অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমাৰ দৈনন্দিন খাদ্যত মচলাৰ প্ৰয়োজনীয়তা

 

আমাৰ খাদ্য ৰুচিকৰ, সুগন্ধিযুক্ত আৰু আকৰ্ষণীয় কৰিবৰ কাৰণে মচলা ব্যৱহাৰ কৰা হয় । অতি প্ৰাচীন কালৰ পৰাই মচলাৰ ব্যৱহাৰ ভাৰতবৰ্ষত চলি আহিছে । প্ৰতিঘৰ ভোজনবিলাসী মানুহৰ ৰান্ধনিঘৰত মচলা থাকেই । মচলা বটিবৰ কাৰণে ৰান্ধনশালত এখন পটা, লগত এটা সুন্দৰ পটাগুটি থাকেই । গোটা বিবিধ মচলা তিয়াই থৈ কুমলিলে ভালকৈ ধুই পটাত মিহিকৈ বটি মাছ-মাংস, কণী আদি ৰন্ধাত ব্যৱহাৰ কৰা হয় । এনেকৈ গোটা মচলা বটি ৰন্ধা খাদ্যৰ সোৱাদেই বেলেগ । আজিকালি অৱশ্যে মিক্সীৰ ব্যৱহাৰ হোৱাৰ পৰা পটাখনৰ ব্যৱহাৰ কমি আহিল । বজাৰত বিভিন্ন ধৰণৰ গুড়ি মচলাৰ পেকেট পোৱা যায় । সকলোবোৰ পেকেটৰ গুড়ি মচলা যে নিৰ্ভেজাল তাক অনুমান কৰা টান । গতিকে বজাৰৰ পৰা ভাল চাই গোটা মচলা আনি ভালকৈ ধুই ৰ’দত শুকাই পটা বা মিক্সীত গুড়ি কৰা মচলাহে ব্যৱহাৰ কৰিব লাগে । এই মচলা নিৰ্ভেজাল । গুড়ি মচলা কিনিলেও এগমাৰ্ক লেবেল থকা পেকেট মচলাহে কিনিব লাগে । বজাৰত এগমাৰ্ক লেবেল থকা নাপালে অন্য নাম থকা কোম্পানীৰ বস্তুহে কিনিব লাগে । বজাৰত খোলাকৈ ৰখা গুড়ি মচলা কেতিয়াও ব্যৱহাৰ নকৰিব । ই ভেজাল হোৱাৰ সম্ভাৱনাই বেছি ।

পৰিপুষ্টিৰ ফালৰ পৰা আমাৰ দৈনন্দিন খাদ্যত মচলাৰ বেছি প্ৰয়োজন নাথাকে । কম পৰিমাণেহে মচলা ব্যৱহাৰ কৰা হয় । কেতিয়াবা বহুবিধ মচলা মিহলায়ো ৰন্ধনত ব্যৱহাৰ কৰা হয় । বহুবিধ মচলা একেলগে মিহলালেও প্ৰতিবিধৰ গুণাগুণ একেই থাকে । কিছুমান মচলা লোৰ উৎস আৰু কিছুমান খ ভিটামিনৰ উৎস । মচলাৰ ব্যৱহাৰে খাদ্য ৰুচিদায়ক, সুগন্ধিযুক্ত আৰু আকৰ্ষণীয় কৰাৰ লগতে ই খাদ্য সোনকালে হজম কৰাত সহায় কৰে । গতিকে খাদ্যত বেছিকৈ মচলা ব্যৱহাৰ নকৰি কম পৰিমাণে খাদ্যত মচলাৰ ব্যৱহাৰ স্বাস্থ্যসন্মত । কাৰণ বহুতো মচলাত কম-বেছি পৰিমাণে শৰীৰৰ কাৰণে অলাগতিয়াল পোষক থাকে । আমাৰ খাদ্যত সাধাৰণতে ব্যৱহাৰ কৰা কেইবিধমান মচলা তলত উল্লেখ কৰা হ’ল :-

হালধি :- খোৱা আহাৰ, যেনে- দাইল, ভাজি, অন্যান্য তৰকাৰি, মাছ, মাংস, আদিত সদায় ব্যৱহাৰ কৰা এবিধ অতি প্ৰয়োজনীয় মচলা  হ’ল হালধি । হালধিয়ে খোৱা খাদ্যলৈ ৰঙৰ বৈচিত্ৰ অনাৰ উপৰি আহাৰ তৃপ্তিদায়ক কৰে । হালধিৰ ঔষধি গুণ বহুত আছে । হালধি দিয়া খাদ্য খালে তেজ পৰিষ্কাৰ হয় । অতি প্ৰাচীন কালৰ পৰাই হালধিক দৰব হিচাপেও ব্যৱহাৰ কৰি আহিছে । হালধিত এণ্টিছেপটিক গুণ থকাৰ কাৰণে ইয়াৰ ব্যৱহাৰে কৰি আহিছে । হালধিত এণ্টিছেপটিক গুণ থকাৰ কাৰণে ইয়াৰ ব্যৱহাৰে বহুতো ৰোগৰ উপশম ঘটায় ।

জলকীয়া -

আমাৰ খোৱা খাদ্যৰ লগত জলকীয়াৰ অতি নিবিড় সম্পৰ্ক । ইয়াক বহুতে ভোজন ঠেলা বুলিও কয় । কেঁচা জলকীয়া ‘গ’ ভিটামিনৰ প্ৰধান উৎস । কেঁচা জলকীয়াই খাদ্য হজম কৰাতো সহায় কৰে । শুকান জলকীয়া গুড়ি কৰি মাছ-মাংস, ভাজি তৰকাৰি, আচাৰ, চাটনি আদি বিভিন্ন খাদ্য-সামগ্ৰীত ব্যৱহাৰ কৰা হয় । ই খাদ্যৰ ৰং সুন্দৰ কৰাৰ লগতে খাদ্য জুতি লগাও কৰে । কিন্তু বেছি জলা খোৱাটো স্বাস্থ্যসন্মত নহয় ।

জালুক -

ক’লা আৰু বগা দুই ধৰণৰ জালুক পোৱা যায় । বিভিন্ন তৰকাৰি, দৈ, চালাড, কণী, পোলাও আদিত জালুকৰ গুড়ি ব্যৱহাৰ কৰা হয় । জালুকৰ ঔষধি গুণো আছে । সন্তান জন্মৰ পিছত প্ৰসূতি মাতৃক কচুশাকৰ লগত জালুক দি জালুকীয়া ৰান্ধি খুওৱা হয় । জালুক সদায় গোটাকৈহে কিনিব লাগে । ৰন্ধা বস্তু জুইৰ পৰা নমোৱাৰ আগতেহে জালুক বটি গুড়ি কৰি দিব লাগে । আগতে গুড়ি কৰি থ’লে ইয়াৰ গন্ধ উৰি যায় ।

জীৰা -

আমাৰ দৈনন্দিন খাদ্যত জীৰা এবিধ অতি প্ৰয়োজনীয় মচলা । জীৰাত লো আৰু কেলচিয়াম সৰহ পৰিমাণে থাকে । গোটা জীৰা কিনি আনি ভালকৈ গুড়ি কৰি থ’লে ব্যৱহাৰ কৰিবলৈ সহজ হয় । জীৰা সুগন্ধিযুক্ত, চালাড, তৰকাৰি আদিত ইয়াক ব্যৱহাৰ কৰা হয় । জীৰাৰ ঔষধি গুণো আছে । পেটৰ অসুখ, মাত ভঙা, বদহজম আদিত জীৰাই দৰবৰ কাম কৰে । জীৰা কে’বা প্ৰকাৰৰ আছে । ক’লা জীৰা, শ্বাহ জীৰা । প্ৰত্যেকবিধ জীৰাৰে বেলেগ বেলেগ ঔষধি গুণ আছে ।

ধনীয়া -

ধনিয়াৰ পাত আৰু গুটি দুয়োবিধেই আমাৰ খাদ্যত ব্যৱহাৰ কৰা হয় । ধনিয়াৰ পাত চাটনি আৰু ইয়াৰ পাত কুটি দাইল, তৰকাৰি আদিত জুইৰ পৰা নমাবৰ সময়ত দিলে গোন্ধ আৰু খাদ্যৰ সোৱাদ বঢ়িয়া হয় । ধনিয়াৰ ঔষধি গুণো আছে । প্ৰতিদিনে আমাৰ আহাৰত ধনিয়া ব্যৱহাৰ কৰিলে আমাৰ স্বাস্থ্য ভালে থাকে। ই আমাৰ খোৱা খাদ্য সোনকালে হজম কৰে । ধনিয়াৰ গুটি মচলা হিচাপে ব্যৱহাৰ কৰা হয় । ধনিয়াৰ খেতি শীতকালতহে হয় । বতৰত ইয়াৰ ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় । বছৰৰ ছমাহমান ধনিয়া সহজলভ্য ।

মেথিগুটি -

সদায় আৰু সকলোৱে ব্যৱহাৰ কৰা এবিধ অতি লাগতিয়াল মচলা হ’ল মেথিগুটি । মেথিগুটি ফোৰণ দি ৰন্ধা টেঙা আঞ্জা, দাইল, তৰকাৰি আদিৰ সুগন্ধ আৰু সোৱাদেই বেলেগ । মেথিগুটিত বহুতো ঔষধি গুণ আছে । মেথিগুটিয়ে কোষ্ঠকাঠিন্য দূৰ কৰে আৰু বহুমূত্ৰ ৰোগীৰ কাৰণে মহৌষধ । ইয়াত লোৰ পৰিমাণ বেছি । মেথি শাক অতি পুষ্টিকৰ । জাৰকালি সহজলভ্য এইবিধ শাকে তেজ চাফা কৰাৰ লগতে বাত, কফ আদিত উপকাৰ কৰে । মেথিগুটি ভালকৈ ধুই ৰ’দত শুকাই গুড়ি কৰি থৈ এক চামুচ গুড়ি অলপ পানীৰ লগত সদায় ৰাতিপুৱা খালী পেটত খালে বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণত থাকে বুলি কয় ।

যনী :- যনীৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰ পৰাই চলি আহিছে । পুৰি, পৰঠা, পকৰা আদিত যনীৰ ব্যৱহাৰ কৰা হয় । যনীত যথেষ্ট পৰিমাণে লৌহ আৰু কেলচিয়াম থাকে । ই খোৱা খাদ্য সহজে হজম কৰে । কাহ, কফি আদি কমায় । পানী লগা, পেটৰ বিষ আদিতো ই ঔষধৰ কাম কৰে । বহুতে যনী ভালকৈ ধুই ৰ’দত শুকাই নিমখ আৰু নেমুটেঙাৰ ৰস সানি আহাৰ খোৱাৰ পিছত মুহুদি হিচাপে ব্যৱহাৰ কৰে ।

সৰিয়হ -

সৰিয়হ দুটা জাতৰ থাকে । এবিধ বগা আৰু আনবিধ ক’লা সৰিয়হ । সৰিয়হৰ পৰা প্ৰস্তুত কৰা মিঠাতেল বিভিন্ন ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা হয় । সৰিয়হ বটি বিভিন্ন উপাদেয় ব্যঞ্জন তৈয়াৰ কৰা হয় । সৰিয়হৰ গুড়ি বিভিন্ন আচাৰ, চাটনি আদিত ব্যৱহাৰ কৰা হয় । সৰিয়হৰ তেল আৰু গুড়িয়ে আচাৰ-চাটনি আদি খাদ্যবস্তু সংৰক্ষণো কৰে । সৰিয়হৰ শাক অতি উপাদেয় আৰু পুষ্টিকৰ খাদ্য । সৰিয়হ গুড়ি কৰি তৈয়াৰ কৰা কাঁহুদি, খাৰলি অসমীয়া মানুহৰ  অতি উপাদেয় খাদ্য ।

লং :- অতি প্ৰাচীন কালৰ পৰাই ব্যৱহৃত হৈ অহা এবিধ মচলা । লঙক গৰম মচলা হিচাপেও ব্যৱহাৰ কৰা হয় । পোলাও, বিভিন্ন ব্যঞ্জনতো লং ব্যৱহাৰ কৰা হয় । লঙৰ তেল দাঁতৰ বাবে উপকাৰী । ইয়াক মুখশুদ্ধিৰ কাৰণেও ব্যৱহাৰ কৰা হয় ।

ডালচেনি -

আমাৰ খাদ্যত ডালচেনিৰ ব্যৱহাৰো অতি প্ৰাচীন কালৰ পৰাই চলি আহিছে । ডালচেনিকো গৰম মচলা হিচাপে ব্যৱহাৰ কৰা হয় । ইয়াৰ ঔষধি গুণ আছে । পোলাও, ব্যঞ্জন আদিত ডালচেনি ব্যৱহাৰ কৰিলে খাদ্যৰ ভাল গন্ধ ওলায় । ডালচেনি উত্তেজক মচলা কম পৰিমাণেহে ইয়াক ব্যৱহাৰ কৰিব লাগে । ইয়াক মুখশুদ্ধি হিচাপেও ব্যৱহাৰ কৰিব পাৰি ।

ইলাচি -

লং, ইলাচি, ডালচেনিক একেলগে গৰম মচলা বুলি কোৱা হয় । খাদ্যবস্তু সুগন্ধি আৰু সুস্বাদু কৰিবলৈ  ইলাচি ব্যৱহাৰ কৰা হয় । বিভিন্ন লাড়ু, পিঠা-পনা, পোলাও, বিৰিয়ানী, তৰকাৰি আদিত গোটা ইলাচি বা গুড়ি ইলাচী দিয়া হয় । ইলাচিক ঔষধ ৰুপেও ব্যৱহাৰ কৰা হয় । চাহ, খীৰ, হালোৱা আদিত ইলাচিয়ে সুগন্ধ আনে । ইলাচি আমাৰ স্বাস্থ্যৰ কাৰণে অতি উপকাৰী মচলা ।

তেজপাত -

তেজপাতকো মচলা হিচাপে আমাৰ খাদ্যত ব্যৱহাৰ কৰা হয় । ইয়াৰ শুকান পাত মাছ, মাংস, তৰকাৰি, ভাজিত ব্যৱহাৰ কৰা হয় । ই খাদ্যবস্তুলৈ সুগন্ধ আনে । তেজপাতো ঔষধি গুণযুক্ত । তেজপাতৰ ব্যৱহাৰে শৰীৰ সুস্থ ৰখাতো সহায় কৰে ।

জাইফল :- জাইফল এবিধ গছৰ গুটি । ইয়াৰ বাকলি গুচাই ভিতৰৰ অংশ মচলা ৰুপে ব্যৱহাৰ কৰা হয় । জাইফলৰ ভিতৰ অংশ ৰুকি অলপ পৰিমাণে ব্যৱহাৰ কৰিলে খাদ্যবস্তুত উন্নত গন্ধ ওলায় । জাইফল অতি উত্তেজক বস্তু । গতিকে মচলা হিচাপে ব্যৱহাৰ কৰোতে অতি কম পৰিমাণেহে দিব লাগে । জাইফলৰো দ্ৰব্যগুণ বহুত আছে ।

আদা -

আদা এবিধ অতি প্ৰয়োজনীয় খাদ্য সামগ্ৰী । আমাৰ ধৰ্মীয় অনুষ্ঠান পূজা- পাতল, নাম-প্ৰসংগত মাহ-প্ৰসাদত আদাৰ ব্যৱহাৰ নহ’লেই নহয় । আদাই খোৱা খাদ্য সহজেই হজম কৰে আৰু গেছ কমায় । শুকান আদা মচলা হিচাপে ব্যৱহাৰ কৰা হয় । আদা বটি ৰন্ধনত ব্যৱহাৰ কৰিলে খাদ্যবস্তুৰ সোৱাদ বাঢ়ে । আদা, নহৰু, পিঁয়াজ একেলগে বটি ৰন্ধনত ব্যৱহাৰ কৰিলে অন্য মচলাৰ প্ৰয়োজনেই নহয় । খাদ্য যথেষ্ট সোৱাদ লগা হয় । আদাৰো বহুতো ঔষধি গুণ আছে । ইয়াক কম পৰিমাণেহে ব্যৱহাৰ কৰিব লাগে ।

আফু গুটি :- আফু গুটি তিয়াই থৈ বটি বিভিন্ন ব্যঞ্জন তৈয়াৰ কৰিব পাৰি । আফু গুটি কিন্তু ৰাগিয়াল দ্ৰব্য নহয় । আমাৰ খাদ্যত আফু গুটোৰো প্ৰয়োজন আছে । আফু গুটিয়ে মনলৈ প্ৰশান্তি আনে আৰু টোপনি ভাল হয় ।

পদিনা -

পদিনা আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী খাদ্য । পদিনা পাত শুকাই গুড়ি কৰি সংৰক্ষণ কৰি মচলা হিচাপে ব্যৱহাৰ কৰিব পাৰি । পদিনাৰ কেঁচা পাত আমৰ দিনত কেঁচা আম বা তেঁতেলী , পিয়াঁজ, জলকীয়া আদিৰ লগত চাটনি তৈয়াৰ কৰিব খাব পাৰি । নেমুৰ ৰস বা অন্য টেঙা দিও পদিনাৰ চাটনি খাব পাৰি ।

হিং -

খোৱা বস্তু সহজে হজম কৰা দাইলত ব্যৱহাৰ কৰা এবিধ মচলা । উদ্ভিদৰ ৰসৰ পৰাই হিং তৈয়াৰ কৰা হয় । তেলত অন্য মচলা দিয়াৰ আগতে অকণমান হিং গুড়ি কৰি দিব লাগে । গোন্ধ, হজমী শক্তিৰ কাৰণেই আচলতে ৰক্ষা খাদ্যত হিং ব্যৱহাৰ কৰা হয় । হিঙৰ বহুতো ঔষধি গুণ আছে । পেটৰ কাৰণে হিং মহৌষধ ।

চফ -

বিভিন্ন উৎসৱ, অনুষ্ঠানত মুখশুদ্ধি হিচাপে প্ৰাচীন কালৰ পৰাই চফৰ ব্যৱহাৰ হৈ আহিছে । বিভিন্ন ব্যঞ্জন, ভাজি, তৰকাৰিত অলপ পৰিমাণে চফ দিলে খাদ্যবস্তু তৃপ্তিকৰ আৰু সুগন্ধিযুক্ত হয় । ই খাদ্য হজম কৰাটো সহায়ক হয় । তামোল-পাণৰ পৰিৱৰ্তে আলহী আপ্যায়নৰ প্ৰধান আহিলা হ’ল চফ । চফৰ ঔষধি গুণ বহুত আছে ।

গৰম মচলা :- ৰন্ধনত গৰম মচলাৰ ব্যৱহাৰ অপৰিহাৰ্য । ডালচেনি, ইলাচি, তেজপাত, জাইফল আদি শুকাই পিহি গুড়ি কৰি ৰন্ধনত ব্যৱহাৰ কৰা হয় । তৰকাৰি নমোৱাৰ পিছতহে গৰম মচলাৰ গুড়ি দিব লাগে । তেতিয়া খাদ্যবস্তুৰ সুগন্ধ অটুট থাকে ।

পাঁচফোৰণ -

সদায় ব্যৱহাৰ কৰা এবিধ অপৰিহাৰ্য মচলা হ’ল পাঁচফোৰণ । জীৰা, ক’লাজীৰা, মেথিগুটি, চফ, সৰিয়হ- এই পাঁচবিধ মচলাৰ সংমিশ্ৰণত পাঁচফোৰণ তৈয়াৰ কৰা হয় । দাইল, তৰকাৰি, টেঙা আঞ্জা আদিত পাঁচফোৰণ দি ফোৰণ দিলে খাদ্যবস্তু সুগন্ধিযুক্ত আৰু সোৱাদ লগা হয় ।

নিমখ -

সকলো ধৰণৰ মচলাৰ লগত ব্যৱহৃত হোৱা অতি লাগতিয়াল খাদ্য-সামগ্ৰী হ’ল নিমখ । নিমখ মচলাৰ ভিতৰত নপৰিলেও নিমখ সকলোৰে কাৰণে অতি প্ৰয়োজনীয় খাদ্য । কিন্তু নিমখ কম পৰিমাণেহে খাব লাগে । সুদীৰ্ঘ দিন বেছিকৈ নিমখ খালে উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা থাকে । হৃদযন্ত্ৰৰ কাৰণেও ক্ষতিকাৰক । কিন্তু নিমখ একেবাৰে নাখালেও শৰীৰ দুৰ্বল হয় । সদায় আয়ডি’নযুক্ত নিমখহে ব্যৱহাৰৰ উপযোগী ।

লেখিকা :- ৰেণু বৰা

উৎস :- জি এনআৰচি স্বাস্থ্য

 

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate