অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঔ টেঙাৰ বিষয়ে

অসমীয়া মানুহৰ মাজত ঔটেঙা আৰু ঔকিল নিচিনা লোক কমহে ওলাব ৷ সঘনাই চেনেলবিলাকত হকে-বিহকে নানা সন্দেহত বিভিন্নজনক আইন হাতত তুলি লোৱা জনতাই ঔকিল সোধাই থকাৰ দূশ্য আজিকালি বৰ সুলভ ৷ পিছে আজিৰ প্ৰজন্মই বনৰীয়া, গাঁৱলীয়া খাদ্য বুলি ভবা ঔটেঙাৰ উপকাৰিতাৰ বিষয়ে দুই এটা কথা জানেনে তাত সন্দেহ আছে ৷ গোটেই বিশ্বই এটা কথা জানে দক্ষিণ পূৱ এচিয়াৰ দেশসমূহৰ ভিতৰৰ অসমৰ বিভিন্ন বনাঞ্চলত ঔটেঙাৰ গছ আটাইতকৈ বেচিকৈ আছে ৷ ঘাইকৈ বনৰীয়া হাতীৰ এবিধ প্ৰিয় খাদ্য হোৱা বাবে ইয়াৰ ইংৰাজী নাম হাতী-আপেল বা হাতী-ফল ৷  এজন পাঠকে জনোৱামতে হাতীয়ে ঔটেঙাটো নভঙাকৈয়ে ভিতৰৰ বীজটো উলিয়াই খাব পাৰে হেনো আৰু ইংৰাজসকলে সেই বাবেই ইয়াক Elephant apple হিচাবে নামাকৰণ কৰিছিল । বড়োসকলে কয় ঠাইগৰ, কাৰ্বি সকলে কয় পিমপ্লান, ডিমাচাত থাইডি, মিচিং ভাষাত চম্ পা, টিৱাসকলে কয় অ’ৰো আৰু বিষ্ণুপুৰিয়া মণিপুৰীসকলে কয় হেইকিৰী ৷ ইয়াৰ বাহিৰে আন আন ভাষাত ঔটেঙাৰ সমশব্দ হ’ল – নেপালী (পাঁচপানে, পাঁচ ফল,পঞ্চ কুলে, ৰামফল, থুলো তাতৰী),বাংলা (চালতা), টাই (মাক্ ছান্), হিন্দী (চলতা, কৰমবেল), ওৰিয়া (উহুবা), কানাড়া (বেটকানাগালু ),মলয়ালম (ভালাপুন্না), তেলেগু (উভ্ভা), তামিল (উভয়),আৰু সংস্কৃত (আভাৰ্টাকি) ৷ ঔটেঙাৰ ব’টানিকেল নাম হ’ল – Dillenia indica ৷
ঔটেঙা গছৰ প্ৰাপ্তিস্থান : – ভাৰতৰ অসমৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল (ঘাইকৈ বাক্সা, ডিগবৈ, ডুমডুমা, বুঢ়ীদিহিং, কাকজান, বগাপানী আদিত), অৰুণাচল আৰু পশ্চিমবংগৰ ওপৰিও কম পৰিমানে উৰিষ্যা, বিহাৰ,মধ্য প্ৰদেশ,অন্ধ্ৰ প্ৰদেশ,তেলেংগানা আৰু কৰ্ণাটকৰ অৰণ্যটো ঔটেঙাৰ গছ পোৱা যায় ৷ বাংলাদেশত, শ্ৰীলংকাত, থাইলেণ্ডত, ভিয়েটনামত ,মালেয়শিয়াত, ইণ্ডোনেচিয়া, চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত আৰু অষ্ট্ৰেলিয়াৰো বনাঞ্চলত ঔটেঙাৰ গছ দেখা গৈছে ৷
গছৰ বৰ্ণনা : – ঔটেঙা হ’ল চিৰসেউজ উদ্ভিদ ৷ গছৰ উচ্চতা ১৫মিটাৰ বা তাতোকৈ ওখ হয় ৷ পাতবিলাক ১৫ৰ পৰা ৩৬চেন্টিমিটাৰ দীঘল, পাতবিলাক খহতা আৰু আঁচবিলাক স্পষ্টকৈ বহা  অৰ্থাৎপাতখিলাৰ শিৰাবিন্যাসৰ বিশেষত্ব চকুত লগা  ৷ পাতখিলা আলুৰ চিপচৰ দৰে পাতল ৷ গছত ১৫৷ ২০চেন্টিমিটাৰ ব্যাসৰ বগা ফুল জুন মাহৰ পৰা এমাহ মানলৈ ফুলে ৷ ঔটেঙাৰ গছত অক্টোবৰৰ পৰা জানুৱাৰীলৈ ঘূৰণীয়া ৫৷ ১০ চেন্টিমিটাৰ ব্যাসৰ ফল লাগে ৷ আৰম্ভণিতে সেউজীয়া হৈ লগা ফল পূৰঠ হৈ পকিলে হালধীয়া বৰণ লয় ৷ পূৰঠ ঔটেঙাৰ পৰা ওলোৱা নিৰ্দিষ্ট গোন্ধ বহুতৰ প্ৰিয় ৷ ফল পোন্ধৰটা পাহিৰ সমষ্টি ৷ ইয়াৰ ভিতৰত ৫টা গুটি থাকে ৷ ঔটেঙাৰ গুটিটো বিজলুৱা ৷ তলসৰা এই গুটিৰ পৰাই নতুন পুলি গজে ৷ হাতীৰ ওপৰিও বান্দৰ, হৰিণা পহু আৰু কেৰ্কেটুৱাই ঔটেঙা ভক্ষণ কৰে ৷
ইয়াত থকা লাগতিয়াল তত্বসমূহ কি কি ? : -১০০গ্ৰাম ঔটেঙাৰ ফলৰ খাদ্যমূল্য এনেধৰণৰ – কেলৰি :৫৯কিলো কেলৰি, ৮শতাংশ প্ৰটিন, ২-৫শতাংশ ফাইবাৰ, ৩-৫শতাংশ ছাই, ১৬মিলিগ্ৰাম কেলচিয়াম, ২৬মিলিগ্ৰাম ফচফোৰাচ, ৪মিলিগ্ৰাম ভিটামিন-চি ৷ ইয়াৰ ওপৰিও থাকে ভিটামিন-বি, থায়ামিন, ৰাইবোফ্লেভিন আৰু বিটা-কেৰটিন ৷
ঔটেঙা কেনেকৈ ব্যৱহৃত হয় ? : – অসমীয়া মানুহে ঔটেঙাৰ মাছৰ আঞ্জা, দাইলত দি, অম্বল বনাই, চৰবত, আচাৰ আৰু চাটনি কৰি খায় ভাল পায় ৷ আন বহুতে জাম,জেলি আদি বনায় ৷ অসমীয়া ৰান্ধনীসকলে ঔটেঙাৰ নানাবিধ জুতিলগা ব্যঞ্জন বনায় ৷ তাৰ কিছুমান হ’ল : – মাটিদাইলৰ লগত ঔটেঙাৰ আঞ্জা, মচুৰ দাইল + ঔটেঙা + ঢেকীয়াশাকৰ আঞ্জা, খুতৰা + কচু আৰু মাছৰ আঞ্জা, কুমলীয়া  ঔটেঙাৰ কলিৰ চৰ্চৰি ভাজি, ভাতত সিদ্ধ কৰা ঔটেঙাৰ পিতিকা আদি ৷ বহুতে ঔটেঙা সৰুসৰুকৈ কুটি নিমখ লগাই ৰ’দত শুকুৱাই সাঁচি থয় ৷ কেঁচা ঔটেঙা ফ্ৰিজত এমাহলৈ সংৰক্ষণ কৰিব পাৰি ৷
অসমীয়া জনজীৱনত অতীজৰে পৰা ঔটেঙাই বিশিষ্ট স্থান লাভ কৰি আহিছে ৷ অলপতে মুক্তিপোৱা ‘কথা নদী’ বোলছবিখনতো ঔটেঙাই দৰ্শকৰ বিশেষ দূষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে ৷
এতিয়া পাঠকসকলে অসমীয়া ভাষা শুৱনি কৰা এইকেইটিমান ঔ-মিঠা বাক্য পঢ়কচোন : –
“ঔফুলীয়া হাঁহি”!
“আঞ্জাৰ সোৱাদ ঔ; মাতৰ সোৱাদ বৌ” !
” ঔটেঙা ঢেকীয়া শাক,  জিভাৰ পানী পৰি থাক ” !
“ঔৰে গছতে মৌৱে বাহ ল’লে ককাই পাৰি দে খাওঁ”!
ঔটেঙাৰ উপযোগী গুণসমূহ : – কেইবাখনো আন্ত:ৰাষ্ট্ৰীয় শোধপত্ৰত প্ৰকাশ পোৱা তথ্য মতে ঔটেঙাৰ অন্তৰ্নিহিত গুণৰ ভিতৰত উল্লেখযোগ্য হ’ল-
১- ডায়েবটিজৰ নিয়ন্ত্ৰণত সহায়ক – ইতিমধ্যে বজাৰত ঔটেঙাৰ পাউদাৰ এই উদ্দেশ্যে উপলব্ধ হৈছে বুলি জনা গৈছে  ৷
২- বীজানুনাশক গুণযুক্ত – এন্টিচেপ্টিক আৰু এন্টিভাইৰেল গুণযুক্ত বাবে অসমীয়া লোকবিশ্বাসমতে ঔটেঙা আৰু ইয়াৰ পাত শোৱনি কোঠাৰ বিচনাৰ তলত দি থোৱা হয় যাতে বসন্ত বা আন সংক্ৰামক ব্যাধি নিয়ন্ত্ৰণত থাকে ৷
৩- লিউকেমিয়াৰ দৰে গুৰুতৰ ৰোগ নিয়ন্ত্ৰণৰ ক্ষমতাযুক্ত ৷
৪- কীটনাশক গুণ : ঔটেঙাৰৰ পাত বা পাহি চতিয়াই থলে ধানৰ ভঁৰালত কীট-পতংগ নহয় আৰু এন্দুৰ, নিগনি আতৰ হয় ৷
খাদ্যৰ বাহিৰে আন সচৰাচৰ কিছুমান ব্যৱহাৰ তলত উল্লেখ কৰিলোঁ –
আয়ুৰ্বেদৰ মতে পেটৰ বিষ, ডায়েৰিয়া, ভাগৰ, স্নায়বিক দুৰ্বলতা জনিত ৰোগৰ চিকিৎসাত প্ৰয়োগ হয় ৷
চুলি সৰা, উফিৰ বাবে ঔটেঙাৰ বীজেৰ মূৰ ধুলে আৰোগ্য হয় ৷ চাবনৰ পৰিবৰ্তে ঔটেঙাৰ বীজ ব্যৱহাৰ কৰিব পাৰি ৷
ঔগছৰ ডাল আৰু ঠাল-ঠেঙুলিৰ ভাল খৰি হয় ৷
ঔটেঙাৰ পাতেৰে উত্তৰ প্ৰদশ,বিহাৰ আদি ঠাইৰ লোকে বিড়ী নুৰিওৱাৰাত প্ৰয়োগ কৰে ৷
উপসংহাৰ : – প্ৰাণীজগতক প্ৰকৃতিয়ে দিয়া এই গছৰ গুণৰ ওপৰত বিস্তাৰত অনুসন্ধান বৈজ্ঞানিক প্ৰয়োগশালাত চলি আছে ৷ নৰসিংহ, ভেদাইলতা, মহানিম আদিৰ দৰে ঔটেঙাৰ বিষয়েও আমাৰ বহুতৰ ধাৰণা আছে যে উচ্চ ৰক্তচাপ থকালোকে ঔটেঙা খোৱা অহিতকাৰী ৷ কিন্তু মই এই বিষয়ে বহু অনুসন্ধান কৰিও ঔটেঙাৰ বিৰুদ্ধে একো বিৰূপ তথ্য নাপালোঁ ৷ এতিয়ালৈকে উপলব্ধ মেডিকেল তথ্য মতে ঔটেঙা খোৱাৰ আন কোনো অপকাৰিতাৰ কোনো বৰ্ণনা আমাৰ ক’তো চকুত পৰা নাই ৷ প্ৰবাসী জীৱন কটোৱাৰ পৰা মধ্য প্ৰাচ্যৰ দেশসমূহৰ চুপাৰমাৰ্কেটৰ পৰাই শাক পাচলি আৰু ফলমূল কিনি আহিছোঁ ৷ ইয়াৰ বিপণিবিলাকত বিশ্বৰ বিভিন্ন দেশৰ খাদ্য সামগ্ৰীয়েই পোৱা যায় – আনকি কচুথুৰি আহে বাংলাদেশৰ পৰা,কলডিল আৰু পচলা আহে কেৰেলাৰ পৰা, লেতেকু আহে থাইলেণ্ডৰ পৰা, কণবিলাহী আহে অষ্ট্ৰেলিয়াৰ পৰা, মাটিকান্দুৰি আৰু কলমৌ আহে শ্ৰীলংকাৰ পৰা ৷ নোপোৱা অসমীয়া দুষ্প্ৰাপ্য সম্পদকেইটি হ’ল- ঢেকীয়া, বেতগাজ আৰু ঔটেঙা !
সাধাৰণতে ঔটেঙাৰ গছ মানুহে বাৰীত নুৰুৱে ৷ ইয়াৰ কাৰণ হয়তো ঔটেঙা খাবলৈ বনৰীয়া হাতী,বান্দৰ আদি আহিলে গিৰিহঁতৰ অহিত হোৱাৰ সম্ভাৱনা থাকে বাবেই ৷ আনহাতে আমোদজনক ভাবে ঔৰ গছত ভূতে বাহ লয় বুলি একাংশ বঙালী লোকৰ ধাৰণা ৷
গুৱাহাটীকে ধৰি অসমৰ প্ৰমুখ নগৰসমূহৰ বজাৰত একোটা ঔটেঙাৰ দাম দহটকা বা ততোধিধ, অৱশ্যে গ্ৰামাঞ্চলত ই সুলভ মূল্যত পোৱা যায় ৷ ইয়াৰ উপকাৰিতাৰ বিষয়ে অৱগত হোৱাৰ পিছত অসমৰ ৰাইজে ইয়াৰ ব্যৱসায়িক দিশটোলৈ চকু দিলে ভাল হয় ৷
দুই তিনিদিনৰ আগতে অসমৰ এজন যুৱকে (নামটো মনলৈ অহা নাই) মোক ঔৰ বিষয় লিখিবলৈ অনুৰোধ কৰাত খৰখেদাকৈ এই লিখনিটো যুগুতাইছিলোঁ ৷ জৈৱিক চাহৰ খেতি কৰা সেই যুৱকজনে এই লেখাটো পঢ়িলেনে নাই, মই গম পোৱা নাই ৷ তেওঁৰ ব্যৱসায়ত ঔটেঙাৰ সংযোজন ঘটাব বুলি মই আশা কৰিলোঁ ৷

ডা০ ভূপেন শইকীয়া

3.23529411765
GAJENDRA RAJKUMAR Apr 23, 2018 06:32 PM

ঔটেঙা বীজৰ পৰা পুলি কেনেকৈ গজাব পাৰি ?

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top