মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / উৎকৃষ্ট পোহৰ আৰু সুস্থ জীৱন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উৎকৃষ্ট পোহৰ আৰু সুস্থ জীৱন :

উৎকৃষ্ট পোহৰ আৰু সুস্থ জীৱনৰ বিষয়ে লিখা হৈছে ।

 

পোহৰ আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। পোহৰৰ বাবেই আমি চকুৰে দেখা পাওঁ। শৰীৰৰ বহুতো জৈৱিক কৰ্ম, সুস্বাস্থ্য, দৈনন্দিন জীৱন যাত্ৰা আৰু জীৱন ধাৰণাৰ মানৰ লগত পোহৰৰ এৰাব নোৱাৰা সম্পৰ্ক আছে। পোহৰ কি, কেনেদৰে উৎপন্ন হয় আৰু ইয়াক জোখাৰ একক কি এয়া এক দীঘলীয়া বৰ্ণনা।

ইয়াক আমাৰ আলোচনাৰ গণ্ডীলৈ অনা সম্ভৱ নহয়। পোহৰ আমি প্ৰাকৃতিকভাৱে সূৰ্যৰ পৰা অথবা কৃত্ৰিমভাৱে জুইৰ পৰা(খৰি, চাকি, মমবাতি, লেম্প আদি) অথবা বিদ্যুতৰ পৰা(টিউব, বালব আদি) পাব পাৰো।

কৃত্ৰিম পোহৰতকৈ প্ৰাকৃতিকভাৱে পোহৰ আমাৰ শৰীৰৰ জৈৱিক কৰ্ম, সুস্বাস্থ্য আৰু দৈনন্দিন জীৱনৰ কৰ্মৰ বাবে বেছি লাভদায়ক। অধ্যয়নত প্ৰকাশ পোৱা মতে প্ৰাকৃতিক পোহৰত মানুহৰ কৰ্মদক্ষতা বাঢ়ে, ছাত্ৰৰ পঢ়াত মনোযোগ বাঢ়ে আৰু ৰোগীয়েও শৰীৰ আৰু মন ভাল পায়।

সেয়েহে আমি আমাৰ বাসস্থান, কৰ্মস্থলী, বিদ্যালয় আৰু চিকিৎসালয় আদিত প্ৰাকৃতিক পোহৰ অধিক পৰাৰ বাবে এইবোৰৰ ওচৰত থকা পোহৰ পৰাত বাধা দিয়া বস্তুবোৰ গুচোৱা, পোহৰ পৰিবলৈ খিৰিকী ৰখা আৰু প্ৰাকৃতিক পোহৰৰ প্ৰতিফলন ঘটাবলৈ বগা ৰং দিয়া উচিত।

পোহৰৰ উৎস যিয়েই নহওক কিয়, আমাৰ চকুৱে আৰামেৰে দেখা পোৱা আৰু সুস্থ জীৱনৰ বাবে ই উৎকৃষ্ট হ’ব লাগে।

পোহৰ কোনো নিৰ্দিষ্ট কামৰ বাবে উপযুক্ত হোৱা, চাৰিওফালে অনবৰতে সমান পৰিমাণে সিঁচৰিত হৈ থকা, চাৰিওফালে সমান তীব্ৰতা থকা, বেছি ডাঠ ছাঁ নপৰা, ঢিপঢিপাই নথকা আৰু চিকমিকনি নথকা হ’লেই তাক উৎকৃষ্ট পোহৰ বুলি কোৱা হয়।

চাৰিওফালে পোহৰৰ উগ্ৰতা সমান নহ’লে চকুৱে কষ্ট পায়। পোহৰ ঢিপঢিপাই থাকিলে চকুৱে দেখাত অসুবিধা পায় বাবে দুৰ্ঘটনা হোৱাৰ আশংকা আহে।

পোহৰৰ চিকমিকনি অধিক থাকিলে ই চকুৰ বাবে আমনিদায়ক হৈ পৰে। ছাঁ বেছি ডাঠ হৈ পৰিলে চকুৱে দেখাত দিগদাৰি পায়। পোহৰৰ মাধ্যমেৰে বাহিৰৰ বিভিন্ন বস্তুৰ আকৃতিৰ প্ৰতিবিম্ব আমি আমাৰ চকুৰ ৰেটিনাত প্ৰতিবিম্বত হ’লে বস্তুটো আমাৰ বাবে দৃশ্যমান হয়। পোহৰ অবিহনে আমি একোৱে দেখা নাপাওঁ।

কোনোধৰণৰ শাৰীৰিক অথবা মানসিক সমস্যা সৃষ্টি নকৰাকৈ বস্তু এটা আমাৰ চকুত সুন্দৰভাৱে দৃশ্যমান হ’বলৈ হ’লে বস্তুটোৰ চাৰিওপিনে থকা পোহৰ বস্তুটোৰ আকৃতি সুন্দৰকৈ পৰিসফূট কৰাৰ লগতে বস্তুটোৰ চাৰিওকাষ উপযুক্ত আৰু উৎকৃষ্ট ইপোহৰে উজলাই ৰাখিব লাগে।

যিদৰে কম পোহৰত যিকোনো বস্তুৱে আমাৰ চকূত সুন্দৰভাৱে দৃশ্যমান নহয়। সাধাৰণতে ০.১ লাক্সৰ(পূৰ্ণিমা ৰাতিৰ পোহৰৰ পৰিমাণ) পৰা ১,০০,০০০ লাক্স(ফৰমাল বতৰত দুপৰীয়াৰ সূৰ্যৰ পোহৰৰ পৰিমাণ) তীব্ৰতা পোহৰেৰে আমাৰ চকুত বস্তু এটা দৃশ্যমান কৰিব পাৰে।

সহজকৈ ক’বলৈ হ’লে যিমান তীব্ৰ পৰিমাণৰ পোহৰত আমি এটা কাম কষ্ট কৰি কিবাকৈ কৰিব পাৰো, তাতকৈ ত্ৰিশ গুণ বেছি পৰিমাণৰ তীব্ৰ পোহৰক সাধাৰণতে চকুৰ বাবে উপযুক্ত পোহৰ বুলি কোৱা হয়। অৱশ্যে ঠাই আৰু কাম অনুযায়ী লগা পোহৰৰ পৰিমাণ ভিন্ন হয়।

কৰিড’ৰৰ বাবে যিমান পৰিমাণৰ পোহৰ লাগে, পঢ়াৰ বাবে তাতকৈ বেছি আৰু কল-কাৰখানাত তাতকৈও অধিক লাগে। মুঠতে কাম আৰু স্থান অনুযায়ী ভালকৈ দেখা, দুৰ্ঘটনা হ্ৰাস হোৱা ব্যক্তিৰ সু-স্বাস্থ্য বৰ্তাই ৰখা আৰু উৎকৃষ্ট ফলাফল লাভৰ বাবে পোহৰ উপযুক্ত আৰু উৎকৃষ্ট হ’ব লাগিব।

পোহৰৰ প্ৰত্যেক জীৱৰ ওপৰত জৈৱিক প্ৰভাৱ হ’ব লাগিব। পোহৰৰ প্ৰত্যেক জীৱৰ ওপৰত জৈৱিক প্ৰভাৱ আছে।

এইবোৰৰ ভিতৰত-

*শৰীৰৰ উত্তাপ সঠিককৈ ৰখা,

*শাৰীৰিক কৰ্মদক্ষতা বৰ্তাই ৰখা,

*ছালত মেলানিন তৈয়াৰ কৰা,

*ভিটামিন ডি তৈয়াৰ কৰা,

*শৰীৰৰ বিলিৰুবিন ভাঙি উলিয়াই দিয়া ইত্যাদি।

আজিকালি কেঁচুৱাৰ জণ্ডিছ হ’লে বিলিৰুবিন ভাঙি উলিয়াই দিবলৈ পোহৰ চিকিৎসা দিয়া হয়।

উৎকৃষ্ট পোহৰে মানুহৰ দৈনন্দিন জীৱন ধাৰণৰ মান বহু ধৰণে নিৰূপিত কৰে। উৎকৃষ্ট পোহৰে মানুহৰ মন ভাল লগায়।

কৰ্মদক্ষতা বঢ়ায়। কাৰ্যালয়ত প্ৰয়োজনীয় উৎকৃষ্ট পোহৰ থাকিলে কৰ্মচাৰীসকলৰ মন ভালে থাকে বাবে কৰ্মদক্ষতাও বাঢ়ে। বিদ্যাৰ্থীয়ে উৎকৃষ্ট পোহৰত পঢ়িলে চকু ভালে থকাৰ উপৰি মনোযোগ দি পঢ়ি জ্ঞান আহৰণ কৰি পৰীক্ষাত ভাল ফলাফল দেখাব পাৰে।

উৎকৃষ্ট পোহৰে বাস কৰা ঘৰটো চাফা দেখাই আকৰ্ষণীয় কৰি ঘৰটো আহল-বহল যেন দেখায়। ধুনীয়াকৈ পোহৰেৰে সজোৱা ৰাজহুৱা স্থান, দোকান-পোহাৰ, ব্যৱসায়স্থলী, কাপোৰৰ দোকান, খাদ্যসামগ্ৰীৰ দোকান, পাৰ্ক আদিৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়ে বাবে এনে ঠাইবোৰলৈ মানুহৰ সমাগম অধিক হয় আৰু অনুষ্ঠানবোৰৰ ব্যৱসায়ো ভাল হয়। উপযুক্ত উৎকৃষ্ট পোহৰৰ প্ৰয়োগে থিয়েটাৰত ভাল লাগি মানসিক স্বাস্থ্য ভাল কৰি তোলে।

পোহৰৰ পৰিমাণ উপযুক্ত আৰু উৎকৃষ্ট নহৈ কম বা বেছি হ’লেই মানুহৰ জীৱন যাত্ৰা আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। এনে হ’লে আমাৰ চকুৱে যথেষ্ট কষ্ট পোৱাৰ উপৰি ই আমাক ভাগৰুৱা কৰি তোলাৰ লগতে আমাৰ কৰ্মদক্ষতা কমায়। কম পোহৰত কাম কৰিলে মানুহে কৰ্মস্থলীত আঘাতপ্ৰাপ্ত হোৱাৰ আশংকা অধিক হয়। চকুৱে কষ্ট পোৱাৰ বাবে চকুৰ বিষ, চকুৰে পানী ওলোৱা, মূৰৰ বিষ আদি হ’ব পাৰে।

পোহৰত যদি চিকমিকনি থাকে মানুহৰ কৰ্মদক্ষতা কমে, মূৰৰ বিষ আৰু বমি হ’ব পাৰে। আজিকালি বহুতো বাসস্থান, মেলা, দোকান আদিত প্ৰয়োজনতকৈ অধিক পোহৰ ব্যৱহাৰ কৰি প্ৰদূষণ কৰা দেখা যায়।

পোহৰ প্ৰদূষণে শক্তিৰ অপচয় কৰি খৰচ বঢ়োৱাৰ উপৰি সৰহকৈ কাৰ্বন-ডাই অক্সাইড নিৰ্গত কৰি পৰিৱেশ দূষিত কৰি তোলে। পোহৰৰ প্ৰদূষণৰ পৰা মানুহৰ সঘনাই মূৰ বিষোৱা, মানসিক চাপ হোৱা, আৱেগ বঢ়া, বমি হোৱা আৰু উচ্চ ৰক্তচাপ হোৱা দেখা যায়।

লেখক: ড° ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top