মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / আজিৰ যুগত হেৰাবলৈ ধৰা লতাবেলৰ সৈতে আত্মীয়তা গঢ়োঁ আহক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আজিৰ যুগত হেৰাবলৈ ধৰা লতাবেলৰ সৈতে আত্মীয়তা গঢ়োঁ আহক :

আজিৰ যুগত হেৰাবলৈ ধৰা লতাবেলৰ সৈতে আত্মীয়তা গঢ়োঁ আহক, সেই বিষয়ে লিখা হৈছে ।

 

অসমৰ বহুলোকৰ বাৰীত লতা বেল উপলব্ধ৷ ইয়াৰ গুণাৱলী বিশ্লেষণ কৰাৰ মানসেৰে দুআষাৰ লিখিব ল'লোঁ৷

নামাৱলীসমূহ হ'ল এইধৰণৰ: -

বৈজ্ঞানিক নাম Passiflora edulis / P. edulis flavicarpa

ইংৰাজী নাম Passion Fruit, Grandilla, Yellow Passion Fruit, Purple Grandilla

আন আন বিদেশী ভাষাত মতা নাম এনে ধৰণৰ : ব্ৰাজিল- মাৰাকুজা, স্পেনিচ- মাৰাকুয়া আৰু গ্ৰনেদিল্লে, ফৰাচী- ফ্ৰোট ডি লা পেচন, ইটালি- ফ্ৰোট ডিল্লা পেচনে, ৰোমান -ফ্ৰোক্টল পেইচুনি, স্বিডিচ- পেচন ফ্ৰোক্ট, ভিয়েটনাম- কুৱা চাহ্ লিঅ', টাৰ্কি- চাৰকোফেলেক মেভে'চি, গ্ৰীক- ফ্ৰোটো ডি পেচন, জাৰ্মান- পেচন ফ্ৰোক্ট, প'ৰ্টুগাল- মাৰাকুজা, হাৱাই- ইল্লেক'য়।

ভাৰতীয় ভাষাত ইয়াৰ নাম সমূহ - হিন্দী- কৃষ্ণা ফল, তেলেগু- কৃষ্ণা কামলা পাণ্ডো, বাংলা-আবেগ ফল, কানাড়া- উৎসা হান্নু, তামিল আৰু মলয়ালম- পেচন ফ্ৰোট।

অসমীয়াত লতা বেলৰ আন কেইটিমান নাম হ'ল- খাচিয়া বেল, মেওৱা বেল, ৰাস্না, চৰবতি টেঙা, ফুই টেঙা৷ আমাৰ চুবুৰীয়া মিজোসকলে কয় Sapthei৷

ক'ত ক'ত ইয়াক পোৱা যায় : বৰ্তমান বিশ্বৰ প্ৰায় সকলো গ্ৰীষ্মপ্ৰধান অঞ্চলত লতা বেল পোৱা যায়৷ অতি শীত বা বৰফযুক্ত পৰিবেশ এই লতাই সহ্য কৰিব নোৱাৰে৷ জানিবলৈ পোৱা মতে ইয়াৰ প্ৰাথমিক উৎপত্তি স্থল হ'ল ব্ৰাজিল, পাৰাগুৱে আৰু আৰ্জেন্টিনা৷ আকৌ ১৮৮০ চনৰ আগৰ পৰাই অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ সমুদ্ৰ তীৰত লতা বেল আছিল বুলি জনা যায়৷ অষ্ট্ৰেলিয়াৰ পৰা লতা বেলৰ গুটি নি হাৱাই দ্বীপপুঞ্জত বাগিচাৰূপে ৰোপন কৰা হয়৷

ব্যৱসায়িক ভিত্তিত ইয়াৰ ৰোপন আমেৰিকা, নিউজিলেণ্ড, দক্ষিণ ফ্লৰিদা, পূব আৰু দক্ষিণ আফ্ৰিকা আৰু ভাৰত আদি দেশত কৰা হয়৷ আমাৰ অসমতো কিছুমান নাৰ্চাৰীত লতা বেলৰ পুলি কিনিবলৈ পোৱা যায়৷

গছৰ বৰ্ণনা : এজোপা লতা বেল নিজৰ দীঘল দীঘল পাক লগা আগৰ (Tendril) সহায়ত ২০ ফুট পৰ্য্যন্ত বগাই যায়৷ গছৰ আয়ুস ৫ৰ পৰা ৭বছৰ৷ এটা পুলি ১২ৰ পৰা ১৫মাহৰ ভিতৰত ডাঙৰহৈ ফুল ফুলে৷ ২ ৰ পৰা ৩ ইঞ্চি ব্যাসৰ ফুলপাহ দেখিবলৈ বৰ শুৱনি- ঔ ফুলৰ নিচিনা৷ লতা বেলৰ ফুলে পাৰাগুৱে দেশৰ ৰাষ্ট্ৰীয় পুষ্পৰ স্বীকৃতি লাভ কৰিছে৷ আকৌ ইয়াৰ ফুল অসমত "শঙ্খ চক্ৰ গদা পদ্ম" নামেৰে বিখ্যাত৷ মৌ-মাখিৰ সহায়ত পলিনেচন হয় আৰু তাৰ ৭০/৮০দিন পিছত গছত সেউজীয়া বৰণৰ ফল লাগে৷ ফল পূৰঠ হলে প্ৰজাতি অনুসৰি হালধীয়া বা বেঙুনীয়া বৰণ লয়৷ তিনিকোণীয়া পাতৰ বৰণ ডাঠ সেউজীয়া৷ আঢ়ৈ বা তিনি ইঞ্চি বহল ফলৰ আকৃতি ঘূৰণীয়া বা ডিম্বাকৃতিৰ হয়৷ ফলৰ বাহিৰখন মিহি আৰু উজ্বল৷ ইয়াৰ ডাঠ ছালৰ ভিতৰত মুগা বা ক'লা বৰণৰ দুই-আঢ়ৈশ গুটি থাকে ৷ ফলৰ ভিতৰত পাতল জালেৰে আৱৰি কিছু পৰিমাণৰ ৰস থাকে৷ ইয়াৰ এটা স্বকীয় সুবাস আৰু টেঙা-মিঠা স্বাদ থাকে৷

লতা বেলৰ সাধাৰণতে দুটি প্ৰজাতি দেখা যায় - হালধীয়া (Golden Passion Fruit) আৰু বেঙুনীয়া (Purple Passin Fruit/Passiflora edulis)৷ স্বাদত দ্বিতীয় বিধ বেচি মিঠা আৰু ৩৫ শতাংশ বেচি ৰসাল৷ এই দুয়োবিধৰ মিশ্ৰণৰে অনেক হাইব্ৰিড বৰ্তমান সৃষ্টি কৰা হৈছে৷

কি কি লাগতিয়াল তত্ব ইয়াত থাকে -

লতা বেল ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট আদিৰে পৰিপূৰ্ণ৷ ইয়াত পানীৰ পৰিমাণ হ'ল ৭০ শতাংশ৷ ১০০গ্ৰাম ফলত শক্তি থাকে ৯৭ কেলৰি৷ কাৰ্বহাইড্ৰেট ২২.৪ গ্ৰাম, প্ৰটিন ২.২ গ্ৰাম, ফেট ৭০০ মিলিগ্ৰাম, ডায়েটেৰী ফাইবাৰ ১০.৪ গ্ৰাম (অৰ্থাৎ ২৭ শতাংশ)৷ আৰু আছে - লাইকোপেন, বিটা-কেৰটিন; ভিটামিন -এ, ভিটামিন - বি২, ভিটামিন -বি৩, ভিটামিন -বি৬, ভিটামিন -বি৯, কলিন, ভিটামিন - কে, ভিটামিন -চি; খনিজসমূহ হ'ল আয়ৰণ, কেলচিয়াম, জিংক, মেগনেচিয়াম, ফচফোৰাচ, ক'পাৰ,প'টেচিয়াম (৩৪৮মিলিগ্ৰাম), চ'ডিয়াম (২৮ মিলিগ্ৰাম)৷

কি দৰে ইয়াৰ সেৱন কৰা হয়?

*কেঁচাই চোবাই খাবলৈ হলে - ফলটো ফালি লৈ ভিতৰৰ অংশ চামুচৰে ভালকৈ ৰুকি খাব পাৰে৷

*ভিতৰৰ অংশ পানীৰ সৈতে মিহলাই ৰুচি অনুসৰি সামান্য লোণ আৰু চেনি মিহলাই চৰবত বনাই খাব পাৰে৷ যাৰ জুতি আৰু সুবাস অপূৰ্ব৷ শ্ৰীলংকা, ইণ্ডোনেচিয়া আৰু চিংগাপুৰৰ ৰোষ্ট্ৰোৰাসমূহত নিয়মিতভাবে এনে চৰবত পৰিবেশন কৰা হয়৷

*সম্পূৰ্ণ ফলটো ভিতৰৰ অংশসহ সৰু সৰুকৈ কূটি দাইল বা নিৰামিখ আঞ্জাত দি নহলে মাছৰ সৈতে সুস্বাদুকৈ ৰান্ধি খাব পাৰে৷ এনেদৰে ৰন্ধা আঞ্জাৰ জোলখন দেখিবলৈ আৰু স্বাদটো ঔটেঙাৰ সদৃশ্য৷
*আন আন পাচলিৰ সৈতে চালাডৰ মিশ্ৰণ কৰি খাব পাৰে৷

*জাম, জেলি ইয়াৰ পৰা বনাই খাব পাৰে৷

*দৈ, আইচক্ৰিম, চীজ-কেক,ফলৰ চালাড আদিৰ মিশ্ৰণতো লতা বেল ব্যৱহৃত হয়৷

*সুবাস বঢ়াবলৈ লতা বেলৰ ৰস আন আন চৰবতৰ সৈতে মিহলোৱা হয়৷

উপকাৰিতাসমূহ -

বিখ্যাত ফ্লৰিডা বিশ্ববিদ্যালয়কে ধৰি বিশ্বৰ বহু ঠাইত লতা বেলৰ উপকাৰিতাৰ বিষয়ে অনেক গবেষণা পত্ৰ প্ৰকাশিত হৈছে৷ তলত চমুকৈ ইয়াৰ উপকাৰিতাৰ তালিকাখন ডাঙি ধৰিলোঁ : -
(১)শৰীৰৰ ইমিউনিটি বৃদ্ধি কৰাত সহায়ক- ভিটামিন-চি, কেৰ'টিন, ক্ৰিপ্তঝেনথিন আৰু আন আন এন্টি অক্সিডেন্টৰ উপস্থিতিৰ বাবে এয়া সম্ভৱপৰ৷

(২)কেঞ্চাৰ প্ৰতিৰোধক- অহিতকাৰী ফ্ৰি-ৰেডিকেলৰ বিনাশ ঘটাই কৰ্কট ৰোগ প্ৰতিৰোধ কৰে৷ বিশেষকৈ মুখ গহ্বৰৰ,কল'নৰ আৰু হাওঁফাওঁৰ কেঞ্চাৰ প্ৰতিৰোধ কৰাত ভূমিকা আছে বুলি বিভিন্ন সূত্ৰত প্ৰকাশ৷

(৩)পাক প্ৰণালীৰ ক্ষেত্ৰত উপযোগিতা- পৰ্য্যাপ্ত ফাইবাৰৰ উপস্থিতিৰ বাবে খাদ্য সহজে হজম হয়, পাক প্ৰণালীৰ নাড়ীসমূহৰ চলাচল সুগম হয় আৰু শৌচ খোলোচা হয়৷

(৪)চকুৰ সুস্বাস্থ্যত ভূমিকা- ঘাইকৈ ভিটামিন-এ ৰ উপস্থিতিৰ বাবে কুকুৰিকণা, কেটেৰেক্ট, মেকুলাৰ ডিজেনেৰচন আদি ৰোধ হয়৷

(৫)ৰক্তচাপ নিয়ন্ত্ৰণত ইয়াৰ ভূমিকা - প'টেচিয়ামৰ উল্লেখনীয় ভূমিকা হ'ল তেজৰ নলী বহলাই দিয়া (Vasodilator action) - যাৰ বাবে উচ্চ ৰক্তচাপ হ্ৰাস পায়৷ তদুপৰি প'টেচিয়ামে দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ ৰখাত লাগতিয়াল ভূমিকা পালন কৰে৷

(৬)দেহৰ তেজ চলাচল সুগম কৰে - ক'পাৰ,আইৰণ আৰু প'টেচিয়ামৰ বাবে এয়া সম্ভৱপৰ৷

(৭)হাঁড়ৰ সুৰক্ষাত লোৱা ভূমিকা - আয়ৰণ, কেলচিয়াম, জিংক, মেগনেচিয়াম, ফচফোৰাচ, ক'পাৰ আদি খনিজসমূহৰ বাবে এয়া সম্ভৱ৷ হাঁড়ৰ ক্ষয় আৰু বাত বিষ জাতীয় ৰোগ ই প্ৰতিৰোধ কৰে৷

(৮)চৰ্মৰ উজ্বলতা বঢ়ায়, বয়সৰ আঁচোৰ ৰোধ কৰাত ভিটামিন-এ সহায়ক৷

(৯ হাঁপানি, হুপিং কাহ, চৰ্দি আৰু শ্বাস ৰোগৰ নিয়ন্ত্ৰণত উল্লেখযোগ্য ভূমিকা - লতা বেলত থকা হাৰমান নামৰ এলকেলইডে হিষ্টামিনৰ ক্ৰিয়াক বাধা দিয়ে,যাৰ ফলত হাঁপানিৰ লক্ষণসমূহ হ্ৰাস পায়৷

(১০) মানসিক স্বাস্থ্য ৰক্ষাত ভূমিকা- ই মানসিক চাপ বা ষ্ট্ৰেচ আৰু মনৰ অস্থিৰতা কমায়৷ নিদ্ৰা অনাত সহায়ক হয়৷ এলকেলইড হাৰমান আৰু আন ৰাসায়নিক তত্বৰ বাবেই ই মস্তিষ্কৰ বাবে উপকাৰী৷

(১১) এগৰাকী সচেতন পাঠকৰ সংযোজন - দক্ষিণ আফ্ৰিকাত চিকিৎসকে মেলেৰিয়া হোৱা ৰোগীক সোনকালে আৰোগ্য লাভ কৰিবৰ বাবে লতা বেল খাবলৈ পৰামৰ্শ দিয়ে৷

সাধাৰণ সতৰ্কীকৰণ -

*কাচিৎ কোনো ব্যক্তিৰ ক্ষেত্ৰত এলাৰ্জি দেখা দিলে লতা বেল সেৱন নকৰিব৷ লেটেক্স এলাৰ্জি থকা লোকৰ এই ফলৰো এলাৰ্জি হব পাৰে৷

*আকৌ ডায়েবেটিজ ৰোগীয়ে অত্যধিক পৰিমাণত ইয়াৰ সেৱন নকৰিব৷ অন্যথাই তেজত চুগাৰৰ পৰিমাণ বৃদ্ধি হব পাৰে৷

লেখক: ডাঃ ভূপেন শইকীয়া

ফোন নং: ০০৯৭৪৩৩৭৩৮৭২২

 

 

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top