মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / আয়োডিনৰ উপকাৰিতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আয়োডিনৰ উপকাৰিতা

আয়োডিনৰ উপকাৰিতাৰ কথা লিখা হৈছে

 

আয়োডিন আমাৰ শৰীৰৰ বাবে অতি প্রয়োজনীয় এবিধ মাইক্ৰনিউট্রিয়েণ্ট। আয়ডিন নামটো গ্রীক ভাষাৰ শব্দ ‘Ioedide’-ৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল বেঙুনীয়া। ১৮১১ চনত ফ্রান্সৰ ৰসায়নবিদ Bernard Courtois-এ এই মৌলবিধ আৱিষ্কাৰ কৰে। আয়ডিন প্রাকৃতিক অৱস্থাত মাটি আৰু পানীত পোৱা যায়।

আয়ডিনৰ উৎস-

 

  • সাগৰৰ পানী, সাগৰীয় মাছ, উদ্ভিদ, শেলুৱৈ, পুনি আদিত যথেষ্ট পৰিমাণে আয়ডিন থাকে।
  • প্ৰবল বৃষ্টিপাত হোৱা অঞ্চলত, সঘনাই খেতি-বাতি কৰা মাটিত আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা মাটিত আয়ডিনৰ পৰিমাণৰ কমি যায়। ফলস্বৰূপে এই অঞ্চলত হোৱা উদ্ভিদসমূহে মাটিৰ পৰা যথেষ্ট পৰিমাণে আয়ডিন আহৰণ কৰিব নোৱাৰে।
  • সাগৰৰ পৰা দূৰত্ব বাঢ়ি যোৱাৰ লগে লগে সেই অঞ্চলৰ মাটিত আয়ডিনৰ পৰিমাণ কমি যায়।

আয়ডিনৰ অভাৱত হোৱা সমস্যা

 

  • আমাৰ মগজুৰ হাইপ’থেলামাছ নামৰ অংশৰ পৰা থাইৰ’ট্রপিন ৰিলিজিং হৰমন নামৰ হৰমন নিঃসৰণ হয়। এই হৰমনে পিটুইটাৰী গ্ৰন্থিক সক্রিয় কৰি থাইৰয়ড ষ্টিমুলেটিং হৰমন উৎপন্ন কৰে। এইবিধ হৰমনে সৃষ্টি কৰে। এই থাইৰয়ড হৰমনৰ সংশ্লেষণৰ কাৰণে আয়ডিনৰ প্রয়োজন হয়।
  • আয়ডিনৰ অভাৱ হ’লে হৰমন সংশ্লেষণত বাধা জন্মে। ফলস্বৰূপে থাইৰয়ড হৰমন উৎপন্ন কৰিবৰ বাবে থাইৰয়ড গ্রন্থি বাঢ়িবলৈ ধৰে। ইয়াকে গৰল বা গইটাৰ বুলি কোৱা হয়। শৰীৰৰ বিপাকীয় কার্য, হৃদপিণ্ড, পৌষ্টিক তন্ত্র, মাংসপেশীৰ পৰিচালনা, মগজুৰ বিকাশ আদিত থাইৰয়ড হৰমনৰ বিশেষ ভূমিকা আছে।
  • আমাৰ শৰীৰ, মগজু, স্নায়ুৰ বিকাশ আৰু অন্যান্য কার্যকলাপৰ বাবে আয়ডিন অপৰিহার্য।
  • আয়ডিনৰ অভাৱত গৰল ৰোগৰ উপৰি মানসিক বাধাগ্রস্ততা, কলা-বোবা, কেঁৰাচকুৱা, শাৰীৰিক অসমৰ্থতা, অস্বাভাৱিক খোজ-কাটল, পেশীৰ ভাৰসাম্যহীনতা আদি ভয়ানক সমস্যাই দেখা দিব পাৰে।
  • গৰ্ভৱতী তিৰোতাৰ ক্ষেত্ৰত আয়ডিনৰ অভাৱত সন্তানৰ দৈহিক গঠন আৰু মগজুৰ বিকাশ বাধাগ্ৰস্ত হ’ব পাৰে।
  • গর্ভপাত হোৱাৰো সম্ভাৱনা থাকে।
  • গৰ্ভস্থ সন্তানে প্রয়োজনীয় আয়ডিন ভাগ মাকৰ পৰাই পায়। মাতৃৰ আয়ডিনৰ অভাৱ হ'লে গৰ্ভস্থ সন্তানৰ ওপৰতো তাৰ প্ৰভাৱ পৰে।
  • আয়ডিনৰ অভাৱ চূড়ান্ত পর্যায় পালে গর্ভস্থ সন্তানৰ মগজু আৰু দৈহিক বৃদ্ধি আৰু বিকাশ সম্পূৰ্ণৰূপে বাধাপ্রাপ্ত হয়। এনে অৱস্থাক ক্ৰেটিন বুলি কোৱা হয়। এনে শিশুবোৰ চুটিচাপৰ হয়, চিন্তাশক্তি কম হয় আৰু ভালদৰে খোজকাঢ়িব নোৱাৰে। এই শিশুবোৰে পঢ়া-শুনা আৰু অন্যান্য কাম-কাজ কৰিবলৈ অপাৰগ হয়।

আয়ডিনৰ দৈনিক প্রয়োজন

 

  • জন্মৰ পৰা বাৰ মাহ বয়সলৈ ৫০ মাইক্ৰ’গ্ৰাম, এক বছৰৰ পৰা ছয় বছৰলৈ ৯০ মাইক্ৰ’গ্রাম আৰু সাত বছৰৰ পৰা বাৰ বছৰৰ শিশুৰ বাবে দৈনিক ১২০ মাইক্ৰ’গ্রাম আয়ডিনৰ প্রয়োজন।
  • এজন প্রাপ্তবয়স্ক লোকৰ বাবে দৈনিক ১০০ৰ পৰা ১৫০ মাইক্ৰ’গ্ৰাম আয়ডিনৰ প্রয়োজন। এই পৰিমাণ মাত্র এটা তিলৰ সমান।

এবাৰ ক্ৰেটিন হ’লে আয়ডিন যোগান ধৰিও ইয়াক নিৰাময় কৰিব নোৱাৰি। কিন্তু প্রয়োজনীয় আয়ডিনকণ শৰীৰে নিয়মীয়াকৈ পাই থাকিলে আয়ডিনৰ অভাৱৰ ফলত হ’ব পৰা ভয়ানক সমস্যাবোৰ প্ৰতিৰোধ কৰিব পৰা যায়। ইয়াৰ বাবে এনে এবিধ দ্রব্য আয়ডিন মিহলাই দিবলৈ বাচি ল’ব লগা হ’ল যিবিধ দ্রব্য প্রত্যেক মানুহে প্রত্যেক দিনাই সেৱন কৰে। দেখা গ’ল যে নিমখ এনে এবিধ দ্রব্য যাক সৰু-ডাঙৰ, ধনী-দুখীয়া সকলো শ্ৰেণীৰ লোকে সদায় সেৱন কৰে। সেয়েহে আয়ডিনযুক্ত নিমখ আয়ডিনৰ অভাৱ। প্রতিৰোধ কৰাৰ উত্তম উপায় বুলি গণ্য কৰা হ’ল। নিমখৰ লগত আয়ডিন মিহলালে নিমখ আৰু আয়ডিন দুয়োটাৰে গুণাগুণৰ তাৰতম্য নঘটে আৰু শৰীৰৰো কোনো ক্ষতিসাধন নহয়। এইদৰে প্ৰতিজন ব্যক্তিয়ে আয়ডিনযুক্ত নিমখ গ্ৰহণৰ জৰিয়তে শৰীৰৰ বাবে প্রয়োজনীয় আয়ডিনখিনি নিয়মীয়াকৈ আহৰণ কৰিব পাৰিব। আয়ডিন অন্যান্য ঔষধৰ দৰে ব্যৱহাৰ কৰাত অসুবিধা, কিয়নো ইমান সূক্ষ্ম পৰিমাণৰ আয়ডিন আজীৱন খোৱা সকলোৰে বাবে সম্ভৱ নহয়।

আয়ডিনযুক্ত নিমখ কেনেকৈ ৰাখিব?

 

আয়ডিনযুক্ত নিমখ সঞ্চয় কৰোঁতে কিছু সাৱধানত অৱলম্বন কৰিব লাগে। নিমখত থকা আয়ডিন সূৰ্যৰ ৰশ্মি আৰু জলীয় বাষ্পৰ সংস্পৰ্শত নষ্ট হ’ব পাৰে। সেয়েহে এনে নিমখ কাচ বা চীনামাটিৰ ঢাকনী বন্ধ কৰিব পৰা পাত্ৰত ৰাখিব লাগে। ভাৰত চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষতে আয়ডিনযুক্ত লোণৰ প্ৰচলন বাধ্যতামূলক কৰিছে। বর্তমান আৰু ভৱিষ্যৎ প্রজন্মক আয়ডিনৰ

অভাৱজনিত ভয়াৱহতাৰ পৰা ৰক্ষা কৰাৰ উত্তম উপায় হ’ল আয়ডিনযুক্ত নিমখৰ ব্যৱহাৰ।

ডা: মিৰান্দা দত্ত, দৈনিক জনমভূমি।

3.11538461538
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top