মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / আইৰনেৰে ভৰপূৰ পালেং :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আইৰনেৰে ভৰপূৰ পালেং :

আইৰনেৰে ভৰপূৰ পালেংৰ বিষয়ে লিখা হৈছে ।

পালেং এবিধ পুষ্টিকৰ শাক। শীতকালত এই শাক প্ৰচুৰ পৰিমাণে পোৱা যায়। শীতকালত পালেং শাক নিয়মীয়াকৈ খালে বহুতো ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰে। গৰ্ভৱতী মহিলাৰ বাবে পালেং অতি উপকাৰী। এই শাক খালে সন্তানৰ ওজন বঢ়ায় লগতে গৰ্ভস্থ সন্তানে প্ৰয়োজনীয় খাদ্যও পায়। পালেঙত কেলচিয়াম, ভিটামিন চি আৰু লৌহ পদাৰ্থ প্ৰচুৰ পৰিমাণে থকাৰ কাৰণে ই শৰীৰৰ বাবে উপকাৰী। ইয়াক ভাজি, মাছৰ আঞ্জা ৰান্ধি নাইবা চুপ কৰি খাব পাৰি। পালেঙৰ চালাড অতি পুষ্টিকৰ খাদ্য। ইয়াৰ বিভিন্ন ঔষধি গুণবোৰ এনেধৰণৰ-

*কেঁচা কোমল পালেং শাক অকণমান নিমখ আৰু নেমু মিহলাই খালে তেজ পৰিষ্কাৰ হোৱাৰ লগতে তেজ বৃদ্ধি হয়।

*কেঁচা পালেঙে মল বৃদ্ধিত সহায় কৰেফ। ফলত কোষ্ঠ কাঠিন্য কমে।

*পালেং শাকত থকা বিটা কেৰটিন নামৰ ভিটামিন চকুৰ কাৰণে উপকাৰী।

*এনিমিয়াত ভোগা লোকে পালেং শাক খালে ভাল ফল পাব।

*হিম’গ্ল’বিন বৃদ্ধিত পালেং শাকে সহায় কৰে।

*গাজৰৰ ৰসৰ লগত পালেং শাকৰ ৰস মিহলাই খালে ভোক বৃদ্ধি হয় আৰু টোপনিও ভাল হয়।

*পালেং শাক কাৰ্বহাইড্ৰেট থকাৰ কাৰণে মেদ বৃদ্ধিত বাধা দিয়ে। মেদ কমাবলৈ পালেং শাক খোৱাটো উপকাৰী।

*পালেং শাকত কেলচিয়াম আৰু লৌহ পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে। সেয়ে পালেং শাক খালে দাঁত আৰু চুলি ভালে থাকে।

*ফলিক এচিডো পালেং শাকত পোৱা যায়। গৰ্ভৱতী মহিলাৰ বাবে ফলিক এচিড উপকাৰী। পালেং শাক খালে গৰ্ভৱতী মহিলাই ফলিক এচিড পাব।

*পালেং শাক পনীৰৰ লগত খালে ছাল উজ্জ্বল হয়।

*মধুমেহ ৰোগীত বাবেও পালেং উত্তম খাদ্য।

*স্তনপান কৰোৱা মহিলাই দৈনিক কমেও ৬০০ গ্ৰাম পালেঙৰ চালাড বা তৰকাৰি খোৱা উচিত।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

3.25
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top