মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / এৰাৰ ৰোগ নিৰাময় গুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এৰাৰ ৰোগ নিৰাময় গুণ

এৰাৰ ৰোগ নিৰাময় গুণ লিখা হৈছে

এৰাৰ ৰোগ নিৰাময় গুণ কি


এৰা এবিধ নিজে নিজে হোৱা মধ্যমীয়া উদ্ভিদ। ইয়াৰ পাতবোৰ দেখাত অমিতা পাতৰ দৰে।  ইয়াৰ ফলবোৰত কাঁইট থাকে। প্রায় গোটেই বছৰ এৰা গছত ফল-ফুল লাগে। অসমত এৰী কাপোৰ তৈয়াৰ কৰিবলৈ এৰী পলু পোহা হয়। এই এৰী পলুৰ প্রধান আহাৰ হ’ল এৰা গছৰ পাত। এৰা গছৰ কিছুমান ঔষধি গুণ এনে ধৰণৰ-

  • অৰ্শ ৰোগত এৰা গছৰ পৰা তৈয়াৰ কৰা এৰী তেল ব্যৱহাৰ কৰিলে বিষ কমে আৰু ৰোগ নিৰাময়তো সহায় কৰে।
  • শামুকীয়া হ’লে এটা শিল বা ইটা গৰম কৰি তাৰ ওপৰত সাতোটা এৰা পাত থৈ সেক দিলে আৰাম পোৱা যায়।
  • শৰীৰৰ কোনো অংশ পুৰিলে কণীৰ কুহুমৰ লগত এৰা গছৰ কুঁহিপাত থেতেলিয়াই ৰস উলিয়াই লগালে পোৰা ঘা সোনকালে শুকায়।
  • শৰীৰত মেদ বা চর্বি বৃদ্ধি হ’লে এৰা গছৰ শুকান পাত জুইত পুৰি হিং মিহলাই খালে মেদ কমে।
  • কঁকালৰ বিষত এৰা গছৰ গুটি থেতেলিয়াই ৰস উলিয়াই গাখীৰেৰে খালে বিষ কমে।
  • শৰীৰত মেজ বা গুল্প (ফোঁহাৰ দৰে উখহি উঠে) হ’লে এৰা গছত শিপা থেতেলিয়াই পুৰণি ঘিউৰ লগত মিহলাই ভৰণ দিলে গুল্প বা মেজ ফাটি তেজ-পূঁজ ওলায়।
  • শিশুৰ শৌচ টান হ’লে পাণৰ ঠাৰি এডালত এৰা তেল সানি মলদ্বাৰত সোমোৱাই ৰাখিলে শৌচ খোলোচা হয়।
  • এৰা গছৰ তেল স্তনত সানিলে ই ৰোগ প্ৰতিষেধকৰ কাম কৰে।
  • ঋতুস্ৰাৱ অনিয়মীয়া হ’লে এৰা গছৰ কুমলীয়া পাতৰ ৰস দিনে দুবাৰকৈ ২-৩ চামুচকৈ খালে ঋতুস্ৰাৱ নিয়মীয়া হয়।
  • প্রস্ৰাৱ নহ’লে এৰা পাতৰ ৰস ২-৩ চামুচকৈ দুবাৰ খালে প্রস্ৰাৱ হয়।
  • মূৰৰ বিষত এৰা গছৰ শিপা বটি মূৰত প্রলেপ লগালে মূৰৰ বিষ ভাল হয়।
  • বাত বিষ হ’লে এৰা তেলেৰে মালিচ কৰিলে বিষ কমে|
  • এৰাগুটি থেতেলিয়াই ভেদাই লতাৰ ৰসৰ লগত এৱা গাখীৰ ৩ চামুচ খালে বাত বিষ ভাল হয়।
  • গোধা ৰোগত এৰা তেলত শিলিখা ভাজি গোমূত্ৰৰে কিছুদিন খালে বাতবিষ ভাল হয়।
  • এৰা গছৰ ৰস আৰু খয়েৰ সমানে লৈ ঘাত লগালে ঘা শুকায়।
  • বেচু হ’লে কুমলীয়া এৰাগছৰ পাত মিহিকৈ পিহি বেচু হোৱা স্থানত প্রলেপ লগালে বেচুৰ ঘা ভাল হয়।

 

 

ৰবাব টেঙাৰো আছে বহু ঔষধি গুণ


ৰবাব টেঙা সকলোৰে পৰিচিত। ই এবিধ টেঙা-মিঠা। ফল। অঞ্চলভেদে ৰবাব টেঙা গছৰ উচ্চতাৰ ভিন্নতা দেখা পোৱা যায়। ৰবাব টেঙাৰ গা গছৰ ৰং প্রায় মাটিবৰণীয়া। পাতৰ ৰং ডাঠ সেউজীয়া। ইয়াৰ ফুলৰ ৰং পাতল বগা-ৰঙা ফুলবোৰৰ এক মিঠা সুগন্ধ আছে। ইয়াৰ ফলৰ ৰং কেঁচা অৱস্থাত ডাঠ সেউজীয়া আৰু পকিলে হালধীয়া বৰণৰ হয়।আহিন-কাতি মাহত ফল পৈণত হয় আৰু খাবৰ উপযুক্ত হয়। ফলৰ ভিতৰত আঠ-নটামান ফোট পোৱা যায়। এই ফোটবোৰৰ ভিতৰত বগা ৰঙা নাইবা পাতল গুলপীয়া ৰঙৰ ৰসাল তেনেই সৰু ফোট থাকে। এই ফোটবোৰ খাবলৈ পৰা সোৱাদযুক্ত ৰবাব টেঙাত শৰীৰৰ বাবে উপকাৰী ক, খ, গ ভিটামিনৰ লগতে চেনি থাকে। ৰবাব টেঙা সেয়ে শৰীৰৰ বাবে উপকাৰী আৰু ঔষধি গুণেৰে ভৰা। ইয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • জণ্ডিচৰ বাবে পকা ৰবাব টেঙা মহৌষধি।
  • ৰবাব টেঙাৰ চৰ্বত উচ্চ ৰক্তচাপ ৰোগীৰ বাবে উপকাৰী।
  • পানী লগা ৰোগত ৰবাব টেঙা, নিমখ, জলকীয়া আৰু মিঠাতেলেৰে খালে ৰোগ সোনকালে নিৰাময় হয়।
  • ৰবাব টেঙা খালে ঘামচি কমে।
  • দৃষ্টিশক্তি বৃদ্ধিতো ৰবাব টেঙাই সহায় কৰে।
  • ৰবাব টেঙা নিয়মিত ৰূপে খালে গাৰ ছাল নিমজ হয়।
  • শৰীৰৰ ৰক্তচাপ নিয়মীয়া কৰি ৰখাত ৰবাব টেঙা গছৰ বতাহে সহায় কৰে।

 

লেখিকা: ললিতা শৰ্মা লহকৰ, অসম বাণী।

 

2.92857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top