মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / আম আৰু আদাৰ ঔষধি গুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আম আৰু আদাৰ ঔষধি গুণ

আম আৰু আদাৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে

আম আৰু আদা এজোপা বৰ্ষজীৱী, একবীজপত্ৰী উদ্ভিব। এইবিধ উদ্ভিদৰ গা-গছৰ গঠন হালধি গছৰ দৰে। এই গছৰ মৃদগত কাণ্ডৰ পৰা ওলোৱা গোন্ধ কেঁচা আমাৰ নিচিনা কাৰণে বোধ হয় ইয়াক আম আদা বুলি কোৱা হয়। সংস্কৃতত ইয়াৰ নাম আম্ৰগন্ধ যদিও কৰ্পূৰ হৰিদ্ৰা নামেৰেও ইয়াক জনা যায়। ইয়াৰ কাণ্ডৰ পৰা ওলোৱা ৰস কেঁহা আৰু চোকা কাৰণে অতিমাত্ৰা খোৱা অনুচিত। আম আদাৰো ঔষধি গুণ আছে। বদহজমত আম আদাৰ ৰসৰ লগত সৰু মাছ ৰান্ধি খালে বদহজম ভাল হয়। বহুতৰ মুখ গোন্ধায়। আদা আৰু আম আদাৰ ৰস পানীৰ লগত মিহলাই কুলকুলি কৰিলে মুখৰ গোন্ধ আঁতৰে। দাঁতৰ বিষো কুলকুলি কৰিলে ভাল হয়।

শীতকালত সাধাৰণতে প্ৰায় সকলোৱে চৰ্দি, কাহত কষ্ট পায়। আম আদাৰ ৰসৰ লগত আদাৰ ৰস, জালুক আৰু পিপলি মিহলাই খালে আৰাম পোৱা যায়। কঁকালৰ বিষত আম আদাৰ ৰস খালে বিষ কমে। আঘাত পালে, চৰ্মৰোগত আম আদাৰ ৰস লগালে উপকাৰ পোৱা যায়। পেটৰ যিকোনো অসুবিধাত আম আদাৰ ৰস পিয়াঁজৰ সৈতে মিহলাই খালে আৰাম পোৱা যায়। শাল মইনাতো আম আদাৰ ৰস উপকাৰী। এইদৰে আম আদাই আমাৰ দৈনন্দিন জীৱনত হোৱা বিভিন্ন ৰোগ নিৰাময় হোৱাত সহায় কৰে।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

3.22857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top