মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / উপকাৰী কেপচিকাম:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উপকাৰী কেপচিকাম:

উপকাৰী কেপচিকামৰ বিষয়ে লিখা হৈছে

 

আজিকালি পাচলি বজাৰত এবিধ জনপ্ৰিয় পাচলি হৈছে কেপচিকাম-

 

উদ্ভিদ বিজ্ঞানৰ মতে, কেপচিকাম হৈছে এবিধ ফল, কিয়নো ইয়াৰ গুটি আছে। যিহেতু ইয়াক বিশেষকৈ ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা হয় সেয়েহে ইয়াক পাচলি বুলিয়েই ধৰা হয়। পৃথিৱীৰ বিভিন্ন ঠাইত হালধীয়া, সেউজীয়া, কমলা, বেঙুনীয়া আদি বিভিন্ন ৰঙৰ কেপচিকাম পোৱা যায়। কিন্তু আমাৰ বজাৰত এতিয়ালৈকে সেউজীয়া, ৰঙা আৰু হালধীয়া ৰঙৰ কেপচিকামহে উপলব্ধ। এসময়ত দক্ষিণ আৰু মধ্য আমেৰিকাত কেপচিকামৰ খেতি কৰা হৈছিল যদিও এতিয়া গোটেই বিশ্বজুৰি ইয়াৰ খেতি কৰা হয়।

ঠাই বিশেষে কেপচিকামক বিভিন্ন নামেৰে জনা যায়। আমেৰিকা আৰু কানাডাত ইয়াক ‘বেল পেপাৰ’, অষ্ট্ৰেলিয়া আৰু এছিয়াত কেপচিকাম আৰু আন কিছুমান ঠাইত ইয়াক পেপ্ৰিকা বুলিও জনা যায়।

বিশ্বৰ সকলো প্ৰান্তৰানুহে ইয়াক কেৱল ইয়াৰ সোৱাদৰ বাবেই নহয়, ইয়াত থকা স্বাস্থ্যৰ উপকাৰী গুণৰ বাবে অতি মৰমেৰে আদৰি লৈছে। আটাইকেইবিধ ৰঙৰ কেপচিকামৰ ভিতৰত সেউজীয়া কেপচিকাম বেছিকৈ ব্যৱহাৰ হয় আৰু ইয়েই পূৰঠ হৈ থাকিলে ৰঙা ৰঙলৈ ৰূপান্তৰ হয়। ৰঙা কেপচিকামত যথেষ্ট পৰিমাণে লাইক’পিন নামৰ এবিধ পদাৰ্থ থাকে যিয়ে হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে। সেউজীয়া কেপচিকাম হৈছে ক’লেষ্টেৰ’ল কম কৰি ৰখা আঁহজাতীয় পদাৰ্থৰ ভাল উৎস। ই হৈছে পটাছিয়ামৰ ভাল উৎস। এই খনিজ পদাৰ্থবিধে দেহৰ তৰল আৰু আন খনিজ পদাৰ্থৰ পৰিমাণ সমতুল কৰি ৰাখে। ই মাংসপেশীৰ কাৰ্যকাৰিতা বৃদ্ধি কৰাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

কেপচিকামৰ বহুতো প্ৰজাতিত কেপচাইচিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে। এই পদাৰ্থবিধৰ বাবে অনভ্যস্ত ব্যক্তিৰ মুখত ই পোৰণি সৃষ্টি কৰিব পাৰে। ডাঙৰ, গোল কেপচিকামবিধত এই কেপচাইচিনৰ পৰিমাণ তেনেই কম হয়। যদিও ইয়াক বছৰৰ আটাইকেইটা মাহতে পোৱা যায়, তথাপি গৰমৰ দিনত ই বেছিকৈ উপলব্ধ আৰু খাবলৈও সোৱাদ হয়। একেবাৰে পকিবৰ সময়ত ইয়াত ভিটামিন ‘চি’ আৰু কেৰ’টিনইডৰ পৰিমাণ বাঢ়ি যায়। কেপচিকামৰ ৰং যিমানে গাঢ় হয় তাত থকা এন্টি অক্সিডেন্টৰ মাত্ৰা সিমানে বেছি হয়। এটা সৰু কেপচিকামত আন যিকোনো টেঙাজাতীয় ফলতকৈ তিনি গুণ বেছি ভিটামিন ‘চি’ পোৱা যায়। কেপচিকাম যথেষ্ট পৰিমাণে ভিটামিন ‘এ’ আৰু ‘চি’ৰ লগতে সকলো এন্টি-অক্সিডেণ্টেৰে সমৃদ্ধ, যিয়ে সকলো মুক্ত মূলকক ধ্বংস কৰে। ইয়াত ভিটামিন বি কমপ্লেক্সৰ সকলো প্ৰকাৰ, যেনে- বি১, বি২, বি৩, বি৫, বি৬ আৰু বি৯ পোৱা যায়। কেপচিকামত থকা আন খনিজ পদাৰ্থবোৰ হৈছে- পটাছিয়াম, মেংগানিজ, মলিবডেনাম, ক’পাৰ, ক’বাল্ট আৰু জিংক।

ঔষধি গুণৰ বাবে কেপচিকাম অতীজৰেপৰা ব্যৱহাৰ হৈ আহিছে যদিও চিকিৎসা বিজ্ঞানত এতিয়াহে ইয়াৰ বৰ্ণনা পোৱা যায়। কেপচিকাম হৈছে অতিকৈ পুষ্টিকৰ খাদ্যবোৰৰ ভিতৰত এবিধ। ইয়াৰ নিজৰো বহুতো আৰোগ্যকৰ গুণ আছে যদিও আন ঔষধি ফল বা পাচলিৰ লগত একেলগে খালে ইয়াৰ শোষণ এশ গুণ বাঢ়ি যায়।

প্ৰতি ১০০ গ্ৰাম সেউজীয়া কেপচিকামৰ গুণাগুণ-

 

শৰ্কৰা ৪.৬৪ গ্ৰাম, চেনি ২.৪ গ্ৰাম, আঁহজাতীয় পদাৰ্থ ১.৭ গ্ৰাম, চৰ্বি ০.১৭ গ্ৰাম, প্ৰ’টিন ০.৮৬ গ্ৰাম, ভিটামিন ‘এ’ ২ শতাংশ, বিটা কেৰ’টিন ২ শতাংশ, লিউটিন আৰু জিয়াজেন্থিন ৩৪১ মাইক্ৰ’গ্ৰাম, ভিটামিন বি১ ০.০৫৭ মাইক্ৰ’গ্ৰাম, বি২ ০.০২৮ মাইক্ৰ’গ্ৰাম, বি৩ ০.৪৮ মাইক্ৰগ্ৰাম, বি৫ ০.০৯৯ মাইক্ৰ’গ্ৰাম, বি৬ ০.২২৪ মাইক্ৰ’গ্ৰাম, বি৯ ১০ মাইক্ৰ’গ্ৰাম, ই ০.৩৭ মাইক্ৰ’গ্ৰাম, কে ৭.৪ মাইক্ৰ’গ্ৰাম, কেলচিয়াম ১০ মিলিগ্ৰাম, আইৰণ ০.৩৪ মিলিগ্ৰাম, মেগনেছিয়াম ১০ কিলোগ্ৰাম, মেংগানিজ ০.১২২ মিলিগ্ৰাম, ফছফৰাছ ২০ মিলিগ্ৰাম, পটাছিয়াম ১৭৫ মিলিগ্ৰাম, ছ’ডিয়াম ৩০ মিলিগ্ৰাম, জিংক ০.১৩ মিলিগ্ৰাম, ফ্ল’ৰাইড ২ মাইক্ৰ’গ্ৰাম, শক্তি ২০ কেল’ৰি।

শক্তিহীনতাৰ পৰা যকৃত আদিৰ বিভিন্ন ৰোগৰ চিকিৎসাত কেপচিকাম ব্যৱহাৰ কৰা হয়।

  • কেপচিকামে আমাৰ দেহৰ তেজত থকা ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ কমাই বিপাক কাৰ্য বৃদ্ধি কৰে আৰু ই কেল’ৰি হ্ৰাস কৰে।
  • কেপচিকামে হৈছে ভিটামিন ‘এ’ আৰু ‘চি’ৰ প্ৰয়োজনীয় উৎস আৰু এই দুবিধ ভিটামিন হৈছে শক্তিশালী এন্টিঅক্সিডেন্ট, যিয়ে আমাৰ দেহত থকা মুক্ত মূলকবোৰৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু ই হৃদৰোগ, ব্ৰঙ্কিয়েল এজমা, কেটেৰেক্ট আদি ৰোগীৰ বাবে উপকাৰী।
  • কেপচিকামত থকা কেপচাইচিন নামৰ যৌদবিধে ছালৰপৰা ৰাজহাড়লৈ বিষ বিয়পি যোৱাত বাধা দিয়ে। সেয়েহে শল্য চিকিৎসা হৈ যোৱা বা হাৰ্পিছত ভোগা ব্যক্তিসকলে নিজৰ খাদ্য তালিকাত কেপচিকাম অন্তৰ্ভুক্ত কৰিলে ভাল ফল পায়।
  • গৱেষণাতো পোৱা গৈছে যে কেপচিকামত কেন্সাৰ প্ৰতিৰোধকাৰী উপাদান আছে।
  • কেচিকামত তেজ গোট মৰাত সহায় কৰা পদাৰ্থ থাকে।
  • কেপচাইচিনে খাদ্যত উন্নত হোৱা, দেহৰ বাবে অনিষ্টকাৰী বেক্টেৰিয়াৰ সৈতে যুঁজ কৰে।
  • আৰ্থ্ৰাইটিছ ৰোগৰ চিকিৎসাত ব্যৱহাৰ হোৱা এবিধ ক্ৰীম প্ৰস্তুতকৰণত কেপচিকাম ব্যৱহাৰ কৰা হয়।
  • কেপচিকামে পাকস্থলীৰ উৎসেচকৰ নিঃসৰণ বৃদ্ধি কৰি পাচন ক্ৰিয়া বৃদ্ধি কৰে।
  • কেপচিকামত চৰ্বি, ক’লেষ্টেৰ’ল আৰু কেল’ৰি তেনেই কম পৰিমাণে থাকে।
  • কেপচিকামে ত্বক পৰিষ্কাৰ কৰি ৰখাৰ লগতে ৰঙা দাগ আৰু শালমইনা হোৱাত বাধা দিয়ে। ইয়াত থকা ভিটামিন ‘এ’ হৈছে চকুৰ বাবে উপকাৰী আৰু চকুৰ ৰোগ হোৱাটো বাধা দিয়ে।

লেখিকা: ড° নৱনিতা ভাগৱতী(দৈনিক অসম)

2.79166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top