মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / এণ্টি অক্সিডেণ্ট
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এণ্টি অক্সিডেণ্ট

এণ্টি অক্সিডেণ্টৰ বিষয়ে লিখা হৈছে

আমাৰ দেহ নিৰোগী হৈ থাকিবলৈ এণ্টি অক্সিডেণ্টৰ অতি প্ৰয়োজন-

 

এণ্টি অক্সিডেণ্টৰ অভাৱত দেহত বিভিন্ন ৰোগৰ সংক্ৰমণ ঘটিব পাৰে।সৌভাগ্যৰ কথা যে দেহত আপোনা আপুনি এণ্টি অক্সিডেণ্টৰ সৃষ্টি হয়।তদুপৰি আমি খাদ্যৰপৰা নিতৌ এণ্টি অক্সিডেণ্ট পাই থাকো।ফলত বিভিন্ন বেমাৰ-আজাৰৰ পৰা বাচি থাকো।

এণ্টি অক্সিডেণ্টৰ প্ৰধান কাম হ’ল আমাৰ দেহত আৱিৰ্ভাৱ হোৱা মুক্ত মুলকবোৰ প্ৰতিহত কৰি আমাৰ দেহটো সুস্থ কৰি ৰখা।মুক্ত মুলকৰ আগমন ঘটে সাধাৰণতে অত্যধিক ধুমপান কৰা,অতি বেঙুনীয়া ৰশ্মিৰদ্বাৰা আক্ৰান্ত আৰু বেমাৰ-আজাৰে জুৰুলা কৰা ব্যক্তিৰ দেহত।এনে সমস্যাৰপৰা সকাহ পাবলৈ প্ৰয়োজন হয় এণ্টি অক্সিডেণ্টৰ।

গৱেষকৰ মতে,যি খাদ্যত ভিটামিন ‘চি’, ‘ই’ আৰু বিটা কেৰ’টন থাকে,তেনে খাদ্যই মুক্ত মুলকবোৰক প্ৰতিহত কৰে।এণ্টি অক্সিডেণ্ট থকা খাদ্য কেতবোৰ হ’ল-বাদাম,বিলাহী,ছানফ্লাৱাৰ তেল,বাদাম তেল,ৰঙা জালুক,আম,ব্ৰ’কলি,গাজৰ,অমিতা আদি।ফলৰ ভিতৰত বিশেষকৈ নেমুজাতীয় ফল,আঙুৰ আৰু বিভিন্ন সতেজ সেউজীয়া শাক-পাচলি ।তদুপৰি চাহত যথেষ্ট পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে আৰু এনে এণ্টি অক্সিডেণ্টে হাৰ্ট ষ্ট্ৰোক,হাৰ্ট এটেক আৰু ডায়েবেটিছ ৰোগক প্ৰতিহত কৰিব পাৰে।

অৱশ্যে ৰোগ নিৰাময়ত এণ্টি অক্সিডেণ্টৰ ভুমিকা সম্পৰ্কে গৱেষণা চলি আছে।সাধাৰণতে মুক্ত মুলকবোৰে দেহৰ ক্ষতি কৰাৰ উপৰি ধমনীত ফেটী কলেষ্টেৰ’ল জমা কৰাত সহায় কৰে।ফলত হঠাতে মানুহৰ হাৰ্ট এটেক বা হাৰ্ট ষ্ট্ৰোক হ’ব পাৰে।গৱেষকৰ মতে,উচ্চ মানবিশিষ্ট  ভিটামিন আৰু খনিজ পদাৰ্থযুক্ত এণ্টি অক্সিডেণ্টে দেহৰ ক্ষতিকাৰক ৰোগসমুহক বাধা দিব পাৰে।সতেজ সেউজীয়া শাক-পাচলি,ফল-মুল নিতৌ আমাৰ খাদ্যত থাকিব লাগে।

লেখক:ড° পবিত্ৰ কুমাৰ পাটোৱাৰী (দৈনিক অসম )

 

 

 

 

 

 

 

 

 

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top