অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আপোনাৰ চকু দুটা :

আপোনাৰ চকু দুটাৰ বিষয়ে লিখা হৈছে ।

 

চকুৰ বাবে ভিটামিন –এ অতি প্ৰয়োজনীয়। সেয়ে খাদ্য তালিকাত পৰ্যাপ্ত এ-ভিটামিন থকাটো জৰুৰী। গাখীৰ, সেউজীয়া শাক-পাচলি, পকা ফল, মাছ, মাংস, কণীত এ- ভিটামিন থাকে। এই খাদ্য নিয়মিতভাৱে খাব লাগে। প্ৰাপ্তবয়স্ক ব্যক্তিয়ে দৈনিক ৫,০০০ আই ই ইউ (ইণ্টাৰনেচনেল ইউনিট) আৰু শিশুক ১,৫০০ আই ই ইউ এ ভিটামিন দৰকাৰ। এ-ভিটামিনৰ অভাৱত কুকুৰীকণা ৰোগ হয়। পুৱা শুই উঠি আৰু নিশা শোৱাৰ আগতে চকুযুৰি ধুই ভালকৈ পৰিষ্কাৰ কৰিব লাগে। কুহুমীয়া গৰম পানীত এচিকুট নিমখ মহিলাই অথবা নাৰিকলৰ পানীৰে চকু ধুলে বীজাণুনাশকৰ কাম কৰে। কিতাপ পঢ়াৰ সময়ত কিতাপখন চকুৰ পৰা ১৪ ইঞ্চিৰ পৰা ১৮ ইঞ্চি দূৰত থাকিব লাগে। টেবুল লাইট বা আন লাইটৰ পোহৰৰ উৎস বাওঁফালৰ পৰা আহিব লাগে, যাতে পোহৰ কিতাপখনত পৰিহে চুকুলৈ আহে।

উৎস: জি এনআৰ চি স্বাস্থ্য

2.89473684211
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top