মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / এই হেন শীতৰ বতৰত আপোনাৰ পচন্দৰ খাদ্যৰ সৈতে সুস্বাদু ধনিয়াৰ চাটনিৰ জুতি লওক আৰু ইয়াৰ গুণাৱলীৰ সৈতে পৰিচিত হওক-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এই হেন শীতৰ বতৰত আপোনাৰ পচন্দৰ খাদ্যৰ সৈতে সুস্বাদু ধনিয়াৰ চাটনিৰ জুতি লওক আৰু ইয়াৰ গুণাৱলীৰ সৈতে পৰিচিত হওক-

 

সুগন্ধি ধনিয়াৰ অন্তৰ্নিহিত বিস্ময়কৰ গুণাৱলী-

 

আগকথা - আমাৰ ভাৰত উপ মহাদেশৰ পাকঘৰ সমূহৰ দৈনন্দিন প্ৰয়োগত ধনিয়া যেন শৰীৰত থকা আত্মাৰ সদৃশ ৷ হয় ধনিয়াৰ পাত, নহয় ধনিয়াৰ গুটি নাইবা পিচা শুকান গুৰি নিতৌ ৰন্ধন প্ৰকৰণত ব্যৱহৃত হবই ৷ ধনিয়া মছলা হিচাপে আমিষ বা নিৰামিষ তৰকাৰীত নাইবা সৰু সৰুকৈ কুটি আঞ্জাত নিদিলে যেন ৰন্ধাটো অপূৰ্ণ হৈ ৰব ৷ কিন্তু স্বাদ, সুগন্ধি প্ৰদান আৰু মছলা হিচাপে ব্যৱহাৰ কৰাৰ বাহিৰে ইয়াত উপকাৰিতাৰ বিষয়ে আমাৰ ৰাইজে কিমান জানে সেয়া এক ডাঙৰ প্ৰশ্ন ৷ বিশ্বৰ নানান উন্নত দেশত ধনিয়াৰ ওপৰত বহুতো গৱেষণা হৈছে তাৰে আলমত এই প্ৰৱন্ধ পাঠকৰ আগত দাঙি ধৰিলোঁ ৷
ক'ত ক'ত ধনিয়া উৎপাদিত হয় ? - এই বৰ্ষজীৱী উদ্ভিদ ধনিয়াৰ উৎপাদন ঘাইকৈ দক্ষিণ এচিয়া, উত্তৰ আফ্ৰিকা আৰু দক্ষিণ ইউৰোপত হয় ৷ আজিকালি ভাৰত, বাংলাদেশ, ৰাচিয়া, চীন, জাৰ্মানী, হলেণ্ড, পৰ্টুগাল, মেক্সিকো,তুৰস্ক, দক্ষিণ আফ্ৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আদি অঞ্চলতো ধনিয়াৰ ভাল উৎপাদন হয় ৷
বুৰঞ্জীমূলক তথ্য : বাইবেলত ধনিয়াৰ কথা উল্লেখ থকাৰ পৰা অনুমান কৰিব পাৰি যে কিমান প্ৰাচীন কালৰ পৰা মানৱ জাতি এইবিধ উদ্ভিদৰ সৈতে পৰিচিত আছিল ৷ গ্ৰীচ, ইজৰাইল,ইজিপ্ত, চুডান, মৰক্কো আদি দেশতো অতি পুৰণি দিনৰ পৰা ধনিয়াৰ সৈতে সম্পৰ্ক থকাৰ কথা পঢ়িবলৈ পোৱা যায় ৷ ১৬৭০চনৰ পৰা দক্ষিণ আমেৰিকাত ধনিয়াৰ প্ৰচলন হয় ৷ ১৪ শতিকাত ৰোমানসকলে ধনিয়াৰ সঁচ ব্ৰিটেইনলৈ নিয়ে ৷ প্ৰাচীন কালত গ্ৰীক আৰু ৰোমানসকলে সুগন্ধি আতৰ হিচাপে ধনিয়াৰ তেল ব্যৱহাৰ কৰিছিল ৷ একেই তেল বেয়া হব ধৰা মাংসৰ গোন্ধ ঢকাৰ কামতো লগাইছিল ৷ এটা সময়ত বৰ আইৰ (Small Pox) চিকিৎসাত ধনিয়াৰ প্ৰয়োগ কৰা হৈছিল ৷


নামাৱলী:

 

ধনিয়াৰ বৈজ্ঞানিক নাম হ'ল Coriandrum sativum আৰু বংশাৱলী হ'ল Apiaceae ৷
ইংৰাজী নাম কিছুমান হ'ল – Coriander, Cilantro, Dizzycorn, Chinese Parsley, Japanese Parsley ৷ ধনিয়াৰ সৰ্বাধিক প্ৰচলিত ইংৰাজী Coriander শব্দৰ উৎপত্তি প্ৰাচীন লেটিন Coriandrum শব্দৰ পৰা হৈছে বুলি জনা যায় ৷
আন বিদেশী ভাষাত এইদৰে জনা যায়- ফৰাচী (Coriandre),জাৰ্মানী(Koriander),ইটালি (Coriandolo), স্পেনিচ (Cilantro), ৰাচিয়া ( Koriandr), জাপান (Koendoro), পৰ্টুগীজ (Coentro), সিংহলী (ক'টামল্লি), আৰবী (কিজবাৰা), বাৰ্মিজ (নানামবিন ), চীন (য়েন চুই বা হু চুই ), মলয় ((কেইমাৰ ), ইণ্ডোনেচিয়া (কেটুম্বাৰ), থাই (পাক ছি)৷ ভাৰতীয় ভাষাত : অসমীয়াৰ ওপৰিও হিন্দী, বাংলা, ওৰিয়া, পঞ্জাবীত 'ধনিয়া' নামেৰেই পৰিচিত ৷ তামিল (ক'থামিলি), তেলেগু (ধনিয়ালু),সংস্কৃত (ধন্যকা), গুজৰাটী (কঠমিৰি), কানাড়া (কঠমব্ৰি), কাশ্মিৰী (দিনিৱাল), মলয়ালম (কথমপলাৰি) ৷ অসমীয়াত ধনিয়াৰ আন এটা নাম হ'ল মেমেধু ৷


বনস্পতি / উদ্ভিদ জোপাৰ বৰ্ণনা :

এক স্বকীয় গোন্ধযুক্ত ধনিয়া গছজোপাৰ সৈতে আমাৰ প্ৰায় মানুহেই পৰিচিত ৷ এজোপা গছ ২০ইঞ্চি পৰ্য্যন্ত ওখ হব পাৰে ৷ অঞ্চল ভেদে পাতৰ সেউজীয়া বৰণৰ,আকৃতিৰ সামান্য তাৰতম্য হোৱা দেখা যায় ৷ ফুলৰ বৰণ বগা বা পাতল গোলাপীয়া হয় ৷ ইয়াৰ ফল, পূৰঠ হৈ শুকালে (গুটি) ঘূৰণীয়া ৩ৰ পৰা ৫মিলিমিটাৰ ব্যাসৰ হয় ৷
কেনেদৰে আৰু ধনিয়াৰ কি কি অংশ ব্যৱহৃত হয় ? ধনিয়াৰ ডাল-পাত,ঘাই গছ,ফুল,গুটি আনকি শিপাও পেলনি নাযায় ৷ শিপা ভালকৈ পৰিষ্কাৰ কৰি সিজাই চুপ বনাই থাইলেণ্ডৰ ৰেষ্ট্ৰোৰাত পৰিবেশন কৰা হয় ৷ পিয়াঁজ আৰু ধনিয়াৰ মিশ্ৰণৰে সুস্বাদু পৰঠা ৰান্ধিব পাৰি ৷ গোটেই বিশ্বতে ধনিয়াৰ চাটনি আৰু চালাড হ'ল লোকপ্ৰিয় খাদ্য ৷ উত্তৰ আমেৰিকাত বিয়েৰ আৰু মদত ধনিয়া মিহলোৱা হয় ৷ আৰবসকলে ভেড়াৰ বা আন আন মাংস ৰন্ধন প্ৰক্ৰিয়াত যথেষ্ট পৰিমাণত ধনিয়াৰ প্ৰয়োগ কৰে ৷
কি কি উপাদান ধনিয়াত থাকে ? ধনিয়া হ'ল চৰ্বি ৰহিত (Fat free) কম কেলৰিযুক্ত (প্ৰতি ১০০গ্ৰাম ধনিয়াত মাত্ৰ ২৩কেলৰি) খাদ্য ৷ ইয়াৰ গুণকাৰী তত্বসমূহলৈ লক্ষ্য কৰক : এন্টিঅক্সিডেন্ট (কোৱেৰচেটিন, কেম্পফেৰল, ৰামেন্টিন,ইগিগ্নেনিন) ; ভিটামিনসমূহ ( ভিটামিন-এ, ভিটামিন-চি, ভিটামিন- কে); খনিজ (আইৰণ, কেলচিয়াম, মেগনেচিয়াম,মেংগানিজ, প'টেচিয়াম); নানাবিধ ভলেটাইল অইল (বৰ্ণেৱল,চিনেৱল,লিনালল,টাৰ্পিনেৱল, চাইমেনি,ডাইপেন্টিন, ফেলানড্ৰিন); ডায়েটৰী ফাইবাৰ; বিটা-কেৰটিন আৰু প্ৰটিনযুক্ত ৷


কি কি উপকাৰিতাৰ কথা জনা যায় ?


• টুথপেষ্ট আবিষ্কাৰ হোৱাৰ আগতে মানুহে মুখৰ দূৰ্গন্ধ আতৰাবলৈ ধনিয়া ব্যৱহাৰ কৰিছিল ৷
• একেদৰে আগৰ দিনত মানুহে শৰীৰৰ ঘামৰ বা দেহৰ আন বেয়া গোন্ধ আতৰাবলৈ ধনিয়া ব্যৱহাৰ কৰিছিল ৷
• চাবুন আৰু আন প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰাত ধনিয়া ব্যৱহাৰ কৰা হয় ৷
• তেজৰ শৰ্কৰা (চুগাৰ) নিয়ন্ত্ৰণত সহায়ক - দেহৰ ইনচুলিনৰ সক্ৰিয়তা ধনিয়াই বঢ়াবলৈ সক্ষম ৷
• উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ধনিয়াৰ ভূমিকা - ধনিয়াত ১৪শতাংশ প'টেচিয়ামৰ বিপৰীতে চ'ডিয়াম থাকে সামান্য (মাত্ৰ ১শতাংশ)৷ সেয়ে তেলৰ নলী বহলাই ৰখাত (Vasodilator action) ৰক্তচাপ হ্ৰাস পায় ৷ তদুপৰি ধনিয়াৰ প্ৰসাব বঢ়োৱা (Diuretic action ) গুণো ৰক্তচাপ কমোৱাত সহায়ক হয় ৷
• অপকাৰী ক'লেষ্টেৰল (LDL) কমায় আৰু উপকাৰী ক'লেষ্টেৰলৰ (HDL)বৃদ্ধি ঘটায় ৷
• পাক প্ৰণালীৰ উপকাৰিতা- পেট ফুলা,বমি ভাৱ কমায় ৷ গ্ৰহণী আৰোগ্য কৰে ; ভোক লগায় আৰু হজম হোৱাত সহায়ক হয় ৷ আমেৰিকাৰ Digestive Diseases and Sciencesত প্ৰকাশিত তথ্য অনুসৰি Irritable Bowel Syndromeত ভোগা ৰোগীয়ে ধনিয়াৰে চিকিৎসা কৰাত উপকৃত হোৱা দেখা গৈছে ৷
• ফুড পইজনিং ৰোধ কৰিবৰ সক্ষমতা ৰাখে – Journel of Agricultural & Food Chemistyত প্ৰকাশিত তথ্যমতে চালমোনেলা বেক্টেৰিয়াৰ বিৰুদ্ধে ধনিয়াৰ এন্টিবেক্টেৰিয়েল গুণ দেখা গৈছে ৷
• হেভি মেটেল পইজনিঙৰ চিকিৎসা- লিড,মাৰকাৰি আদি বিষাক্ত ধাতুৰ অপকাৰিতা হ্ৰাস কৰে ৷
• থাইৰয়েড হৰমোনৰ (হাইপো আৰু হাইপাৰ থাইৰয়েডিজম) উপশম ঘটোৱাত ধনিয়াৰ গুটি সিজোৱা পানী খাবলৈ পৰামৰ্শ দিয়া হয় ৷ হেভি মেটেলৰ প্ৰভাৱত উৎপন্ন হোৱা থাইৰয়েডৰ এন্টিবডি ধনিয়াই বিনষ্ট কৰে আৰু তেজ বিশুদ্ধকৰণ কৰে ৷
• মানসিক ৰোগ প্ৰতিৰোধক – Journel of Molucular Microbiologyত প্ৰকাশিত তথ্যমতে Alzheimers disease, Parkinsonisom, Multiple sclerosis ত ভোগা ৰোগী ধনিয়াৰ দ্বাৰা উপকৃত হোৱা দেখা গৈছে ৷ মেগনেচিয়াম, মেংগানিজ আৰু এন্টিঅক্সিডেন্টে মস্তিষ্কৰ স্নায়ু প্ৰণালীৰ ক্ৰিয়া সুচল ৰখাত সহায় কৰে ৷
• শৰীৰৰ আৰু মনৰ উত্তেজনা,দু:চিন্তা আতৰ কৰাত সহায়ক ৷ সুনিদ্ৰাত সহায় কৰে ৷
• প্ৰসাবৰ সংক্ৰমণৰ উপশম ঘটায় -ইয়াৰ বাবে ২কাপ পানীত দেড় চামুচ ধনিয়া গুটি ৰাতিটো তিয়াইথৈ পুৱা খাবলৈ কোৱা হয় ৷
• কিডনিৰ পাথৰৰ চিকিৎসাত সহায়ক - ধনিয়াৰ Diuretic action আৰু তেজ শুদ্ধিকৰণ গুণৰ দ্বাৰা ৷
• মাহেকীয়াৰ বিষ আৰু অনিয়মীয়া ঋতুস্ৰাবৰ চিকিৎসাত ব্যৱহৃত ধনিয়া হ'ল আয়ুৰ্বেদিক ঔষধি ৷
• এনিমিয়া আতৰ কৰাত সহায়ক –আইৰণ আৰু ভিটামিন-চিৰ বাবে সেয়া সম্ভৱ ৷
• মুখৰ ঘাঁ আৰু দাঁতৰ আলু ফুলা আদি ৰোগ আৰোগ্য কৰে ৷
• বাত বিষ কমায় - ধনিয়াত থকা ভলেটাইল অইলৰ বাবে সেয়া সম্ভৱ ৷
• চৰ্মৰোগ যেনে খৰ (একজিমা), খজুৱতি - আতৰ কৰাত ধনিয়াত থকা ভলেটাইল অইলে সহায় কৰে ৷
• শালমন আৰোগ্য কৰাত সহায়ক ৷
• মুখমণ্ডলৰ পৰা দাগ আৰু বয়সৰ ছাপ আতৰ কৰাত সহায়ক ৷
• চুলিসৰা ৰোধ কৰিবলৈ কেঁচা ধনিয়াৰ পাতেৰে মূৰত ভালদৰে মালিশ কৰিব লাগে ৷
• সূৰ্য্যৰ প্ৰখৰ উত্তাপৰ পৰা সুৰক্ষা - খনিজ আৰু ভিটামিনৰ বাবে শৰীৰৰ ছালখনক আলট্ৰাভায়লেট ৰশ্মি   আৰু চানবাৰ্ণৰ পৰা বচাই ৰাখে ৷
• দৃষ্টিশক্তিৰ উন্নতি ঘটায় আৰু নানান চকুৰ ৰোগ উপশম ঘটায় ৷
• যৌন শক্তি বঢ়োৱাত সহায়ক ৷
• কৰ্কট ৰোগ প্ৰতিৰোধক - ইয়াত থকা এন্টি অক্সিডেন্ট অহিতকাৰী ফ্ৰি-ৰেডিকেল বিনষ্ট কৰে ৷
• মেদবহুলতা কমোৱাত সহায়ক - ইয়াৰ বাবে ৫০গ্ৰাম কেঁচা ধনিয়াৰ পাত ৪গিলাচ পানীত ভালদৰে উতলাই সিজাই পানীখিনি চেকি লব ৷ সেয়া ঠাণ্ডা হলে তাত মৌজোল আৰু নেমুৰ ৰস এচামুচকৈ মিহলাব৷ ৰাতিপুৱা খালি পেটত ৭৷১০দিন সেৱন কৰিব ৷
• মাতৃদুগ্ধৰ পৰিমাণ বঢ়োৱাত সহায়ক ৷


লবলগীয়া সতৰ্কতা :


- কাচিৎ ধনিয়াই কোনো লোকৰ ছালত এলাৰ্জি কৰিব পাৰে
- সতৰ্ক হব ৷
- গৰ্ভৱতী মহিলাই সীমিত মাত্ৰাতহে গ্ৰহণ কৰিব ৷

ডা০ ভূপেন শইকীয়া

2.93023255814
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top