মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / এবিধ নতুন খাদ্যবীজ কিনুৱা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এবিধ নতুন খাদ্যবীজ কিনুৱা :

এবিধ নতুন খাদ্যবীজ কিনুৱাৰ বিষয়ে লিখা হৈছে ।

 

আজিৰ স্বাস্থ্য সচেতন ব্যক্তিৰ বাবে এবিধ নতুন উপাদেয় খাদ্যবস্তু কিনুৱা(Quinoa) মূলতে দক্ষিণ আমেৰিকাত উৎপন্ন হয়। এই খাদ্যশস্যবিধ আমাৰ ভাৰততো পাব পৰা হৈছে। এই শস্যবীজবিধ গ্লুটেইনমুক্ত, এন্টিঅক্সিডেন্ট, প্ৰোটিন আৰু খাদ্য আঁহেৰে ভৰা।

দক্ষিণ আমেৰিকাত উৎপন্ন এই শস্যবীজবিধ শ শ বছৰজুৰি আদিবাসী ইংৰাজসকলৰ প্ৰধান খাদ্য আছিল। ইংৰাজসকলৰ সভ্যতা বিলুপ্তি ঘটাৰ পিছতহে গৱেষণাই ইয়াৰ ৯৯ ভাগ গুণ পোহৰলৈ আনিছে। ই কুৱাৰচেটিন আৰু কেম্পফেৰল নামৰ এন্টি অক্সিডেন্টৰ উৎস, যি কৰ্কটৰোগ আৰু প্ৰদাহ প্ৰতিৰোধীগ। ইয়াত থকা ফাইট’ কেমিকেল, যেনে- ছেপনিন, ফাইট’ষ্টেৰল আৰু ফাইট’ এক্সাইষ্টেৰয়ডে আমাৰ শৰীৰৰ বিপাকীয় কাৰ্য, হৃদযন্ত্ৰ আৰু পাচনতন্ত্ৰক সুস্থ ৰখাত ভাল অৰিহণা যোগায়।

আন খাদ্যশস্যৰ তুলনাত কিনুৱা বীজত কাৰ্বোহাইড্ৰেট কম থাকে আৰু প্ৰোটিন বেছি থাকে। এককাপ কিনুৱা বীজৰ পৰা ৮ গ্ৰাম প্ৰোটিন পোৱা যায়। সকলোবিধ প্ৰয়োজনীয় এমিন’ এচিড থকা বাবে কিনুৱাক উদ্ভিদজ প্ৰোটিনৰ সৰ্বোৎকৃষ্ট উৎস বোলা হয়। দেহৰ কোষবৃদ্ধি আৰু কোষকলাৰ পৰি পূৰণৰ বাবে দৰকাৰী লাইছিনৰো(Lysine) ভাল উৎস। ইয়াত খাদ্য অহোঁ যথেষ্ট পৰিমাণে আছে, যি ডায়েবেটিছ আৰু তীব্ৰ ভোক লগা প্ৰৱলণতাও যথেষ্ট কমায়। ই মেংগানিজ, মেগনেচিয়াম, ফচফৰাছ, ভিটামিন ‘বি’ আৰু ভিটামিন ‘ই’ৰো ভাল উৎস।

ৰন্ধাৰ আগতে কিনুৱা বীজ বোৱতী পানীত মোহাৰি ধুব লাগে। যিয়ে ইয়াৰ তিতিকি গুণ কিছু কমায়। কুকাৰত দিয়াৰ সময়ত এভাগ কিনুৱাৰ বাবে দুভাগ পানী দিব লাগে। কিনুৱাৰে চালাদ, পোলাও বা উপমা আদিও বনাই খাব পাৰি।

কিনুৱাৰ চালাদ তলত দিয়া ধৰণে বনাব পাৰি-

উপাদান -

ৰাতি তিয়াই ৰাখি গজালি মেলা আধা কাপ কিনুৱা, একাপৰ চাৰিভাগৰ এভাগ টুকুৰা কৰা তিয়ঁহ, এটা কেপছিকামৰ চাৰিভাগৰ এভাগ ভাগ(কাতি লোৱা), আধা চাহ চামুচ নেমুৰ ৰস, একাপৰ চাৰিভাগৰ এভাগ টুকুৰা কৰি লোৱা আখৰোট, আধা চাহ চামুচ জলফাই তেল, আধা চাহ চামুচ নিমখ, চাৰিভাগৰ এভাগ চাহ চামুচৰ গুড়ি কৰা জালুক।

এইখিনি সামগ্ৰীৰে ভালদৰে মিহলি কৰিলে পোৱা চালাদখিনিৰ পৰা তলত দিয়া খাদ্য উপাদানবোৰ পোৱা যায়।

*১৪০ কিলো কেলৰি,

*১৫ গ্ৰাম কাৰ্বোহাইড্ৰেট,

*৩ গ্ৰাম প্ৰোটিন,

*২ গ্ৰাম আঁহ,

*৭ গ্ৰাম চৰ্বি।

ভাৰতত কিনুৱাৰ বিপণন Organic India কোম্পানী এটাই কৰি থকা বুলি জনা যায়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(ভাৰত চন্দ্ৰ বৰা)

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top