱণৰ বিষয়েই আলোচনা কৰা হ’ব ।

এইটো সকলোৰে জ্ঞাত যে আমৰ দেহৰ পুষ্টি, বিকাশ আৰু ৰোগ প্ৰতিৰোধী ক্ষমতা অক্ষুণ্ণ ৰখাৰ বাবে ২৪ বিধমান খনিজ লৱণৰ প্ৰয়োজন হয় । এনে লৱণৰ ভিতৰতে দেহত কিছুমান বেছিকৈ লাগে আৰু কিছুমানৰ পৰিমাণ কম হ’লেও চলে । ইয়াৰ প্ৰাথমবিধ মুখ্য পোষক দ্ৰব্য (Macronutrient) আৰু দ্বিতীয়বিধক কোৱা হয় গৌণ বা অণু পোষক দ্ৰব্য (Micronutrient) । আয়’ডিন হৈছে দ্বিতীয়বিধৰ খনিজ লৱণ । শৰীৰবিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰু অধ্যয়নৰ দ্বাৰা ঠাৱৰ কৰিছে যে থাইৰয়ড হৰম’নৰ সৃষ্টিৰ বাবেই প্ৰধানকৈ দেহক আয়’ডিনৰ আৱশ্যক হয় । থাইৰয়ড গ্ৰন্থিটো আমাৰ দেহৰ ডিঙিৰ সন্মুখভাগৰ তলৰ অংশত ভাগ আয়’ডিন সংৰক্ষিত হৈ থাকে । সেই ল’বদ্বয়ৰ অন্তৰভাগ আকৌ সূক্ষ্ম সূক্ষ্ম গ্ৰন্থিৰ পৰা সমৃদ্ধ । এই গ্ৰন্থিবোৰৰ মাজত থাইৰ’গ্লবিন নামৰ কিছু ডাঠ কলয়ডীয় উপাদান থাকে । আৰু থলীত থকা কোষবোৰে চাৰিওফালে বিস্তৃত হৈ থকা কেপিলাৰী জালিকাৰ দ্বাৰা আয়’ডিন অৱশোষণ কৰি কলয়ডীয় অংশলৈ প্ৰেৰণ কৰে । তেতিয়া থলীত থকা থাইৰ’গ্লবিনৰ লগত আয়’ডিনৰ বিক্ৰিয়া ঘটি প্ৰধানকৈ দুবিধ হৰম’ন- ট্ৰাই আয়ড’থাইৰ’নিন (T3) আৰু টেট্ৰো আয়ড’থাইৰ’নিন (T4) বা থাইৰ’ক্সিনৰ উৎপত্তি ঘটে । এই দুবিধ হৰম’নে বিশেষকৈ জিনত থকা ৰিব’নিউক্লিক এচিডৰ সংশ্লেষণ ঘটাই প্ৰ’টিন গঠনৰ পৰিমাণ বৃদ্ধি কৰে । ফলত শৰীৰত তাপ উৎপাদনৰ পৰিমাণো বৃদ্ধি পায় । এই দুবিধ হৰম’নৰ আধিক্য বা অভাৱৰ হেতুকে দেহত দুই ধৰণৰ অৱস্থাৰ সৃষ্টি হয়- হাই পাৰ থাই ৰয়ডিজম (hyperthyroidism) আৰু হাইপ’থাইৰয়ডিজম (hyperthyroidism) । ইয়াৰ প্ৰথমবিধ সৃষ্টি হয় হৰম’ন দুবিধ্ৰ, প্ৰধানকৈ থাইৰ’ক্সিনৰ নি:সৰণ অধিক হোৱাৰ ফলত । এই অৱস্থাত সততে পালছ বৃদ্ধি পোৱা, ঘামৰ মাত্ৰা বৃদ্ধি পোৱা, শৰীৰৰ ওজন হ্ৰাস পোৱা, টোপনি কম হোৱা, মানসিক ভাৰসাম্য হ্ৰাস পোৱা, হাতৰ কঁপনি হোৱা আৰু চকুহাল বাহিৰলৈ ওলাই অমৰাগুটিৰ দৰে হৈ পৰাৰ অৱকাশ থাকে বুলি কোৱা হয় । ইয়াৰ বিপৰীতে থাইৰয়ড গ্ৰন্থিৰ পৰা কম পৰিমাণে থাইৰ’ক্সিন নি:সৰণ ঘটিলে হাইপ’থাইৰয়ডিজম অৱস্থাৰ সৃষ্টি হয় । এই অৱস্থাত সাধাৰণতে গ্ৰন্থিদ্বয় ফুলি উঠা গৰল বা গইটাৰ (Goitre) ৰ উদ্ৰেক ঘটে, মানুহ স্বভাৱত এলেহুৱা হৈ শুই থাকিবৰ মন কৰা হয়, দেহৰ পালছ কম হয়, কেতিয়াবা ওজনৰ হ্ৰাস-বৃদ্ধি ঘটে । কণ্ঠস্বৰ সলনি হয় আৰু কেতিয়াবা শৰীৰৰ অংশবিশেষ ফুলি উঠাৰো স্থল থাকে ।

উল্লেখযোগ্য যে আমাৰ শৰীৰে বিভিন্ন প্ৰকাৰৰ খাদ্যদ্ৰব্যৰ পৰা আয়’ডিন লাভ কৰাটো সম্ভৱ । বিশেষকৈ সাগৰীয় মাছ তথা উদ্ভিদ, আমাৰ পৰিৱেশত পোৱা বিভিন্ন প্ৰকাৰৰ ফল-মূল, শাক-পাচলি, তৈলবীজ, দানাদাৰ শস্য, মাছ আৰু আনকি পানীতো আয়’ডিন পোৱা সম্ভৱ । তদুপৰি স্থলচৰ মেৰুদণ্ডী প্ৰাণীৰ থাইৰয়ড গ্ৰন্থি, প্ৰাকৃতিক খনিজ জল আৰু গেদীয় শিলৰ মাজৰ পানীতো আয়’ডিন পোৱাৰ স্থল থাকে । সেয়ে হ’লেও অৱশ্যে বহু বছৰ জুৰি বৰফে ঢাকি ৰখা মাটিত আয়’ডিনৰ অভাৱ ঘটাৰ ফলত তেনে ঠাইত হোৱা উদ্ভিদ তথা কৃষিজাত দ্ৰব্য আয়’ডিনৰ অভাৱ ঘটা সম্ভৱ । উদাহৰণস্বৰুপে হিমালয়ৰ পাদদেশৰ তৰাই বা কাংৰা উপত্যকা, আল্পছ পৰ্বতৰ পাদদেশৰ ছইজাৰলেণ্ড, ইটালীৰ অংশবিশেষ আৰু জাৰ্মানীৰ ঠাইবিশেষত আয়’ডিনৰ অভাৱ পৰিলক্ষিত হোৱাৰ উল্লেখ পোৱা যায় । ইবিলাকৰ উপৰি হিমালয়ৰ পাদদেশৰ ২,৪০০ কিলোমিটাৰ জোৰা এটি অঞ্চল, ৰাজস্থানৰ আৰাৱলী পাহাৰৰ নামনি অংশ, মধ্য প্ৰদেশৰ নিম্ন বিন্ধ্য পৰ্বত, গুজৰাটৰ নৰ্মদা উপত্যকা, উৰিষ্যাৰ কিছু পাৰ্বত্য অঞ্চল, অন্ধ্ৰ প্ৰদেশৰ অঞ্চলবিশেষ, কেৰালা আৰু কৰ্নাটকৰ কিছু চাহ বাগান আৰু তেনেকৈ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ বা পুণেৰ ঠাইবিশেষত আয়’ডিনৰ অভাৱজনিত ৰোগত ভোগা লোকৰ বতৰা পোৱা যায় । ইবিলাকৰ ভালেমান ঠাইত বৈশিষ্ট্যসূচক গৰল (Endemic goitre) ত ভোগা লোকো পোৱা যায় ।

বাস্তৱত এইটো প্ৰত্যক্ষ কৰা যায় যে সামগ্ৰিকভাৱে বিশ্বৰ ভালেমান উন্নয়নশীল ৰাষ্ট্ৰ, যেনে- ভাৰতবৰ্ষ, পাকিস্তান, ইণ্ডোনেছিয়া, চীনদেশ, ওছেনিয়া, পাপুৱা-নিউগিনি, ইকুৱেডৰ , পেৰু, বলিভিয়া, জাইৰো, কংগো আৰু ইটালী (চিচিলি) আদিৰ কিছু কিছু ঠাইৰ বাসিন্দাই আয়’ডিনৰ অভাৱজনিত বিসংগতি (iodine Deficiency Disorder) সংক্ষেপে IDD ত আক্ৰান্ত । ইয়াৰ বিপৰীতে কিন্তু বিশ্বৰ কিছুসংখ্যক দেশ, যেনে- আমেৰিকা, কানাডা, ইংলেণ্ড, স্পেইন, পশ্চিম জাৰ্মান, আৰ্জেণ্টিনা, জাপান, অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ড আদি দেশৰ লোকে যাতে আয়’ডিনৰ অভাৱত ভুগিব লগা নহয়, তাৰ বাবে বোলে নিমখৰ লগত আয়’ডাইজড লৱণ মিহলাই, অৰ্থাৎ আয়’ডাইলজ লৱণ (Iodised salt) কৰি যোগান ধৰাৰ ব্যৱস্থা কৰাত সুফল পোৱা গৈছে । গতিকে ইয়াৰ লগত সংগতি ৰক্ষা কৰি সম্প্ৰতি সমগ্ৰ বিশ্বতে বিশ্বস্বাস্থ্য সংস্থাৰ উদ্যোগত ‘ইণ্টাৰনেচনেল কাউন্সিল অৱ আয়’ডিন ডেফিচিয়েন্সী ডিছঅৰ্ডাৰ’ নামৰ এটি অনুষ্ঠানৰ জৰিয়তে আয়’ডিনযুক্ত নিমখ যোগানত গুৰুত্ব দি অহা হৈছে । উল্লেখৰ নিষ্প্ৰয়োজন যে একে উদ্দেশ্য আগত ৰাখি আমাৰ দেশতো ১৯৯২ চনৰ পৰা National Lodine Deficiency Disorder Control Programme নামৰ এক আঁচনি গ্ৰহণ কৰি সমগ্ৰ দেশতে আয়’ডিনযুক্ত নিমখ যোগানত জোৰ দি অহা হৈছে । কিয়নো, নিমখৰ লগত আয়’ডিনৰ যৌগ সংযোগ কৰি আয়’ডিনযুক্ত নিমখ কৰা প্ৰক্ৰিয়াটো অতি সহজ হোৱাৰ লগতে নিমখ সকলো লোকে খায় বাবে ব্যৱস্থাটোৰ সম্প্ৰসাৰণ কৰাটোও অতি সহজ । সেয়েহে ১৯৯২ চনৰ পৰা সমগ্ৰ দেশৰ লগতে অসমতো আজিকোপতি সেই আয়’ডাইজড নিমখেই জনসাধাৰণে গ্ৰহণ কৰি থকাটো বাধ্যতামূলকৰ দৰে হৈ পৰিছে । পিছে এনে কৰিবলৈ যোৱাৰ পৰত অসমৰ লোকক এনে আয়’ডাইজড নিমখৰ প্ৰয়োজন  আছে নে নাই তাক সঠিকভাৱে নিৰ্ণয় কৰি লোৱাটো বিশেষভাৱে প্ৰয়োজন আছিল বুলি আমাৰ ধাৰণা হয় । কাৰণ অঞ্চল একোটাৰ খাদ্যত আয়’ডিনৰ অভাৱ নাথাকিলে তেনে ঠাইত প্ৰতিদিনে অপ্ৰয়োজনীয়ভাৱে আয়’ডিন গ্ৰহণ কৰি থকাৰ ফলত তেনে ঠাইৰ লোকে আয়’ডিনৰ আধিক্যজনিত ৰোগ হাইপাৰথাইৰয়ডিজমত ভোগাৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি । লক্ষণীয়  যে লাহে লাহে এনে ৰোগীৰ সংখ্যা অসমত বৃদ্ধি পাবলৈ চাই বিষয়টোৰ যথাৰ্থ অনুসন্ধানৰ প্ৰাসংগিকতা আছে যেন লগা হৈছে ।

লেখক :- অৰ্পণ দত্ত

উৎস :- জি এনআৰচি স্বাস্থ্য

দেশী-বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণ শোণিতপুৰ জিলাৰ বালিগাঁও -

অসমৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰ বাৰ্তাবাহক অন্যতম এক জনগোষ্ঠী হ’ল মিচিং জনগোষ্ঠী। বড়ো-কছাৰীসকলৰ পিছতে দ্বিতীয় বৃহত্তম জনজাতি মিচিংসকলে সাধাৰণতে নৈৰ পাৰত বাস কৰে। অসমৰ এনে এখন নৈ-পৰীয়া মিচিং গাঁও হ’ল- বালিগাঁও। শোণিতপুৰ জিলাৰ তেজপুৰ টাউনৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ ভৰালীপাৰৰ এই গাঁওখন এখন বিশেষ গাঁও হিচাপে পৰিগণিত হৈ আহিছে । কাৰণ এই বালিগাঁৱে ২০১৬ বৰ্ষত লাভ কৰিছিল “সেউজ গাঁও” বঁটা ।

হায়দৰাবাদস্থিত Indian Green Building Council (IGBC) ৰ দ্বাৰা আয়োজিত এক দীৰ্ঘম্যাদী অধ্যয়নত বিভিন্ন গাঁৱৰ কেতবোৰ বিশেষ দিশৰ বিষয়ে অধ্যয়ন আৰু পৰ্যালোচনা কৰা হৈছিল। সৰ্বমুঠ ৩২ টা “সেউজ গাঁও” সূচক ইয়াৰবাবে লোৱা হয়। মূলতঃ পাৰিপাৰ্শ্বিক বাতাবৰণৰ লগত খাপখোৱাকৈ জীৱন ধাৰণ কৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, নিৰ্মল খোৱা পানীৰ সুবিধা, উন্নত স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা, অনাময় ব্যৱস্থা আদিৰ ওপৰত নিৰ্ভৰ কৰি  “সেউজ গাঁও” হিচাপে নিৰ্বাচিত হোৱা বালিগাঁৱৰ বৈশিষ্ট হ’ল-

১)   এই গাঁৱত সাতশৰো অধিক থলুৱা প্ৰজাতিৰ গছ আৰু তেৰশৰো অধিক গছ-গছনিসহ জৈৱ-বৈচিত্ৰেৰে পৰিপূৰ্ণ সেউজীয়া পৰিবেশ।

২) দুইকাষে প্ৰাকৃতিক নৰ্দমাসহ পৰিষ্কাৰ বাট-পথ। গাঁৱৰ পৰা নিৰ্গত পানীভাগ ভিন ভিন স্থানত অৱস্থিত তিনিটা বৃহৎ পুখুৰীত সংৰক্ষণৰ ব্যৱস্থা।

৩)   ঘৰৰ খাদ্য সামগ্ৰী আৰু বাৰীৰ পেলনীয়া জাৱৰ-জোঠৰ, পশু খাদ্য বা পচনসাৰ হিচাপে ব্যৱহাৰ কৰাৰ ব্যৱস্থা।

৪) গাঁওবাসীয়ে ব্যৱহাৰ কৰা খোৱাপানী এশ শতাংশ প্ৰাকৃতিকভাবে উপলব্ধ আৰু স্বাস্থসন্মত। গাঁৱৰ সকলো পৰিয়ালৰ বাবে এশ শতাংশ অনাময় ব্যৱস্থা।

৫)   কৃষি কাৰ্যত ব্যৱহাৰ নোহোৱা ভূমিখিনিৰ ৭৫% সেউজীয়া গছ-গছনিৰে পৰিপূৰ্ণ।

৬)     শিক্ষাৰ সু-ব্যৱস্থা। বিদ্যালয়ত দুপৰীয়া অহাৰ, স্বাস্থ্য সজাগতাৰ ব্যৱস্থা বিশেষভাবে উল্লেখযোগ্য।

গাঁওবাসীৰ জীৱিকাৰ মূল উৎস হ’ল কৃষি। তদুপৰি বোঁৱা-কটা, মৎস পালন, পশুপালন আৰু বাঁহ শিল্পও গাঁওখনৰ উল্লেখযোগ্য জীৱিকা।

IGBC য়ে অধয়ন কৰা বালিগাঁৱৰ লগতে ভাৰতৰ অন্য ৮ জিলাৰ ১২ খন গাঁৱেও এই বঁটা লাভ কৰিছিল । ২০১৬ বৰ্ষৰ অক্টোবৰ মাহৰ ৩ তাৰিখে জয়পুৰত বহা গ্ৰীন ভিলেজ কংগ্ৰেছৰ এক অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰিছিল বালিপাৰা ফাউণ্ডেচনৰ অধীনস্থ Eastern Himalyan Naturenomics School ৰ উপদেষ্টা কমিচন মিলিয়ে।

৩৭ নং ৰাষ্ট্ৰীয় পথৰ পৰা দুয়োকাষৰ ধানণি পথাৰৰ মাজেদি ১ কিলোমিটাৰ গাঁৱলীয়া পথৰ মাজেদি আগুৱাই গলেই এই বালিগাঁওখন পোৱা যায়। গাঁওখনৰ লোকসকল বৰ সহজ-সৰল আৰু আলহী প্ৰিয়। মহিলাসকল বোঁৱা-কটাত পাৰ্গত আৰু সুনিপূণ ৰান্ধনী। নিভাজ গাঁৱলীয়া পথেৰে, কম মচলাৰে এওঁলোকে ৰান্ধিব পাৰে বিধে বিধে জুতি লগা আহাৰ। গাহৰি, কুকুৰা আৰু মাছৰ ব্যঞ্জনৰ লগতে মিচিং জনগোষ্ঠিৰ থলুৱা পানীয়ই বহু পৰ্যটকক এই গাঁৱলৈ আকৰ্ষিত কৰে।  অসম তথা ভাৰতবৰ্ষৰ বিভিন্নজন প্ৰসিদ্ধ ব্যক্তিৰ উপৰিও এই গাঁৱৰ আলহী হোৱাৰ সৌভাগ্য হৈছিল বহু বিদেশীলোকৰ। আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, ইটালী, থাইলেণ্ড আদি বহু ৰাষ্ট্ৰৰ লোক এই বালিগাঁৱলৈ আহে।

এই গাঁৱৰ যুৱক-যুৱতীৰ উপৰিও মহিলাসকল গাঁওখনৰ উন্নয়ন আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশত যথেষ্ট সজাগ। ইয়াৰ ভিতৰত “বালিগাঁও মিচিং মিলনপুৰ মহিলা সমিতি”ৰ সদস্যাসকলৰ উদ্যোগ শলাগিবলগীয়া। এওঁলোকে মাজে-সময়ে দা আৰু ঝাড়ু লৈ নিজ গাঁৱৰ আলি-পদুলী পৰিষ্কাৰ কৰাৰ লগতে এওঁলোকৰ আশে-পাশে থকা অন্যান্য মিচিং গাঁৱতো প্ৰতি দেওবাৰে পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্য সজাগতা, পৰিবেশ প্ৰদূষণ আৰু শিক্ষাৰ বিষয়ত সজাগতা অভিযান চলাই আহিছে।

বালিগাঁৱৰ অতন্দ্ৰ প্ৰহৰী সমাজকৰ্মী কমিচন মিলিৰ উদ্যমত এই গাঁওখনে যি স্বীকৃতি লাভ কৰিছে সেয়া  সঁচাকৈয়ে প্ৰসংশনীয়।

লেখক :- পংকজ কুমাৰ শইকীয়া

উৎস :- সেউজ চিন্তা

 

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top