মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / আপুনি খোৱা নিমখত আয়ডিন আছে নে ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আপুনি খোৱা নিমখত আয়ডিন আছে নে ?

আপুনি খোৱা নিমখত আয়ডিন আছে নে ?সেই বিষয়ে লিখা হৈছে ।

আয়ডিন -

সচৰাচৰ আমি খোৱা নিমখত আয়ডিন থকাটো শৰীৰৰ কাৰণে খুবেই প্ৰয়োজন বুলি ভাৱোঁ কিন্তু আমি বজাৰৰ পৰা কিনি অনা আয়ডিন যুক্ত নিমখত আয়ডিন আছে নে নাই বা থাকিলেও কিমান পৰিমাণৰ আয়ডিন আছে সেয়া জানিবলৈ কেনো প্ৰয়োজন অনুভৱ নকৰোঁ। যাৰ কাৰণে কেতিয়াবা আয়ডিন যুক্ত নিমখ খোৱাৰ পিছতো তলে তলে আয়ডিনৰ অভাৱত ভুগি থাকো আৰু ইয়াৰ প্ৰভাৱত শৰীৰত বিভিন্ন বেমাৰৰ সৃষ্টি হয়।শৰীৰৰ প্ৰায়বোৰ বেমাৰৰ ক্ষেত্ৰত (শাৰীৰিক /মানসিক) আয়ডিনৰ অভাৱটোৱে এক উল্লেখযোগ্য অৰিহণা যোগায়। আয়ডিনৰ অভাৱত মানুহৰ থাইৰয়ডৰ সমস্যা, স্মৃতি শক্তি দূৰ্বল হোৱাৰ পৰা আৰম্ভ কৰি, বাওনা, কলা- বোবা, অত্যাধিক শকত, মাত্ৰাধিক খং, হৃদযন্ত্ৰৰ বেমাৰ, লিভাৰৰ বেমাৰ, কিডনিৰ বেমাৰ, হাওঁফাওঁৰ বেমাৰ, হাই প্ৰেচাৰ, স্নায়বিক বেমাৰৰ পৰা একেবাৰে আলজেইমাৰ লৈকে আনকি পাকস্থলীৰ কেন্সাৰ ইত্যাদি পৰ্যন্ত হব পাৰে। তদুপৰি গৰ্ভৱতী নাৰীৰ আয়ডিনৰ অভাৱত গৰ্ভপাতৰ লগতে বিকলাঙ্গ শিশুৰ জন্ম হব পাৰে। গতিকে শৰীৰৰ কাৰণে আয়ডিনৰ গুৰুত্ব অপৰিসীম।

এজন সুস্থ মানুহৰ কাৰণে দিনটোত ১৫০ মাইক্ৰগ্ৰাম আয়ডিনৰ প্ৰয়োজন হয়। দুগ্ধপান কৰোৱা মাতৃ বা গৰ্ভৱতী অৱস্থাত এই পৰিমাণ প্ৰতি দিনে ২২০ ৰ পৰা ২৯০ মাইক্ৰগ্ৰাম পৰ্যন্ত প্ৰয়োজন হয়।

এতিয়া মূল কথা হল, বজাৰৰ পৰা কিনি অনা নিমখত উপযুক্ত পৰিমাণৰ আয়ডিন আছে নে নাই তাক আমি খোৱাৰ আগতে জনাৰ খুবেই প্ৰয়োজন। লেবৰেটৰী পৰীক্ষাৰ দ্বাৰা ইয়াৰ প্ৰমাণ কৰিব পাৰি যদিও ঘৰতেও আপুনি খুব সহজতে ইয়াৰ পৰীক্ষা কৰিব পাৰে। আলু এটা দুটুকুৰা কৰক, তাৰে এটা অংশৰ মাজত অলপ গাতৰ নিচিনা বনাই তাত এচামুচ খোৱা নিমখ দিয়ক, এতিয়া তাত তিনি চাৰি টোপাল নেমুৰ ৰস দিয়ক আৰু তাত ৰংৰ পৰিবৰ্তন লক্ষ্য কৰক। যদি ৰংটো বেঙুনীয়া হৈছে তাৰ মানে তাত আয়ডিন আছে কিন্তু কিমান পৰিমাণৰ আয়ডিন আছে তাক জানিবলৈ ওচৰৰ স্বাস্থ্যকেন্দ্ৰৰ পৰা এটা sample testing ৰ পেপাৰ সংগ্ৰহ কৰক আৰু তাৰ ৰংৰ লগত তুলনা কৰক। যদি কোনো ৰং নহয় তাৰমানে তাত আয়ডিন নাই, যদি পাতল বেঙুনীয়া ৰং হয় তাৰমানে তাত 7 ppm পৰিমাণৰহে আয়ডিন আছে যিটো শৰীৰৰ কাৰণে পৰ্যাপ্ত নহয়, যদি মধ্যম ধৰণৰ বেঙুনীয়া হয় তাৰমানে তাত 15ppm পৰিমাণৰ আয়ডিন আছে যিটো পৰিমাণ শৰীৰৰ কাৰণে ঠিকেই আছে, আৰু যদি গাঢ় বেঙুনীয়া হয় তাৰমানে তাত 30 ppm বা তাতকৈ বেছি পৰিমানৰ আয়ডিন আছে যিটোও শৰীৰৰ কাৰণে ঠিকেই আছে অৰ্থাৎ 15 ppm ৰ তলত হলে সেই পৰিমাণৰ আয়ডিন শৰীৰৰ কাৰণে পৰ্যাপ্ত নহয়।মনত ৰাখিব, অতিৰিক্ত আয়ডিন কেতিয়াবা খালে শৰীৰে ইয়াৰ বাবে প্ৰয়োজনীয় খিনি ৰাখি বাকী খিনি প্ৰেচাবৰ লগত উলিয়াই দিয়ে। ভাৰত চৰকাৰে শেষতীয়াকৈ iodine deficiency disease control program ৰ জৰিয়তে ঘৰে ঘৰে গৈ নিমখত আয়ডিনৰ পৰিমাণৰ পৰীক্ষা কৰি আছে। সবিশেষ জানিবলৈ ওচৰৰ স্বাস্থ্যকেন্দ্ৰৰ লগত যোগাযোগ কৰক।

আটাইতকৈ দৰকাৰী কথাটো হল আমি কিনি অনা নিমখত আয়ডিনৰ পৰিমাণ ঠিকেই লিখা থাকে কিন্তু তাৰ পিছতো সেই নিমখত আয়ডিনৰ পৰিমাণ কমে কেনেকৈ! অৰ্থাৎ নিমখ উৎপাদন কৰা ফেক্টৰীৰ পৰা পাইকাৰী দোকানলৈকে নিমখত আয়ডিনৰ পৰিমাণ ঠিকেই থাকে কিন্তু খুচুৰা দোকানৰ পৰা আপোনাৰ ৰান্ধনী ঘৰলৈ এইখিনি সময়ত নিমখত আয়ডিনৰ পৰিমাণ আপুনি অজানিতে বহু পৰিমাণে কমি যায় যাৰ কাৰণে আমি দেখাত আয়ডিন যুক্ত নিমখ খাওঁ যদিও শৰীৰে পৰ্যাপ্ত পৰিমাণে আয়ডিন নাপায়।

তলত দিয়া কাৰণত নিমখত আয়ডিনৰ পৰিমাণ কমি যায়  -

  • নিমখ কেতিয়াও খোলা অৱস্থাত ৰাখিব নালাগে, সদায় ভাল সোপা যুক্ত (air tight container) চীনামাটিৰ বা প্লাষ্টিকৰ বা গ্লাছৰ বন্ধ পাত্ৰত নিমখ ৰাখিব লাগে। পাত্ৰটোৰ চাৰিওফালে কাগজ বা প্লাষ্টিকৰ আৱৰণ থাকিলে ভাল। কাৰণ খোলা পাত্ৰ বা খোলা বটলত নিমখ ৰাখিলে আয়ডিন ভাপ হৈ (evaporation) উৰি যায়।
  • বাঁহৰ চুঙাত নিমখ ৰাখিলেও humidity ৰ প্ৰভাৱত নিমখত পানী লাগি যায় যাৰ ফলত নিমখ নষ্ট হয় আৰু আয়ডিনৰ পৰিমাণ কমি যায়।
  • খোলা বস্তুাত থকা নিমখত আয়ডিনৰ পৰিমাণ যথেষ্ট কম থাকে। সেইকাৰণে বজাৰৰ খোলা নিমখ কেতিয়াও কিনিব নালাগে।
  • নিমখৰ পাত্ৰ ৰন্ধা ষ্টোভৰ ওচৰত ৰাখিলেও আয়ডিন ভাপ হৈ উৰি যায় যাৰ কাৰণে নিমখ ষ্টোভৰ পৰা দূৰৈত ৰাখিব লাগে।
  • নিমখত ৰ'দ পৰি থাকিলেও আয়ডিনৰ পৰিমাণ যথেষ্ট কমি যায়।
  • নিমখ সদায় শুকান অৱস্থাত ৰাখিব লাগে, ভিজা নিমখত আয়ডিনৰ পৰিমাণ যথেষ্ট কমি যায়। সেইবুলি এবাৰ পানী লাগি গলি থাকিলে তাক ৰ'দত শুকুৱাব নালাগে। সেয়া কৰিলে আয়ডিনৰ পৰিমাণ আৰু বেছিকৈ কমি একেবাৰে নোহোৱা হব। পাত্ৰৰ পৰা নিমখ উলিয়াই আনোতে কেতিয়াও পানী লাগি থকা চামুচ বা হাত ব্যৱহাৰ কৰিব নালাগে।
  • পাইকাৰী বা খুচুৰা দোকানত নিমখৰ পেকেট বিলাক দেৱালৰ পৰা দুই তিনি ফুট আতৰত আৰু মাটিৰ পৰাওঁ তিনি চাৰিফুট ওপৰত ৰাখিব লাগে। কাৰণ humidity ৰ প্ৰভাৱত নিমখত আয়ডিনৰ পৰিমাণ কমি যায়।
  • পেকেটৰ পৰা নিমখ উলিওৱাৰ পিছত এমাহ বা দুমাহৰ ভিতৰত তাক শেষ কৰিব লাগে।

লেখক :- ডাঃ জাহিদ আহমেদ

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top