অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আনাৰস :

আনাৰসৰ বিষয়ে লিখা হৈছে ।

 

আনাৰস বা মাটিকঁঠাল এবিধ স্বাস্থ্যবৰ্ধক ফল। সুমিষ্ট স্বাদৰ বাবে ই বহুতৰে প্ৰিয় ফল। আনাৰস ভিটামিন এ, বি আৰু চিৰে সমৃদ্ধ। তদুপৰি আনাৰসত বিপুল পৰিমাণে কেলছিয়ামো আছে। একোটা আনাৰসত প্ৰায় ৮৫ শতাংশ পানী থাকেগ। আনাৰসত আছে প্ৰ’টিন, শ্বেতসাৰ, ভিটামিন বি-১ আৰু ভিটামিন বি-২। পকা আনাৰস টেঙা-মিঠা গুণেৰে সমৃদ্ধ হয়। আনকি কেঁচা আনাৰসেৰে সুস্বাদু চাটনি প্ৰস্তুত কৰিও খায়।
পৃথিৱীৰ বিভিন্ন দেশত উৎপাদিত আনাৰস বা মাটিকঁঠালৰ সৰহভাগেই সংশাধীকৰণ কৰা হয়। আনকি আনাৰসৰ পৰা জুচ আৰু জাম-জেলিৰূপে এলক’হল, চাইট্ৰিক এচিড আৰু ভিনেগাৰ পৰ্যন্ত প্ৰস্তুত কৰিব পাৰি। আনাৰসৰ বাকলি পশুৰ উৎকৃষ্ট খাদ্য। আনাৰস ফলবিধ খেকাৰ, কফ আৰু অৰুচিনাশক। ইয়াৰ পাত হৈছে কৃমিনাশক। ই হজমৰ উৎকৃষ্ট ফল। আনাৰস জণ্ডিচ ৰোগীৰ বাবে পৰম হিতাকাৰী।
এতিয়া আনাৰসৰ ভৰ বতৰ। সেয়েহে শৰীৰৰ পুষ্টি সাধনৰ বাবে নিয়মিত পৰিমাণে আনাৰস খোৱা ভাল। স্বাস্থ্য অটুট ৰখাৰ বাবে আনাৰস বৰ উপকাৰী। তদুপৰি ওখ মাটিত আনাৰসৰ খেতি কৰিও স্বাৱলম্বী হ’ব পাৰি। আনাৰসৰ আছে বিপুল গুণ। আনাৰস খেতিত কষ্টও বৰ বেছি নহয়। তদুপৰি তামোল গছৰ মাজে মাজে আনাৰস ৰোপণ কৰিব পাৰি। ই গা-মন সজীৱ কৰি ৰাখে।
লেখক: নুৰুদ্দিন আহমেদ(অসম বাণী)

আনাৰস:আনাৰস বা মাটিকঁঠাল এবিধ স্বাস্থ্যবৰ্ধক ফল। সুমিষ্ট স্বাদৰ বাবে ই বহুতৰে প্ৰিয় ফল। আনাৰস ভিটামিন এ, বি আৰু চিৰে সমৃদ্ধ। তদুপৰি আনাৰসত বিপুল পৰিমাণে কেলছিয়ামো আছে। একোটা আনাৰসত প্ৰায় ৮৫ শতাংশ পানী থাকেগ। আনাৰসত আছে প্ৰ’টিন, শ্বেতসাৰ, ভিটামিন বি-১ আৰু ভিটামিন বি-২। পকা আনাৰস টেঙা-মিঠা গুণেৰে সমৃদ্ধ হয়। আনকি কেঁচা আনাৰসেৰে সুস্বাদু চাটনি প্ৰস্তুত কৰিও খায়।পৃথিৱীৰ বিভিন্ন দেশত উৎপাদিত আনাৰস বা মাটিকঁঠালৰ সৰহভাগেই সংশাধীকৰণ কৰা হয়। আনকি আনাৰসৰ পৰা জুচ আৰু জাম-জেলিৰূপে এলক’হল, চাইট্ৰিক এচিড আৰু ভিনেগাৰ পৰ্যন্ত প্ৰস্তুত কৰিব পাৰি। আনাৰসৰ বাকলি পশুৰ উৎকৃষ্ট খাদ্য। আনাৰস ফলবিধ খেকাৰ, কফ আৰু অৰুচিনাশক। ইয়াৰ পাত হৈছে কৃমিনাশক। ই হজমৰ উৎকৃষ্ট ফল। আনাৰস জণ্ডিচ ৰোগীৰ বাবে পৰম হিতাকাৰী।এতিয়া আনাৰসৰ ভৰ বতৰ। সেয়েহে শৰীৰৰ পুষ্টি সাধনৰ বাবে নিয়মিত পৰিমাণে আনাৰস খোৱা ভাল। স্বাস্থ্য অটুট ৰখাৰ বাবে আনাৰস বৰ উপকাৰী। তদুপৰি ওখ মাটিত আনাৰসৰ খেতি কৰিও স্বাৱলম্বী হ’ব পাৰি। আনাৰসৰ আছে বিপুল গুণ। আনাৰস খেতিত কষ্টও বৰ বেছি নহয়। তদুপৰি তামোল গছৰ মাজে মাজে আনাৰস ৰোপণ কৰিব পাৰি। ই গা-মন সজীৱ কৰি ৰাখে।

লেখক: নুৰুদ্দিন আহমেদ(অসম বাণী)

 

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top