মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / আমাৰ খাদ্যত ফল-মূলৰ প্ৰয়োজনীয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমাৰ খাদ্যত ফল-মূলৰ প্ৰয়োজনীয়তা

আমাৰ খাদ্যত ফল-মূলৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা হৈছে ।

আমাৰ দৈনন্দিন কহদ্য তালিকাত ফল-মূলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । ই মানুহৰ কাৰণে প্ৰকৃতিৰ অনুপম দান । প্ৰাণীজগততো অৰণ্যৰ ফল-মূলৰ, গছ-গছনিত উৎপন্ন হোৱা বিভিন্ন ফল-মূলহে খাদ্যৰ অভাৱ পূৰণ কৰি আহিছে । আমাৰ মানৱ শৰীৰৰ শক্তি, নিৰাপত্তা আৰু সংৰক্ষণৰ কাৰণে পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয় । এই পুষ্টিকৰ আহাৰ আহৰণ কৰিব পাৰি প্ৰধানকৈ তিনিটা মৌলিক সমষ্টিৰ আহাৰৰ যোগেদি । সেইকেইটা হ’ল-

১) শৰীৰৰ গঠনকাৰী খাদ্য

২) শক্তিদায়ক খাদ্য আৰু

৩) শৰীৰৰ সংৰক্ষণকাৰী খাদ্য ।

দৈনিক খাদ্যত এই প্ৰতিটো সমষ্টিৰ আহাৰ অন্তৰ্ভুক্ত কৰিলেহে আমি খোৱা খাদ্য পুষ্টিকাৰক হ’ব ।আমাৰ খাদ্যৰ পুষ্টিকৰ উপাদানৰ তালিকাত ফল-মূলে এক বিশেষ স্থান দখল কৰিছে । ফল-মূলে শৰীৰত ভিটামিন আৰু খনিজ লৱণৰ যোগান ধৰি বেমাৰ –আজাৰৰ পৰা সুৰক্ষা দিয়ে । গতিকে আমাৰ দৈনন্দিন আহাৰত ফল-মূলৰ সংযোজন অতি প্ৰয়োজনীয় কথা । মূল আহাৰৰ পিছতহে অথবা যিকোনো আহাৰ খোৱাৰ পিছতহে ফল-মূল খোৱাটো বেছি ভাল । ফল বিভিন্ন প্ৰকাৰে খাব পাৰি- যেনে গোটা ফল, সিজাই, কাষ্টাৰ্ড । ফলৰ আইচক্ৰীম, বেলৰ চৰবত, চালাড আদি ৰুপত ।

ল’ৰাৰ পৰা বুঢ়ালৈকে সকলো বয়সৰ লোকে ফল-মূল খাই ভাল পায় । ফল এনে এবিধ খাদ্য, যাক কোনো প্ৰস্তুত নকৰাকৈ কেঁচা বা পকা যিকোনো প্ৰকাৰে খাব পাৰি । ফলৰ সুন্দৰ ৰং আৰু মনোমোহা গোন্ধে আৰু ভিন ভিন স্বাদে সকলোকে লালায়িত কৰে । ফলৰ ৰসে শৰীৰলৈ সতেজতা আনে । দেহ-মন সুস্থ কৰি শৰীৰক বেমাৰ-আজাৰৰ পৰা সুৰক্ষা দিয়ে । সেই গতিকে বতৰৰ ফল-মূল বতৰত পৰ্যাপ্ত পৰিমাণে খোৱাটো  অতি প্ৰয়োজন ।

পুষ্টকাৰী মূল্যলৈ লক্ষ্য ৰাখি ফলসমূহক দুই শ্ৰেণীত ভাগ কৰিব পাৰি- যেনে হালধীয়া ফল আৰু ভিটামিন ‘গ’ যুক্ত (চি ভিটামিন ফল) ।

হালধীয়া ফলসমূহ হ’ল আম, অমিতা, জেতুলিপকা, তৰমুজ, ছিঁৰাল আদি । এইবোৰ ফল ভিটামিন ‘খ’ আৰু ‘ক’ ৰ উৎস । এইবোৰ ফল ঔষধি গুণযুক্ত । এইবোৰ ফল খালে কুকুৰীকণা ৰোগ নহয় আৰু আমাৰ চকুক সংক্ৰমণৰ পৰা ৰক্ষা কৰে ।

ভিটামিন ‘গ’ যুক্ত ফল-মূলসমূহ হ’ল- নেমুটেঙা, ৰবাব টেঙা আদি সকলো টেঙাজাতীয় ফল । সুমথিৰা, মৌচম্বী, আঙুৰ, মধুৰিআম, আনাৰস, জামু, আমলখি আদি । এইবিলাক ফলত্ৰ প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায় । এইবোৰ ফল-মূলে ৰোগ সংক্ৰমণ প্ৰতিৰোধ কৰাত যথেষ্ট সহায় কৰে ।

আপেল, নাচপতি, মধুৰিআম, কল, জামুজাতীয় ফল, নৰা বগৰী, ডিমৰু, আঙুৰ, আদি অতি পুষ্টিকৰ । এইবোৰ ফল ভিটামিন আৰু খনিজ লৱণৰ উৎস । এইবোৰ ফল ল’ৰা- ছোৱালীক খাবলৈ উৎসাহ দিব লাগে । এইবোৰ ফলে দাঁত মজবুত কৰে আৰু দাঁত চিকচিকীয়া কৰে ।

দামী ফল-মূলতকৈ সস্তীয়া ফল-মূলৰ পুষ্টিকাৰী মূল্য বেছি । উদাহৰণ স্বৰুপে এটা মধুৰিআমৰ মূল্য এটা আপেলতকৈ বহুগুণে বেছি । সেইদৰে এটা আমলখিৰ পুষ্টিকাৰী মূল্য এটা কমলাতকৈ কোনোগুণে কম নহয় । সেইদৰে অমিতা বছৰৰ সকলো ঋতুতে সহজে পোৱা এবিধ পাচলি । ফল হিচাপে ইয়াক খাব পাৰি । পকা অমিতা ভিটামিন- কৰ গুৰুত্বপূৰ্ণ উৎস । অমিতা নিয়মিত খালে কোষ্ঠকাঠিন্য দূৰ হয়, চকুৰ কাৰণেও অমিতা অতি উপকাৰী ।

কিছুমান ফলত কম পৰিমানে কাৰ্বহাইড্ৰেট (শক্তি) থাকিলেও প্ৰ’টিন আৰু চৰ্বিৰ পৰিমাণ কম । তৰমুজ, বাঙী আদি ফলত কেলৰি কম থাকে । এইবোৰ ফল ডায়েবেটিছ ৰোগী আৰু শকত মানুহে খাব পাৰে ।

ফল বিভিন্ন প্ৰকাৰে খাব পাৰি । আপেল, আনাৰস, জামু, আঙুৰ, আম, মাটিকঁঠাল,  নেমু, কমলা, মৌচম্বী আদি বিভিন্ন ফলৰ পৰা ঘৰতে অতি সুস্বাদু ফলৰ ৰস উলিয়াই খাব পাৰি । ই স্বাস্থ্যৰ কাৰণে অতি লাগতিয়াল পোষক । কেঁচা ফল, যেনে- আপেল, নাচপতি, কেঁচা কল আদি ৰান্ধি খালেও সুস্বাদু ব্যঞ্জন তৈয়াৰ হয় । কিন্তু ৰান্ধিলে ইয়াৰ ভিটামিন নষ্ট হয় ।

ফল-মূলৰ পৰা জুতি লগা চালাড তৈয়াৰ কৰিও খাব পাৰি । মুঠতে যিকোনো প্ৰকাৰে আমাৰ খাদ্যত ফল-মূলৰ সংযোজন অতি লাগতিয়াল কথা ।

কেইবিধমান পুষ্টিকৰ বতৰৰ ফল -

ফল-মূলৰ ভিতৰত কলত পুষ্টিকাৰী মূল্য আৰু জনপ্ৰিয়তা মন কৰিবলগীয়া । পূজা-পাৰ্বণ, নাম-প্ৰসংগ আদি ধৰ্মীয় অনুষ্ঠানত কলৰ প্ৰয়োজনীয়তা অতি বেছি । কলত পৰ্যাপ্ত পৰিমাণৰ শক্তি, প্ৰ’টিন , ভিটামিন, খনিজ লৱণ পোৱা যায় । কল ভিটামিন –এ-চি-ডি আৰু ‘এ’ ৰ প্ৰধান উৎস । আমাৰ স্বাস্থ্যৰ কাৰণে যিবোৰ পোষকৰ অতি প্ৰয়োজন । পকা কলত কিছু পৰিমাণে আইৰনো পোৱা যায় । নিয়মিত কল খালে মানুহৰ মনৰ পৰা হতাশাৰ ভাব দূৰ হয় । উচ্চ ৰক্তচাপত ভোগা মানুহে শৰীৰত পটাছিয়ামৰ অভাৱ পূৰাবৰ বাবে প্ৰতিদিনে এটা পকা কল খোৱা আৱশ্যক ।

মাটিকঁঠাল বা আনাৰস এবিধ অতি পুষ্টিকৰ ফল । এই ফল ঔষধিযুক্ত আৰু ভিটামিন –চিৰ প্ৰধান উৎস । গৰমৰ দিনত এগিলাচ মাটিকঁঠালৰ ৰস খালে গা-মন শীতল কৰাৰ লগতে কোষ্ঠকাঠিন্যও নোহোৱা কৰে । শিশুক মাটিকঁঠালৰ কোমল পাত তিনিটা খুন্দি ৰস উলিয়াই খুৱালে পেলু নাশ হয় । গৰ্ভৱতী মহিলাই কেঁচা মাটিকঁঠালৰ ৰস খোৱা বেয়া ।ৰস অধিক পৰিমাণে খালে গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে ।

তৰমুজ গ্ৰীষ্মকালৰ এবিধ পুষ্টিকৰ ফল । এবিধ ফলত পানী, প্ৰ’টিন, ভিটামিন আৰু খনিজ লৱণ, কাৰ্বাহাইড্ৰেট আদি খাদ্যৰ সকলোখিনি উপাদানেই থাকে । তৰমুজে আমাৰ শৰীৰত মহৌষধৰ দৰে কাম কৰে । উৎকট গৰমত তৰমুজ খালে শৰীৰ শীতল পৰি যায় । তৰমুজ খালে বহুতো ৰোগৰ পৰা নিৰাময় হয় । বিশেষকৈ অৰ্শ ৰোগত ভোগা ৰোগীয়ে তৰমুজ খালে কষ্ট অনুভৱ নকৰাকৈ মল ত্যাগ কৰিব পাৰে । গ্ৰহণী হোৱা ৰোগীয়েও তৰমুজ খাই উপকাৰ পাব পাৰে ।

বেলগছ হিন্দুসকলৰ অতি পৱিত্ৰ গছ । পূজা-পাৰ্বণৰ পৰা আৰম্ভ কৰি সকলো মাংগলিক কাৰ্যতে বেলপাতৰ প্ৰয়োজন । বেলৰ গুটি অতি উৎকৃষ্ট ফল । বিভিন্ন প্ৰকাৰৰ বেল পোৱা যায় । বেলত খাদ্যৰ সকলো উপাদান বিদ্যমান । ইয়াত কেলচিয়াম, ফছফৰাছ, লো,কেৰ’টিন, ৰিব’ফ্লেবিন, নিমাচিন, ভিটামিন-চি আৰু কেলৰি পোৱা যায় । পকা বেলৰ গুটি উলিয়াই গাখীৰৰ লগত চেনি মিহলাই খাবলৈ অতি তৃপ্তিকৰ । ই অতি পুষ্টিকৰ খাদ্য । বেলৰ চৰবত অতি উত্তম পানীয় । বেল ঔষধিযুক্ত । দহটামান পাত ৰস উলিয়াই ১৫-২৫ দিন খালে হৃদৰোগীয়ে উপকাৰ পায় । বহুতো ৰোগৰ নিৰাময়ৰ মহৌষধ বেল সকলোৱেই খোৱা আৱশ্যক ।

তেঁতেলী শীতকালত হোৱা এবিধ ঔষধিযুক্ত ফল । তেঁতেলীৰ গছ ওখ, জোপোহা সেউজীয়া গছ । এপ্ৰিল, মে’, জুনৰ ভিতৰত ফুল ফলে । ফুলৰ পৰা ছিৰা ছিৰাকৈ ফল লাগে । কেঁচাত এই ফল খাবলৈ টেঙা । পকিলে এই ফল টেঙা-মিঠাৰ সংমিশ্ৰণত খাবলৈ বৰ সুস্বাদু হয় । তেঁতেলীৰ পাত আৰু ফুলৰ ৰস দুয়োবিধেই ঔষধত ব্যৱহাৰ হয় । পকা তেঁতেলীৰ চৰবত খাবলৈ অতি তৃপ্তিদায়ক আৰু পুষ্টিদায়ক । উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে তেঁতেলী মহৌষধ । বিভিন্ন ৰন্ধনত তেঁতেলীৰ ব্যৱহাৰ হয় । নতুন পকা তেঁতেলী খালে পূৰণা কোষ্ঠকাঠিন্য ৰোগ ভাল হয় । ভাংজাতীয় নিচাযুক্ত খাদ্য খাই নিচা লাগিলে তেঁতেলী টেঙাৰ ৰস খালে নিচা ভাগে ।

ক’লা জামু এবিধ ঔষধিযুক্ত ফল । ইয়াৰ গছ ওখ, জোপোহা আৰু চিৰ সেউজীয়া । পাতেৰে পূৰ্ণ ধুনীয়া গছ । য’তে-ত’তে ক’লা জামুৰ গছ হয় । ক’লা জামুৰ ফুলৰ পৰা ফল হয় । ফলবোৰ কেঁচাতে বেঙুনীয়া আৰু পকিলে গুটিবোৰ ক’লা, ৰসাল, উজ্জ্বল হয় । জুন-জুলাই মাহত ফলবোৰ পকে আৰু খাবলৈ টেঙা-মিঠাৰ সংমিশ্ৰণ ঘটি বেলেগ সোৱাদ লগা হয় । জামু গছৰ পাত আৰু ফল দুয়োবিধেই ঔষধি গুণেৰে পূৰ্ণ । বহুতো ৰোগত ই ঔষধৰ কাম কৰে । ক’লা জামুৰ ৰস বহুমূত্ৰ ৰোগীৰ কাৰণে উপকাৰী । জামুগুটিৰ ৰস অতীজৰে পৰাই বহুমূত্ৰ ৰোগীৰ ঔষধ হিচাপে ব্যৱহাৰ কৰি আহিছে । পকা ক’লা জামুৰ ৰস উলিয়াই সংৰক্ষণ কৰিও ৰখা হয় । এই ৰস বৰ উপকাৰী পথ্য ।

কৰ্দৈ এবিধ অতি উপকাৰী ফল । কৰ্দৈৰ গছ জোপোহা আৰু চাপৰ । কৰ্দৈ গছৰ ফুলৰ পৰা ফল হয় । ফলবোৰ পাঁচসিৰীয়া আৰু অলপ দীঘলীয়া । কেঁচাত ফলবোৰ সেউজীয়া আৰু পকিলে ফলবোৰ হালধীয়া ৰঙৰ হয় আৰু ভাল গোন্ধ ওলায় । কৰ্দৈ কেঁচা আৰু পকা দুয়োবিধেই খাব পাৰি । কেঁচাত খাবলৈ অলপ টেঙা  । কিন্তু পকা কৰ্দৈ টেঙা-মিঠাৰ সংমিশ্ৰণত খাবলৈ তৃপ্তিদায়ক হয় । উৎকট গৰমত এগিলাচ কৰ্দৈৰ ৰস খালে গা শীতল লাগি যায় আৰু তৃষ্ণা দূৰ হয় । কৰ্দৈত লৌহ পদাৰ্থ প্ৰচুৰ পোৱা যায় । কৰ্দৈত বহুতো ঔষধি গুণ আছে । ইয়াৰ পাত, ফুল সকলোৱেই দৰবৰ কাম কৰে । ফুল সিজাই ৰস খালে কৃমি নাশ হয় । পাত পিহি মূৰত লগালে মূৰৰ বিষ ভাল হয় । পকা কৰ্দৈৰ ৰস পাণ্ডু ৰোগৰ কাৰণে মহৌষধ ।

ডালিম গছ চাপৰ আৰু জোপোহা । সৰু সৰু পাতেৰে গছজোপা দেখিবলৈ ধুনীয়া । ডালিমৰ ফুলবোৰ ৰঙা । ফুলৰ পৰা ফল হয় । কেঁচাত ডালিম সেউজীয়া আৰু পকিলে ইয়াৰ ৰং বৰ সুন্দৰ হয় । ঘূৰণীয়া আকৃতিৰ ডালিমত পাতল কেইবাখনো আৱৰণেৰে ভাগ ভাগকৈ অসংখ্য গুটি থাকে । পকিলে গুটিবোৰ ৰঙচুৱা বৰণৰ হয় আৰু খাবলৈ বৰ তৃপ্তিকৰ হয় । ডালিমৰ ৰস পেটৰ কাৰণে মহৌষধ । ডালিমৰ পাত, ফুল, শিপা, ডালিমৰ বাকলি সকলোৰে দ্ৰব্যগুন আছে । ডালিমৰ ফুলৰ ৰসত নিমখ দি খালে অজীৰ্ণতা দূৰ হয় । বজাৰত চাহিদা অতি বেছি । দামো বেছি ।

কুঁজি –থেকেৰা অতি সুস্বাদু ফল । কুঁজি-থেকেৰাৰ গছ ঠাল- ঠেঙুলিৰে পৰিপূৰ্ণ ওখ জোপোহা গছ । ফুলৰ পৰা ফল হয় । ফল কেঁচাতে সেউজীয়া আৰু পকিলে হালধীয়া ৰঙৰ হয় । ঘূৰণীয়া আকৃতিৰ থেকেৰাটোৰ বাকলি ডাঠ ।

বাকলিৰ ভিতৰত তিনিটা-চাৰিটাকৈ গুটি থাকে । পকিলে গুটিবোৰ খাবলৈ বৰ ভাল হয় । গুটিবোৰ উলিয়াই ৰস চেপি ৰস উলিয়াই চৰবত কৰি খাব পাৰি । এইবিধ বৰ উপকাৰী ফল । ইয়াৰ হালধীয়া ৰঙৰ বাকলিবোৰ চকল চকলকৈ কাটি ৰ’দত শুকুৱাই অলপ মিঠাতেল হাতৰ তলুৱাত লৈ শুকান থেকেৰাৰ লগত সানি বহুত দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি । এই শুকান থেকেৰা যিমানে পুৰণি হয় সিমানে ভাল । থেকেৰা পেটৰ অসুখ, পেটচলা আদিৰ কাৰণে মহৌষধ । কুঁজি-থেকেৰা কেইফুটামান ভালকৈ ধুই গৰম পানীত তিয়াই থৈ কুমলিলে ভালকৈ মোহাৰি মোহাৰি খচি লৈ তাত আন্দাজ মতে চেনি, নিমখ মিহলাই ছেকি লৈ চৰবত কৰি খালে ডায়েৰীয়া অসুখ উপশম হয় । গৰমৰ দিনত থেকেৰাৰ চৰবত বৰ পুষ্টিকৰ পানীয় । পেট কামোৰণি অসুখটো থেকেৰাৰ ৰসত নিমখ আৰু মিঠাতেল মিহলাই খালে আৰাম পায় ।

সকলো অঞ্চলতে সহজলভ্য অতি উৎকৃষ্ট ফল হ’ল শিলখা । শিলিখা গছ ডাঙৰ গছ । গ্ৰীষ্ম কালত ফুল ফুলে আৰু শীতকালত ফল হয় । অপৈণত অৱস্থাত শিলিখাৰ ভিতৰৰ গুটিবোৰ কোমল হয় আৰু ফলবোৰ পূৰঠ হ’লে ভিতৰৰ গুটিটো টান হয় । শিলিখা খাবলৈ তিতা, কিন্তু ইয়াৰ গুণাগুণ অতি মিঠা । কথিত আছে- ভাত খাই উঠি সদায় তিনিটা শিলিখা খালে শৰীৰক কোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে । ই কোষ্ঠকাঠিন্য, অজীৰ্ণ, জ্বৰ-কাহ, মূত্ৰৰোগ আদি বিভিন্ন ৰোগৰ মহৌষধ । শিলিখা খুন্দি ৰস উলিয়াই কাঠ মাছৰ লগত আঞ্জা ৰান্ধি ৰোগীক পথ্য হিচাপে খুওৱা হয় । শুকান শিলিখা গুড়ি কৰি বহুত দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি । এই গুড়িৰ লগত ক’লা নিমখ মিহলাই মুখশুদ্ধি হিচাপে খাব পাৰি আৰু ই ঔষধৰ কাম কৰে । কেঁচা পূৰঠ শিলিখা নিমখত ৰাখি শুকাই বহুদিনলৈ থ’ব পাৰি । ভ্ৰমণ কালত এই শিলিখা এট মুখত লৈ থাকিলে কিছুমান উপসৰ্গৰ পৰা উপশম পাব পাৰি । শিলিখা, আমলখি , ভোমোৰা এই তিনিওবিধ ফলক একেলগে ত্ৰিফলা বুলি কোৱা হয় । কোষ্ঠকাঠিন্য বেমাৰ নিৰাময়ৰ প্ৰধান ঔষধ ত্ৰিফলা । ত্ৰিফলা গোটা আৰু গুড়িৰ ৰুপত সকলো আয়ুৰ্বেদিক ঔষধালয়ত উপলব্ধ ।

লেখিকা :- ৰেণু বৰা

উৎস :- জি এনআৰচি স্বাস্থ্য

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top