মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / আলুৰ বিষয়ে জানিবলগীয়া কথা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আলুৰ বিষয়ে জানিবলগীয়া কথা :

আলুৰ বিষয়ে লিখা হৈছে ।

আলু নহলে আমাৰ এটা দিনো নচলে ৷ মানুহে আটাইতকৈ বেচি ভক্ষণ কৰা ৪বিধ পাচলিৰ আলু হ'ল অন্যতম ৷ আকৌ আমেৰিকা যুক্তৰাষ্ট্ৰত আটাইতকৈ বেচি খেতি কৰা শস্যবিধ হ'ল আলু ৷ আলু আৰু বিলাহীক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ স্বাস্থ্যসন্মত খাদ্য বুলি বিজ্ঞানীসকলে স্বীকৃতি প্ৰদান কৰিছে ৷ ইমানখিনিৰ পিছতো আলুৰ সপক্ষে আৰু বিপক্ষে নানান কথা সঘনাই চৰ্চালৈ আহি থাকে ৷ আকৌ বহুলোকে আলুক মিঠাইতকৈয়ো বিপদজনক বুলি ভাবে ৷ "আলু নাখাব, চুগাৰ বাঢ়িব”, "আলু উপকাৰী - আলু খাওঁক" ৷ এই দুটা বিপৰীত চিন্তাৰ বৈজ্ঞানিক ভিত্তি কি - আজি তাৰো পৰ্য্যালোচনা এই লেখাৰ মাধ্যমেৰে কৰিব ওলাইছোঁ ৷ আশাকৰো আলুৰ বিষয়ে বহুতৰ মনত থকা ভ্ৰান্ত ধাৰণা এই নিবন্ধই আতৰাবলৈ সমৰ্থ হব ৷

আলুৰ বৈজ্ঞানিক নাম হ'ল Solanum tuberosum ৷ ইয়াৰ বংশ Solanaceae বা Nightshade family ৷ বিলাহী, বেঙেনা, কেপচিকাম হ'ল একে বংশৰে ৷ বিশ্বত আলুৰ ২০০বিধ আমি খাব পৰা প্ৰজাতি আছে বুলি জনা যায় ৷ বৰ্তমান বিশ্বত আটাইতকৈ বেচি আলু উৎপাদনকাৰী দেশ কেইখনমান হ'ল- ৰাচিয়া, চীন,ভাৰত, পোলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ৷

বিভিন্ন ভাষাত আলুৰ পৰিচয় হ'ল- জামজা (কোৰিয়া), কেনটাং (জাভা), বাটাটা (পৰ্টুগিজ), বাটাটিচ বা এলবাটিচ (আৰবী), কেপচিকাম এন্যুম (লেটিন), কাপটোৱাকা (ৰাচিয়া), প'টাটা (ইটালি) পটেটিচ (স্বেডিচ), আডাৰডাপেল (ডাচ), পটেটিচ (টাৰ্কি), ঝিয়েমনিয়াক (প'লিচ), জাগাইমো আৰু প'টেট (জাপান), প'টাটে আৰু প'ম্মা ডে টেৰে্ (ফৰাচী) ৷ ইংৰাজীত - পটেটো, তামিল - উৰালাইকিলাংগু, মলয়ালম - উৰুলাকিঝেহাংগু আৰু কিঝাংগু, তেলেগুত - বংগালা ডুম্পা,আলুগড্ডা আৰু উৰলাগড্ডা, কানড়া- আলুগাড্ডি, গুজৰাটী - বাটাটা, কোংকনি - বাটাটো', মৰাঠী- বাটাটে, ওৰিয়া-আলু, পঞ্জাবী, বাংলা আৰু হিন্দীত - আলু ৷ বড়ো,মণিপুৰী, মিচিং আৰু নাগামিজতো আলু বোলে ৷ কাৰ্বিসকলে ফুৰুল বোলে আৰু খাচিয়াসকলে চহফান বোলে ৷
আলুত কি কি লাগতিয়াল তত্ব থাকে ? ১০০গ্ৰাম আলুত থাকে কাৰ্বোহাইড্ৰেট ১৭গ্ৰাম, প্ৰটিন ২গ্ৰাম, ফেট ১০০মিলিগ্ৰাম, ডায়েটেৰী ফাইবাৰ ২.২ গ্ৰাম, প'টেচিয়াম ৪২১ মিলিগ্ৰাম, চ'ডিয়াম ৬ মিলিগ্ৰাম ৷ ভিটামিনসমূহ হ'ল- ভিটামিন-চি, ভিটামিন-বি৬,ভিটামিন-বি৩,পেন্টথেনিক এচিড, ভিটামিন-এ আৰু ভিটামিন-ডি ৷ খনিজসমূহ হ'ল আইৰণ,ক'পাৰ, মেগনেচিয়াম, মেংগানিজ, কেলচিয়াম, জিংক আৰু ফচফ'ৰাচ ৷ শক্তি থাকে ৭৭কেলৰি ৷ আলুত থকা নানাবিধ এন্টিঅক্সিডেন্টে অপকাৰী ফ্ৰি ৰেডিকেল বিনষ্ট কৰি মানৱ শৰীৰক কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে ৷

ব্ৰিটেইনৰ ফুড ৰিচাৰ্চ ইন্সটিউটে আলুত উচ্চ ৰক্তচাপ কমাব পৰা এবিধ ৰাসায়নিক তত্বৰ উপস্থিতি চিনাক্ত কৰিছে - যাৰ নাম হ'ল কোক'এমাইন (Kukoamines) ৷ ইয়াৰ আগতে চীন দেশত পোৱা Lycium chinense নামৰ এবিধ বনৌষধিত কোক'এমাইন থাকে বুলি জনা গৈছিল ৷
আলুত চিনাক্ত হোৱা প'টাটিন নামৰ প্ৰটিন, কেফেয়িক এচিড, কেৰটিনইড আৰু ফ্লেভনইডে অহিতকাৰী ফ্ৰি-ৰেডিকেলৰ বিৰুদ্ধে সক্ৰিয় ভূমিকা পালন কৰে ৷
এতিয়া আলুৰ বুৰঞ্জীলৈ চকু ফুৰাওঁ আহক ৷ বুৰঞ্জীয়ে কোৱামতে আজিৰ পৰা ৭হেজাৰ বছৰ আগতে দক্ষিণ আমেৰিকাৰ এণ্ড্ৰিয়ান পৰ্বতৰ শ্ৰমজীৱী লোকসকলে জীৱন ধাৰণৰ বাবে আলুৰ খেতি কৰিছিল ৷ আন আন খাদ্যৰ উপাদানৰ খেতি পাহাৰৰ উচ্চতাত সম্ভৱপৰ নহলেও আলুৰ খেতি পোনপ্ৰথম তাতেই আৰম্ভ হৈছিল ৷ ১৬ শতিকাত ইউৰোপৰ পৰা স্পেইনৰ সদাগৰসকলে দক্ষিণ আমেৰিকাত পদাৰ্পন কৰে ৷ তেওঁলোকে আলুৰ বীজ ইউৰোপলৈ কঢ়িয়াই আনে আৰু অৱগত হয় যে দীঘলীয়া সমুদ্ৰী যাত্ৰাত হোৱা স্কাৰ্ভি (Scurvey) ৰোগ আলু খালে নোহোৱাকৈ থাকে ৷ দৰাচলতে আলুত থকা ভিটামিন-চিয়ে এই ৰোগৰ পৰা সুৰক্ষা দিয়ে ৷ স্পেইনৰ পৰা পোনতে ইটালি আৰু জাৰ্মানীলৈ আৰু পিছত ইউৰোপৰ আন আন অঞ্চললৈ আলুৰ সঁচ ব্যাপ্ত হব ধৰে ৷ কিন্তু ইউৰোপৰ লোকসকলে আৰম্ভণিতে ইয়াক গ্ৰহণ কৰিবলৈ সংকোচবোধ কৰিছিল কিয়নো বাইবেলত ইয়াৰ বিষয়ে উল্লেখ নাই আনকি ইয়াক খালে কুষ্ঠ ৰোগ হব পাৰে বুলি ভ্ৰান্ত ধাৰণাৰো এটা সময়ত প্ৰচলন হৈছিল ৷ ১৮ শতিকাত দুজন ৰন্ধন বিশেষজ্ঞ / কৃষি বিজ্ঞানীৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাত এই ভুল ধাৰণা আতৰ হয় ৷ তেওঁলোক দুজন হ'ল ফ্ৰান্সৰ Antoine-Augustin Parmentier আৰু ব্ৰিটিছ চাইন্টিফিক গ্ৰ'পৰ Count Rumford ৷ ইউৰোপত অন্ধবিশ্বাস আতৰাই আলুক খাদ্য হিচাবে প্ৰসাৰ ঘটাবলৈ ফ্ৰান্সৰ এজন ৰজাই (King Louis xvi) এক অভিনৱ পন্থা লৈছিল। জনবহুল গাঁৱৰ ওচৰত ৰজাই নিজ উদ্যোগত আলু খেতি কৰোৱাই সৈন্যৰ দ্বাৰা পহৰাৰ ব্যৱস্থা কৰি সেয়া ৰাজ পৰিয়ালৰ বাবে বুলি প্ৰচাৰ কৰিছিল আৰু পহৰাদাৰ সকলক গোপন নিৰ্দেশ দিছিল যাতে ৰাতি গাঁৱৰ মানুহ মনে মনে খেতি ডৰাত সোমালে তেওঁলোকে নেদেখাৰ ভাওঁ ধৰে আৰু সন্মুখত পৰিলে মিছাকে খেদি যোৱাৰ ভাওঁ দিয়ে। ৰজাৰ বুধিয়ে কাম দিলে। ৰজাই পহৰা দিয়াই কি খেতি কৰিছে তাক চাবলৈ আৰু খাদ্য বিধৰ সোৱাদ লবলৈ প্ৰজাৰ মাজত উৎসুকতা বৃদ্ধি পায়। ফচল তৈয়াৰ নোহোৱালৈকে সেনাই কটকটীয়া নিৰাপত্তা দিলে আৰু খাবৰ উপযুক্ত হলত নিৰাপত্তা ঢিলাই দিলে। সুবিধা পাই গাৱৰ লোকসকলে চুৰি কৰি নি ৰজাই খোৱা খাদ্যৰ সোৱাদ লবলৈ ধৰিলে ...পিছলৈ ৰজাই প্ৰজাক আলু খেতি কৰিবলৈ আৰু খাবলৈ উদগনি যোগাবৰ বাবে বৰ বিশেষ কষ্ট কৰিব লগীয়া নহ'ল।
১৮৪০-১৮৪৫চনত আয়াৰলেণ্ডত ভীষণ আকাল পৰে ৷ দেশখনৰ প্ৰধান খেতি আলু ব্লাইট ৰোগত বেয়াকৈ আক্ৰান্ত হয় ৷ জীৱন আৰু জীৱিকাৰ সন্ধানত বহু আইৰিচ লোকৰ সংযুক্ত যুক্তৰাষ্ট্ৰ আৰু কানাডালৈ প্ৰবজন ঘটে ৷১৮ শতিকাতেই সংযুক্ত যুক্তৰাষ্টলৈ আইৰিচ প্ৰবজনকাৰীসকলে আলুৰ সঁচলৈ যায় আৰু ১৯ শতিকাত তাত ব্যাপক হাৰত আলুৰ খেতি হব ধৰে ৷ ১৯ শতিকাতেই ইউৰোপৰ বিভিন্ন দেশত আলুৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাব ধৰে ৷ আৰু আজিৰ দিনত আলুৰ জনপ্ৰিয়তা বিশ্বজনীন ৷


আলুৰ সংৰক্ষণ -


১) আলু ৰ'দ পৰা ঠাইত নথব- ৰ'দত থলে আলুত চলানাইন (Solanine) নামৰ বিষাক্ত এলকেলইড উৎপন্ন হয় ৷
২)কোনো কোনোটো আলুৰ সেউজীয়া পৰা অংশটো বিষাক্ত চলানাইন থাকে - তেনে আলু নাখাব ৷
৩) ফ্ৰীজত নথব -থলে তাৰ ষ্টাৰ্চৰ প্ৰকৃতি সলনি হব আৰু স্বাদ সলনি হব ৷
৪) প্লাষ্টিকৰ বেগত নথব - ফুটা নথকা এনে বেগত ভাপ উৎপন্ন হৈ সোনকালে নষ্ট হব পাৰে ৷
৫) আলু পৰাপক্ষত কাগজৰ ঠোঙাত সংৰক্ষণ কৰিব ৷
৬)আলু সাধাৰণতে শীতল, অন্ধকাৰ ছাঁ থকা, শুকান ঠাইত থব লাগে ৷
৭) আলুৰ গজালি মেলা পোখা নাখাই কটাৰিৰে ৰুকি পেলাই দিব ৷
৮) ৰান্ধিবলৈ লোৱা আলু কাটি থৈ নিদিব - বায়ুৰ প্ৰভাৱত ইয়াৰ ৰং আৰু মান সলনি হব ৷ দৰকাৰ হলে কটা আলু পানীত ভিজাই থব আৰু তাত সামান্য নেমুৰ ৰস মিলাই দিব ৷
৯) আলুক পিয়াঁজৰ সৈতে একেলগে মিহলাই নথৈ সুকীয়া সুকীয়াকৈ ৰাখিব - থলে পিয়াঁজৰ গেছে আলুৰ মান অৱনমিত কৰিব আৰু পিয়াঁজো সোনকালে বেয়া হব ৷
১০)আলুৰ বাকলি নুগুছাই পানীত খচি খচি ধুই ৰন্ধনৰ বাবে সাজু কৰি লব লাগে - কিয়নো আলুৰ বাকলিখনৰ তলত অনেক লাগতিয়াল খাদ্যপ্ৰাণ থাকে ৷

আলু খেতিত হোৱা ৰোগ : আলুক আৰু বিলাহীক ফাইটোফ'থৰা ইনফেষ্টানচ্ (Phytophthora infestans) নামৰ এবিধ প্ৰটোযোৱাই আক্ৰমণ কৰি ব্লাইট নামৰ ৰোগ উৎপন্ন কৰে ৷ আলু খেতিৰ বাবে ই মহামাৰী সদৃশ্য ৷


আলুৰ বিষয়ে কেইটিমান ৰোচক তথ্য -


*ইয়াৰে কোনোটোৰ বৰণ হালধীয়া,ৰঙা,বগা,বেঙুনীয়া আদি ৰঙৰ আৰু ভিন্ন ভিন্ন সৰু ডাঙৰ ঘূৰণীয়া দীঘলীয়া আদি আকৃতিৰ হব পাৰে ৷ গিনিজ বুক অৱ ৱৰ্লড ৰেকৰ্ডমতে এতিয়ালৈ খেতিত উৎপন্ন হোৱা আটাইটকৈ ডাঙৰ আলুটোৰ ওজন হৈছে ৩.২কিলোগ্ৰাম ৷
*১৯৯৫চনৰ অক্টোবৰ মাহত মহাকাশত আলুৰ খেতি কৰি নাচাই (NASA) কৰি সিদ্ধ কৰিলে যে দীৰ্ঘকালীন মহাকাশ যাত্ৰাত মহাকাশচাৰীৰ বাবে এইদৰে এবিধ খাদ্য প্ৰয়োজনত যোগাৰ কৰি লব পৰা যাব ৷
*১৮৮০চনৰ পৰা ভডকা (Vodka) তৈয়াৰ কৰিবৰ বাবে আলু ব্যৱহাৰ কৰি অহা হৈছে ৷
আলুৰ উপকাৰিতাসমূহ : –
* উচ্চ ৰক্তচাপ কমোৱাত আলুৰ ভূমিকা - আলুত কলৰ তুলনাত বেচি প'টেচিয়াম থাকে ৷ প'টেচিয়ামে তেজৰ নলী বহলাই ৰাখি ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ৷ প'টেচিয়ামৰ ওপৰিও কোক'এমাইন হ'ল এই ক্ষেত্ৰত উপযোগী ৷
* হৃদৰোগৰ পৰা দিয়ে সুৰক্ষা –ভিটামিন-বি৬, ভিটামিন-চি, প'টেচিয়াম আদিয়ে দেহক ষ্ট্ৰক আৰু হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে ৷ চাউথ কেলিফৰ্নিয়া ইউনিভাৰ্চিটৰ মতে আলুত থকা ফাইবাৰেও হৃদৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে ৷
* ক'লেষ্টেৰল কমোৱাত সহায়ক- আলুত থকা ফাইবাৰৰ বাবে সেয়া সম্ভৱপৰ ৷
* কৰ্কট ৰোগ প্ৰতিৰোধক – ২০১৭চনৰ Journel of Biochemistryত প্ৰকাশিত তথ্য মতে আলুৰ এন্টিঅক্সিডেন্ট আৰু এন্টিইনফ্লেমেটৰী গুণ থকা হেতুকে ক'লনৰ আৰু আন কেন্সাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা হ্ৰাস পায় ৷
* মস্তিষ্কৰ বাবে উপযোগী – আলুত থকা আলফা লিপ'য়িক এচিড আৰু কোএনজাইমে এলঝাইমাৰ আৰু আন মানসিক ৰোগৰ সম্ভাৱনা কমায় ৷ ভিটামিন-চি ডিপ্ৰেচন কমোৱাত সহায়ক বুলি জনা যায় ৷
* সুনিদ্ৰাত সহায়ক -প'টেচিয়ামৰ মাংসপেশী শিথিল কৰা গুণৰ বাবে সেয়া সম্ভৱপৰ ৷
* হাঁড়ৰ সুৰক্ষাত আলুৰ ভূমিকা – Maryland Medical Universityৰ মতে মেগনেচিয়াম আৰু প'টেচিয়ামে হাঁড়ক সুৰক্ষা দিয়ে ৷ হালধীয়া আৰু বেঙুনীয়া আলুৱে অস্তিঅ'আৰ্থাইটিচ কম কৰে বুলি আৰ্থাইটিচ ফাউণ্ডেচন জনাইছে ৷
*পাক প্ৰণালীৰ উপকাৰিতা -আলুত থকা ফাইবাৰে খাদ্য সহজে হজম কৰায় ৷ ডায়েৰিয়া ৰোধ কৰে ৷ শৌচ খোলোচা কৰে ৷
* ইমিউনিটি বৃদ্ধি - এন্টিঅক্সিডেন্ট আৰু ভিটামিনসমূহৰ বাবে সেয়া সম্ভৱপৰ ৷
*কিডনিৰ পাথৰৰ চিকিৎসা - মেগনেচিয়াম আৰু ফাইবাৰৰ এই ক্ষেত্ৰত ভূমিকা আছে ৷ পাথৰ হোৱা ৰোগীয়ে আলুৰ সৈতে পানী বেচিকৈ খাব লাগে ৷
* স্কাৰ্ভিৰোধক – ভিটামিন-চিৰ বাবে সম্ভৱ ৷
* ঋতুস্ৰাবৰ সমস্যাত উপযোগী – আলুৱে চেৰটনিনৰ যোগেদি ক্ৰিয়া কৰি ৰজোনিবৃতি হোৱা মহিলাৰ মনৰ উদ্বিগ্নতা হ্ৰাস কৰে ৷
* ছালৰ দাগ আতৰ কৰোৱাত আলুৰ প্ৰয়োগ - ছালৰ ৰং উজ্বল ৰাখে ৷ চকুৰ ক'লা দাগ আলুৰ প্ৰয়োগে আতৰ কৰিব পাৰে ৷ শালমন, ক’লা দাগ, চানবাৰ্ণ আদিৰ বাবে আলু সিদ্ধ কৰি পিটিকি লব ৷ তাত কিছু দৈ আৰু নেমু ৰস মিহলাব ৷ মিশ্ৰণৰ পেষ্ট আধা ঘন্টা সময় ছালত লগাই ৰাখিব ৷ প্ৰয়োজন অনুসৰি ২/৩ দিনৰ মূৰেমূৰে লগাব ৷
* আঘাতত আলুৰ প্ৰলেপ ব্যৱহাৰ - আঘাত পাই নীলা পৰা শৰীৰৰ অংশত আলুৰ প্ৰলেপ দিলে উপশম ঘটে ৷
* ঘৰুৱা চিকিৎসাত জুইয়ে পোৰা ছালৰ অংশত কেঁচা আলু পিচি প্ৰলেপ দিলে উপশম হয় ৷
* এলাৰ্জি আৰু চৰ্মৰোগত আলুৰ ব্যৱহাৰ আৰামদায়ক আৰু উপযোগী ৷
* এচিডিটি কমাবলৈ প্ৰয়োগ -আলু পূৰি পিটিকা খালে অম্লপিত্তৰ উপশম ঘটে ৷
*চুলিৰ স্বাস্থ্য ৰক্ষাত আলু সহায়ক – কেঁচা আলু বাকলিৰ সৈতে পিচি চেকনিত চেকি দৈৰ সৈতে মিহলাই চুলিত ৩/৪ দিনৰ ব্যৱধানত ঘঁহিব ৷ আধা ঘন্টাৰ পিছত চেম্পুৰে মূৰ ধুব ৷ চুলি সৰা আৰু অকালতে পকা কমিব ৷ ভিটামিন -চিৰ বাবে চুলি মজবুট হব ৷
* ক্ষীণ দেহৰ লোকে আলু খাই নিজৰ ওজন বৃদ্ধি কৰিব পাৰে - কিয়নো প্ৰতি ১০০গ্ৰাম আলুত শক্তি থাকে ৭৭কেলৰি ৷
* খেলুৱৈৰ দক্ষতা বৃদ্ধিত সহায়ক- আলুৱে ইলেকট্ৰলাইট সন্তুলিত ৰাখে ৷ মাংসপেশীৰ সংকোচন হবলৈ নিদিয়ে ৷ ততালিকে শক্তি যোগায় ৷

আলুৰ গ্ৰহণযোগ্যতাৰ ক্ষেত্ৰত লবলগীয়া সতৰ্কতাৱলীসমূহ হ'ল এনেধৰণৰ :
১) আলুৰ High Glycemic Index থকাৰ বাবে ডায়েবেটিজ ৰোগীয়ে আলু সতৰ্কতাৰে কম পৰিমাণত গ্ৰহণ কৰিব ৷ আলুৰ লগত একে সময়তে Low Glycemicযুক্ত খাদ্য (যেনে আঁহযুক্ত শস্য বা কম ফেট থকা গাখীৰ) খাব লাগে যাতে চুগাৰ অসন্তুলিত হৈ নাযায় ৷
২) তেজ পাতল কৰি ৰখা (Thrombolytic drugs) দৰবে আলুৰ সৈতে Drug interaction কৰে ৷ তেনে দৰব ব্যৱহাৰ কৰি থকা লোকে আলু কমকৈ খোৱা উচিত যাতে কোনো ধৰণৰ ৰক্তক্ষৰণ আদি সংঘটিত নহয় ৷ আলুত থকা ৰাসায়নিক পদাৰ্থৰ বাবে তেজ গোট মৰাত বিলম্ব হব পাৰে ৷
৩) মোখনিত কবলগীয়া আলুৰ উপকাৰিতা পাবলৈ হলে আলুক বেচি তেলত ফ্ৰেঞ্চফ্ৰাই কৰি নাখাব ৷ আলুত ক্ৰিম, মাখন,পনীৰ আদি মিলাই দিয়াৰ অৰ্থ আলুৰ উপকাৰী গুণ হ্ৰাস কৰা ৷ একেদৰে আলু চিপচো দেহৰ বাবে উপকাৰী নহয় ৷
৪)আলুৰ পৰা ততালিকে আহৰণ কৰা কেলৰিয়ে ওজন বঢ়ায় ৷ সেয়ে অলপ শকত লোকে কম বা নিয়ন্ত্ৰিত পৰিমাণতহে আলু সেৱন কৰিব ৷

লেখক: ডাঃ ভূপেন শইকীয়া

ফোন নং: ০০৯৭৪৩৩৭৩৮৭২২

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top