মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / আমাৰ আশে-পাশে দেখি থকা মানিমুনি শাকৰ উপযোগিতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমাৰ আশে-পাশে দেখি থকা মানিমুনি শাকৰ উপযোগিতা

আমাৰ আশে-পাশে দেখি থকা মানিমুনি শাকৰ উপযোগিতাৰ বিষয়ে লিখা হৈছে

মানিমুনি শাকৰ বিষয়ে ৰচনাখন লিখিবলৈ লৈ চকুত পৰি ভাল লাগি গ'ল ভৈৰৱচন্দ্ৰ খাটনিয়াৰৰ (১৮৮৯-১৯৩১)দ্বাৰা ৰচিত তলৰ কবিতাটি :-

মানিমুনি শাক, মানিমুনি শাক, তই তাতেই জীয়াই থাক/
বেলিৰ পৰা পাবি পোহৰ,পানী দি তোক যাবহি ডাৱৰ,/
বতাহৰ ঠেৱে নচাবি গাক / মানিমুনি শাক, মানি মুনি শাক, তই তাতে থুপি থাক |
ধৰণী আইৰ সৰস বুকুৰ খোচনি পাতি থাক/ বিশ্বৰ সকলো শুনিবি খবৰ,শুনিবি পিতাৰ ডাক |
কেৱল নীৰৱ নিস্তব্ধ সন্তোষ মনত লুকাই ৰাখ/ মানিমুনি শাক, তই ইয়াতেই ফুলি থাক/
পাব পাৰ তই গছকত পৰি মাটিৰ সমান থাক/ তথাপি পিতাৰ নিভৃত মৰম প্ৰাণত লুকাই ৰাখ |
মানিমুনি শাক, সুখেৰে জীয়াই থাক/ বিশ্ব-হৃদয়ে গমিছে তোৰো হৃদয়-বিপাক/
জগত-ভৰা আয়োজনত আছে তোৰো ভাগ, মানিমুনি শাক, সুখেৰে জীয়াই থাক |
আমাৰ বহুতৰ চকুত অপতৃণ বুলি গণ্য হোৱা মানিমুনিৰ উপযোগিতাৰ তালিকাখন দেখিলে আপোনাৰ চকু কপালত উঠিব ৷ অতি প্ৰাচীনকালৰ পৰাই ভাৰতবৰ্ষ আৰু চীনদেশত পৰম্পৰাগত ভাবে মানিমুনিৰ ঔষধি গুণৰ বহুল প্ৰয়োগ চলি আহিছে ৷ অনুসন্ধান কৰি জানিবলৈ পোৱামতে ভাৰতবৰ্ষত বিগত ৩০০০ বছৰ আৰু চীনদেশত বিগত ২০০০ বছৰ আগৰ পৰা মানিমুনিৰ ঔষধি গুণৰ প্ৰয়োগ চলি আহিছে ৷ প্ৰাচীন ভাৰতীয় চিকিৎসাশাস্ত্ৰ 'সুশ্ৰুত সংহিতা'ত মানিমুনিৰ ঔষধি গুণৰ বিস্তাৰিত বৰ্ণনা আছে ৷ আনহাতে যোৱা ১৮০০চনত ফৰাচী ফাৰ্মাকোপিয়াই এই মনিমুনিৰ ঔষধি গুণক তালিকাভুক্ত কৰি স্বীকৃতি দিছে ৷ শ্ৰীলংকা, থাইলেণ্ড আৰু বাংলাদেশৰ ফাৰ্মাকোপিয়াই উল্লেখ কৰা মতে ১৮৮৪ চনৰ পৰাই মানিমুনি হ'ল এবিধ গুণকাৰী প্ৰমাণিত বনৌষধি ৷
• অতি প্ৰাচীনকালৰ পৰা আমাৰ দেশৰ বিভিন্ন অঞ্চলত জ্বৰ, মূৰৰ বিষ, খহু, ঘাঁ শুকোৱা,খৰ-খজুৱতিৰ ঘৰুৱা চিকিৎসাত মানিমুনি শাক ব্যৱহৃত হৈ আহিছে ৷
• অৰুণাচল প্ৰদেশত মানিমুনি শাকেৰে টাইফয়েড জ্বৰৰ ঘৰুৱা চিকিৎসা কৰা হয় ৷
• পশ্চিম বংগত ভঙা হাঁড়ৰ চিকিৎসাত মানিমুনি শাক প্ৰয়োগ কৰা হয় ৷
• নেপালত মানিমুনি শাকেৰে হাঁপানী ৰোগীৰ চিকিৎসা কৰা হয় ৷
• চীন দেশত মানিমুনিক আন বনৌষধিৰ সৈতে মিশ্ৰণ কৰি মাংশপেশীৰ নানান জটিল ৰোগৰ চিকিৎসাত প্ৰয়োগ কৰা হয় ৷

সাধাৰণতে আমি দেখাত মানিমুনি দুবিধ -

 

সৰু মানিমুনি (Hydrocotyle sibthorpioides) আৰু বৰ মানিমুনি (Hydrocotyle Asiatica )। ঔষধি গুণ উল্লেখিত এই দুয়োবিধ মানিমুনিৰে প্ৰায় একে ৷ কিন্তু সৰু বিধ দৰবৰ কাৰণে বেছি উপকাৰী। বনস্পতিবিদৰ মতে বিশ্বত মানিমুনিৰ ৭৫ৰ পৰা ১০০টা ভিন্ন ভিন্ন প্ৰজাতি আছে ৷ কাটাৰৰ চুপাৰমাৰ্কেটত মই বিশ্বৰ আন দেশৰ পৰা আমদানি হোৱা বৰ মানিমুনি নিজে প্ৰত্যক্ষ কৰিছোঁ ৷ খুতৰা,মাটিকান্দুৰী,কচুশাক,লাইশাক,মৰীচা আৰু কলমৌ শাকো কাটাৰত উপলব্ধ ৷
বৰ মানিমুনিক ইংৰাজীত মতা কেইটামান নাম হ'ল- Indian Pennywort, Water Pennywort, Marsh Penny, Thick-leaved Pennywort, Hydrocotyle Indien ৷ ফিলিপাইনচ দেশত টাকিপ কোহল আৰু শ্ৰীলংকাত গোটো কলা নামেৰে জনা যায় ৷ নেপালীসকলে কয় ঘোডটাপ্ৰে ৷ হিন্দীত (ব্ৰহ্মীবুটি), মিজোত (লম্বক), মিতেই (পেৰুক),বাংলাত (থানকুনি শাক), ওৰিয়াত (থালকুডি),তেলেগুত (সৰস্বতী আকু),কানাড়াত (অনডেলেগা), তামিলত (ভেল্লৰাই) আৰু মলয়ালমত (কুদাংগল) বোলে ৷ মানিমুনিৰ শাস্ত্ৰীয় নাম- ভেকী, মণ্ডকী আৰু মূলপানী।
ইয়াৰ বৈজ্ঞানিক নাম হ'ল - Centella asiatica ৷

প্ৰাপ্তিস্থল-

 

মানিমুনি শাকৰ ঘাই বসতিস্থল দক্ষিণ পূৱ এচিয়াৰ দেশসমূহ হলেও আমেৰিকা, অষ্ট্ৰেলিয়াকে ধৰি বিশ্বৰ বিভিন্ন অঞ্চলত ই উপলব্ধ ৷ ভাৰতবৰ্ষ, নেপাল, বাংলাদেশ, শ্ৰীলংকা, থাইলেণ্ড, ইন্দোনেচিয়া, চীন, ভিয়েটনাম,ফিলিপাইনচ আদি দেশত মানিমুনিৰ উৎপাদন আৰু ইয়াৰ আৱশ্যকীয় প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয় ৷

গছৰ বৰ্ণনা-

 

মানিমুনি এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গাঁঠিয়ে গাঁঠিয়ে সৰু সৰু চুলিৰ নিচিনা শিপা ওলায় ৷ শিপাৰ সহায়ত লতাজোপাই মাটিত খামোচ মাৰি ধৰি থাকে। সেউজ বৰণৰ পাতৰ আকৃতি ঘূৰণীয়া বিচনিৰ দৰে নাইবা কিডনিৰ আকৃতিৰ ৷ মানিমুনি সাধাৰণতে জেকা ঠাইত হয়। কিন্তু লতাজোপা ভালদৰে বিকশিত হবলৈ ৰ'দৰ প্ৰয়োজন ৷ অক্টোবৰৰ পৰা মাৰ্চলৈ উদ্ভিদজোপাত পাতল হালধীয়া-বেঙুনীয়া ফুল ফুলে ৷ সময়ত লতাজোপাত চেপেতা সৰু আকৃতিৰ ফল লাগে ৷ পূৰঠ ফল ফাটিলে তাৰ পৰা দুটি গুটি ওলায় ৷ গুটিৰ পৰাও গছ হয় নাইবা ডাল ধৰিও ইয়াৰ খেতি কৰিব পাৰি৷ ফিলপাইনচ দেশত ধান খেতিৰ মাজে মাজে মানিমুনি গজি উঠা দেখা যায়৷

কি কি তত্ব এই শাকত থাকে ?


কেইবাবিধো এন্টিঅক্সিডেন্ট, ভিটামিন-চি, ভিটামিন-বি গোট আৰু ভিটামিন-ই মানিমুনি শাকত থাকে ৷কাৰ্বোহাইড্ৰেট, প্ৰটিন, ফচফৰাচ ,টেনিক এচিডো মানিমুনি শাকত থাকে ৷ ইয়াত থকা ভেলাৰিন নামৰ তেলীয় পদাৰ্থৰ বাবেই মানিমুনিৰ গোন্ধতো ওলায় ৷
ইয়াৰপাত,গা-গছ, ফুল,গুটি প্ৰতিটো অংশই ঔষধি নিৰ্মাণত ব্যৱহৃত হয় ৷

কেনেদৰে মানিমুনিৰ ঔষধি গুণে ক্ৰিয়া কৰে?


মানিমুনি শাকত থকা ৰাসায়নিক তত্বসমূহৰ গুণ হ'ল যে ইয়াৰ ফলত কোষ নিৰ্মাণত জড়িত কোলাজেনৰ পৰিমান বৃদ্ধি পায় (সেয়ে ঘাঁ সোনকালে শুকায়) আৰু ইনফ্লেমেচন কমায়, তেজৰ নলী সমূহ বহলাই তোলে (সেয়ে ভেৰিক'জ ভেইনৰ চিকিৎসাত ফলপ্ৰসু) ৷

কি দৰে মানিমুনি গ্ৰহণ কৰিব পাৰি ?


শাক হিচাবে আঞ্জা বনাই,ভাজি বনাই, চাটনি বা চালাড কৰি, চুপৰ দৰে নাইবা সিজাই চাহৰ দৰেও মনিমুনি সেৱন কৰিব পাৰি ৷ বজাৰত শুকান মানিমুনি, মানিমুনিৰ নিৰ্মিত কেপচুল কিনিবলৈ উপলব্ধ ৷

আধুনিক যুগত মানিমুনিৰ প্ৰয়োগ –


শৰীৰৰই মিউনিটি বঢ়াবলৈ মানিমুনি নি:সন্দেহে এটি অতি লাগতিয়াল বনৌষধি ৷ যি কোনো টিউমাৰৰ আকৃতি হ্ৰাস কৰি কৰ্কট ৰোগৰ চিকিৎসাত মানিমুনিয়ে লাগতিয়াল ভূমিকা পালন কৰে বুলি এচাম বিজ্ঞানীয়ে দাবী কৰে ৷

উপকাৰিতা –


থোৰতে কবলৈ হলে
• এন্টিবেক্টেৰিয়েল গুণৰ হেতু ফলপ্ৰসু- কলেৰা,চালমোনেলা,চিগেলা, ই-ক'লাই,ষ্টেফাইলোকক্কাচ অৰিয়াচ আদি ৰোগৰ বিপৰীতে ৷
• এন্টিভাইৰেল গুণৰ প্ৰয়োগ-হেপাটাইটিচ-বি ৰোগৰ চিকিৎসাত ৷
• এন্টিপেৰাচাইটিক- চিষ্টচমিঅ'চিচৰ চিকিৎসাত ৷
• কাহ,জ্বৰ,টনচিলৰ অসুখ, শ্বাসজনিত বুকুৰ ৰোগৰ চিকিৎসাত উপযোগী ৷
• স্নায়ুতন্ত্ৰৰ উপকাৰিতা- মগজুৰ সতেজতা,সক্ৰিয়তা,স্মৃতিশক্তি বঢ়ায় ৷ বাৰ্ধক্যজনিত এলঝেইমাৰৰ ৰোগৰ চিকিৎসাত উপযোগী ৷ আয়ুস বঢ়ায় ৷
• লিভাৰৰ উপযোগী ৷ আভোক দূৰ কৰে ৷
• চৰ্মৰোগ- চ'ৰিয়’চিচ, খৰ, খহু,খজুৱতি,এলাৰ্জি, লুপাচ আদিৰ চিকিৎসাত ৷
• মহিলাৰ জৰায়ুৰ ঘাঁ, বগাস্ৰাৱৰ চিকিৎসাত ৷
• মহিলাৰ গৰ্ভনিৰোধক,অনিয়মীয়া ঋতুস্ৰাৱৰ চিকিৎসাত ৷
• পুৰুষ-মহিলা উভয়ৰে যৌন ক্ষমতা বঢ়োৱাত মানিমুনি অতি উপযোগী ঔষধি ৷

পাৰ্শ্বক্ৰিয়া/ সতৰ্কবাণী – গৰ্ভৱতী মহিলা,স্তনপান কৰোৱা মাতৃ আৰু নৱজাতক শিশুক মানিমুনিৰ ব্যৱহাৰ নকৰিবলৈ কোৱা হয় ৷

এতিয়া বিভিন্ন মাধ্যমত মানিমুনিৰ বিষয়ে প্ৰকাশিত লেখালৈ চকু দিয়ক :
* জে চি কুৰিয়ানৰ ৰচিত "Amazing Health Plants " নামৰ গ্ৰন্থত মানিমুনিয়ে কম চুলি থকা লোকৰ চুলি গজাত সহায় কৰে আৰু চুলি সৰা ৰোধ কৰি তপা হোৱাৰ পৰা সুৰক্ষা দিয়ে বুলি উল্লেখ কৰিছে ৷
* দৈনিক অগ্ৰদূত কাকতৰ ‘স্বাস্থ্য বাৰ্তা’ত অঞ্জন শৰ্মাই মানিমুনি শাকৰ গুণ এইদৰে লিখিছে : -
• বেঙেনা বা অমিতাৰ লগত মানিমুনিৰ পাত দি আঞ্জা ৰান্ধি প্ৰতিদিনে এমাহ খালে হজম শক্তি বৃদ্ধি পায়।
• মানিমুনিৰ পাতৰ ৰস এচামুচ আৰু শেৱালি ফুল গছৰ পাতৰ ৰস এচামুচ মিহলাই সদায় পুৱা খালে জ্বৰ ভাল হয়।
• সামান্য পৰিমাণৰ আম গছৰ ছাল, আনাৰসৰ কেঁচা পাত, কেঁচা হালধিৰ ৰস, ৪/৫ ডাল মানিমুনি শাকৰ শিপা ভালদৰে ধুই একেলগে বটি ৰস উলিয়াই খালী পেটত খালে পেটৰ অসুখ ভাল হয়। সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এই পথ্য অধিক কাৰ্যকৰী।
• আধা লিটাৰ গাখীৰত ২৫০ গ্ৰাম মিছিৰি আৰু ১৭৫ গ্ৰাম মানিমুনি পাতৰ ৰস একেলগে মিহলাই প্ৰতিদিনে পুৱা এসপ্তাহলৈ খালে গেষ্ট্ৰিক ভাল হয়।
• সদায় পুৱা খালি পেটত চাৰি চামুচ মানিমুনিৰ ৰস আৰু এচামুচ মৌ মিহলাই এসপ্তাহ খালে তেজ পৰিষ্কাৰ হয়।
• যিবোৰ শিশুৱে কথা কওঁতে পলম কৰে বা অস্পষ্ট হয়, সেই ক্ষেত্ৰত এচামুচকৈ মানিমুনি পাতৰ ৰস গৰম কৰি ঠাণ্ডা হ’লে ২০/২৫ টোপাল মৌ মিহলাই ঠাণ্ডা গাখীৰৰ সতে কিছুদিন খুৱালে সমস্যা দূৰ হয়।
• মানিমুনিৰ পাত বটি গৰম ভাতৰ লগত খালে পেটৰ বিষ ভাল হয়।
• সদায় পুৱা মানিমুনিৰ ৰস এচামুচ ৫/৬ টোপাল হালধিৰ ৰসত সামান্য চেনি আৰু মৌ মিহলাই এমাহলৈ খালে যকৃতৰ সমস্যা ভাল হয়।

* ডা০ চাদিকুল ইছলামে ব্যক্ত কৰা মতে মানিমুনি শাকৰ উপকাৰিতা সমূহ হ'ল :
(১) অৰুচি গুচাবলৈ মানিমুনিৰ ৰস খাব লাগে।
(২) গ্ৰহণী, কুষ্ঠ ৰোগ, পিত্ত, উচ্চ ৰক্তচাপ,স্নায়বিক দুৰ্বলতা, অনিদ্ৰা ৰোগত মনিমুনিৰ ৰস উপকাৰী ।
(৩) গোধ (Elephatiasis) ৰোগত ইয়াৰ পাত খুন্দি প্ৰলেপ দিলে উপকাৰ হয়।
(৪) মানিমুনি শাক ৰাতিপুৱা ৰান্ধি খালে দিনটোৰ কাৰণে শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধ আতৰ হয় ৷

মোখনিত সহৃদয় পাঠকসকলক সবিনয়ে আহ্বান জনালোঁ মানিমুনি শাকৰ বিষয়ে নিজৰ অভিজ্ঞতা যোগ দি আমাৰ জ্ঞানৰ ভঁৰাল যৎকিঞ্চিত হলেও বৃদ্ধি কৰাত সহায় কৰে যেন ৷

ডা০ ভূপেন শইকীয়া

3.04
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top