মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / আহাৰ আৰু স্বাস্থ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আহাৰ আৰু স্বাস্থ্য :

আহাৰ আৰু স্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।

 

আনন্দ আৰু উন্নত মানেৰে জীয়াই থাকিবলৈ হ’লে মানুহ সুস্বাস্থ্যৰ অধিকাৰী হ’ব লাগিব। সুস্বাস্থ্যৰ বাবে সুষম, পুষ্টিকৰ আহাৰৰ অতিকৈ আৱশ্যক। পুষ্টিকৰ আহাৰৰ অভাৱত শৰীৰৰ গঠন আৰু বৃদ্ধি বাধাগ্ৰস্ত হয়। মানসিক আৰু বৌদ্ধিক বিকাশো বাধাগ্ৰস্ত হয়। কম পৰিমাণ আৰু কম খাদ্যমানৰ আহাৰে যিদৰে স্বাস্থ্যৰ অৱনতি ঘটায়, ঠিক তেনেদৰে অত্যধিক আহাৰো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। বিভিন্ন বয়সৰ ব্যক্তিৰ বাবে বিভিন্ন প্ৰকাৰৰ আহাৰৰ প্ৰয়োজন। অনুপযুক্ত, অপুষ্টিকৰ আৰু বয়স অনুযায়ী সঠিক আহাৰ নহ’লে শৰীৰে ভাৰসাম্য হেৰুৱাই নানা ৰোগত আক্ৰান্ত হয়। এই ৰোগবোৰে মানুহক দুৰ্বল কৰি মৃত্যুৰ মুখলৈকে ঠেলি দিব পাৰে। কিন্তু এইবোৰ প্ৰতিৰোধ কৰিব পাৰি। ইয়াৰ বাবে আমি সুষম, পুষ্টিকৰ আহাৰ, সঠিক সময়ত বয়স আৰু প্ৰয়োজনীয় পৰিমাণ অনুযায়ী খোৱাটো দৰকাৰ। সুষম, পুষ্টিকৰ আহাৰত শৰ্কৰা, প্ৰ’টিন, চৰ্বি, ভিটামিন, মিনাৰেল আৰু বিশুদ্ধ খোৱাপানী নিৰ্দিষ্টি পৰিমাণত থাকিব লাগে।

আমি গ্ৰহণ কৰা খাদ্যৰ প্ৰায় পঁইষষ্ঠিৰপৰা আশী শতাংশই শৰ্কৰা জাতীয় আহাৰ। শৰ্কৰা জাতীয় আহাৰে আমাক ঘাইকৈ শক্তি দিয়ে। প্ৰতিগ্ৰাম শৰ্কৰাৰ পৰা প্ৰায় চাৰি কিলো কেল’ৰি শক্তি পোৱা যায়। এইবিধ আহাৰ ঘাইকৈ চেনি, চাউল, আটা, ফল-মূল, আলু ইত্যাদিত পোৱা যায়। ইয়াৰ অভাৱত মানুহ দুৰ্বল আৰু শক্তিহীন হৈ পৰে। ওডায়েবেটিছ থকা ৰোগীয়ে ইয়াক অলপ কমাই খাব লাগে।

চৰ্বিজাতীয় আহাৰে আমাৰ শৰীৰত শক্তি দিয়াৰ(প্ৰতি গ্ৰাম চৰ্বিয়ে প্ৰায় ন কিলো কেল’ৰি শক্তি দিয়ে) উপৰি শৰীৰৰ উত্তাপ সৃষ্টি কৰা আৰু চৰ্বিত দ্ৰৱীভূত ভিটামিনবোৰক শৰীৰৰ কোষত প্ৰৱেশ কৰোৱাত বাহক হিচাপে কাম কৰে। কণী, গাখীৰ, মাখন, ক্ৰীম, ঘিউ, মাছ, মাংস, বাদাম, নাৰিকল, বুট-মাহ, শাক-পাচলি, ফল-মূল আৰু তেলজাতীয় আহাৰত চৰ্বি বেছিকৈ পোৱা যায়। চৰ্বিজাতীয় আহাৰে খাদ্যৰ সোৱাদ বঢ়ায়। অত্যধিক উচ্চ চৰ্বিযুক্ত আহাৰে হৃৎপিণ্ডৰ অসুখ, ধমনীৰ অসুখ, ষ্ট্ৰোক, ডায়েবেটিছ, মেদবহুলতা, মলাশয় আৰু স্তনৰ কৰ্কট ৰোগ আদিৰ সৃষ্টি কৰিব পাৰে। অত্যধিক চৰ্বিযুক্ত আহাৰ গ্ৰহণৰ ফলত শৰীৰত কলেষ্টেৰ’লৰ মাত্ৰা বেছি হয়। ফলত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে। তেজত অধিক পৰিমাণৰ কলেষ্টেৰ’ল থাকিলে ই ৰক্তবাহী ধমনীৰ ভিতৰত লবেৰত জমা হৈ ‘এথেৰোস্ক্লেৰোছিছ’ৰ(Atherosclerosis) সৃষ্টি কৰি পাৰে। ইয়াৰ ফলত ৰক্তবাহী নলীবোৰ ডাঠ টান হয় আৰু স্থিতিস্থাপকতা কমি আহে। ‘এথেৰোস্ক্লেৰোছিছ’ৰ বাবে ৰক্তবাহী নলীবোৰৰ তেজ চলাচল কৰা পথটো সৰু হৈ যায়। ফলত হাৰ্টলৈ তেজৰ প্ৰবাহ লাহে লাহে কমি আহে আৰু কেতিয়াবা একেবাৰে বন্ধ হৈ যায়। এনে হ’লে এনজিনা বা বুকুৰ বিষ অনুভূত হয়। অতি কম তেজ প্ৰবাহিত হোৱা বা একেবাৰে বন্ধ হৈ হ’লে হাৰ্ট এটেক হয়। ষ্ট্ৰোক হোৱাৰ ফলত ৰোগীৰ মৃত্যু ঘটিব পাৰে অথবা পক্ষাঘাত ৰোগত পংগু হৈ জীৱন কটাবলগীয়া হ’ব পাৰে। কলেষ্টেৰ’লৰ তেজত ১০০ মিলিগ্ৰামতকৈ কম, এইচ ডি এলৰ পৰিমাণ প্ৰতি ডেচিলিটাৰ তেজত ৪০ মিলিগ্ৰামতকৈ অধিক আৰু ট্ৰাইগ্লিচাৰিডৰ পৰিমাণ প্ৰতি ডেচিলিটাৰ তেজত ১৮০ মিলিগ্ৰামতকৈ কম থকা জৰুৰী। সাধাৰণতে এইচ ডি এলক হৃদৰোগ প্ৰতিৰোধক কলেষ্টেৰ’ল বুলি কোৱা হয়। সেয়েহে ই অধিক থকা ভাল। সেইদৰে দৰকাৰী ফেটী এচিডৰ অভাৱত আকৌ ছাল ৰূঢ় আৰু শুকান হ’ব পাৰে। আনকি চুক ভেকুলীৰ ছালৰ দৰে ছাল হোৱা ফ্ৰেনোডাৰ্মা নামৰ এবিধ ৰোগো হ’ব পাৰে। আমি গ্ৰহণ কৰা খাদ্যৰ প্ৰায় ১৫-৩০ শতাংশ চৰ্বিজাতীয় আহাৰ হোৱা উচিত। চৰ্বিৰ ভিতৰত ফ্ৰী ফেটী এচিড অন্যায়কাৰী। সেয়েহে ফ্ৰী ফেটী এচিড গুচাই পেলোৱা বনস্পতি অথবা ৰিফাইন তেল খাব লাগে। গাখীৰত চৰ্বিৰ পৰিমাণ অধিক থাকে। সেয়েহে গাখীৰ খালে অলপ পানী মিহলাই আৰু ওপৰৰ চামনিখন গুচাই খাব লাগে। কণীৰ কুহুমটো নাখাই বগা অংশহে খাব লাগে। যিসকল ব্যক্তিয়ে দেহৰ চৰ্বিৰ পৰিমাণ কমাব বিচাৰে, তেওঁলোকে খাদ্যৰ তালিকাত কম চৰ্বিযুক্ত আহাৰ ৰাখিব লাগে। কেক, ক্ৰীম, ক্ষীৰ আদি খাব নালাগে। মাংস খালেও কম চৰ্বিযুক্ত মাংস খাব লাগে। ফল-মূল আৰু শাক-পাচলি প্ৰচুৰ পৰিমাণে খাব লাগে।

প্ৰ’টিনজাতীয় আহাৰে আমাৰ শৰীৰক শক্তি দিয়াৰ উপৰি শৰীৰৰ কোষসমূহ গঠন কৰা, বৃদ্ধি কৰা, বেয়া হ’লে নতুনকৈ গঠন কৰা ইত্যাদি কাম কৰে। আমাৰ খাদ্যৰ ৭-১৫ শতাংশ প্ৰ’টিনযুক্ত আহাৰ হ’ব লাগে। মানুহৰ ওজন হিচাপত প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজনৰ বিপৰীতে এক গ্ৰাম প্ৰ’টিন গ্ৰহণ কৰা উচিত। প্ৰতি এক গ্ৰাম প্ৰ’টিনৰপৰা আমাৰ শৰীৰে চাৰি কিলো কেল’ৰি শক্তি পায়। গাখীৰ, মাছ, মাংস, কণী, মাখন, ছয়াবীন, ৰাজমাহ, বাদাম, মচুৰ দাইল আৰু ৰহৰ দাইল আদিত প্ৰ’টিন অধিক পোৱা যায়। ইয়াৰ অভাৱত শৰীৰৰ বৃদ্ধি বাদাগ্ৰস্ত হয়। শিশু আৰু বাঢ়ি অহা ল’ৰা-ছোৱালীৰ বাবে ই যথেষ্ট দৰকাৰী। ইয়াৰ অভাৱত শিশুসকলৰ মাজত মাৰাছমাচ আৰু কোৱাৰ্চিকৰ নামৰ দুবিধ প্ৰ’টিন এনাৰ্জী মালনিউট্ৰিচন(PEM) ৰোগৰ সৃষ্টি হ’ব পাৰে। বাতবিষ আৰু কিডনীৰ অচল কিডনীৰ অচল অৱস্থা হ’লে প্ৰ’টিনজাতীয় আহাৰ কমকৈ খাব লাগে।

শৰীৰৰ স্নায়ু, মানসিক আৰু স্মৃতিশক্তি বঢ়াবৰ বাবে বিভিন্ন ধৰণৰ ভিটামিনৰ প্ৰয়োজন। ইয়াক যথেষ্ট পৰিমাণে নালাগে। ই মানুহক প্ৰত্যক্ষভাৱে পুষ্টি নিদিয়ে, কিন্তু অন্য দৰকাৰী পুষ্টিক শৰীৰে গ্ৰহণ কৰাত সহায় কৰে। ভিটামিন ‘এ’ই সাধাৰণতে দৃষ্টিশক্তি অটুট ৰখা, শৰীৰৰ টিছুৰ গঠন আৰু ছাল ৰক্ষাৰ কাম কৰে। লিভাৰ, কণী, মাছ, মাংস, গাখীৰ, মাখন, সেউজীয়া শাক-পাচলি, ফল-মূল, ধনিয়া, আম, অমিতা আদিত ই প্ৰচুৰ পৰিমাণে থাকে। গৰ্ভৱতী মাতৃ, শিশুক দুগ্ধপান কৰোৱা মাতৃ আৰু শিশুক অতিৰিক্তভাৱে যোগান ধৰা ভিটামিন ‘এ’ৰ খোৰাক দিব লাগে। ভিটামিন ‘এ’ৰ অভাৱত চকুৰে কম দেখা হোৱা, কুকুৰীকণা, কৰ্ণিয়াৰ ঘা হোৱা, ছাল শোটোৰ পৰা, চুলি সৰা, অনবৰতে আমনি লাগি থকা, দাঁত আৰু আলুৰ গঠন বেয়া হোৱা, ভোক নলগা হোৱা, শৰীৰৰ বৃদ্ধি বাধাগ্ৰস্ত হোৱা, খাদ্যতন্ত্ৰ আৰু শ্বাসতন্ত্ৰৰ সংক্ৰমণ আৰু কৰ্কট ৰোগ আদি হ’ব পাৰে। আনহাতে, ভিটামিন ‘এ’ বহুত বেছি গ্ৰহণ কৰিলেও বমি ভাব হোৱা, বমি হোৱা, ভোক নলগা হোৱা, চুলি সৰা আৰু টোপনিৰ ব্যাঘাত হ’ব পাৰে।

ভিটামিনৰ কথা -

ভিটামিন ‘বি’ কেইবাপ্ৰকাৰৰ আছে। ভিটামিন ‘বি১’ অথবা ‘থায়ামিন’ৰ অভাৱত বেৰি-বেৰি নামৰ এক ৰোগৰ সৃষ্টি হয়। যিসকল ব্যক্তিয়ে অত্যধিক মদ্যপান কৰে, তেওঁলোকৰ এইবিধ ৰোগ অধিক হয়। স্নায়ু, হৃৎপিণ্ড আদিৰ সমস্যা হয়। গাখীৰ, মাংস, বুট-মাহ, ইষ্টজাতীয় খাদ্য, ফল-মূল, শাক-পাচলি আৰু খোৱা চাউলত ই অধিক থাকে। ভিটামিন ‘বি’ অভাৱযুক্ত মাতৃৰ দুগ্ধপান কৰা শিশুৰ ‘ইনফেন্টাইল বেৰি বেৰি’ ৰোগ হয়। আনহাতে, স্নায়ু বেৰি বেৰিক শুকান বেৰি বেৰি(Dry beriberi) আৰু হৃৎপিণ্ডৰ বেৰি বেৰিক তিতা বেৰি বেৰি(Wet beriberi) বুলিও কোৱা হয়। হাত-ভৰিৰ কঁপনি, মানসিক অস্থিৰতা, কথা পাহৰি যোৱা, স্নায়ু সঞ্চালনৰ দুৰ্বলতা আদি বেৰি বেৰি ৰোগৰ লক্ষণ। ভিটামিন ‘বি২’ অথবা ‘ৰাইবোফ্ল’ভিন’ৰ অভাৱত মুখৰ ঘা, জিভাৰ ঘা, মুখত গুটি উঠা আদি হ’ব পাৰে। গাখীৰ, কণী, লিভাৰ, শাক-পাচলি আদিত ইয়াক পোৱা যায়। নায়াচিন নামৰ ভিটামিন ‘বি৩’ৰ অভাৱত পেলেগ্ৰা নামৰ এবিধ ৰোগ আৰু মুখত ঘা হোৱা আদি এই ৰোগৰ বৈশিষ্ট্য। গাখীৰ, মাছ, মাংস, বুট-মাহ আদিত ই অধিক থাকে। ভিটামিন ‘বি৬’ৰ অভাৱত স্নায়ু দুৰ্বল হয়। গাখীৰ, কণী, মাছ, মাংস, কুহুম আদিত ই অধিক থাকে। গৰ্ভৱতী মহিলা আৰু শিশুক দুগ্ধপান কৰোৱা মাতৃ আদিৰ ক্ষেত্ৰত বমি ভাব বন্ধ কৰাৰ বাবে ভিটামিন ‘বি৬’ প্ৰচুৰ পৰিমাণে খাবলৈ দিব লাগে। যক্ষ্মা ৰোগৰ ঔষধ খালে সাধাৰণতে এইবিধ ভিটামিনৰ অভাৱ হয়। সেয়েহে এনে ৰোগীয়ে ঔষধৰ লগতে এইবিধ ভিটামিন খোৱা দৰকাৰ। ভিটামিন ‘বি১২’ প্ৰায় সকলো খাদ্যতে থাকে যদিও শাক-পাচলিত ই নাথাকে। সেয়েহে নিৰামিষভোজীৰ ক্ষেত্ৰত এইবিধ ভিটামিনৰ অভাৱ অধিক। ইয়াৰ অভাৱত ৰক্তহীনতা আৰু স্নায়ৱিক দুৰ্বলতা হ’ব পাৰে। পেনথনিক আৰু ফলিক এচিড আদিও খাদ্যত প্ৰচুৰ পৰিমাণে থাকিব লাগে। শাক-পাচলি, ফল-মূল, কণী, গাখীৰ আদিত ই থাকে। গৰ্ভৱতী মহিলা আৰু শিশুক দুগ্ধপান কৰোৱা মাতৃক ই অধিক লাগে। ইয়াৰ অভাৱত ৰক্তহীনতা, মুখত ঘা হোৱা, পেটৰ অসুখ আদি অধিক হোৱা দেখা যায়। ফলিক এচিডে জন্মগতভাৱে হোৱা ‘স্পাইনা বিফিডা’ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। হিমগ্ল’বিন ই ট্ৰেইট(HbE trait) থকা ব্যক্তিয়ে নিয়মিতভাৱে ফলিক এচিড খাব লাগে।

সতেজ ফল-মূল, সেউজীয়া শাক-পাচলি, গজালি ওলোৱা বুট-মাহ, সতেজ মাছ, মাংস, আৰু মধুৰিআম আদিত ভিটামিন ‘চি’ অধিক থাকে। আহাৰত ই সদায় থাকিব লাগে। ই কটা ঘা সোনকালে শুকুওৱা, হাড় আৰু শৰীৰৰ গঠনত সহায় কৰে। ইয়াৰ অভাৱত দাঁতৰ গুৰিৰপৰা তেজ ওলোৱা, ছাল আৰু গাঁঠিত তেজ ওলোৱা লক্ষণযুক্ত ‘স্কাৰ্ভি’ নামৰ এবিধ ৰোগ হ’ব পাৰে।

ভিটামিন ‘ডি’য়ে কেলচিয়ামৰ সহায়ত হাড়, দাঁত আদিৰ গঠনত সহায় কৰে। ইয়াৰ অভাৱত হাড়ৰ গঠন বেয়া হোৱা, দাঁত আৰুৰ গঠন বেয়া হোৱা, শিশুৱে পলমকৈ খোজকঢ়া, পলমকৈ দাঁত গজা আদি হয়। ইয়াৰ অভাৱত শিশুসকলৰ ‘ৰিকেট’ নামৰ এবিধ হাড়ৰ ৰোগ হয়। হাড়বোৰ ধেনুভিৰীয়া আৰু দুৰ্বল হয়। বয়সিয়ালৰ ক্ষেত্ৰত ‘অষ্টিঅ’মেলেছিয়া’, ‘অষ্টিঅ’প’ৰ’ছিছ’ আদি ৰোগ হ’ব পাৰে। খাদ্যত ভিটামিন ‘ডি’ পালেও মূলতঃ সূৰ্যৰ পোহৰৰদ্বাৰা আমাৰ শৰীৰৰ ছাল আৰু বৃক্কৰ সহায়ত ভিটামিন ‘ডি’ তৈয়াৰ হয়। সেয়েহে মানুহে অলপ সময়ৰ বাবে হ’লেও প্ৰতিদিনে বন্ধ কোঠালিৰপৰা ওলাই ৰ’দ আৰু পোহৰ পৰা ঠাইত থাকিব লাগে। গৰ্ভৱতী মাতৃয়ে প্ৰচুৰ পৰিমাণে ভিটামিন ‘ডি’ খাব লাগে। কণীৰ কুহুম, গাখীৰ, লিভাৰ, মাখন, মাছ আৰু মাংসৰ হাড়ত ই প্ৰচুৰ পৰিমাণে থাকে।

ভিটামিন ‘ই’য়ে শৰীৰৰ কোষসমূহ গঠনত সহায় কৰে। বন্ধাকবি, ছয়াবীন, আমলখি, কণীৰ কুহুম, মাখন আৰু শাক-পাচলিযুক্ত তেলত কি প্ৰচুৰ থাকে। ইয়াৰ অভাৱত ছাল আৰু চুলি শুকান হোৱাৰেপৰা নানা সমস্যা হ’ব পাৰে।

ভিটামিন ‘কে’ বন্ধাকবি, ব্ৰক’লি, সেউজীয়া শাক-পাচলি, ফল-মূল, গাখীৰ, কণীৰ কুহুম, মাখন, বনস্পতি, ছয়াবীন আৰু বীন আদিত অধিক পোৱা যায়। ইয়াক ‘কে১’ আৰু ‘কে২’ ৰূপত পোৱা যায়। ভিটামিন ‘কে’ৰ মুখ্য কাম হ’ল ৰক্তক্ষৰণ বন্ধ কৰা, ৰক্ত উৎপাদন কৰা আৰু শৰীৰক ৰক্ষা কৰা। ভিটামিন ‘কে’ খাদ্যৰপৰা পোৱাৰ উপৰি বৃহদন্ত্ৰত বেক্টেৰিয়াৰদ্বাৰা তৈয়াৰ হয়। খুব বেছি এন্টিবায়’টিক খালে, এইবিধ ভিটামিনৰ অভাৱ হয়। ইয়াৰ অভাৱত শৰীৰত ৰক্তক্ষৰণ আৰু দাঁতৰ গুৰিৰপৰা তেজ ওলোৱা সমস্যা হ’ব পাৰে।

কেলচিয়াম, আয়’ডিন আদিৰো আছে প্ৰয়োজন:

খাদ্যত কেলচিয়াম, আইৰণ, আয়’ডিন, জিংক, ছেলেনিয়াম, ফ্ল’ৰাইড, ছ’ডিয়াম, পটেছিয়াম আৰু মেগনেছিয়াম আদি মিনাৰেল থকাটো প্ৰয়োজনীয়। গাজৰ, শাক-পাচলি, মাছ, মাংস, ফল-মূল আৰু গাখীৰত ইয়াক কম বেছি পৰিমাণে পোৱা যায়। কেলচিয়াম মানৱ শৰীৰৰ বাবে অতি দৰকাৰী। তেজ গোট মৰা, মাংসপেশীৰ সংকোচন, স্নায়বিক অনুভূতিৰ প্ৰেৰণ, মলাশয়ৰ কৰ্কট ৰোগ প্ৰতিৰোধ, ৰক্তচাপ নিয়ন্ত্ৰণ আদি বহুতো কামত কেলচিয়ামৰ প্ৰয়োজন। তদুপৰি ভিটামিন ‘ডি’ আৰু কেলচিয়ামৰ এক সম্পৰ্ক আছে। দুয়োবিধ মিলিহে হাড়ৰ গঠন কৰিব পাৰে। এই দুবিধৰ যিকোনো এবিধৰ গঠন কৰিব পাৰে। এই দুবিধৰ যিকোনো এবিধৰ অভাৱত হাড়ৰ ‘ৰিকেট’, ‘অষ্টিঅ’মেলেছিয়া’, ‘অষ্টিঅ’প’ৰ’ছিছ’ আদি ৰোগ হ’ব পাৰে। গৰ্ভৱতী মহিলা আৰু শিশুক দুগ্ধপান কৰোৱা মাতৃক অতিৰিক্ত কেলচিয়াম খাবলৈ দিব লাগে। তদুপৰি বয়সিয়াল মহিলাই অষ্টিঅ’প’ৰছিছ ৰোধ কৰাৰ বাবে আৰু বাঢ়ি অহা ল’ৰা-ছোৱালীয়ে হাড় আৰু দাঁতৰ বৃদ্ধিৰ বাবে অতিৰিক্ত কেলচিয়াম খাব লাগে। প্ৰাপ্তবয়স্ক ব্যক্তি এজনক নিতৌ ৪০০-৫০০ মিলিগ্ৰাম কেলচিয়াম লাগে। গাখীৰ, দুগ্ধজাত খাদ্য, কণী আৰু মাছত কেলচিয়াম অধিক থাকে। এক লিটাৰ গৰুৰ গাখীৰে ১২০০ মিলিগ্ৰাম কেলচিয়াম দিয়ে। আইৰণৰ অভাৱত ৰক্তহীনতাই দেখা দিয়ে। আইৰণৰ অভাৱত ৰক্তহীনতাই দেখা দিয়ে। গৰ্ভৱতী মাতৃ, শিশুক দুগ্ধপান কৰোৱা মাতৃ, বাঢ়ি অহা শিশু আৰু বয়ঃসন্ধিকালৰ ল’ৰা-ছোৱালী আৰু বৃদ্ধ ব্যক্তিক অধিক আইৰণ লাগে। খাদ্যত দুই প্ৰকাৰৰ আইৰণ থাকে। প্ৰথমবিধ হিম আইৰণ মুখ্যতঃ প্ৰাণীজাতীয় খাদ্য যকৃৎ, মাংস, মাছ ইত্যাদিত থাকে। শৰীৰে অতি সহজে গ্ৰহণ কৰিব পাৰে আৰু ই আনবিধ ননহিম আইৰণকো শৰীৰে গ্ৰহণ কৰাত সহায় কৰে বাবে ই আইৰণৰ অতি উচ্চ উৎস। ননহিম আইৰণ উদ্ভিদজাতীয় খাদ্য- বুট-মাহ, ঘেঁহু, সেউজীয়া শাক-পাচলি, শুকান ফল, বাদাম, পিঁয়াজ, কম, কলমৌ, কলডিল, ঢেঁকীয়া শাক, ৰাজমাহ, কচু আদিত থাকে। আয়’ডিনৰ অভাৱত থাইৰয়ড গ্ৰন্থি আৰু থাইৰয়ড হৰম’নজনিত সমস্যা, জিংকৰ অভাৱত পেটৰ অসুখ, ফছফৰাছৰ অভাৱত হাড় আৰু দাঁতৰ সমস্যাই দেখা দিব পাৰে। গৰ্ভৱতী মাতৃ, শিশুক দুগ্ধপান কৰোৱা মাতৃ, বাঢ়ি অহা শিশুক ই অধিক লাগে। আয়’ডিনৰ বাবে আয়’ডিনযুক্ত মিহি নিমখ খাব লাগে। ছ’ডিয়াম আৰু পটাছিয়ামৰ অভাৱত শৰীৰৰ পানীভাগৰ সমস্যাই দেখা দি শৰীৰৰ পানীভাগৰ সমস্যাই দেখা দি শৰীৰত পানী জমা কৰি ইডেমাৰ সৃষ্টি কৰিব পাৰে। ফ্ল’ৰাইডৰ অভাৱত যেনেকৈ দাঁতৰ গঠন বেয়া হয়, তেনেকৈ অতিৰিক্ত ফ্ল’ৰাইড গ্ৰহণে ফ্লুৰ’ছিছ নামৰ এবিধ হাড়, দাঁত আদিৰ বিসংগতি সৃষ্টি কৰা ৰোগ সৃষ্টি কৰিব পাৰে।

খাদ্যৰ তালিকাত আঁহজাতীয় আহাৰ থাকিব লাগে। সাধাৰণতে উদ্ভিদজাত খাদ্যত যথেষ্ট আঁহ থাকে। আঁহজাতীয় খাদ্যই শৌচ খোলোচা কৰে আৰু মলাশয়ৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। পানীত গিলি যোৱা আঁহজাতীয় খাদ্যই শৰীৰৰ চৰ্বিৰ পৰিমাণ কমাই শৰীৰৰ ওজন আৰু ৰক্তচাপ কমোৱাত সহায় কৰে।

পানীৰ ভূমিকা -

বিশুদ্ধ খোৱাপানী আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। তৃষ্ণা দূৰ কৰাৰ উপৰি শৰীৰৰ প্ৰতিটো কামতে পানীৰ দৰকাৰ। নিতৌ অতি কমেও দুই লিটাৰকৈ বিশুদ্ধ পানী খাব লাগে। যথেষ্ট পানী খালে ছাল, দাঁত, চুলি আদি সুন্দৰ হোৱাৰ উপৰি শৰীৰৰ অলাগতিয়াল পদাৰ্থভাগ ঘাম, প্ৰস্ৰাৱ, পাইখানা আদিৰ সহায়ত বাহিৰ ওলাই যায়। শৰীৰৰপৰা অতিৰিক্ত মিনাৰেল, ভিটামিন আৰু দৰবসমূহ উলিয়াই দি স্বাস্থ্য ৰক্ষা কৰে। তদুপৰি মূত্ৰাশয়ৰ কৰ্কট ৰোগ, বৃক্কৰ পাথৰ আৰু মূত্ৰতন্ত্ৰৰ সংক্ৰমণ আদি কমায়। খোৱাপানী বিশুদ্ধ হোৱাৰ উপৰি ইয়াত ই-কলাই, প্ৰটিয়াচ, ভাইৰাছ, বীজাণু আৰু অতিৰিক্ত ফ্ল’ৰাইড, আৰ্ছেনিক আদি থাকিব নালাগে।

কিছুমান বিশেষ পৰিস্থিতিত কিছুমান নিৰ্দিষ্ট খাদ্য খোৱা দৰকাৰ। গৰ্ভৱতী আৰু প্ৰসূতি মাতৃয়ে খাদ্যত প্ৰচুৰ পৰিমাণে আইৰণ, ফলিক এচিড, কেলচিয়াম আৰু ভিটামিন খাব লাগে। গাখীৰ প্ৰচুৰ খাব লাগে। গাখীৰত লাগতিয়াল সকলো পদাৰ্থই থাকে। ফল-মূল আৰু শাক-পাচলি প্ৰচুৰ খাব লাগে। জন্মৰ পিছত শিশুক ছমাহলৈ কেৱল মাকৰ গাখীৰহে খাবলৈ দিব লাগে। মাকৰ গাখীৰত কেঁচুৱাই লাগতিয়াল সকলো উপাদান পোৱাৰ উপৰি ই বহুতো ৰোগ হোৱাৰপৰা আঁতৰাই ৰাখে।

ৰোগ প্ৰতিৰোধ কৰিবলৈ আৰু কিছুমান ৰোগ হ’লে আমি কিছুমান খাদ্য পৰিহাৰ কৰি অন্য কিছুমান খাদ্য প্ৰচুৰ খাব লাগে। যকৃতৰ ৰোগত মদ্যপান কৰিব নালাগে। শাক-পাচলি, ফল-মূল আৰু এন্টিঅক্সিডেন্টযুক্ত খাদ্য(যেনে- হালধি, আদা, শুকান ফল, সাগৰীয় মাছ, জামু আদি) প্ৰচুৰ খালে কৰ্কট ৰোগ প্ৰতিৰোধ হয়। উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছত নিমখ কমকৈ খাব লাগে আৰু মাদক দ্ৰব্যৰপৰা আঁতৰত থাকিব লাগে। শৰীৰৰ ওজন কমাবলৈ আৰু মলাশয়ৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিবলৈ চৰ্বিযুক্ত আহাৰ কমাই খাব লাগে। বাতবিষ আৰু ইউৰিক এচিড কমাবলৈ বিলাহী, বেঙেনা, ফুলকবি, মচুৰ দাইল আদি খাব নালাগে। বৃক্কৰ অচল অৱস্থাত নিয়ন্ত্ৰিত পানী সেৱন, কম প্ৰ’টিনযুক্ত খাদ্য গ্ৰহণ, অতিৰিক্ত নিমখ খোৱা বন্ধ কৰিব লাগে। আইৰণৰ অভাৱ হ’লে যকৃৎ, মাংস, মাছ, বুট-মাহ, ঘেঁহু, সেউজীয়া শাক-পাচলি, শুকান ফল, বাদাম, পিঁয়াজ, কল, কলমৌ, কলডিল, ঢেঁকীয়া শাক, ৰাজমাহ, কচু আদি আইৰণযুক্ত আহাৰ খাব লাগে। হাইপোথাইৰয়ড অৱস্থাত গৰল উৎপন্ন কৰাৰ সম্ভাৱনা থকা খাদ্য(Goitrogeing Food) যেনে- বন্ধাকবি, ফুলকবি, ব্ৰক’লি, বীন, মটৰ, মিঠা আলু, কাঠ আলু, গোমধান, চালগোম, চালাড পাত, কটাৰী, ডবুৱা মাহ, বাজৰা, সৰিয়হ পাত, মূলা, পালেং শাক, বাঁহ গাজ আদি খাব নালাগে। এইবিলাকত থকা ছালফাৰে আয়’ডিন আহৰণত বাধা দিয়ে বাবে থাইৰয়ড হৰম’ন কমকৈ তৈয়াৰ হয়। আনহাতে, গ্লুটেনযুক্ত খাদ্যই(যেনে- গোমধান, ঘেঁহু, বাৰ্লিজাতীয় খাদ্য) অট’ইমুন ৰোগ উৎপন্ন কৰিব পাৰে। ছয়াবীন আৰু ছয়াবীনৰপৰা প্ৰস্তুত কৰা গাখীৰ, কটাৰী ডবুৱা মাহত থকা ৰাসায়নিক পদাৰ্থই আয়’ডিন থাইৰয়ড গ্ৰন্থিলৈ সোমোৱাত বাধা দিয়ে। আহোম বগৰী, প্লাম, ষ্ট্ৰবেৰী, পাইনৰ গুটি, মটৰমাহ আদিয়ে থাইৰয়ড হৰম’ন শৰীৰৰ কোষত সোমোৱাত বাধা দিয়ে বাবে এইবোৰ খাদ্য হাইপোথাইৰয়ড অৱস্থাত ত্যাগ কৰি আয়’ডিনযুক্ত খাদ্য, আয়’ডিনযুক্ত মিহি নিমখ, ভিটামিন আৰু এন্টিঅক্সিডেন্টযুক্ত পুষ্টিকৰ খাদ্য খাব লাগে। হাইপাৰথাইৰয়ড অৱস্থাত চাহ, কফি, চকলেট, নাৰিকল, আভোকাডো, ৰঙা মাংস, কণী, চিষ্টিনযুক্ত খাদ্য খোৱা উচিত নহয়। বন্ধাকবি, ফুলকবি, ব্ৰক’লি, বীন, মটৰ, ছয়াবীন আদি খাব পাৰি।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)

 

 

2.90909090909
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top