মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / আপুনি খাৰ খাই ভাল পাই নেকি ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আপুনি খাৰ খাই ভাল পাই নেকি ?

খাৰৰ বিষয়ে লিখা হৈছে

 

 

পৄথিৱীত দেখা পোৱা কৰ্কট ৰোগ সমুহৰ ভিতৰত, পৰিসংখা অনুসৰি  ইচোফেগাচৰ  কৰ্কট ৰোগে দশম স্থান অধিকাৰ কৰি আছে | অসম  আৰু  উত্তৰ  পূৰ্বাঞ্চলৰ পুৰুষৰ  ভিতৰত  আটাইতকৈ  সঘনে দেখা পোৱা কৰ্কট ৰোগৰ ভিতৰত ডিঙিৰ নলীৰ কৰ্কট  ৰোগ অন্যতম | ভাৰতৰ বিভিন্ন ৰাজ্যৰ তুলনাত  অসমত ইয়াৰ পৰিসংখা আটাইতকৈ বেছি | মহিলাৰ ক্ষেত্ৰতো  ই  দ্বিতীয় স্থানত আছে |

ডিঙি আৰু  পাকস্থলী  সংযোগ কাৰী দীঘল খাদ্যনলী দালকে ইচোফেগাচ বুলি কোৱা হ্য় | যদিও ইচোফেগাচৰ  কৰ্কট ৰোগৰ কাৰণ এতিয়ালৈকে নিৰ্দিষ্টকৈ নিৰ্ধাৰণ হোৱা নাই আৰু  ইয়াক বহুলাংশে বহুতো কাৰকৰ সমষ্টি বুলিহে  কোৱা হয় | খাদ্যাভাষো ইয়াৰ অন্যতম কাৰক বুলি চিহ্নিত হৈছে |

এই ৰোগ সাধাৰণতে ৬০-৭০ বছৰ বয়সৰ মানুহৰ মাজত আটাইত কৈ বেছিকৈ দেখা যায় | ইয়াৰ প্ৰ্ধান লক্ষণ সমূহ হ’ল- কোনো গোটা বস্তু খাওঁতে দিঙিত লাগি ধৰা অনুভৱ  কৰা, পিছলৈ পনীয়া বস্তুৰ কাৰণও  হ’ব পাৰে | ওজন কমি যোৱা, বিষ অনুভৱ কৰা, মাত ভাঙি যোৱা, বহুদিনীয়া কাঁহ, ইত্যাদি |

এই  আলোচনাটিত  আমি কেনেকৈ কিছুমান কাৰকে এই ৰোগক প্ৰভাৱিত কৰে আৰু খ্যাদাভাষ আৰু জীৱন প্ৰণালী সলনি কৰি কেনেকৈ এই ৰোগৰ পৰা বহু পৰিমাণে  হাত সাৰিব পাৰি তাকে আলোচনা কৰা হ’ব |

উন্নত দেশ সমুহ্ত ধঁপাত সেৱন আৰু মাদক দ্ৰব্য ই এই ৰোগৰ প্ৰ্ধান কাৰণ হিচাবে বিবেচিত হৈছে | মাদক দ্ৰব্যৰ  সেৱনৰ ক্ষেত্ৰত  দীৰ্ঘ দিনৰ কম পৰিমাণৰ সেৱনত্কৈ , সপ্তাহ্ত >২০০গ্ৰাম ত্কৈ বেছি সেৱন বেছি বিপজ্জন্ক বুলি প্ৰ্মাণিত হৈছে | এজন মানুহে  যদি দিনে ১৩ আউন্চত্কৈ বেছি মাদক দ্ৰব্য দীৰ্ঘ দিনৰ বাবে সেৱ্ন কৰে  তেওঁৰ এই কৰ্কট ৰোগ হোৱাৰ সম্ভাৱ্না ১৮ শতাংশ  বাঢ়ি  যায় | লগতে তেওঁ যদি ১ বা ২ পেকেট  চিগাৰেট খাই তেন্তে এই সম্ভাৱ্না ৪৪% শতাংশ বৄদ্ধি পায় | আকৌ ১৫ বছৰৰ বেছি  ধঁপাত সেৱন কৰা মানুহৰ আন মানুহৰ তুলনাত এই প্ৰবণতা বেছি বুলি ধাৰণা কৰা হৈছে |

উন্নয়্ন শীল  দেশ সমূহত যেনে চীন , ভাৰত ,ইৰাণ আদিত আকৌ বিভিন্ন ধৰণৰ চোবোৱা অভ্যাস , ধূমপান,  অপুষ্টিকৰ আহাৰ, সতেজ ফলমূল আৰু শাক-পাচলিৰ অভাৱ আদিয়ে  মূখ্য  ভুমিকা  পালন কৰিছে |

এই ৰোগৰ মূখ্য কাৰক সমূহ হ’ল….

 

১) ধঁপাত সেৱন

২) মাদক দ্ৰব্য

৩) ডিঙি আৰু মুৰৰ কৰ্কট ৰোগৰ সমস্যা  থকা

৪) সঘনাই হোৱা ইচফেগাচৰ সংক্ৰমণ

৫) ৰেডিয়েচন থেৰাপী

৬) পামাৰ-ভিনচন সিন্ড্ৰম

৭) একাইলেচিয়া

৮) তামোল পান

৯) কলাখাৰ

১০) বেৰেট ইচোফেগাচ

১১) আচাৰত থোৱা  শাক –পাচলি , যিবিলাক ভেকুৰ বা অনান্য বেক্টেৰিয়াৰ দ্বাৰা

আক্ৰমনিত হৈছে |

১২) ভিটামিন “চি”, “ই”, ’ৰাইব’ফ্লেভিন’, চেলেনিয়াম আৰু  জিংঙ্ক ইত্যাদি দেহৰ প্ৰয়োজনীয় খনিজ পদাৰ্থ  সমূহৰ  অভাৱ

১৩) গেষ্ট্ৰো-ইচফেজিয়েল ৰিফ্লাস্ক দিসিজেজ

১৪) সতেজ  ফলমূল আৰু  শাক –পাচলি কমকৈ খোৱা

১৫) বেছি পৰিমাণৰ মাংস ( ৰেড মিট ), আৰু নাইট্ৰেট  যুক্ত  আহাৰ

১৬) অতিপাত গৰম অৱ্স্থাতে পানীয়  সেৱন ( ধোঁৱা বলি থকা চাহ, কফি, [স্কেলডিং হ’ট] আদি )

১৭) অতিপাত জ্বলা আহাৰ বা অতি বেছি জলকীয়া খোৱা

কেনেকুৱা ধৰণৰ অসমীয়া খাদ্য বা খাদ্যাভাষ  এই ৰোগৰ সহায়ক কাৰক হিচাবে বিবেচিত হৈছে -

 

তামোল পান অসমীয়া মানুহৰ দৈনন্দিন জীৱনৰ এক এৰাব নোৱাৰা অঙ্গ | তামোল পান চূন  ধপাত  লৈ বা নলৈ আহাৰ খোৱাৰ পাছ্ত মুহুদি কৰাতো  আমাৰ প্ৰায়ভাগ মানুহৰে অভ্যাস |   ভাৰত স্বাস্থ্য সন্থাৰ, লাহোৱাল, ডিব্ৰুগঢ়ত  অৱস্থিত আঞ্চলিক গবেষণাগাৰত , ইচফেগাচৰ কৰ্কট ৰোগী আৰু ৰোগমুক্তৰ ওপৰত তামোল পান, চূণ আৰু ধপাঁত সেৱ্নৰ প্ৰভাৱৰ ওপৰত  এটি সমীক্ষা  চলোৱা হৈছিল | সমীক্ষাত দেখা গ’ল যে তামোল দিনে খোৱা সংখ্যা, কিমান বছৰত আৰম্ভ কৰিছে, আৰু কিমান বছৰৰ পৰা খাই আছে এই সকলোবোৰে ইয়াৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় | দিনে ২০ খন বা অধিক তামোল খোৱা  মানুহৰ ক্ষেত্ৰত  আন নোখোৱা মানুহৰ তুলনাত পুৰুষৰ বাবে এই কাৰক ১৩.৩ শতাংশ, মহিলাৰ বাবে ৫.৭ % বৄদ্ধি পায় | ২০ বছৰৰো অধিক কাল খোৱা মানুহৰ, পুৰুষৰ ১০.৬ % , মহিলাৰ ৭.২%, আৰু ২০ বছৰৰ আগতেই আৰম্ভ কৰা লোক সকলৰ  পুৰুষৰ ১০.৩ % , মহিলাৰ ৫.৩%  সম্ভাৱনীয়তা বৄদ্ধি পায় |  আন এবিধ আমাৰ আখলৰ জুটি লগা খাদ্য কলাখাৰোকো ইয়াৰ অন্যতম কাৰক হিচাবে ধাৰণা কৰা হৈছে | আগৰ দিনত  ভীম কলৰ বাকলি , বা গা-গছ শুকুৱাই , পুৰি তাৰ পৰা প্ৰস্তুত কৰা হৈছিল , খাৰ |  সমগ্ৰ অসমতে খাৰৰ ব্যাপক প্ৰচলন আছে | তাৰ পৰাই হয়তো প্ৰচলন হ’ল “খাৰ খোৱা অসমীয়া” এই বাক্য শাৰী | খাৰত থকা এলকালীৰ পৰিমাণ যথেষ্ট বেছি বাবে , সপ্তাহত তিনি দিনকৈ খাৰ খালে ইচোফেগাচৰ কৰ্কট ৰোগৰ সম্ভাৱনা আন লোকত্কৈ ৪ গুন বৄদ্ধি পায় |  শুকান মাছ বা ধোঁৱা চাঙত দিয়া মাছ বা মঙহো উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ নাক আৰু ডিঙিৰ কৰ্কট ৰোগৰ অন্যতম কাৰক বুলি বিবেচিত হৈছে |

লেখিকা: বৰ্ণালী দেউৰী

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top