অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আম সংবাদ :

আম সংবাদৰ বিষয়ে লিখা হৈছে ।

 

আমক সকলো ফলৰ ৰজা বুলি অভিহিত কৰা হয়। ইয়াৰ অপূৰ্ব সোৱাদৰ বাবে পৃথিৱীৰ প্ৰায় ৯৯ শতাংশ লোকেই আম খাই ভাল পায়। প্ৰায় ৪০ প্ৰকাৰতকৈও অধিক আমৰ প্ৰজাতি আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য কেইটামান প্ৰজাতি হ’ল লেঙেৰা, ফজলি, দছেৰা, মালদহ, গুলাব খাচ, বম্বে গ্ৰীন, হিম সাগৰ, কেশৰ, বাগান পলী ইত্যাদি।

আম প্ৰধানতঃ দক্ষিণ এছিয়াত উৎপাদন হৈছিল আৰু পুৰণি কালৰ পৰাই আমৰ খেতি কৰা হৈছিল। সোৱাদ আৰু আকাৰৰ বিষন্নতাৰ বাবে ভাৰতবৰ্ষৰ পৃথিৱী বিখ্যাত আৰু বহুতো বিদেশী ৰাষ্ট্ৰলৈ ভাৰতৰ পৰা এই আম ৰপ্তানি কৰা হয়।

আম ভাৰতৰ জাতীয় ফল। আম কেঁচা বা পকা দুই ধৰণে খাব পাৰি। কেঁচা আমৰ পৰা আচাৰ, চাটনী, অম্বল, জাম, জেলী আদি কৰা হয়।

আনহাতে পকা আম টুকুৰা-টুকুৰকৈ কাটি বা চুপি, জুচ বা চৰবত কৰি, আইচক্ৰীম, পুদিং, শীতল পানীয় আদি বিভিন্ন ধৰণে খোৱা হয়। গোটেই বছৰ জুৰি আমৰ সোৱাদ ল’ব পৰাকৈ কৃত্ৰিম সংৰক্ষক উপাদান মিহলাই টিন ফুড বা চৰবত কৰিও ইয়াক ব্যৱহাৰ কৰা হয়।

আমক ফলৰ ৰজা বুলি কোৱা কোৱাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল-

সোৱাদযুক্ত ফল -

আম এবিধ সোৱাদযুক্ত আৰু অতি পুষ্টিকাৰক ফল। ই স্বাস্থ্যৰ পক্ষে অতি উপকাৰী। ইয়াৰ প্ৰতিৰোধী ক্ষমতা আছে। ওজন হ্ৰাস কৰে, ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়ায় আৰু নানা ধৰণৰ সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ হয়। ইয়াৰ সোৱাদৰ ভিন্নতা আছে আৰু প্ৰায় সমগ্ৰ বিশ্বৰ মানুহে আম খায়।

পুষ্টিকাৰক গুণাগুণ -

একাপ বা ২২৫ গ্ৰাম আমৰ গুণাগুণসমূহ হ’ল-

১)১০৫ ভাগ কেল’ৰি,

২)৭৬ শতাংশ ভিটামিন চি,

৩)২৫ শতাংশ ভিটামিন এ,

৪)১১ শতাংশ ভিটামিন বি৬(B6) আৰু অইন বি ভিটামিন,

৫)৭ শতাংশ পটাছিয়াম,

৬)৪ শতাংশ মেগনেছিয়াম,

৭)৯ শতাংশ ক’পাৰ আৰু

৮)৯ শতাংশ স্বাস্থ্যকৰ ফাইবাৰ আছে।

কেন্সাৰ প্ৰতিৰোধক -

আমৰ উচ্চ হাৰত এন্টি অক্সিডেন্ট পোৱা যায়, যিয়ে কেঞ্চাৰ প্ৰতিৰোধ কৰাত সহায় কৰে। ইয়াৰ ভিতৰত ক’লন কেঞ্চাৰ, (বেষ্ট কেঞ্চাৰ, পোষ্টেট কেঞ্চাৰ আৰু লিউকোমিয়া আদি বিশেষভাৱে উল্লেখযোগ্য)।

ৰক্তহীনতা দূৰ কৰে:

বহু পৰিমাণে আয়ৰনযুক্ত সোৱাদভৰা ফলবিধে মানুহৰ শৰীৰত হিম’গ্ল’বিনৰ পৰিমাণ বঢ়ায়।

দৃষ্টিশক্তি বৰ্ধক:

ভিটামিন এ যুক্ত হোৱা বাবে চকু জলাপোৰা কৰা আৰু শুকান ভাব নোহোৱা কৰা। সকলো ভিটামিনৰ সমাহাৰ আমে চকুৰ দৃষ্টিশক্তি বঢ়ায় আৰু স্বাস্থ্যও উন্নত কৰে।

কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে:

আমত বহু পৰিমাণে পেকটিন, ভিটামিন চি আৰু আঁহযুক্ত পদাৰ্থ থকাৰ লগতে, পটাছিয়াম আৰু মিনাৰেল যথেষ্ট পৰিমাণে আছে।

ফলত ৰক্তচাপ আৰু নানা ধৰণৰ হৃদযন্ত্ৰৰ অসুখ আদি নিয়ন্ত্ৰিত হৈ থাকে। লগতে কলেষ্টেৰল বৃদ্ধি প্ৰতিৰোধ ক্ষমতা বঢ়ায়।

দাঁত আৰু আলুৰ স্বাস্থ্য ৰক্ষা:

দুই ধৰণে উপকাৰ পাব পাৰে, যেনে- আমৰ গছৰ বাকলি তিয়াই থোৱা পানীৰে মুখ কুলকুলি কৰিলে দাঁতৰ পৰা তেজ ওলোৱা বেমাৰ উপশম হয় আৰু দাঁতৰ ক্ষয়ৰোগ প্ৰতিৰোধ হয়।

সকলো ৰোগ প্ৰতিৰোধ  ক্ষমতা বৃদ্ধি কৰে:

আমক শ্ৰেষ্ঠ ফল বুলি কোৱা হয় কাৰণ ই প্ৰায় সকলো ভিটামিন আৰু মিনাৰেলৰ ভাণ্ডাৰ। ফলত শৰীৰৰ নানা ধৰণৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত অত্যন্ত সহায়ক হয়।

অতিৰিক্ত ওজন হ্ৰাস:

আম এবিধ অতি পুষ্টিকাৰক নিম্ন কেল’ৰিযুক্ত ফল। ই শক্তি বৰ্ধক আৰু অতিৰিক্ত কেল’ৰি বাৰ্ন কৰাত সহায় কৰে আৰু অতিৰিক্ত চৰ্বি হ্ৰাস কৰাত সহায়ক হয়।

জীৱন ধাৰণৰ বাবে লাগতিয়াল কোষসমূহৰ সৃষ্টিত সহায় হয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বড়্ঘায়।

হজম শক্তি বঢ়ায়:

ইয়াত যথেষ্ট পৰিমাণে এনজাইম থকা বাবে খাদ্যদ্ৰব্য হজমত সহায়ক হয়।

ছাল মসৃণ কৰে আৰু সৌন্দৰ্য বৃদ্ধিত সহায় কৰে:

আমৰ ব্যৱহাৰৰ ফলত ছালৰ বাহিৰৰ উজ্জ্বলতা বাঢ়ে আৰু ভিতৰৰ ফালৰ পৰাও সুন্দৰ হয়।

বাহ্যিক ব্যৱহাৰৰ বাবে, আম এচকল মিহিকৈ কাটি গোটেই মুখৰ ওপৰত লগাই কমেও ১০ মিনিট ৰাখি তাৰ পাছত সেয়া ঘহি ঘহি মুখখন ধুই দিলে ছালৰ উজ্জ্বলতা বাঢ়ে আৰু ছালৰ ক্ষুদ্ৰ ৰন্ধ্ৰসমূহ মুকলি কৰি ছালখন পৰিষ্কাৰ কৰাত সহায় কৰে।

আনহাতে শালমইনা আদি উঠাটো ৰোধ কৰে। ভিতৰৰ ফালৰ পৰা উপকাৰ পাবৰ বাবে পাৰিলে দৈনিক একোটাকৈ আম খাব লাগে।

লেখিকা: ৰূপলেখা দেৱী(অসম বাণী)

3.17647058824
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top