মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / আমাৰ দৈনন্দিন খাদ্যবস্তুৰ কেইটামান গৱেষণা তথ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমাৰ দৈনন্দিন খাদ্যবস্তুৰ কেইটামান গৱেষণা তথ্য

আমাৰ দৈনন্দিন খাদ্যবস্তুৰ কেইটামান গৱেষণা তথ্যৰ বিষয়ে লিখা হৈছে

আদা

 

ছিডনী বিশ্ববিদ্যালয়ৰ এটা গৱেষণাত গম পোৱা গৈছে যে আমাৰ দেহৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত আদাৰ বিশেষ অৰিহণা আছে। আমি গ্ৰহণ কৰা অধিক চৰ্বি বা অধিক শৰ্কৰাৰ পৰা আদাই দেহক ৰক্ষা কৰে। অগ্ন্যাশয়ৰ পৰাই নিৰ্গত ইনছুলিনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।

আমলখি

 

তুৰ্কী বিশ্ববিদ্যালয়ৰ ফিনলেণ্ডৰ এটা গৱেষণাত গম পোৱা গৈছে যে আমলখিয়ে কেন্‌ছাৰ কোষবিলাক বৃদ্ধি হোৱাত বাধা দিয়ে। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা কেম’থেৰাপি বা ৰেডিয়েশ্যনৰ ফলত হ’ব পৰা ডি এন এৰ ক্ষতি ৰোধ কৰে।

হালধি

 

টেক্সাছ বিশ্ববিদ্যালয়ৰ গৱেষণাত গম পোৱা গৈছে যে হালধিয়ে কেন্‌ছাৰ প্ৰতিৰোধ কৰিব পাৰে।

অৰ্জুন গছ

জাৰ্মান বিশ্ববিদ্যালয়ৰ গৱেষণাত গম পোৱা গৈছে যে অৰ্জুন গছৰ ছালৰ পৰা দেহৰ ছাল মসৃণ হৈ থাকে। বয়সৰ চাপ পৰাত বাধা দিয়ে।

ব্ৰাহ্মী

 

জাৰ্মান বিশ্ববিদ্যালয়ৰ গৱেষণাত গম পোৱা গৈছে যে ব্রাহ্মী শাকে স্মৃতিশক্তি বৃদ্ধি কৰে। এলজাইমাৰ বেমাৰ আৰু ডিমনেচিয়া ৰোগ প্ৰতিৰোধ কৰে।

তিতা কেৰেলা

 

ব্রিটেইনৰ এটা গৱেষকৰ দলে তিতা কেৰেলা কেন্‌ছাৰ ৰোগ প্রতিৰোধ কৰা আৰু বহুমূত্র ৰোগত তেজৰ ছুগাৰ নির্দিষ্ট পৰিমাণত ৰখাত সহায় কৰে বুলি প্রমাণ কৰিছে|

নহৰু

 

চীন দেশৰ এদল গৱেষকে প্রমাণ কৰিছে যে নহৰু নিয়মিতভাৱে সেৱন কৰিলে ই Antioxidantৰ কাম কৰে। আঘাত পালে আঘাত উপশম কৰে। আনকি মূৰৰ আঘাততো ই সুফল দিয়ে।

নিম

 

জাপানৰ টকিঅ’ বিশ্ববিদ্যালয়ৰ এদল গৱেষকে প্রমাণ কৰিছে যে নিম কেন্‌ছাৰ ৰোগ প্রতিষেধক। বিশেষকৈ তেজৰ কেন্‌ছাৰ প্ৰতিৰোধ কৰে।

বিশ্বৰ বিভিন্ন দেশত আমাৰ খাদ্যবস্তুৰ বিষয়ে নানান গৱেষণা চলি আছে। সেয়ে আমাৰ চৌপাশে থকা খাদ্য, বতৰৰ ফল-মূল, শাক-পাচলি নিয়মিতভাৱে গ্ৰহণ কৰিব লাগে। তাৰ বাবে জনসাধাৰণৰ মাজত সজাগতাৰ দৰকাৰ।

লিখক: ডা: দুৰ্লভ বৰুৱা, দৈনিক জনমভূমি।

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top