মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / উচ্চ প্ৰ’টিনযুক্ত আমৰলিৰ টোপ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উচ্চ প্ৰ’টিনযুক্ত আমৰলিৰ টোপ

 

ব’হাগ বা ৰঙালী বিহুত মাঘ বিহুৰ দৰে খাদ্যৰ আড়ম্বৰতা নাথাকে যদিও যিহেতু অসমীয়া জাতিৰ নতুন বর্ষক আদৰাৰ সময়, এই সময়ত কিছু নীতি-নিয়মৰ উপৰিও আমৰলি পৰুৱাৰ টোপ খোৱাটো পৰম্পৰাগতভাৱেই চলি আহিছে। অসমকে ধৰি দক্ষিণ-পূব এছিয়াৰ কেবাখনো ঠাইত আমৰলি পৰুৱাৰ টোপক খাদ্য হিচাপে গ্রহণ কৰে। কিয়নো আমৰলি পৰুৱাৰ টোপ আটাইতকৈ উচ্চ প্ৰ’টিনযুক্ত বুলি প্রমাণিত হৈছে। সেয়ে চাহিদা বাঢ়ি অহাৰ লগে লগে আমৰলি সংৰক্ষণৰ বাবে উন্নতমানৰ ফাইল বেগত আৱদ্ধ কৰি বজাৰত বিক্ৰী কৰা যায়। আমৰলি টোপত থকা খাদ্যৰ মানদণ্ড কিছু এনে ধৰণৰ।

  • প্ৰ’টিন— ৫৩.৫ গ্রাম
  • আঁহ– ৬.৯ গ্রাম
  • মেগনেছিয়াম— ০.৭ গ্রাম
  • ক্ল'ৰিণ— ০.২১ গ্রাম
  • ভিটামিন বি-০.০০৯২ গ্ৰাম। (সতেজ অৱস্থাত ইয়াৰ ওজন এশ গ্রাম।)
  • চর্বি— ১৩.৫ গ্রাম
  • ফছফৰাছ-০.১৮ গ্ৰাম।
  • ছ’ডিয়াম— ০.৮ গ্রাম।
  • জিংক— ০.০২ গ্রাম।

উৎস: নন্দিনী।

 

2.96296296296
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top