মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / আইৰণ আৰু মানৱ শৰীৰ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আইৰণ আৰু মানৱ শৰীৰ:

আইৰণ আৰু মানৱ শৰীৰৰ বিষয়ে লিখা হৈছে

 

মানৱ শৰীৰৰ পুষ্টি, শাৰীৰিক আৰু মানসিক শ্ৰীবৃদ্ধি, শক্তি যোগান আৰু নিৰোগী হৈ থকাৰ বাবে আইৰণ বা লৌহ পদাৰ্থৰ অত্যন্ত প্ৰয়োজন। অতীতৰপৰাই আইৰণক শক্তিৰ প্ৰতীক হিচাপে বিবেচনা কৰি অহা হৈছে। আজিৰপৰা কিছু বছৰ আগলৈকে যেতিয়া ৰন্ধন গেছ আৰু প্ৰেছাৰ কুকাৰ আদিৰ ব্যৱহাৰ হোৱা নাছিল, তেতিয়া আমাৰ পৰিয়ালবোৰত লোহাৰ কেৰাহী ব্যৱহাৰ হোৱাৰ মূলতে আছিল সামান্য পৰিমাণে হ’লেও লৌহ পদাৰ্থ আহাৰ হিচাপে শৰীৰক যোগান ধৰা। মানৱ শৰীৰত আইৰণৰ অভাৱ হ’লে নানা স্বাস্থ্যজনিত সমস্যা(বিশেষকৈ আইৰণৰ অভাৱজনিত ৰক্তহীনতা) দেখা দিয়ে। ঊনৈশ শতিকাৰ আগলৈকে আইৰণৰ অভাৱজনিত ৰক্তহীনতাত লাখ লাখ ব্যক্তিৰ মৃত্যু হৈছিল। কিন্তু সেই সময়ত ডাঃ পিয়াৰ ব্লাউড নামৰ চিকিৎসকজনে প্ৰথমবাৰৰ বাবে আইৰণৰ অজৈৱিক অৱস্থাক টেবলেট হিচাপে মানুহক মুখেৰে খুৱাই বহুতো ৰোগীৰ জীৱন বচাইছিল। আজিও সমগ্ৰ বিশ্বতে প্ৰায় দুই বিলিয়ন ব্যক্তি আইৰণৰ অভাৱজনিত ৰক্তহীনতাত ভুগি আছে। ইয়াৰ বেছিভাগেই ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশবোৰত। ইয়াৰ বাবে বহুতো মাতৃ আৰু শিশুৰ অকাল মৃত্যু হয়। আমাৰ অসমত ৭০ শতাংশ গৰ্ভৱতী মাতৃ আৰু ৫০ শতাংশ জীয়ৰী ৰক্তহীনতাত ভোগে। কিন্তু ডাঃ ব্লাউডে কৰাৰ দৰে আইৰণযুক্ত খাদ্য গ্ৰহণ কৰাৰ উপৰি অতিৰিক্তভাৱে আইৰণ টেবলেট যোগান ধৰিলে এই সমস্যা কমাব পাৰি। অৱশ্যে কেতিয়াবা শৰীৰত অপৰ্যাপ্ত আইৰণ জমা হ’লেও কিছুমান স্বাস্থ্যজনিত সমস্যা গা কৰি উঠিব পাৰে।

আইৰণৰ উৎস:

প্ৰাপ্তবয়স্ক লোহিত ৰক্তকণিকা ধ্বংস হ’লে নিৰ্গত হোৱা আইৰণকে মানৱ শৰীৰে পুনৰ ব্যৱহাৰ কৰাৰ উপৰি অতি কম পৰিমাণে বাহিৰৰপৰা গ্ৰহণ কৰা আইৰণৰ মূল উৎস হ’ল খাদ্য। খাদ্যত দুই প্ৰকাৰৰ আইৰণ থাকে। প্ৰথমবিধ হিম আইৰণ মুখ্যতঃ প্ৰাণীজাতীয় খাদ্য যকৃৎ, মাংস, মাছ ইত্যাদিত থাকে। শৰীৰে অতি সহজে গ্ৰহণ কৰিব পাৰে আৰু ই আনবিধ ননহিম আইৰণকো শৰীৰে গ্ৰহণ কৰাত সহায় কৰে বাবে ই আইৰণৰ অতি উচ্চ উৎস। ননহিম আইৰণ উদ্ভিদজাতীয় খাদ্য বুটমাহ, ঘেঁহু, সেউজীয়া শাক-পাচলি, শুকান ফল, বাদাম, পিঁয়াজ, কল, কলমৌ, কলফুল, ঢেঁকীয়া শাক, ৰাজমাহ, কচু আদিত থাকে। এইবোৰৰ সৈতে আইৰণ শোষণত বাধা জন্মোৱা অক্সিলেট, কাৰ্বনেট আৰু ফছফৰাছ থাকে বাবে ইয়াৰ কাৰ্যদক্ষতা হিম আইৰণতকৈ কম হোৱা দেখা যায়।

খাদ্য হিচাপে গ্ৰহণ কৰা আইৰণ ক্ষুদ্ৰান্তৰ ওপৰ অংশত(ডুৱেডেনাম আৰু জিজেনাম) শৰীৰৰ বাবে শোষিত হয়। অৱশ্যে শোষণৰ পৰিমাণ নিৰ্ভৰ কৰে শৰীৰত থকা আইৰণৰ ভঁৰাল, আইৰণৰ প্ৰয়োজনীয়তা বঢ়োৱা শৰীৰৰ অৱস্থা, আইৰণৰ শোষণ কমোৱা খাদ্যৰ(যেনে- চাহৰ টেনিন, কণীৰ কুহুমৰ ফছফৰাছ, শাক-পাচলিৰ অক্সেলেট) উপস্থিতি, আইৰণৰ শোষণ বঢ়োৱা ভিটামিন ‘চি’ৰ উপস্থিতি আৰু ক্ষুদ্ৰান্তৰ সুস্বাস্থ্যৰ ওপৰত। শোষিত আইৰণৰ ব্যৱহাৰৰ পিছত ৰৈ যোৱা আইৰণখিনি ফেৰিটিন আৰু হিম’চিদাৰিণ হিচাপে যকৃৎ, প্লীহা, অস্থিৰ মজ্জা আদিৰ ভঁৰাল হিচাপে ৰৈ যায়। প্ৰথম অৱস্থাত শৰীৰত আইৰণৰ যোগান কম হ’লে এই জমা থকা আইৰণকে শৰীৰে ব্যৱহাৰ কৰে। লাহে লাহে ইও কমি গৈ নোহোৱা হ’লে আইৰণৰ অভাৱৰ ৰক্তহীনতাকে ধৰি নানা উপসৰ্গই দেখা দিয়ে।

আইৰণৰ অভাৱজনিত ৰক্তহীনতাৰ লক্ষণ:

কমকৈ ঋতুস্ৰাৱ হোৱা, সহজেই ভাগৰ লগা, ঠাণ্ডা লগা, শৰীৰৰ কঁপনি, শেঁতা পৰা, মূৰ ঘূৰোৱা, চকুৰে ধোঁৱা ধোঁৱা দেখা, উশাহ-নিশাহত কষ্ট পোৱা, হৃৎপিণ্ডৰ ধপধপনি, শৰীৰ ফুলি উঠা, মূৰৰ বিষ, এলাহ ভাব, কোনো কামত মন নবহা, মনোযোগ কমি অহা আদি এইবিধ ৰক্তহীনতাৰ লক্ষণ। কিন্তু এনেকুৱা অৱস্থা বহুদিন চলি থাকিলে নখি, চুলি, ছাল, জিভা, মুখ আৰু খাদ্যনলীতো কিছুমান উপসৰ্গই দেখা দিয়ে। নখবোৰ মিহি, সহজে ভাগি যোৱা, চেপেটা হৈ যোৱা, চামুচ আকৃতিৰ হোৱা দেখা যায়। চুলি আৰু ছাল শুকান আৰু ৰূঢ় হৈ পৰে। জিভা মিহি হয় আৰু মুখৰ ঘাঁ হোৱা দেখা যায়। তদুপৰি কেতিয়াবা জিভা বগা হোৱা, ছাল আৰু যৌনাংগৰ খজুৱতি আদিও হয়। কেতিয়াবা খাদ্যনলীত গাঁঠিৰ দৰে হৈ খাদ্য গিলিব নোৱৰা অৱস্থা হোৱা দেখা যায়। পুৰণা আইৰণৰ অভাৱজনিত ৰক্তহীনতা, জিভা মিহি হোৱা আৰু খাদ্যনলীয়ে খাদ্য গিলিব নোৱৰা অৱস্থা হ’লে ইয়াক প্লামাৰ-ভিনসন ছিণ্ড্ৰম বুলিও কোৱা হয়। তদুপৰি এনে ৰোগীৰ মাটি খোৱা প্ৰবৃত্তিও কেতিয়াবা দেখা যায়।

আইৰণৰ অভাৱজনিত ৰক্তহীনতা প্ৰতিৰোধ:

তেজৰ হিম’গ্ল’বিনৰ মাত্ৰা বৃদ্ধি কৰি ৰক্তহীনতা প্ৰতিৰোধ কৰিব পৰা যায়। হিম’গ্ল’বিনৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে আগেয়ে উল্লেখ কৰি অহা আইৰণযুক্ত আহাৰ খাব লাগে। গৰ্ভৱতী মহিলা, শিশুক দুগ্ধপান কৰোৱা মাতৃ, কন্যাকাল বাঢ়ি অহা শিশু আৰু বয়ঃসন্ধি কালৰ ল’ৰা-ছোৱালীসকলে আইৰণযুক্ত খাদ্য নিয়মীয়াকৈ খোৱাৰ উপৰি বছৰি অতি কমেও এশটা আইৰণ টেবলেট খোৱা উচিত। আজিকালি চৰকাৰীভাৱে বিনামূলীয়াকৈ গৰ্ভৱতী মহিলা, শিশু আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীক আইৰণ টেবলেট যোগান ধৰা হয়। এই আইৰণ টেবলেটবোৰ বাহিৰৰ বতাহ আৰু তাপ নোপোৱাকৈ ঢাকনিযুক্ত পাত্ৰত ৰাখি নিতৌ খালে এনেবিধ সমস্যা প্ৰতিৰোধ কৰিব পৰা যায়। খাদ্য পেট ভৰাই খাব লাগে, আধাপেট খাদ্য খালে অকল আইৰণযুক্ত আহাৰ বা দৰবে সমস্যা নকমায়।

আইৰণৰ আধিক্যজনিত সমস্যা:

কেতিয়াবা দেখা যায় যে কিছুমান বিশেষ অৱস্থাত মানৱ শৰীৰত আইৰণৰ পৰিমাণ অপৰ্যাপ্ত হৈ শৰীৰৰ প্ৰতিটো অংগ-প্ৰত্যংগৰে(বিশেষকৈ যকৃৎ, প্লীহা, অগ্ন্যাশয়, হাৰ্ট) কোষবোৰত আইৰণ জমা হ’বলৈ আৰম্ভ কৰে। ইয়াক হিম’ক্ৰোমেটোছিছ বুলি কোৱা হয়। শৰীৰত আইৰণৰ পৰিমাণ জমা হ’বলৈ আৰম্ভ কৰে। ইয়াক হিম’ক্ৰোমেটোছিছ বুলি কোৱা হয়। শৰীৰত আইৰণৰ পৰিমাণ ২০ৰ পৰা ৬০ গ্ৰাম পৰ্যন্ত হয়গৈ। এনেকুৱা হোৱাৰ মুখ্য কাৰণবোৰ হ’ল খাদ্যৰপৰা প্ৰচুৰ আইৰণ শোষণ, জেনেটিক ৰোগ, হিম’লাইটিক এনিমিয়া, বহুবাৰ প্ৰায়ে ৰক্ত সংৰোচন কৰা(কিডনীৰ ডায়েলাইছিছ, থেলাচেমিয়া), যকৃতৰ ৰোগ ইত্যাদি। সহজতে ভাগৰ লগা, গাঁঠিৰ বিষ, ছাল মুগা বৰণৰ হোৱা, যৌন ক্ষমতা হ্ৰাস পোৱা, ক্লীৱতা, অশুকোষৰ আকাৰ সৰু হোৱা ইয়াৰ বিশেষত্ব। যকৃতৰ বায়’পসি কৰিলে তাত অপৰ্যাপ্ত আইৰাণ জমা থকা দেখা যায়। ইয়াৰ চিকিৎসা হ’ল মাজে মাজে চিকিৎসকৰ তত্ত্বাৱধানত দেহৰপৰা তেজ উলিয়াই পেলাই দিয়া। এনেকুৱা অৱস্থা নহ’বৰ বাবে আইৰণ চিলেটিং পদাৰ্থও ব্যৱহাৰ কৰিব পাৰি।

জটিলতা:

গৰ্ভৱতী মাতৃৰ এনে অৱস্থা হ’লে সময়তকৈ আগেয়ে প্ৰসৱ হোৱা, কম ওজনৰ কেঁচুৱাৰ জন্ম হোৱা, কেঁচুৱা আৰু মাতৃৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱা আদি জটিলতা দেখা দিয়ে। শিশু আৰু ল’ৰা-ছোৱালীবোৰৰ এনে হ’লে ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় বাবে সঘনাই সংক্ৰমণ হোৱা, এজমা হোৱা, বুদ্ধি আৰু মনোযোগ কম হোৱা, স্কুলত পাৰদৰ্শিতা কম হোৱা আদি হ’ব পাৰে। বৃদ্ধ অৱস্থাত এনে হ’লে নানা ৰোগ, ডিমেনচিয়া, এলঝেইমাৰ ৰোগ আদি অধিক হোৱা দেখা যায়।

আইৰণৰ অভাৱ হোৱাৰ কাৰণ:

মানৱ শৰীৰত আইৰণৰ অভাৱ হোৱাৰ বহুতো কাৰণ থাকিব পাৰে। ইয়াৰ ভিতৰত মুখ্য কাৰণবোৰ হ’ল-

১)খাদ্যত কম পৰিমাণে আইৰণৰ উপস্থিতি, পুষ্টিহীনতা, অৰ্থনৈতিক দুৰৱস্থা আৰু সুষম আহাৰৰ অভাৱ।

২)শৰীৰৰ খাদ্যতন্ত্ৰৰ বিভিন্ন অংশই কম পৰিমাণে আইৰণ শোষণ কৰে। খাদ্যতন্ত্ৰৰ অস্ত্ৰোপচাৰ, খাদ্যতন্ত্ৰৰ ৰোগ(ক্ৰোনচ ডিজিজ, আই বি এছ ইত্যাদি), হাঁকোটা পেলুৰ উপস্থিতি আদি এনে অৱস্থাৰ বাবে দায়ী।

৩)আইৰণৰ প্ৰয়োজনীয়তা বৃদ্ধি হোৱা অৱস্থা- গৰ্ভৱতী মাতৃ, শিশুক দুগ্ধপান কৰোৱা মাতৃ, বাঢ়ি অহা শিশু আৰু বয়ঃসন্ধি কালৰ ল’ৰা-ছোৱালী, বৃদ্ধ ব্যক্তি ইত্যাদি।

৪)অতিৰিক্তভাৱে ৰক্তক্ষৰণ হোৱা অৱস্থা-পেপটিক আলচাৰ, অৰ্শৰোগ, মাহেকীয়াত প্ৰচুৰ ৰক্তক্ষৰণ, প্ৰসৱজনিত ৰক্তক্ষৰণ আৰু অস্ত্ৰোপচাৰত হোৱা ৰক্তক্ষৰণ ইত্যাদি।

আইৰণৰ অভাৱজনিত ৰক্তহীনতাৰ চিনাক্তকৰণ:

ৰক্তহীনতাৰ লক্ষণবোৰৰ উপৰি তেজৰ কিছুমান পৰীক্ষা কৰি আইৰণৰ অভাৱজনিত ৰক্তহীনতা চিনাক্ত কৰিব পৰা যায়। সাধাৰণ ৰক্তহীনতাৰ দৰে ইয়াতো তেজত থকা লোহিত ৰক্ত কণিকাৰ পৰিমাণ আৰু হিম’গ্লবিনৰ পৰিমাণ কমি যায়। সাধাৰণ অৱস্থাত ব্যক্তি এজনৰ তেজত থকা হিম’গ্ল’বিনৰ পৰিমাণ হ’ল প্ৰতি ডেচিলিটাৰ ৰক্তত প্ৰাপ্তবয়স্ক পুৰুষৰ ১৩.৫ৰ পৰা ১৭.৫ গ্ৰাম, প্ৰাপ্তবয়স্ক মহিলাৰ ১২.৫ৰ পৰা ১৬.০ গ্ৰাম। এবছৰৰপৰা বাৰ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ ১২.৫ৰ পৰা ১৫.৫ গ্ৰাম। যদিহে এই পৰিমাণতকৈ হিম’গ্ল’বিনৰ মাত্ৰা কমি ৬০%ৰ পৰা ৮০%ৰ ভিতৰত থাকে তাক লঘু ৰক্তহীনতা, ৪০%ৰ পৰা ৬০% থাকে তাক মধ্যমীয়া ৰক্তহীনতা আৰু ৪০%তকৈ কম থাকে তাক প্ৰবল ৰক্তহীনতা বুলি কোৱা হয়। লোহিত ৰক্তকণিকাবোৰৰ আকাৰ সৰু হয় আৰু তাত থকা হিম’গ্ল’বিন কমি যায় বাবে ইয়াক মাইক্ৰ’চাইটিক হাইপোক্ৰ’মিক ৰক্তহীনতা বুলিও কোৱা হয়।

মানৱ শৰীৰত আইৰণৰ আৱশ্যকতা:

গৰ্ভত থকা সন্তানটিৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ ব্যক্তিকে আইৰণৰ দৰকাৰ। আমাৰ দেহত থকা লোহিত ৰক্তকণিকাৰ হিম’গ্লবিন আৰু মাংসপেশীৰ মায়’গ্লবিন আইৰণৰদ্বাৰা গঠিত। প্ৰতি গ্ৰাম হিম’গ্লবিনত প্ৰায় ৩.৩৪ মিলিগ্ৰাম আইৰণ থাকে। লোহিত ৰক্তকণিকাৰ হিম’গ্লবিনত থকা আইৰণে মুখ্যতঃ অক্সিজেন কঢ়িয়াই নি শৰীৰৰ কোষবোৰক যোগান ধৰে। মায়’গ্লবিনে মাংসপেশীক শক্তি যোগায়। শৰীৰৰ বহুতো জৈৱিক প্ৰক্ৰিয়াত সহায় কৰা চাইটোক্ৰোম, কেটালেজ, এনজাইম আদিত আইৰণ থাকে। কেটাকলেমাইনৰ মেটাবলিজিমত, মস্তিষ্কৰ বৃদ্ধি আৰু কাৰ্যদক্ষতা বঢ়োৱা, মানসিক উৎকৰ্ষ সাধন কৰা, ৰোগ প্ৰতিৰোধ ব্যৱস্থাক এন্টিব’ডি তৈয়াৰ কৰি সবল কৰা, শৰীৰৰ উত্তাপ সঠিককৈ ৰখা আদি কাৰ্যৰ বাবে আইৰণৰ আৱশ্যক। মানৱ শৰীৰত সাধাৰণতে তিনিৰপৰা পাঁচ গ্ৰাম আইৰণ থাকে। ইয়াৰ প্ৰায় ৬৫ ভাগ হিম’গ্লবিনত, পাঁচ ভাগ মায়’গ্ল’বিনত, ২৫ ভাগ ফেৰিটিন আৰু হিম’চিদ্ৰাৰিণ হিচাপে যকৃৎ, প্লীহা, অস্থিৰ মজ্জা আদিত জমা থাকে। বাকী ৫ শতাংশ ক্ষুদ্ৰান্তৰ প্ৰথমভাগ আৰু দ্বিতীয় ভাগত সিঁচৰিত হৈ থাকে। সাধাৰণ অৱস্থাত এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ শৰীৰপৰা প্ৰতিদিনে প্ৰায় এক মিলিগ্ৰাম আইৰণ প্ৰস্ৰাৱ, ঘাম, পিত্তৰস, ৰক্তক্ষৰণ আদিৰদ্বাৰা ওলাই যায়। মাহেকীয়া হোৱা মহিলা এগৰাকীৰ শৰীৰৰপৰা প্ৰতিদিনে দুই মিলিগ্ৰাম আইৰণ ওলাই যায়। যিহেতু শৰীৰে প্ৰাপ্তবয়স্ক লোহিত ৰক্তকণিকা ধ্বংস হ’লে নিৰ্গত হোৱা আইৰণকে পুনৰ ব্যৱহাৰ কৰে, সেয়েহে শৰীৰক প্ৰতিদিনে বাহিৰৰপৰা যোগান ধৰিব লগা আইৰণৰ পৰিমাণ অতি নগণ্যু। অৱশ্যে কিছুমান বিশেষ পৰিস্থিতিত আইৰণৰ আৱশ্যকতা বাঢ়ি যায়ু। গৰ্ভাৱস্থাত ৰক্তৰ পৰিমাণ বঢ়া আৰু কেঁচুৱাৰ বৃদ্ধিৰ বাবে, শিশুক দুগ্ধপান কৰোৱা মাতৃক, বাঢ়ি অহা শিশু আৰু বয়ঃসন্ধি কালৰ ল’ৰা-ছোৱালীৰ শাৰীৰিক আৰু মানসিক শ্ৰীবৃদ্ধিৰ বাবে, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ বাবে, বৃদ্ধ অৱস্থাত সঠিককৈ স্বাস্থ্য ৰক্ষাৰ বাবে অতিৰিক্ত আইৰণৰ প্ৰয়োজন। এক সমীক্ষামতে প্ৰতিদিনে বয়স অনুযায়ী বাহিৰৰপৰা যোগান ধৰিবলগীয়া প্ৰয়োজনীয় আইৰণৰ পৰিমাণ এনেধৰণৰ- কেঁচুৱাক(পাঁচ মাহৰ পৰা বাৰ মাহ) ০.৭ মিলিগ্ৰাম, শিশুক(এবছৰৰপৰা বাৰ বছৰ) ১.০ মিলিগ্ৰাম, ল’ৰাক(১৩ বছৰৰপৰা ১৮ বছৰ) ১.৮ মিলিগ্ৰাম, ছোৱালীক(১৩ বছৰৰপৰা ১৮ বছৰ) ২.৪ মিলিগ্ৰাম, প্ৰাপ্তবয়স্ক পুৰুষক ০.৯ মিলিগ্ৰাম, মাহেকীয়া হোৱা মহিলাক ২.৮ মিলিগ্ৰাম, গৰ্ভৱতী মহিলাক(প্ৰথম তিনি মাহ) ০.৮ মিলিগ্ৰাম, গৰ্ভৱতী মহিলাক(পিছৰ কেইমাহ) ৩.৫ মিলিগ্ৰাম আৰু কেঁচুৱাক দুগ্ধপান কৰোৱা মাতৃক ২.৪ মিলিগ্ৰাম।

আইৰণৰ অভাৱজনিত ৰক্তহীনতাৰ চিকিৎসা:

অতিৰিক্তভাৱে আইৰণজাতীয় খাদ্য খোৱাৰ উপৰি ৰক্তহীনতাৰ মানৰ ওপৰত নিৰ্ভৰ কৰি দৰৱ ব্যৱহাৰ কৰিব লগা হ’ব পাৰে। হিম’গ্ল’বিনৰ পৰিমাণ শতকৰা ষাঠিতকৈ অধিক হ’লে মুখেৰে খোৱা আইৰণ টেবলেট, শতকৰা চল্লিশৰপৰা ষাঠি হ’লে আইৰণ বেজী আৰু শতকৰা চল্লিশতকৈ কম হ’লে তেজৰ লোহিত ৰক্তকণিকা লাহে লাহে সংৰোচন কৰিবলগা হ’ব পাৰে। আইৰণ টেবলেট আহাৰ খোৱাৰ পিছত খাব লাগে। খালী পেটত খালে বমি, ক’লা পায়খানা হ’ব পাৰে। আইৰণ খোৱাৰ এঘন্টাৰ ভিতৰত তামোল, চাহ আদি খাব নালাগে। তদুপৰি আইৰণৰ অভাৱত সৃষ্টি হোৱা ৰোগৰ চিকিৎসা কৰা উচিত।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top